অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিকিৎসা আৰু যোগ শাস্ত্ৰ

বৰ্তমানৰ চিকিৎসা শাস্ত্ৰৰ বহু উন্নতি সাধন হৈছে। নতুন নতুন ঔষধ আৱিস্কাৰ হৈছে। শল্য চিকিৎসাৰো উন্নতি হৈছে। তথাপি ভাৰতৰ আওপুৰণি পৰম্পৰাগত যোগ-ব্যায়াম বা হঠ যোগৰ দ্বাৰা ৰোগ চিকিৎসাৰ ব্যৱস্থা আজিও পূৰ্ণ উদ্যমে চলি আছে। কৰ্ণাটকৰ কেইখনমান চিকিৎসালয় যেনে- এপ’লো, মনিপাল আৰু গ্লোবেল বি ডি এচ চিকিৎসালয়ত ভালেমান ৰোগৰ চিকিৎসাত আনুষংগিক হিচাপে যোগ ব্যায়ামৰ ব্যৱস্থা দিয়ে। বিশেষকৈ বিষ (আৰ্থ্ৰাইটিছ) ৰোগৰ বাবে যোগ ব্যায়াম কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। যোগ আসনে প্ৰায় সকলো ৰোগতে সুফল দিয়ে। বিশেষকৈ মধুমেহ, অৰ্শ, চায়েটিকা বাত, স্থূলতা, কৃশতা আদি ৰোগত যোগ ব্যায়ামে বহু সুফল দিয়াৰ প্ৰমাণ পোৱা গৈছে। এই ৰোগ নিৰাময়ৰ বাবে প্ৰধান আসন সমূহ হ’ল- সৰ্ব্বাংগ আসন, মত্সাসন, পশ্চিমোত্তানাসন, ভদ্ৰাসন, গোমুখাসন ইত্যাদি।

মধুমেহ

এই ৰোগ নিৰাময়ৰ বাবে ফলপ্ৰসূ চিকিৎসা বৰ্তমানলৈকে ওলোৱা নাই। সৰ্বাংগ আসন, মত্সাসন, পশ্চিমোত্তানাসন, গোমুখাসন আদি অভ্যাস কৰিলে শৰীৰে পৰ্যাপ্ত মাত্ৰাত ইনচুলিন প্ৰস্তুত কৰিবলৈ সক্ষম হয়। ভাৰতৰ ঋষি-মুণিসকলৰ মতে সৰ্বাংগ আসনে সৰ্বৰোগ নাশ কৰে।

অৰ্শ (পাইলচ)

এই ৰোগে মানুহক জীয়াই থকাৰ আনন্দৰ পৰা বঞ্চিত কৰে। বহুতে ভাবে কোষ্ঠ্যকাঠিন্যতাৰ বাবে এই ৰোগ হয়। চিকিৎসা বিধিত এই ৰোগৰো কোনো বিশেষ ব্যৱস্থা নাই। সৰ্বাংগ আসন, মত্সাসন, পশ্চিমোত্তানাসন, গোমুখাসন আদি আসনে এই ৰোগ নিৰাময়ত সহায় কৰে। অভিজ্ঞ যোগ প্ৰশিক্ষকৰ পৰা এই আসনবিলাকৰ বিধি শিকি লৈ সহজতে এইবিলাক অভ্যাস কৰিব পাৰি।

আৰ্থ্ৰাইটিছ (বাতবিষ)

চায়াটিকা বাত আৰু অন্যান্য সন্ধিবাত আদি এই শ্ৰেণীত পৰে। ভৰিৰ তল অংশৰ পৰা আঁঠুলৈকে এই বিষ হয়। যোগাসনে বহু পৰিমাণে এইৰোগ নিৰাময় কৰে।

স্থুলতা

স্থুলতা বা মেদবহুলতা অধিক চৰ্বিযুক্ত খাদ্য খোৱা আৰু পৰিশ্ৰমহীনতাৰ বাবে হয়। এই ৰোগ প্ৰধনকৈ ভুল খাদ্যাভ্যাসৰ বাবে হয়, যদিও এই ৰোগ বংশনুক্ৰমিক বুলিও ঠাৱৰ হৈছে। নিয়মীত খোজ কঢ়া, খালীহাতে ব্যায়াম কৰা, লগতে সৰ্বাংগ আসন, পশ্চিমোত্তোনাসন, শলভাসন আদি ফলপ্ৰসূ। খাদ্য খাই উঠাৰ পিছত পানীৰ বাহিৰে কোনো খাদ্য খাব নালাগে। আজিকালিৰ বেছি কেলৰিযুক্ত সহজলভ্য আহাৰেও এই ৰোগ হোৱাত সহায় কৰে।

কৃশতা

কৃশতা কোনো ৰোগ নহয়। সৰুকালৰ পৰা পুষ্টিহীনতাত ভোগা লোকৰ শৰীৰ ক্ষীণ হৈ থকে। সুষম আহাৰ খাই কেইটিমান আসন কৰিলে লাহে লাহে শৰীৰলৈ পুষ্টি আহে, সৰ্বাংগাসন কৰাটো বাঞ্চনীয়। নিৰ্মল, শীতল পানী যথেষ্ট পৰিমাণে সেৱন কৰিব লাগে। হৃদৰোগীয়ে সৰ্বাংগাসন নকৰাই ভাল। ব্যায়াম কৰোতে খৰ-খেদা কৰিব নালাগে আৰু সম্পূৰ্ণভাবে মন স্ংযোগ কৰিব লাগে।

প্ৰিয়েন্দ্ৰ তামুলী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate