অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অ’টিজিম :

অ’টিজিমৰ বিষয়ে লিখা হৈছে ।

 

প্ৰতিবছৰে ২ এপ্ৰিলৰ দিনটো সমগ্ৰ বিশ্বতে ‘অটিজিম সজাগতা দিৱস’ৰূপে পালন কৰি অহা হৈছে। এইবছৰৰ(২০১৮) দুই এপ্ৰিল তাৰিখে একাদশ বাৰ্ষিকীৰূপে ‘বিশ্ব অ’টিজিম সজাগতা দিৱস’ পালিত হ’ব। সমগ্ৰ বিশ্বৰ ‘অ’টিজিম সস্থা’ বিলাকে এই দিনটো ‘অটিজিম’ আক্ৰান্ত শিশুসকলৰ সাহায্যৰ বাবে পুঁজি সংগ্ৰহ আৰুজনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ কাৰ্যসূচী হাতত লয়।

অ’টিজিম’ আৰু অ’টিজিম স্পেকট্ৰাম ডিজঅৰ্দাৰ’ কি?

অ’টিজিম’ আৰু অ’টিজিম স্পেকট্ৰাম ডিজঅৰ্ডাৰ’(ASD, এ.এছ.ডি)- দুয়োটাই মাগজুৰ বিকাশজনিত কিছুমান জটগিল বিসংগতি প্ৰকাশ কৰা সাধাৰণ সংজ্ঞা। ব্যক্তিভেদে এই বিসংগতিবিলাকৰ তাৰতম্য ঘটে। প্ৰধানকৈ ৰোগীৰ সামাজিক মিলা-মিচা, মৌখিক বা আংগিক প্ৰকাশভংগী আৰু পৌণঃপৌণিক ব্যৱহাৰ আদি প্ৰকাশ কৰাৰ অসুবিধাই দেখা  দিয়ে।

আগতে ‘অ’টিজিম’ বিসংগতি কেইবাটাও উপশ্ৰেনী বিভাগত ভাগ কৰা হৈছিল যদিও ২০১৩ চনৰ মে’ মাহত প্ৰকাশিত এক মেনুয়েলত(DSM- 5 Diagnostic Manual)সকলো প্ৰকাৰৰ ‘অ’টিজিম বিসংগতিকে একেলগে ‘অ’টিজিম স্পেকট্ৰাম ডিজৰ্ডাৰ’ নামেৰে অন্তৰ্ভুক্ত কৰা হ’ল। এ.এছ.ডি. নামৰ নতুনকৈ নামকৰণ কৰা বিসংগতিটো প্ৰধানকি বুদ্ধিমত্তাজনিত বিকলাংগতা বা মস্তিষ্কৰ ‘মটৰ’ স্নায়ুতন্ত্ৰৰ সামঞ্জস্য ৰক্ষাত অসুবিধা আৰু মনোযোগ ৰক্ষাত বিফলতা আদিৰ সৈতে জড়িত এক মানসিক বৈকল্যৰ লগতে এনে ৰোগীৰ শৰীৰত আনুষংগিকভাৱে কিছুমান অন্য অস্বাভাৱিকতায়ো দেখা দিয়ে।

সেইবিলাকৰ ভিতৰত টোপনিত ব্যাঘাত আৰু পাচন তন্ত্ৰৰ আমনিও অন্যতম। এ.এছ.ডি.ত ভোগা কিছুমান ৰোগী আকৌ দৃষ্টি কুশলী, সংগীত, অংকশাস্ত্ৰ আৰু কলা বিসয়ত পাৰ্গত হয়।

শৈশৱত মস্তিষ্কৰ বিকাশৰ তেনেই চালুকীয়া অৱস্থাতে ‘অ’টিজিম’ৰ উল্লেখযোগ্য আৰু স্পষ্ট লক্ষণ কিছুমান শিশুৰ দুই আৰু তিনি বছৰৰ ভিতৰতে প্ৰকাশ পাবলৈ আৰম্ভ কৰে। সেয়ে এতিয়া চিকিৎসা বিজ্ঞানীসকলে যিমান পাৰি কম বয়সতে ‘অ’টিজিম’ চিনাক্ত কৰাৰ উপায় উদ্ভাৱনৰ বাবে গৱেষণা চলাইছে।

কাৰণ কম বয়সতে এই ৰোগ ধৰা পেলাই ৰোগীক ‘বিহেভিৰেল থেৰাপি’ প্ৰয়োগ কৰিব পাৰিলে এনে ৰোগী পিছলৈ স্বাভাৱিকভাৱে বিকশিত হৈ উঠিব পৰা হয়গৈ। সেয়ে ‘অ’টিজিম’ৰ বিসয়ে সৰ্বসাধাৰণৰ মাজত ব্যাপক অসজাগতা সৃষ্টিয়ে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।

কিয় হয় অ’টিজিম?

কেইবছৰমানৰ আগলৈকে এই প্ৰশ্নটোৰ উত্তৰ কোনো চিকিৎসা বিজ্ঞানীৰ ওচৰতে নাছিল। অৱশ্যে এতিয়া গৱেষকসকলে এই প্ৰশ্নৰ উত্তৰ দিব পৰা হৈছেগৈ। চিকিৎসা বিজ্ঞানী গৱেষকসকলে কৈছে যে- অ’টিজিমৰ কোনো এটা নিৰ্দিষ্ট কাৰণ নাই আৰু অ’টিজিমো কেৱল এক প্ৰকাৰৰ বিসংগতি নহয়। যোৱা পাঁচটা বছৰত বিজ্ঞানীসকলে অ’টিজিমৰ সৈতে জড়িত অতি বিৰল ধৰণৰ জিনৰ পৰিৱৰ্তন বা ‘মিউটেচন’ চিনাক্ত কৰিছে।

ইয়াৰে তেনেই কম সংখ্যক জিনে নিজাববীয়াকৈ অ’টিজিমৰ সৃষ্টি কৰিব পাৰে। ‘অ’টিজিম’ বিসংগতিৰ আশংকাযুক্ত জিন আৰু পাৰিপাৰ্শ্বিক কাৰণৰ সংমিশ্ৰণৰ ফলত শৈশৱতে মস্তিষ্কৰ বিকাশত প্ৰভাৱ পৰে আৰু তাৰ ফলতে অধিকাংশ ‘অ’টিজিম’ৰ সৃষ্টি হয়।

জিনগত আশংকাগ্ৰস্ততা থকা অৱস্থাতে অন্যান্য পাৰিপাৰ্শ্বিক চাপ পৰিলেও শৈশৱত এই ৰোগ হোৱাৰ ঘটনা বৃদ্ধি পায়। শিশু এটিৰ জন্মৰ আগতে অৰ্থাৎ মাতৃগৰ্ভত থকা অৱস্থাত আৰু জন্মৰ সময়তো এই ধৰণৰ পাৰিপাৰ্শিকত চাপে ৰোগটো হোৱাত সহায় কৰে।

এই কাৰক বিলাকৰ ভিতৰত গৰ্ভাৱস্থাত মাতৃৰ অসুস্থতা আৰু প্ৰসৱৰ সময় দীৰ্ঘকাল ধৰি পৰ্যাপ্ত অক্সিজেনৰ পৰা বঞ্চিত হোৱাটোও ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে। অৱশ্যে মনত ৰখা দৰকাৰ যে এই কাৰকবিলাকে নিজে অ’টিজিম’ৰ সৃষ্টি কৰিব নোৱাৰে। জেনেটিক ‘ৰিস্ক ফেক্টৰ’বিলাকৰ সংমিশ্ৰণতহে অ’টিজিমৰ আশংকা বৃদ্ধি পায়।

শেহতীয়াকৈ গৱেষকৰ এটা দলৱে প্ৰকাশ কৰিছে যে যদি মাতৃগৰাকীয়ে গৰ্ভধাৰণৰ কেইমাহমান আগৰে পৰা গৰ্ভধাৰণৰ পিছলৈকে ফলিক এচিডযুক্ত ভিটামিন খাই থাকে, আৰু পিছতো প্ৰতিদিনে অতি কমেও ৬০০ মাইক্ৰ’গ্ৰাম পৰিমাণত ফলিক এচিডযুক্ত আহাৰ খায়,- তেনেহ’লে তেওঁৰ শিশুটিক অ’টিজিম হোৱাৰ আশংকা বহুগুণে হ্ৰাস পায়।

গৱেষকসকলে ‘অ’টিজিম’ প্ৰতিৰোধৰ ক্ষেত্ৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষেত্ৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ভূমিকা সম্পৰ্কেও অধ্যয়ন অব্যাহত ৰাখিছে।

অ’টিজিম কেনেকৈ চিনাক্ত কৰা হয়?

কোনোধৰণৰ মেডিকেল পৰীক্ষাৰ(তেজ, মল-মূত্ৰ ইত্যাদি) দ্বাৰা অ’টিজিম ধৰা পেলাব নোৱাৰি। কেৱল বিশেষভাৱে প্ৰশিক্ষিত চিকিৎসক আৰু মনস্তত্ত্ববিদসকলে ৰোগীৰ মানসিক গতি-বিধি নিৰীক্ষণ কৰি অ’টিজিম নিৰ্নয় কৰিব পাৰে।

বেছিভাগ ক্ষেত্ৰতে শিশুটিৰ কিছুমান অস্বাৱভাৱিক আচাৰ-আচৰণ লক্ষ্য কৰি এই বিসংগতিত ধৰা পেলোৱা হয়। শিশুটিয়ে যদি আনৰ চকুলৈ চাব নোখোজে, শিশুটিক নাম কাঢ়ি মাতিলে যদি সঁহাৰি নিদিয়ে, খেলিবলৈ দিয়া পুতুলা-খেলনা আদিৰ প্ৰতি আগ্ৰহ নেদেখুৱায়- তেনেহ’লে শিশুটিয়ে ‘অ’টিজিম’ত ভোগা বুলি ধৰিব পাৰি।

দুৰ্ভাগ্যবশতঃ আমাৰ বহুতো চিকিৎসকে অ’টিজিম নিৰ্ণয় কৰিব নোৱাৰি বা ইয়াৰ লক্ষণবিলাকৰ সৈতে পৰিচিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত বহু সময়ত এনে ধৰণৰ বিসংগতিত ভোগা শিশুৰ পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰি ঘূৰাই পঠিয়াব। ফলত ৰোগ নিৰ্ণয় প্ৰক্ৰিয়া পলম হয় আৰু সোনকালে পাবলগা চিকিৎসাৰ পৰাও তেওঁলোক বঞ্চিত হয়।

যদি কোনো শিশুৰ পিতৃ-মাতৃ বা অভিভাৱকে নিজৰ সন্তানটিৰ অস্বাভাৱিক আচৰণৰ বাবে চিকিৎসা বিচাৰি কোনো চিকিৎসকৰ ওচৰলৈ আহে, তেনেহ’লে চিকিৎসকজনে তৎক্ষণাত শিশুটিক কোনো বিশেষজ্ঞৰ চিকিৎসৰ ওচৰলৈ পঠাই দিব লাগে, যাতে তেওঁ অতি সোনকালে প্ৰয়োজনীয় চিকিৎসা আৰু পৰামৰ্শ পায়।

বেছিসংখ্যক অ’টিজিমত ভোগা লোকেই নিজৰ আবেগ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে। আবেগ-অনুভূতি প্ৰকাশৰ ক্ষেত্ৰত তেওঁলোকে প্ৰায়ে ‘অপ্ৰাপ্তবয়ষ্ক’ৰ দৰে আচৰণ কৰে। তেওঁলোকে পৰিৱেশ নেথাকিলেও য’তে ত’তে কান্দে আৰু সাধাৰণ কথা একোটাতে গিৰ্জনি মাৰি হাঁহে।

তাৰোপৰি তেওঁলোকে কেতিয়াবা সামান্য কথা এটাতে অতি উগ্ৰ আচৰণ কৰিব পাৰে বা অকাৰণতে আক্ৰমণাত্মক হৈয়ো উঠিব পাৰে। কোনো অ’টিজিম আক্ৰান্ত ৰোগীয়ে হতাশগ্ৰস্ত হৈ নিজৰ মূৰ অ’ত ত’ত খুন্দিয়াব পাৰে, নিজৰ চুলি টানি ছিঙিব পাৰে বা নিজৰ গালতে নিজে চৰিয়াব পাৰে।

এনেধৰনৰ লক্ষণবিলাকৰ উপৰি অ’টিজিমত ভোগা লোকসকলৰ অধিকংশই(৮৫ শতাংশ শিশু) বিভিন্ন আন্ত্ৰিক সমস্যাত ভোগা। এই সমস্যাবিলাকৰ ভিতৰত দীৰ্ঘদিনীয় কোষ্ঠকাঠিন্য বা ডায়েৰিয়াত ভোগে বা পেটৰ বিষ বা পেট কামোৰণিত ভোগে বা পেটৰ বিষ বা পেট কামোৰণিত ভোগে। পেটৰ অসুখ হৈ থকাৰ বাবে এই ৰোগীসকল খিংখিঙীয়া স্বভাৱৰ হয়। অৱশ্যে উপযুক্ত চিকিৎসা পালে তেওঁলোকৰ এনেবোৰ সমস্যা আঁতৰ হয়।

অ’টিজিমত ভোগা ৩৯ শতাংশ লোকেই মৃগীৰোগতো আক্ৰান্ত হয়। সাধাৰণতে অ’টিজিমত ভোগা কম বয়সৰ শিশু বা কিশোৰ অৱস্থাতে মৃগী ৰোগৰ লক্ষন আৰম্ভ হয়। বহুতো অ’টিজিমৰ ৰোগীৰ স্পৰ্শ অনুভূতি অতি প্ৰখৰ হ’ব পাৰে। এওঁলোকৰ শ্ৰৱণ, গোন্ধ আৰু স্পৰ্শ অনুভূতি অতি সংবেদনশীল হব পাৰে।

অ’টিজিমত ভোগা শিশুসকলৰ মাজত কিছুমানৰ অখাদ্য সেৱনৰ প্ৰৱণতা থাকে। অৱশ্যে স্বাভাৱিকভাৱে বৃদ্ধি হোৱা শিশু এটিৰো ১৮ৰ পৰা ২৪ বয়সত হাতত যিহকে পায়, তাকে মুখলৈ নি খোৱাৰ প্ৰৱণতা গঢ় লয়। কিন্তু অ’টিজিমত আক্ৰান্ত শিশু তথা প্ৰাপ্তবয়ষ্ক লোকসকলে যিকোনো বয়সতে বোকা মাটি, পোৰা মাটি, ইটা, চক পেন্সিল, ৰঙৰ গুড়ি আদি খায়।

বহুতে আকৌ অনবৰতে নিজৰ হাতৰ লেতেৰা আঙুলি চুপি থাকে। তেনেধৰণৰ অদ্ভুত অখাদ্য খোৱাৰ খোৱা অটিজিম ৰোগীসকলৰ তেজত বিষাক্ত সীহৰ পৰিমাণ বৃদ্ধি পোৱা দেখা যায়।

অ’টিজিমৰ চিকিৎসা কেনেকৈ কৰে?

প্ৰতিজন অ’টিজিমত আক্ৰান্ত শিশু তথা প্ৰাপ্তবয়স্কৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। সেয়ে অ’টিজিমৰ ৰোগীৰ চিকিৎসাৰ বাবে থকা পৰামৰ্শসমূহ(InterventionPlan) প্ৰতিজন ৰোগীৰ বাবেই সুকীয়া সুকীয়াকৈ সজাই ল’বলগীয়া হয়। এই চিকিৎসা দিহাবিলাকৰ ভিতৰত আছে- আচৰণ সম্পৰ্কীয় চিকিৎসা, ঔষধ আৰু কেতিয়াবা দুয়োটাৰে প্ৰয়োগ প্ৰয়োজন হ’ব পাৰে।

বহুতো অ’টিজিম আক্ৰান্ত ৰোগীৰ আকৌ অতিৰিক্তভাৱে অন্যান্য শাৰীৰিক সমস্যাও থাকে। সেইবিলাকৰ ভিতৰত টোপনিৰ সমস্যা, মৃগী ৰোগ আৰু আন্ত্ৰিক ৰোগেই প্ৰধান। এইবিলাক সমস্যাৰো চিকিৎসক এজনে আচৰনজনিত বিসংগতিৰ লগতে চিকিৎসা কৰিব লগা হয়।

লেখক: নীলিম ফুকন(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top