অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চেইজৰ/কঁপনি

চেইজৰ কি?

যেতিয়া মগজুৰ কোনো অংশই অস্বাভাৱিকভাৱে কাম কৰে ইয়াৰ ফলত ব্যক্তিৰ চলন-ফুৰণ, মনোযোগিতা আৰু সজাগতাৰ হঠাত্‍ পৰিৱৰ্তন আহে ইয়াকেই চেইজৰ

বোলা হয়। মগজুৰ বিভিন্ন অংশত বিভিন্ন ধৰণৰ চেইজৰ হব পাৰে আৰু ইয়াৰ ফলত শৰীৰৰ কোনো এটা অংশ বা সম্পূৰ্ণ শৰীৰটোৱেই প্ৰভাৱিত হব পাৰে। বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত চেইজৰ বিভিন্ন কাৰণত হব পাৰে। নৱজাতকৰ হোৱা চেইজৰতকৈ কেঁচুৱা বা বিদ্যালয়লৈ যোৱা বা বয়সন্ধিৰ বয়সত হোৱা চেইজৰৰ যথেষ্ট পাৰ্থক্য থাকিব পাৰে। আগতে চেইজৰ নোহোৱা শিশুৰ ক্ষেত্ৰত ই অভিভাৱকসকলৰ বাবে ভয়ৰ কাৰণ হব পাৰে।

চেইজৰ হোৱা মুঠ শিশুৰ ৩ শতাংশ শিশুৱেই ১৫ বছৰতকৈ কম বয়সৰ।

সংখ্যক শিশুৰেই ফেবৰাইল চেইজৰ (জ্বৰৰ ফলত হোৱা) হয়।

  • প্ৰতি ১০০ টা শিশুৰ এটাৰ মৃগীৰ ফলত চেইজৰ হয়।

চেইজৰৰ ধৰণ

১) জ্বৰৰ পৰা হোৱা চেইজৰ: সাধাৰণতে শিশুসকলৰ কানৰ সংক্ৰমণ, ঠাণ্ডালগা, বসন্ত আদি ৰোগৰ ফলত জ্বৰ হ’লে এনে চেইজৰ হয়।

  • শিশুৰ মাজত সাধাৰণতে এই ধৰণৰ চেইজৰেই দেখিবলৈ পোৱা যায়।
  • ২ ৰ পৰা ৫ শতাংশ শিশুৰ শিশুকালৰ এটা বিশেষ সময়ত জ্বৰৰ পৰা চেইজৰ হব পাৰে।
  • কিছুমান শিশুৰ জ্বৰৰ পৰা চেইজৰ কিয় হয় ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই যদিও কিছুমান সাম্ভাব্য কাৰণ চিনাক্ত কৰিব পৰা হৈছে।
    • যি শিশুৰ পৰিয়ালত বিশেষকৈ ভাই বা ভনীৰ যদি এনে জ্বৰৰ পৰা চেইজৰ হয় তেন্তে উক্ত শিশুটিৰো জ্বৰৰ পৰা হোৱা চেইজৰ হব পাৰে।
    • যিসকল শিশুৰ বিকাশত পলম হয় বা যি শিশু নৱ্জাতক অবিশ্ৰান্ত যত্ন গোটত (ICU) ২৮ দিনতকৈ অধিক সময় থাকিবলগা হয়। তেনে শিশুৰ জ্বৰৰ চেইজৰ হোৱাৰ সম্ভাৱনা বেছি।
    • জ্বৰৰ চেইজৰ হোৱা প্ৰতি ৪ টা শিশুৰ ভিতৰত ১ টাৰ সাধাৰণতে এবছৰৰ ভিতৰতে দ্বিতীয়বাৰ চেইজৰ হব পাৰে।
    • আগতে জ্বৰৰ পৰা চেইজৰ হোৱা শিশুৰ দ্বিতীয়বাৰৰ বাবে হব পাৰে।

২) নৱজাতকৰ চেইজৰ: সাধাৰণতে জন্মৰ ২৮ দিনৰ ভিতৰত হয়। বেছি সংখ্যকেই জন্মৰ পিছতেই হয়। বহুবোৰ অৱস্থাৰ বাবে এনে হ’ব পাৰে। সদ্যজাতকৰ চেইজৰ হ’লে সাধাৰণতে ধৰিব পৰাটো কঠিন হয় কাৰণ তেওঁলোকে কোনো কঁপনি নেদেখুৱায়। বৰং তেওঁলোকৰ চকু চাৰিওফালে ল’ৰাই-মেলি থাকে যেন চাৰিওফালে চাইহে আছে। তেওঁলোকৰ ওঁঠেৰে শব্দ কৰিব পাৰে বা শ্বাস কাৰ্য্য অস্বাভাৱিক হব পাৰে।

৩)আংশিক চেইজৰ: মগজুৰ এটা অংশহে জৰিত হয়, গতিকে শৰীৰৰ এটা অংশহে প্ৰভাৱিত হয়।

  • সাধাৰণ আংশিক চেইজৰত শৰীৰৰ এটা ফালৰ অংগসমূহক প্ৰভাৱিত আৰু এইবোৰ কপিবলৈ ধৰে। এই চেইজৰ হোৱা অৱস্থাত শিশুৱে সাৰ পায় থাকে। সতৰ্ক হৈ থাকে। অস্বাভাৱিক কম্পন হয় আৰু দেহৰ আন অংশলৈ বিয়পিব পাৰে।
  • জটিল আংশিক চেইজৰ: এনে অৱস্থা সাধাৰণ আংশিক চেইজৰৰ দৰেই, কেৱল এই ক্ষেত্ৰত শিশুটিয়ে কি হৈ আছে গম নাপায়। শিশুটিয়ে চেইজৰৰ সময়ছোৱাত একেটা কামেই বাৰে বাৰে, সঘনাই কৰি থাকে। যেনে, হাতচাপৰি বজাই থকা ইত্যাদি। এই কামবোৰৰ কথা পিছত তেওঁৰ মনত নাথাকে। কপনি শেষ হোৱাৰ পাছত শিশুটিয়ে খেলিমেলি অৱস্থাত থাকে। এই অৱস্থাটোক পষ্টিকটেল কাল বোলা হয়।

৪) সাধাৰণ শ্ৰেণীৰ চেইজৰ: মগজুৰ এক বৃহত্‍ অংশ জৰিত হয়। এইবোৰক দুটা ধৰণত ভাগ কৰিব পাৰি: পেশীৰ কঁপনি (কনভালচন) আৰু বহু উপভাগ থকা পেশী নকপা।

  • কঁপনি চেইজৰত ৫ মিনিটতকৈ কম সময়ৰ বাবে শৰীৰৰ পেশীসমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰাকৈ জোকাৰি থাকে। ইয়াৰ পিছত কিছুসময়ৰ বাবে টোপনীৰ ভাব হয়। ১৫ মিনিট মানৰ ভিতৰত শিশুটিৰ ভাগৰুৱা ভাৱৰ বাহিৰে নিজে নিজে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। এই সময়ছোৱাত শিশুটিয়ে শৌচ-পেচাব কৰিব পাৰে। শিশুটিয়ে এই সময়ছোৱাৰ কথা মনত ৰাখিব নোৱাৰে। কেতিয়াবা এই সময়ত হোৱা জোকাৰণীত শিশুটিয়ে আঘাট পাব পাৰে। জিভাত কামোৰ খোৱাৰ পৰা হাড় ভঙা ধৰণৰ আঘাটপ্ৰাপ্ত হ’ব পাৰে।
  • শক্তিশালী চেইজৰত অহৰ্নিশে পেশীবোৰৰ কোঁচখোৱা আৰু প্ৰসাৰণ হৈ থাকে। টনিক-ক্লনিক চেইজৰত এটাৰ পাছত এটাকৈ শক্তিশালী কাৰ্য্যকলাপৰ লগত চন্দময় গতিত পেশী গোটসমূহ জোকাৰ খাই থাকে।
  • শিশুৰ শিৰামূৰি ধৰাটো (ইনফানটাইল স্পামছ) সাধাৰণতে ১৮ মাহতকৈ কম বয়সৰ শিশুৰ হয়। এনে ক্ষেত্ৰত শিশুটি কিছুমা পেশীত হঠাত শিৰামূৰি ধৰে আৰু শিশুটি জঠৰ হৈ পৰে। বাৰে বাৰে শিশুটি সাৰ পায়।
  • এবচেঞ্চ চেইজৰক পেটিট মল নামেও জনা যায়। ই অতি কম সময়ৰ বাবে শিশুৱে চকু পিৰিকিয়াউতে হয়। আৰু শিশুটিৰ চাৰিওকাষে কি হৈছে সেই সম্পৰ্কে সজাগ নহয়। ই কেইছেকেণ্ড মানৰ বাবেহে থাকে। হঠাতে আৰম্ভ হয় আৰ অন্ত পৰে। শিশুটিয়ে এই সময়ৰ কথা মনত ৰাখিব নোৱাৰে। ইয়াক সাৰে থকা অৱস্থাৰ সপোন বুলিও ভাৱে। পঢ়ি থাকোতে শাৰী পাহৰি যোৱা বা নিৰ্দেশৰ অংশ পাহৰি যোৱাটোৰ পৰাহে ইয়াক বুজিব পাৰি।

৫) ষ্টেটাছ এপিলেপটিকাছ: এই ধৰণৰ চেইজৰ ৩০ মিনিট সময়লৈ থাকে বা এটাৰ পাছত আনটো চেইজৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ আগতেই আৰম্ভ হয়। ২ বছৰতকৈ সৰু শিশুৰ মাজত এইটো সাধাৰণতে দেখা যায়। এই ধৰণৰ শিশুবোৰৰ সাধাৰণ শ্ৰেণীৰ টনিক-ক্লনিক চেইজৰ থাকে। এই ধৰণৰ চেইজৰ অতি ভয়াৱহ। এনে ধৰণৰ দীৰ্ঘসময়ৰ চেইজৰ সন্দেহ হ’লে লগে লগেই ১০৮ মাতি পঠাব লাগে।

শিশুৰ মাজত চেইজৰ:

কাৰণ:

চেইজৰৰ বহুবোৰ কাৰণ জানিলেও ইয়াৰে আক্ৰান্ত প্ৰতি ৪ টা শিশুৰ ৩ টাৰ ক্ষেত্ৰতে কাৰণ জানিব পৰা নাযায়। এনে বহুবোৰ ক্ষেত্ৰত পৰিয়ালত কাৰোবাৰ এই ৰোগৰ বুৰঞ্জী দেখা যায়। আন কাৰণবোৰৰ ভিতৰত মেনিনজাইটীছ বিকাশত সমস্যা যেনে, চেৰিব্ৰেল পালচি আৰু মগজুত হোৱা আঘাত আদিক উল্লেখ কৰিব পৰা যায়।

সাধাৰণতে এনে চেইজৰ হোৱা বুলি সন্দেহ কৰা শিশুসকলৰ চাৰিভাগৰ এক অংশৰ আন ৰোগ হোৱাটোহে সম্পূৰ্ণ মূল্যায়নত পোৱা যায়। আন ৰোগবোৰৰ ভিতৰত  দূৰ্বলতা, উশাহ বন্ধ হোৱা, নিশা ভয় খোৱা, মূৰৰ বিষ আৰু মানসিক ৰোগবোৰ পৰে।

  • শিশুসকলৰ মাজত জ্বৰৰ পৰা হোৱা চেইজৰ বেছিকৈ দেখা যায়। কোনো সংক্ৰমণ লগতে অতিপাত জ্বৰ উঠিলে এনে হোৱা দেখা যায়।
  • চেইজৰ হোৱাৰ আন কাৰণবোৰৰ ভিতৰত আছে-
    • সংক্ৰমণ
    • পাচনৰ বিসংগতি
    • নিচাযুক্ত ঔষধ
    • ঔষধ
    • বিষাক্ত দ্ৰব্য
    • তেজ কোষৰ বিসংগতি।
    • মগজুৰ ভিতৰত ৰক্তক্ষৰণ।
    • ইয়াৰ ভিতৰত মগজুৰ টিউমাৰ, সংক্ৰমণ, অতিপাত জ্বৰ, জন্মৰ সময়ত পোৱা আঘাট, মগজুৰ আঘাট ইত্যাদি।

শিশুৰ চেইজৰ:

লক্ষণ:

শিশুৰ চেইজৰ হ’লে বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে। লৰচৰৰ ধৰণ চকুত পৰাকৈ সলনি হোৱা, শিশুৰ সতৰ্কতাৰ স্তৰৰ পৰিৱৰ্তন আদিৰ ওপৰত ভিত্তি কৰি চিকিত্সকে শিশুটিৰ কেনে ধৰণৰ চেইজৰ হৈছে গম পাব পাৰে।

  • অতি সাধাৰণ নাটকীয় লক্ষণটো হৈছে কঁপনি উঠা। শিশুটিৰ চন্দময় জোকাৰণি বা শিৰামূৰি ধৰিব পাৰে। কেতিয়াবা ইয়াৰ লগতে উশাহত কষ্ট বা চকু কৰিবলৈ কষ্ট হব পাৰে। চেইজৰৰ পাছত শিশুটি টোপনীৰ ভাৱ হয় হয় আৰু বিভ্ৰমতা হব পাৰে। চেইজৰ অন্ত হোৱাৰ পাছৰ সেই সময়ৰ একো কথা মনত নাথাকে। সাধাৰণ চেইজৰ আৰু জ্বৰৰ চেইজৰতো এই লক্ষণবোৰ দেখা যায়।
  • অসাক্ষাত্‍(Absence) চেইজৰত আক্ৰান্ত শিশুৱে চকু পিৰিকিউৱা বা জপোৱাৰ সচেতনতা কমি যায়। এইটোৰ আৰম্ভ আৰু শেষ সোনকালে হয়। ইয়াত জোকাৰণি জাতীয় লৰচৰ নাথাকে। চেইজৰ শেষ হোৱাৰ লগে লগেই শিশুটি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।
  • চুহি থকা, ওঁঠ কামুৰা বা চাপৰি বজাই থকা আদি ধৰণৰ কামবোৰ বাৰে বাৰে কৰি থকাৰ পিছত বিভ্ৰমতা হোৱা ধৰণৰ লক্ষণবোৰ শিশুৰ জটিল আংশিক চেইজৰৰ বাবে হয়।

আংশিক চেইজৰে সাধাৰণতে এটা গোটৰ পেশীবোৰকহে প্ৰভাৱিত কৰে। এই পেশীবোৰত শিৰামূৰি ধৰে আৰু কঁপনি উঠে। শিৰামূৰি ধৰাটো এটা পেশী গোটৰ পৰা আন এটা গোটলৈ যাব পাৰে। ইয়াক চেইজৰৰ চলন বোলা হয়। এনে ধৰণৰ চেইজৰ হোৱা শিশুৱে আক্ৰান্তৰ সময়চোৱাত নাভূত-নাশ্ৰুত আচৰণ কৰে আৰু চেইজৰ অন্ত পৰাৰ পাছত সেই কথাবোৰ মনত থাকিবও পাৰে নাথাকিবও পাৰে। প্ৰথমবাৰ বা বাৰে বাৰে এনে চেইজৰ হৈ পৰা শিশুবোৰক চিকিত্সকৰদ্বাৰা ভালদৰে মূল্যায়ন কৰোৱাব লাগে।

    • প্ৰথমবাৰ চেইজৰ হোৱা শিশুক চিকিত্সালয়ৰ জৰুৰীকালীন বিভাগত মূল্যায়ন কৰোৱাব লাগে। যদি শিশুটি ২ মিনিটতকৈ কম সময়ৰ বাবে  চেইজৰ হয়, পুনৰ বাৰ যদি লগে লগে নহয়, উশাহ লওঁতে যদি কষ্ট নাপায়, তেন্তে শিশুটিক সম্ভৱ হ’লে শিশুৰোগ বিশেষজ্ঞৰ দ্বাৰা মূল্যায়ন কৰোৱাব লাগে।
    • প্ৰথমবাৰ চেইজৰ হোৱা শিশুক চিকিত্সালয়ৰ জৰুৰী বিভাগলৈ লগে লগে মূল্যায়ন কৰিবৰ বাবে নিব লাগে।
    • যদি কোনো শিশুৰ ওপৰা-ওপৰিকৈ, বাৰে বাৰে চেইজৰ হৈ থাকে, উশাহ লওঁতে কষ্ট পায়, লক্ষণীয়ভাৱে আঘাট প্ৰাপ্ত হয় তেন্তে লৰালৰিকৈ ১০৮ মাতি পঠাব লাগে।
    • যদি কোনো শিশুৰ আগতে চেইজৰ হোৱাৰ তথ্য থাকে আৰু যদি চেইজৰ হোৱাৰ সময়, শৰীৰৰ লৰচৰ কৰা অংগ, বহু সময় ধৰি টোপনীভাৱ থাকে বা তেনে কোনো অৱস্থা দেখা যায় তেন্তে শিশুটিক লগে লগে চিকিত্সালয়ৰ জৰুৰীকালীন বিভাগত দেখুৱাব লাগে।

শিশুটিয়ে নিজকে আঘাটপ্ৰাপ্ত কৰাৰ আগতে তেওঁক সুৰক্ষা দিয়াটো আপোনাৰ প্ৰথম কৰ্তব্য।

    • শিশুটিক শুই পৰাত সহায় কৰক।
    • ওচৰত থকা আইনা বা তেনে ক্ষতি কৰিব পৰা সামগ্ৰীবোৰ আঁতৰাই পেলাওঁক।
    • শিশুটিৰ মুখত একো বস্তু দিবলৈ চেষ্টা নকৰিব। এনে কৰিলে শিশুটিৰ লগতে আপুনি নিজেও আঘাট প্ৰাপ্ত হব পাৰে।
    • লগে লগে শিশুটিৰ উশাহ-নিশাহ পৰীক্ষা কৰক। যদি শিশুটিয়ে উশাহ লোৱা নাই তেন্তে অনতি পলমে ১০৮ ক মাতি চিকিত্সা সাহাৰ্য্যৰ ব্যৱস্থা কৰক।
    • চেইজৰ অন্ত হোৱাৰ পাছত শিশুটিক কাতিয়া কৰি শুৱাই থওঁক আৰু সম্পূৰ্ণকৈ সাৰ নোপোৱালৈকে শিশুটিৰ কাষত থাকক। শিশুটিৰ উশাহ-নিশাহ পৰীক্ষা কৰক। চেইজৰ অন্ত হোৱাৰ ১ মিনিট পিছলৈকে যদি  শিশুটিয়ে উশাহ নলয় তেন্তে মুখত মুখ লগাই উশাহ দিবলৈ চেষ্টা কৰক। কঁপনী উঠি থকা অৱস্থাত শিশুটিক কৃত্ৰিম শ্বাস দিবলৈ চেষ্টা নকৰিব। ইয়াৰ ফলত শিশুটিৰ লগতে আপুনিও আঘাট প্ৰাপ্ত হব পাৰে।
    • যদি শিশুটিৰ জ্বৰ উঠি থাকে তেন্তে পেৰাচাইটামল দিব পৰা যায়।
    • খাদ্য বস্তু খুৱাবলৈ চেষ্টা নকৰিব। চেইজৰ হোৱাৰ লগে লগে শিশুটিক মুখেৰে পানী, খাদ্য বা ঔষধ দিবলৈ চেষ্টা নকৰিব।
    • মৃগীৰোগ থকা বুলি জ্ঞাত শিশুৰ ক্ষেত্ৰত আঘাট পোৱাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰক আৰু শিশুটিৰ ওচৰৰ পৰা টান গোটা সামগ্ৰীবোৰ আঁতৰাই পেলাওঁক।

চিকিত্সা ব্যৱহাৰ:

চেইজৰ হোৱা শিশুৰ চিকিত্সা প্ৰাপ্তবয়স্কতকৈ পৃথক হয়। যদি কোনো বিশেষ কাৰণ  পোৱা নাযায় তেন্তে সাধাৰণতে প্ৰথমবাৰ চেইজৰ হোৱা শিশুক ঔষধেৰে চিকিত্সা কৰা নহয়।

  • ঔষধৰে চিকিত্সা নকৰাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহ
    • প্ৰথমবাৰ চিকিত্সকৰ ওচৰলৈ নিয়া শিশুক পৰীক্ষা কৰি চিকিত্সকে চেইজৰ হৈছে নে আন কিবা হৈছে নিশ্চিত হব নোৱাৰে।
    • এই ৰোগত ব্যৱহূত বহুবোৰ ঔষধে শিশুৰ য্কৃত আৰু দাঁতৰ ক্ষতি কৰাৰ লগতে আন আন পাৰ্শ্বক্ৰিয়া কৰিব পাৰে।
    • বহুবোৰ শিশুৰ হব মাত্ৰ এবাৰ বা অতি কম বাৰ চেইজৰত আক্ৰান্ত হয়।
  • যদি ঔষধৰ চিকিত্সা আৰম্ভ কৰা হয়-
  • চিকিত্সকে ঔষধৰ মাত্ৰা অনুসৰণ কৰিব, ইয়াৰ বাবে ঘনাই তেজ পৰীক্ষা কৰাৰ প্ৰয়োজন আৰু অতি সূক্ষ্মভাৱে পাৰ্শ্বক্ৰিয়াবোৰৰ প্ৰতি লক্ষ্য ৰাখিব। সাধাৰণতে এই ঔষধৰ চিকিত্সা কৰিবলৈ এসপ্তাহৰ পৰা এমাহমান সময়ৰ প্ৰয়োজন হয় আৰু কেতিয়াবা একাধিক ঔষধৰ ব্যৱহাৰ কৰিব লগা হব পাৰে।

যদি আপোনাৰ শিশুটিৰ ষ্টেটাছ এপিলেপ্টিকাছ আছে তেন্তে তেওঁক অতি নেৰা-নেপেৰাকৈ চেইজৰ বিৰোধী ঔষধেৰে চিকিত্সা কৰিব লাগে। অবিশ্ৰান্ত যত্ন গোটত(ICU) ভৰ্তি কৰিব লাগে আৰু সম্ভৱ হ’লে উশাহ-নিশাহৰ যত্ন স্থাপন কৰিব লাগে।

প্ৰতিৰোধ:

বেছিভাগ চেইজৰেই প্ৰতিৰোধ কৰা সম্ভৱ নহয়। কিছুমান প্ৰতিৰোধ কৰিব পাৰি যদিও নিয়ন্ত্ৰণত ৰখাটো বৰ কঠিন যেনে, মগজুৰ আঘাট আৰু গৰ্ভধাৰণৰ সময়ত হোৱা সংক্ৰমণ।

  • যিবোৰ শিশুৰ জ্বৰৰ চেইজৰ আছে তেওঁলোক ৰুগীয়া হোৱা অৱস্থাত যাতে জ্বৰ নিয়ন্ত্ৰণত ৰাখিব পাৰি তাৰ ব্যৱস্থা লব লাগে।
  • এবাৰ এনে হোৱাৰ পাছত আঘাট প্ৰাপ্ত যাতে নহয় তাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে।

শিশুটিয়ে আন ল’ৰা-ছোৱালীৰ দৰে বিভিন্ন খেলা-ধূলা, কাম-কাজত অংশ লব পাৰে। যদি সাঁতোৰা বা আন খেলা-ধূলা আদিৰ মাজতে চেইজৰ হ’লে আঘাট প্ৰাপ্ত

হোৱাৰ সম্ভাৱনা থাকে তেন্তে তেনে কাৰ্য্যকলাপৰ সময়ত শিশুটিৰ সুৰক্ষাৰ বাবে  ডাঙৰ লোক কাষত থকা উচিত। সকলো লোকেই চেইজৰৰ দ্বাৰা আক্ৰান্ত হব পাৰে। কিছুমানৰ ঘনাই হব পাৰে। এই বিসংগতি বৰ ভয়ানক। কিছুমান লোকৰ কেতিয়াবাহে চেইজৰ হয়। কিছুমানৰ প্ৰায় দৈনিক বা তাতোকৈ ঘনাই এনে হয়।

  • এই চেইজৰ বিভিন্ন ধৰণৰ হব পাৰে। চেইজৰৰ কাৰ্য্যকলাপ সাধাৰণ চকুৰে  ক’লা বৰণ দেখাৰ পৰা জ্ঞান হেৰুৱাৰ লগতে শিৰামূৰি ধৰা বা পেশীৰ  জোকাৰণী হব পাৰে।
  • সাধাৰণতে চেইজৰৰ ফলত তলত উল্লেখ কৰা পৰিস্থিতি হ’লে ইয়াক অতি জৰুৰী অৱস্থা বুলি বুজিব লাগিব।
    • কেইমিনিট মানৰ ভিতৰত যদি চেইজৰ অন্ত নপৰে।
    • চেইজৰ অন্ত হোৱাৰ পাছত বহু সময়লৈকে (১০-১৫ মিনিট) বিভ্ৰমতা থকা।
    • চেইজৰ অন্তৰ পাছত ব্যক্তিজন প্ৰতিক্ৰিয়াশীল নোহোৱা।
    • ব্যক্তিজনে উশাহ লওঁতে কষ্ট পালে।
    • চেইজৰৰ সময়ত ব্যক্তিজনে আঘাট পালে।
    • প্ৰথম বাৰৰ বাবে চেইজৰ হ’লে।
    • চেইজৰ হৈ থকা লোকৰ কোনো বাৰত চেইজৰৰ ধৰণ আৰু চাৰিত্ৰিক পৰিৱৰ্তন দেখা পালে।

সাৱধানতা:

অতি সাধাৰণভাৱে সাৱধানতা অৱলম্বন কৰিব লগা ঠাই হ’ল গা ধোঁৱা ঘৰ। বাথ টাৱতকৈ স্বাৱাৰ ব্যৱহাৰ কৰিব লাগে কিয়নো ইয়াত ডুবাৰ সম্ভাৱনা কম থাকে।

বহুলোকৰ চেইজৰৰ কাৰণ জানিব পৰা নাযায়। কিছুমান মানুহৰ বিশেষ কিছুমান পৰিস্থিতিত মগজুৰ স্বাভাৱিক কামক প্ৰভাৱিত কৰাৰ বাবে এনে হয়।

  • আন কিছুমান যেনে নিচাযুক্ত দ্ৰব্য, বিভিন্ন ঔষধ, মাদক দ্ৰব্য, তেজত চেনীৰ পৰিমাণ কমি যোৱা বা দেহত আন ৰসায়নিক দ্ৰব্যৰ অস্বাভাৱিকতা আদিয়ে মগজুৰ স্বাভাৱিক কাম-কাজত ব্যাঘাট জন্মায় আৰু ফলত চেইজৰ হয়।
  • বাৰে বাৰে চকুত উচ্চমানৰ পোহৰ পৰা, অত্যাধিক মানসিক চাপ, কম টোপনী আদিৰ ফলতো কিছু সংখ্যক লোকৰ চেইজৰ হব পাৰে।
  • শিশুসকলৰ চেইজৰটো এটা বিশেষ পৰ্য্যায়ৰ চেইজৰ। ইয়াক বেলেগ ধৰণে চোৱা উচিত। সাধাৰণ শ্ৰেণীৰ চেইজৰ আৰম্ভ হোৱাৰ লগে লগে ব্যক্তিজনে কান্দে বা কিছু শব্দ কৰে। ইয়াৰ কিছু ছেকেণ্ড সময় পিছত বাহু আৰু হাত-ভৰি লৰচৰ কৰে অস্বাভাৱিক চন্দৰ জোকাৰণী বাঢ়ি যায়।
  • সাধাৰণতে চকু মেলখাই থাকে কিন্তু ব্যক্তিজনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে বা সতৰ্ক নহয়।
  • ব্যক্তিজনে উশাহ লৈ থকাটো বুজিব পৰা নাযায়। তথাপিও তেওঁ প্ৰকৃততে সাধাৰণভাৱে কম সময়ৰ চেইজৰত উশাহ লৈ থাকে।চেইজৰ অন্ত হোৱাৰ পিছত ব্যক্তিজনে কিছু সময় ধৰি দীৰ্ঘ শ্বাস লয়।
  • কেইমিনিটমানৰ ভিতৰত লাহে লাহে তেওঁ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।
  • অসংলগ্ন আচৰণ আৰু প্ৰস্ৰাৱ পায়খানা কৰাটো সাধাৰণ।
  • সাধাৰণ শ্ৰেণীৰ চেইজৰ (ইয়াত গোটেই মগজুটোৱেই প্ৰভাৱিত হয়)পিছত সাধাৰণতে ব্যক্তি বিবাদত লিপ্ত হব বিচাৰে।
  • ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ চেইজৰ আছে যেনে, এটা ভৰিৰ অস্বাভাৱিক লৰচৰ, অস্পষ্ট শব্দ আৰু চন্দময় জোকাৰণীবিহীন অস্বাভাৱিক জড়তা।
উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate