অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ সন্তানৰ সুৰক্ষা আৰু আপুনি

অলপতে টিভি চেনেল এটাত "ব্লু হোৱেল" গেমটোৰ ভয়াৱহতাৰ বিষয়ে আলোচনা কৰিবলৈ মোক নিমন্ত্ৰণ কৰিছিল। আলোচনাৰ শেষত মোৰ মনলৈ এটা চিন্তা আহিছিল। আমি এটা গেমে আত্মহত্যাৰ নিচিনা ভয়াৱহতাৰ পিনে আমাৰ ল’ৰা-ছোৱালীক ঠেলি দিয়া দেখি চিন্তা কৰিছোঁ, কিন্তু তেনে আন বহুকেইবিধ সমস্যা ইতিমধ্যে আমাৰ মাজতে আছে, যাৰ কথা হয়তো আমি আলোচনা কৰাই নাই। এই সমস্যাবোৰ আৰু তাৰ সমাধানৰ কথাকে অলপ আলোচনা কৰোঁ আহক।

সমস্যাবোৰ:

আপোনাৰ ল’ৰা-ছোৱালীয়ে ভুগিব পৰা কেইবিধমান সমস্যা হ’ল— যৌন নির্যাতন বা শোষণ, ড্ৰাগছ আৰু আন নিচাসক্তি, বুলিয়িং, ডিপ্ৰেচন আৰু আন মানসিক সমস্যা এটা প্ৰাৰম্ভিক কথা-

ল’ৰা-ছোৱালী প্রায়ৰিটী হয়নে?

আপোনাৰ প্ৰায়ৰিটী কি ? অর্থাৎ আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ কি? কেৰিয়াৰ, আৰাম, টকা-পইচা নে আন কিবা ? এই কথাটো বৰ গুৰুত্বপূর্ণ কাৰণ— ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি সন্তান সুবৃদ্ধিত কিমান গুৰুত্ব দিব, কিমান সময় দিব, কিমানখিনিলৈকে কৰিব। যদি কেৰিয়াৰ আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ, আপুনি পৰিয়াল আৰু সন্তানক দিয়া সময়ৰ পৰিমাণ অলপ কম হ’ব পাৰে। এয়া ভাল নে বেয়া তেনেধৰণৰ কোনো কথা নাই। বিভিন্নজনৰ বাবে প্রায়ৰিটী বিভিন্ন হ’ব পাৰে। যদি সন্ধিয়া অফিচৰ পৰা আহি অলপ আৰাম কৰাটো আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ, তেন্তে আপুনি তাত বেছি গুৰুত্ব দিব। আপোনাৰ প্রায়ৰিটীৰ ওপৰত নিৰ্ভৰ কৰি আপুনি বেলেগে বেলেগে কাম কৰিব। কিন্তু সমস্যাটো হ’ল আপুনি কি কৰে সেয়া গুৰুত্বপূর্ণ হৈ পৰে আন এটা কথাৰ বাবেহে। আপোনাৰ সন্তানে আপুনি কি কৰে, কেনেকৈ কৰে, সেয়া লক্ষ্য কৰি থাকে আৰু সিহঁতে আপোনাৰ পৰা কথাবোৰ শিকে।

সন্তানক ভালদৰে ডাঙৰ কৰাটো এটা ডাঙৰ দায়িত্ব। এই কাম ভালদৰে কৰিবলৈ হ’লে ল’ৰা- ছোৱালী আপোনাৰ এক প্রধান প্রায়ৰিটী হ’বই লাগিব। যদি নহয়, তেন্তে আপুনি হয়তো কিছুমান কাম নকৰিব বা কৰিব নোৱাৰিব। তেনেক্ষেত্ৰত অফিচৰ পৰা আহি টিভি নাচাই ল’ৰা-ছোৱালীক সময় দিয়াটো সম্ভৱ নহ’ব। সন্তানৰ বাবে হ'বলগীয়া হ’লে সেয়া কৰাও সম্ভৱ নহ’ব। মদ খোৱাটো সন্তানে নিশিকক বুলি মদ খাবলৈ এৰাটোও সম্ভৱ নহব। এতিয়া আপোনাৰ ল’ৰা-ছোৱালীয়ে সন্মুখীন হ’ব পৰা সমস্যাবোৰৰ কিছুমান সমাধান।

হাৰাশাস্তি (বুলিয়িং)

ডাঙৰ বা বেছি শক্তিশালী কোনোবাই আপোনাৰ সন্তানক ভয় খুৱাব পাৰে, শাৰিৰীকভাৱে অনিষ্ট কৰিব পাৰে, মানসিকভাৱে অশান্তি দিব পাৰে। এই সকলোকে বুলিয়িং বুলি কয়। এনে হ’লে আপোনাৰ সন্তানৰ জীৱনটো বিষময় হৈ পৰিব। অত্যধিক এনে হ'লেই আত্মহত্যাৰ পথলৈ ও কাৰোবাক ঠেলি দিব পাৰে। এনে বুলিয়িং বন্ধ কৰিবলৈ হ’লে আপোনাৰ সন্তানৰ আত্মসন্মান আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব লাগিব। কাৰণ বুলিয়িং বোৰে সদায় আত্মবিশ্বাস কম থকা ল’ৰা-ছোৱালীক সহজ চিকাৰ বুলি বাছি লয়। আত্মবিশ্বাসেৰে ভৰপূৰ ল’ৰা-ছোৱালীক কোনেও জোকাই ল’বলৈ সাহস নকৰে।

পৰিয়ালৰ আন সদস্যসকলৰ লগত এক শক্তিশালী সম্বন্ধই এনে ঘটনা আপোনাৰ সন্তানৰ লগত হোৱাৰ পৰা বচাই ৰাখিব। যদি কেতিয়াবা তেনে হয়ো, আপোনাৰ সন্তানে মনৰ ভিতৰত কথাবোৰ লুকাই ৰাখি নাৰকীয় অৱস্থাত বাস কৰাতকৈ আপোনাক খোলাকৈ কথাবোৰ ক’ব পাৰিব আৰু তেতিয়া আপুনি তাৰ প্ৰতিকাৰৰ বাবে কিছুমান কাম হাতত ল’ব পাৰিব।

যৌন নির্যাতন

আমি যিমান যৌন নির্যাতনৰ ঘটনা সংঘটিত হৈ আছে বুলি মানি লওঁ, তাতোকৈ হয়তো বহু বেছি তেনে ঘটনা ইতিমধ্যে সংঘটিত হৈ আছে। আৰু এনে নিৰ্যান যে কেৱল ছোৱালীৰ ক্ষেত্ৰতে সংঘটিত হৈ আছে তেনে নহয়। ল’ৰাৰ ক্ষেত্ৰতো তেনে ঘটনা সংঘটিত হ’ব পাৰে। এনে নির্যাতন বন্ধ কৰাৰ উপায় আপুনি কৰিব লাগিব। তাৰ বাবে আপোনাৰ সন্তানে যাতে আপোনাৰ লগত কোনো ভয়, শংকা নোহোৱাকৈ কথাৰ আদান-প্ৰদান কৰিব পাৰে, সেয়া অত্যন্ত আৱশ্যক। যৌন নিৰ্যাতন কেনেদৰে হ’ব পাৰে সেয়া নিজৰ সন্তানক আপুনি শিকাব লাগিব। পিতৃ-মাতৃ দুয়োৰে তেনে কৰাটো এটা কর্তব্য। যদি দেউতাকে সেয়া কথা পাতিব নোৱাৰে। তেন্তে মাকে হয়তো তেনে কথাবোৰ নিজৰ সন্তানৰ লগত পাতিব পাৰিব। কি কি কথাক যেন নির্যাতন বুলি কয়, সেয়া জানিলেহে কালি সিহঁতে তেনে ব্যৱহাৰৰ বিৰুদ্ধে মাত মাতিব পাৰিব। লগতে আপোনাৰ সন্তানক কিছুমান কথাত ‘নহ’ব’, ‘নাই’, "নকৰো” আদি কথা শিকাব লাগিব। তেনে অৱস্থাত সিহঁতে নাই, নহ’ব বা নকৰিবা ধৰণৰ কথা ক’বলৈ টান নাপাব।

ড্ৰাগছৰ সমস্যা, মানসিক সমস্যা আদি

এই সমস্যাবোৰৰ পৰা ৰক্ষা পাবলৈ তলৰ কথাবোৰে সহায় কৰিব। আপোনাৰ ল’ৰা- ছোৱালীক যদি আপুনি তলৰ কথাবোৰ ভালদৰে শিকাব পাৰে, তেন্তে ড্রাগছ আসক্তি, অত্যধিক মোবাইল আসক্তি, গেম আসক্তি, ডিপ্ৰেছন বা আন মানসিক সমস্যা আদিৰ পৰা আপোনাৰ সন্তানক সদায় আঁতৰত ৰাখিব পাৰিব।

নিজৰ সপোনবোৰ বিচাৰি উলিয়াবলৈ সহায় কৰক

 

সঁচা সপোনবোৰে সিহঁতক যিকোনো বেয়া পথৰ পৰা আঁতৰাই ৰাখিব, কাৰণ সিহঁতৰ ফ'কাছ সদায় থাকিব নিজৰ সপোনবোৰৰ ওপৰত, গতিকে আন কোনো কথাই সিহঁতৰ মনোযোগ সিহঁতৰ বাবে বেয়া কথালৈ বা পথলৈ নিব নোৱাৰিব।

অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ শিকাওক

এই শিক্ষাই সিহঁতক জীৱনৰ নানা ক্ষেত্ৰত সহায় কৰিব। এই শিকনিটোৱে সিহঁতক যৌন নির্যাতনৰ পৰাও বচাই ৰাখিব। কোনোবাই নকৰিবলগীয়া কিবা কৰিব খুজিলেই সিহঁতে তেনে কথাত নহ’ব বুলি কোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে লগে লগে মাত মাতিব পাৰিব। লগতে আনে সিহঁতৰ ওপৰত দাদাগিৰি কৰিলে, সিহঁতৰ কিবা অন্যায় কৰিব খুজিলেই সিহঁতে তাৰ বিৰুদ্ধে মাত মাতিব পাৰিব।

নিজকে সলাওক

আপুনি আপোনাৰ সন্তানৰ বাবে ৰোল মডেল অর্থাৎ সিহঁতে আপোনাক দেখি-শুনি শিকিব। সিহঁত সাধাৰণতে আপোনাৰ নিচিনা হোৱা সম্ভাৱনা বেছি। আপুনি কি কৰে, কেনেকৈ কৰে, সেয়া সিহঁতে সাৱধানে লক্ষ্য কৰি থাকে। তদুপৰি সৰুৰে পৰা যিবোৰ বিশ্বাস, মূল্যবোধ আপুনি সিহঁতক শিকায়, সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতৰ চিন্তা, বিশ্বাসবোৰ গঢ় লৈ উঠে। আৰু এইবোৰে সিহঁতৰ ব্যৱহাৰ আৰু ভবিষ্যৎ নির্ধাৰণ কৰে। গতিকে আপুনি যদি নিজৰ সন্তানৰ মাজত কিবা বেয়া দেখা পাইছে, সেয়া সিহঁতে আপোনাৰ পৰা শিকা নাইতো? যদি কিবা বেয়া আছে, তেন্তে আপুনি সেয়া সলাব লাগিব। আপোনাক যদি সিহঁতে কেতিয়াও হাতত কিতাপ এখনো তুলি লোৱা দেখা নাই, কষ্ট কৰি ভাল কাম কৰাৰ চেষ্টা কৰা দেখা নাই, তেন্তে সিহঁতেও কিতাপ পঢ়া বা ভাল ফলৰ বাবে কষ্ট কৰাৰ প্রয়োজনীয়তা অনুভৱ নকৰিব পাৰে। আপুনি যদি আন কাৰো লগতে লগ হ’বলৈ নিদি সিহঁতক কেবল বেছি নম্বৰ পোৱা একোটা মেচিন বনাইছে, তেন্তে কালি আপোনাৰ বাবেও ভাবিবলৈ সিহঁতৰ সময় নথকাটো একো ডাঙৰ কথা নহয়। আপুনি যদি সিহঁতক টকা-পইচাৰ গর্ব কৰিবলৈ শিকাইছে, কষ্ট নকৰাকৈ ফল লাভৰ চেষ্টা কৰিবলৈ শিকাইছে, তেন্তে কালি সিহঁতে সেয়াই কৰিব।

কোনো গোপন কথা নাই

আপুনি যদি সন্তানৰ পৰা কিছুমান কথা গোপন কৰি ৰাখে, সিহঁতেও আপোনাৰ পৰা বহু কথা গোপন কৰি ৰাখিব। বাস্তৱ পৃথিৱীত গোপন কথা থকাৰ বাবেই, সম্বন্ধবোৰ সহজ নোহোৱা বাবেই, সম্বন্ধবোৰ সহজ নোহোৱা বাবেই, অনলাইন পৃথিৱীত গোপন কথা নথকা বুলি ভবা বন্ধু- বান্ধবী বিচাৰিবলগীয়া হয়। আৰু সেই অনলাইন পৃথিৱীৰ কথাবোৰ আপোনাৰ ল’ৰা-ছোৱালীয়ে আপোনাক নকয়। কিছুমান একান্ত ব্যক্তিগত কথা বাদ দি পৰিয়ালত গোপন কৰিবলগীয়া কথা নাথাকিলেই ভাল।

সঠিক বিচাৰৰ ক্ষমতা

এয়া এটা এনে স্কিল বা কৌশল, যিটোৱে আপোনাৰ সন্তানক সকলো সময়তে, সকলো ক্ষেত্ৰতে সহায় কৰিব। কোনটো কাম কৰা সঠিক, কোনটো সময়ত কৰা সঠিক, কেনেকৈ কৰা সঠিক, কাক বিশ্বাস কৰিব পাৰি, কাক নোৱাৰি ইত্যাদি কথাৰ সঠিক সিদ্ধান্ত ল’ব পাৰিলে আপোনাৰ সন্তান নানা সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। ই যৌন নির্যাতন, বুলিয়িং, ড্রাগছ বা আন নিচাসক্তি আদিৰ পৰা আপোনাৰ সন্তানক সদায় বচাই ৰাখিব, কাৰণ কোনটো কাম সিহঁতৰ বাবে বেয়া আৰু কোনটো কাম ভাল সেয়া সিহঁতে বুজিব পাৰিব আৰু সেইমতে কাম কৰিব পাৰিব।

ৰাতিৰ খোৱা একেলগে খাওক

এইটো এটা এটা সৰু কাম দিনটোত হয়তো আপোনালোকৰ সকলোৰে একেলগে বহি আহাৰ খাবলৈ সময় নহয়। গতিকে ৰাতিৰ সাজটো একেলগে খাবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনালোকৰ লাভহে হ’ব, কোনো লোকচান নহয়। খোৱা সময়ছোৱাত হাতৰ মোবাইল ফোন আঁতৰাই থওক, টিভিটো বন্ধ কৰি থওক| ইজনে-সিজনৰ লগত কথা পাতিবলৈ, দিনটোৰ কথা আলোচনা কৰিবলৈ সময় পাব। সেই সময়ছোৱাত কোনোধৰণৰ ডাঙৰ সিদ্ধান্ত নল'লেও হ’ব আৰু বিশেষকৈ কাজিয়া বা ইজনে সিজনৰ কথা কটাকটি নকৰাই ভাল। সময়খিনি পৰিয়ালৰ সকলোৱে আনন্দমনেৰে একেলগে কটাবলৈ চেষ্টা কৰি চাওকচোন। ই আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত অলপ হ’লেও বান্ধোন মজবুত কৰাৰ লগতে ইজনৰ লগত সিজনক কথা পাতিবলৈ সুযোগ দিব।

সিহঁতৰ লগত কথা পাতক-কথা শুনক

নিজৰ ল’ৰা-ছোৱালীৰ লগত কথা পতাৰ অভ্যাস কৰক। কথা পাতিলেই সিহঁতে আপোনাৰ কথা নুশুনা হ’ব, আপোনাক গুৰুত্ব নিদিয়া হ’ব তেনে কথা সঁচা নহয়। বৰঞ্চ কথা পাতিলেহে আপোনালোকৰ মাজত এটা সহজ সম্পর্ক গঢ়ি উঠিব। আপোনাক তেতিয়াহে নিজৰ সন্তানে মনৰ কথা বা সিহঁতৰ পৃথিৱীত ঘটি থকা কথাবোৰ ক’বলৈ ইচ্ছা আৰু চেষ্টা কৰিব। আৰু কথা পাতোতে নিজে কথা শুনোৱাতকৈ সিহঁতৰ কথা শুনিবলৈ যত্ন কৰক। বর্তমান সময়ত শুনিবলৈ আমাৰ সময় কম, কিন্তু শুনিব পাৰিলেহে আপুনি সিহঁতৰ বিষয়ে আৰু ভালদৰে জানিব পাৰিব। মাত্র এদিনতে আপুনি সিহঁতৰ আটাইতকৈ ভাল বন্ধু হৈ পৰিব বুলি নাভাবিব। তাৰ বাবে সময় লাগিব আৰু আপোনাৰ চেষ্টা লাগিব। আৰু সেইখিনি চেষ্টা আপুনি কৰিব, কাৰণ এয়া আপোনাৰ সন্তানৰ কথা। নহয় জানো ?

লেখক: বিকাশ কলিতা, পূৰ্বাচল।

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate