মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / গ্ৰীষ্মকালীন শিশুৰ অসুখ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালীন শিশুৰ অসুখ :

গ্ৰীষ্মকালীন শিশুৰ অসুখ :

শিশুসকল বছৰৰ যিকোনো সময়তে বিভিন্ন বেমাৰৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ লগে লগে ঋতুজনিত বিভিন্ন কাৰকৰ বাবে শিশুসকলক বিভিন্ন ধৰণৰ অসুখত ভুগি থকা দেখা যায়। সততে হোৱা এই ধৰণৰ বেমাৰবোৰৰ টনচিলাইটিছ, পানী লগা, জ্বৰ, কাহ, নাক বন্ধ হোৱা, পাতল পায়খানা, বমি, অৰুচি, ঘামচি, ফোঁহা আদিয়ে প্ৰধান। এই ধৰণৰ বেমাৰবোৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগে লগে অভিভাৱকসকলে কেন্দ্ৰত গৈ চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী।

টনচিলাইটিছ -

নানাবিধ বেক্টেৰিয়াৰ দ্বাৰা টনচিল গ্ৰন্থি আক্ৰান্ত হ’লে তেতিয়া তাক টনচিলাইটিছ বুলি কোৱা হয়। টনচিল গ্ৰন্থিটো যেতিয়া সংক্ৰমিত হয়, তেতিয়া শিশুৰ ডিঙিটো বিষায়, খাদ্য গিলিবলৈ অসুবিধা পায়, জ্বৰ, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে। কাহ, চৰ্দি আদিও হ’ব পাৰে। শিশুৰ মুখখন মেলি চালে দেখা যায় যে টনচিল গ্ৰন্থিটোৰ ভিতৰফালে বগা বগা চামনি পৰে এই অৱস্থাত এই সমস্যাটো সঠিকভাৱে বুজা নাযায়, কাৰণ সেয়া ডিপথেৰিয়া নে টনচিলাইটিছ আৰু সেইমতে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। সেয়ে চিকিৎসকৰ পৰামৰ্শ অতি জৰুৰী।

চৰ্দি-জ্বৰ আদি -

গ্ৰীষ্মকালত অত্যধিক গৰমৰ বাবে শিশুসকলে বাৰে বাৰে পানী লাৰি থাকে আৰু অত্যধিক পৰিমাণে কিছুমানে ফেনৰ বতাহো সেৱন কৰি থাকে বাবে পানী লগা, চৰ্দি, জ্বৰ, কাহ আদিৰ দ্বাৰা আক্ৰান্ত হয়। নাকেদি পানী ওলাই থাকে, কেতিয়াবা নাক বন্ধ হৈ থাকে, উশাহ লোৱাত কষ্ট পায়। এই অৱস্থাত পেৰাচিটামল ছিৰাপ আদি বয়স অনুপাতে খুৱাই থাকিলে সুফল পোৱা যায়। ঠাণ্ডা পানীৰে গা-ধুওৱা, ফেনৰ বতাহ সেৱন কৰা আদি ঠাণ্ডা বতাহ লগাৰ পৰা বিৰত ৰাখিব লাগে। বেছি অসুবিধা দেখা পালে চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী।

ঘামচি বা ফোঁহা -

গৰম দিনত শিশুসকল বেছিকৈ ঘমাৰ ফলত তাত ধুলি পৰি নোমকোষবোৰ বন্ধ হৈ যায়। ফলত তাত বীজাণুৰ সংক্ৰমণ ঘটে আৰু গাত সৰু সৰু ফোঁহা আৰু কেতিয়াবা ডাঙৰ ডাঙৰ ফোঁহাও হোৱা দেখা যায়। ঘামত কাপোৰ তিতি থকা বাবে গাত সৰু সৰু অসংখ্য ঘামচি হোৱা দেখা যায়।

ল’বলগীয়া সাৱধানতা -

এই ধৰণৰ সৰু সৰু ঘামচিয়ে শিশুৰ কোমল ছালৰ বহুত ক্ষতি কৰে। সেয়ে ইয়াৰ পৰা ৰক্ষা কৰিবলগীয়া হ’লে প্ৰতিদিনে শিশুসকলক ভালদৰে চাবোনেৰে ঘঁহি গা ধুৱাব লাগে। গাত যাতে ঘাম জমা হৈ থাকি বীজাণুৰ দ্বাৰা সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে শৰীৰৰ বিভিন্ন ভাঁজবিলাক গাঁঠি, গলধন, কাষলতি, কৰঙনৰ দুয়োকাষ, ডিঙিৰ ভাঁজ, কিলাকুটি আদি বেবী চাবোনেৰে ভালদৰে ধুৱাই দিব লাগে। ঘামচি হোৱা ঠাইবোৰত ডাচটিং পাউডাৰ আদি লগাই ৰাখিব লাগে। সেই বুলি অত্যধিক পৰিমাণে আৰু বাৰে বাৰে পাউডাৰ লগোৱাও ছালৰ কাৰণে ঠিক নহয়।

বমি আৰু অৰুচি -

গ্ৰীষ্ম কালত শিশুবিলাকৰ প্ৰায়ভাগৰে বমি, অৰুচি আদি হৈ থকা দেখা যায়। কাৰণ অত্যধিক গৰমৰ কাৰণে এই সময়ছোৱাত খোৱা খাদ্যবোৰ অতি সোনকালে নষ্ট হৈ যায়। মাকসকলে সেই দিশটো মন নকৰি যদি অলপ বেয়া হোৱা বুলি সেইবোৰ খাদ্যকে শিশুক খুৱাই দিয়ে, তেতিয়াই শিশুসকলে সেই খাদ্য হজম কৰিব নোৱৰে। ফলত পেটটো অশান্তি লাগি থাকে। আৰু বেয়া খাদ্যখিনি পেটৰ পৰা ওলাই নোযোৱালৈকে বাৰে বাৰে বমি হৈ থাকে। পেটত গেছ হয় আৰু খাবলৈ মন নোযোৱা হয়, ভোক কমি যায় অৰু অশান্তি অনুভৱ কৰি থাকে। সেয়ে গ্ৰীষ্মকালত শিশুৰ খাদ্যৰ ক্ষেত্ৰত মাকহঁতে অলপ সাৱধান হ’ব লাগে। ৰাতিপুৱা বনোৱা আহাৰ দুপৰীয়া আহাৰ পিছদিনা ৰাতিপুৱলৈ খুৱাব নালাগে।

কৃমি আৰু এলাৰ্জী -

শিশুক পানী সদায় উতলাই পিছত ঠাণ্ডা কৰি খুৱাব লাগে। শুদা ভৰিৰে খোজকাঢ়িব দিব নালাগে। খোৱাৰ আগতে হাত ভালকৈ চাবোনেৰে ধুৱাইহে খাদ্য খুৱাব লাগে। নহ’লে শিশুসকল সাধাৰণতে পেলু বা কৃমিৰ দ্বাৰা আক্ৰান্ত হয়। কৃমিৰ দ্বাৰা আক্ৰান্ত হোৱা শিশুৰ পেটৰ বিষ, বমি, পেটটো ডাঙৰ হৈ যোৱা, ভোক নলগা আৰু বাৰে বাৰে শৌচ আদি হৈ থাকিব। কৃমিৰ দ্বাৰা আক্ৰান্ত শিশুঅসকল ৰক্তাপ্লতাত ভুগি থকা দেখা যায়। তদুপৰি কৃমিৰ কাৰণে এবিধ বিষাক্ত পদাৰ্থ তেজৰ লগত মিহলি হৈ যায়। যাৰ কাৰণে গাৰ খজুৱতি, চকলা-চকলি দ’ম বান্ধা, শৰীৰ ফুলি যোৱা আদি উপসৰ্গই দেখা দিয়ে। ইয়াকে এলাৰ্জী বুলিও কোৱা হয়।

চিকিৎসা আৰু প্ৰতিকাৰ -

সাধাৰণতে শিশুসকলক পানী উতলাই ঠাণ্ডা কৰি খুৱালে আৰু ঘৰত সদায় ছেকেণ্ড বা জোতা পিন্ধাই ৰাখিলে কৃমিৰ পৰা হাত সাৰি থাকিব পৰা যায়। খোৱা বস্তু সদায় চাফ-চিকুণ ঠাইত ৰাখি আৰু ব্যক্তিগত চাফ-চিকুণতা বজাই ৰাখি উঠি অহা শিশুসকলক কৃমিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। গাত সনা তেলৰ পৰাও শিশুসকলৰ এলাৰ্জী হোৱা দেখা যায়। ধূলি-মাকতি, প্ৰদূষিত বায়ুৰ পৰা সদায় শিশুসকলক আঁতৰাই ৰখা উচিত। খাদ্যজনিত এলাৰ্জীৰ দ্বাৰা আক্ৰান্ত হয় বাবে সেইধৰণৰ খাদ্য খুওৱা উচিত নহয়। ইয়াৰ পিছতো পেলু আৰু এলাৰ্জীৰ সমস্যা দেখা দি থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি জৰুৰী।

ব্ৰংকাইটিছ -

ঋতু পৰিৱৰ্তনৰ লগে লগে কাহ আৰু পানী লগাত ভোগা দেখা যায়। শিশুৱে উশাহ লোৱাত কষ্ট পোৱা দেখা যায়, বুকুত শব্দ হয়, লগতে জ্বৰো থাকিব পাৰে। এই প্ৰক্ৰিয়া দীঘলীয়া হৈ থাকিলে তাক ব্ৰকাইটিছ বুলি কোৱা হয়। এনে অৱস্থাত শিশুৱে খাব নোখোজে, জ্বৰ উঠি থাকে, মূৰৰ বিষ, ডিঙিৰ বিষ, হাত-ভৰি আদিও বিষাব পাৰে। শিশুৰ পানী লাগি নাক বন্ধ হৈ থাকে। আৰু উশাহ লোৱাত কষ্ট পাই থাকে। যাৰ কাৰণে শিশুৱে অনবৰত কান্দি থাকে।

শিশুৰ ব্ৰংকাইটিছ সাধাৰণতে দুই ধৰণৰ কাৰকৰ দ্বাৰা হয়। যেনে- এলাৰ্জিক আৰু এজমাটিক ব্ৰংকাইটিছ। এলাৰ্জিৰ কাৰণবোৰ যেনে- গাড়ীৰ ধোঁৱা, ধূলি, ধূপৰ ধোঁৱা, মকৰাজাল, ফুলৰ ৰেণু, কিছুমান পাউডাৰ, পৰ্ফিউম আদিৰ দ্বাৰা হোৱা দেখা যায়। এনে হ’লে শিশুৰ প্ৰথমে হাঁচি, নাকেৰে পানী বৈ থাকে, লাহে লাহে কাহি থাকে, জ্বৰ উঠো আহে আৰু লাহে লাহে উশাহ ল’বলৈ কষ্ট অনুভৱ কৰে। এই অৱস্থাত অৱহেলা নকৰি চিকিৎসকৰ ওচৰলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

প্ৰতিকাৰ আৰু চিকিৎসা -

শিশুসকলক এই ধৰণৰ পৰিৱেশ অৰ্থাৎ ধূলি-মাকতি, গাড়ীৰ ধোঁৱা আদিৰ পৰা আঁতৰত ৰাখিব লাগে। চিকিৎসা হিচাপত চিকিৎসকসকলে এন্টি এলাৰ্জিক দৰব(যেনে- চেটিৰিজিন বা সন্টি লোকাচ গ্ৰুপৰ দৰব) ব্যৱহাৰ কৰিবলৈ দিয়ে। উশাহ লোৱাত কষ্ট পালে নেবুলাইজেচন(Nebulization) আদি কৰিব দিব লাগে। প্ৰয়োজন সাপেক্ষে নেবুলাইজেন তিনি ঘন্টাৰ মূৰে মূৰে দি থাকিব পাৰি। এনেদৰে সুফল পোৱা দেখা যায়।

লেখক: ডাঃ আশ্বাৰাফুল আলম(নিয়মীয়া বাৰ্তা)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top