মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / দৈনন্দিত জীৱনত যোগাসনৰ উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৈনন্দিত জীৱনত যোগাসনৰ উপকাৰিতা

দৈনন্দিত জীৱনত যোগাসনৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

অতি পুৰণি কালৰ পৰাই স্বাস্থ্য ৰক্ষাৰ এক প্ৰাকৃতিক পদ্ধতি হিচাপে যোগাসনে বিশেষ গুৰুত্ব পাই আহিছে । যোগাভ্যাস আমি সৰুৰে পৰাই শিকা উচিত । যোগাসনে সদায় মনটোক শুদ্ধ পথৰ সন্ধধ্ন দিয়ে । দৈনন্দিন জীৱনত যোগাভ্যাসে শৰীৰত সৃষ্টি হোৱা ৰোগ প্ৰতিৰোধ কৰিব পাৰে আৰু নীৰোগী হৈ আপুনি এটি সুন্দৰ জীৱন যাপন কৰিব পাৰে । দৈনন্দিন কৰা যোগাভ্যাসৰ ফলত প্ৰত্যেক দিনে আপুনি শৰীৰত সুখী অনুভৱ কৰিব পাৰিব । আপোনাৰ চঞ্চল মনক দমন কৰিব পৰা এক প্ৰভূত্ব লাভৰ উপায় পাব । মনত সৃজনী শক্তিৰ ক্ষমতা শক্তি বৃদ্ধি পাব । আজিৰ দিনত সকলো মানুহে নিজৰ স্বাস্থ্যক লৈ সচেতন । সেয়া যোগাভ্যাসেই হওক বা আন ব্যায়ামেই হওক । আজি এটা প্ৰয়োজনীয় আসনৰ বিষয়ে জানো আহক- ‘বজ্ৰাসন’ ।

এই যোগাসনৰ ফলত শৰীৰটো বজ্ৰৰ দৰে কঠিন আৰু শক্তিশালী কৰি তুলিব পাৰি । এই আসন কৰাৰ পিচত আমাৰ শৰীৰটোত ধ্যান, বিশ্ৰাম স্বাস্থ্যৰ অপূৰ্ব সমাহাৰ ঘটিব । খোৱা-বোৱাৰ পিচতো এই ব্যায়াম কৰিব পাৰিব । পুৱা-গধূলি যিকোনো সময়তে এই বজ্ৰাসনত বহিব পাৰিব । অন্যান্য যোগাসন কৰিবলৈ কিছুমান নিয়ম-কানুনৰ যোগেদি যাব পাৰিব । প্ৰাণায়াম, ধ্যান আদি পুৱাৰ সময়খিনিত কৰিব পাৰিলে ভাল ফল পোৱা যায় । সূৰ্য উদয় হোৱাৰ আগতে গা-পা ধুই শুদ্ধ মনেৰে যোগাভ্যাস কৰিব লাগে । খোৱা-বোৱা কৰাৰ চাৰি ঘণ্টামানৰ পিচতহে আসনত বহিব লাগে । প্ৰথমতে আপুনি বজ্ৰাসনত বহি লওক । বাওঁ ভৰিৰ আঁঠুটো ভাঁজ কৰি নিতম্ব গোৰোহাটোত ৰাখি একে ধৰণেৰে সোঁ ভৰিও ভাঁজ কৰি লওক । লক্ষ্য ৰাখিব যাতে ভৰিৰ পতা দুখন মাটিত ভালদৰে লাগি থাকে । গোৰোহা দুটা নিতম্বৰ বাহিৰৰ ফালে সামান্য ওলাই থাকে । এতিয়া আপুনি মেৰুদণ্ডসহ কঁকাল পোন কৰি লগতে বুকু, ডিঙি পোন কৰি লওক । হাত দুখন আঁঠু দুটাৰ ওপৰত ৰাখক । এই সময়ত আপুনি লক্ষ্য ৰাখিব আপোনাৰ মনৰ আজ্ঞা-চক্ৰ কপালৰ মাজৰ ঠাইত স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰক । এয়ে হ’ল- ‘পূৰ্ণ বজ্ৰাসন পদ্ধতি’।

বজ্ৰাসনে শৰীৰত কেনেকৈ কাম কৰে -

বজ্ৰাসনত বহাৰ লগে লগে আমাৰ নিম্ন অংশত প্ৰচুৰ চাপ পৰে । চাইট্ৰিক নাৰ্ভ আৰু স্নায়ুৰজ্জু সক্ৰিয় হৈ উঠে । বজ্ৰাসনে শৰীৰৰ প্ৰতিটো চক্ৰ, যেনে মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ ইত্যাদি চক্ৰ আৰু সহসা চক্ৰৰ ওপৰত প্ৰভাৱ পেলায় । এই চক্ৰৰ অন্তৰ্গত যকৃৎ পাকস্থলীৰ সংকোচন আৰু প্ৰসাৰণৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে, ফলত ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সঠিকভাৱে হয় আৰু বিশুদ্ধ অক্সিজেন প্ৰবাহিত হয় । ফলত তেজৰ দূষিত পদাৰ্থবোৰ পৰিষ্কাৰ হয় ।

কি কি উপকাৰ পাব -

আমি দৈনিক আহাৰ গ্ৰহণ কৰাৰ পিচত নিম্নতম পাঁচ মিনিট, দহ মিনিট বজ্ৰাসনত বহিলে পাকস্থলীৰ খাদ্য মিহলি হৈ পাচন প্ৰক্ৰিয়া ঠিক মতে ঘটে । শৰীৰত হজম শক্তি বৃদ্ধি পায় । এই আসন নিয়মিত কৰিব পাৰিলে কঁকালৰ পৰা ভৰিৰ গোৰোহালৈকে থকা চাইট্ৰিক নাৰ্ভৰ সমস্যাবোৰ দূৰ হ’ব । পিঠিৰ যদি বিষ থাকে ভাল হ’ব । ফলত ভৰি শিৰামূৰি ধৰা, ভৰি টনা, ভৰি জিনজিনোৱা ইত্যাদি স্নায়ুজনিত ৰোগবোৰ দূৰ হ’ব । এই আসন দহ মিনিটৰ পৰা ত্ৰিশ মিনিটপৰ্যন্ত বৃদ্ধি কৰিব পাৰিলে, অপোনাৰ শৰীৰত শাৰীৰিক আৰু মানসিক স্থিৰতা বৃদ্ধি পাব । মূৰৰ বিষ থকাসকলে বজ্ৰাসনত বহি মূৰত তেল দিব । ম’হৰ শিঙৰ ফণিৰে চুলি আঁচুৰিলে চুলি মজবুত হ’ব । চুলি সোনকালে নপকে । অত্যন্ত ব্যস্ত লোকসকলে বিছনাতে বহি এই আসন কৰিব পাৰিব । বজ্ৰাসনৰ বাহিৰে অন্য যোগাসন বিছনাত বহি বা টি ভি চাই কৰিলে সুফল পোৱা নাযায় । পুৱা ৫ বজাত শুই উঠি সূৰ্য উদয় হোৱাৰ আগতে যোগাসনত বহিব পাৰিলে কৃতকাৰ্য হ’বই । ইয়াৰ বাবে নিজৰ মনটো স্থিৰ কৰি ল’ব লাগিব । শৰীৰটো আপোনাৰ এক মন্দিৰৰ দৰে অনুভৱ কৰিব লাগিব । যেনেকৈ ভগৱানৰ মন্দিৰটো পূজাৰীয়ে চাফ-চিকুণ কৰি ধ্যান,  প্ৰাৰ্থনা কৰে ঠিক তেনেকৈ আপোনাৰ শৰীৰটোও শুদ্ধ মনে ধ্যানত বহিব লাগে । তেহে সুফল পাব । দৈনন্দিন যোগভ্যাসৰ ফলত আপোনাৰ উশাহ-নিশাহ লোৱাত কষ্ট পোৱা, কফ, এজমা আৰু শৌচ কঠিন হোৱা সমস্যাবোৰ দূৰ কৰে । দৈনিক যোগাসনৰ ফলত অৰ্থাৎ বজ্ৰাসনে বৃক্ক, মূত্ৰনলী, মূত্ৰাশয় শক্তিশালী কৰি তুলিব । ফলত প্ৰস্ৰাৱজনিত ৰোগবোৰ দূৰ হ’ব । বজ্ৰাসনত বহু লোকৰ হজম আৰু পাচন বৃদ্ধি কৰি তেজৰ আৰু শৰ্কৰাৰ পৰিমাণ কমাই দিয়ে । ফলত ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ হোৱাত সহায় কৰে ।

লেখিকা :- দিব্যৰেখা গোস্বামী

উৎস :- দেওবৰীয়া সম্ভাৰ

 

 

1.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top