ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত ধ্যানত গুৰুত্ব অনস্বীকাৰ্য। কাৰণ ধ্যানৰ যোগেদিহে ব্যক্তিৰ প্ৰকৃততে মানৱ প্ৰবৃত্তি আৰু ভাবাৱেগক নিজৰ আয়ুত্তলৈ আনি সুস্থ ব্যক্তিত্বৰ গৰাকী হ’ব পাৰে। যিসকল ব্যক্তিয়ে কোনো একোটা নিৰ্দিষ্ট সময়ত প্ৰতিদিনে বিশ মিনিটৰ পৰা ত্ৰিশ মিনিট পৰ্যন্ত একাগ্ৰচিত্তে ধ্যান কৰে, তেনে ব্যক্তিৰ মন ধীৰ-স্থিৰ হোৱাৰ উপৰি শাৰীৰিক-মানসিক সমস্ত অশান্তি আঁতৰি যায়, শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনত অহিৰণা যোগায়।
মানসিক স্তৰটোক অস্থিৰ কৰি তোলা দুশ্চিন্তাসমূহ নাশ কৰি শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে ধ্যানৰ শক্তিয়ে বিশ্বৰ বহু বিজ্ঞানী আৰু আধ্যাত্মিক গুৰুৱে ঘোষণা কৰিছে যে, মানুহৰ শাৰীৰিক আৰু মানসিক ৰোগৰো পৰম মহৌষধ এই ধ্যান।
কাৰণ এগৰাকী মনোবিজ্ঞানীয়ে এজন মানসিক ৰোগীৰ অৱচেতন মনৰ কথা সেই ৰোগীজনক বিভিন্ন অৱচেতন মনৰ কথা সেই ৰোগীজনক বিভিন্ন প্ৰশ্ন কৰিহে জানিব পাৰে, কিন্তু ব্যক্তিৰ ধ্যানৰ জৰিয়তে নিজেই জানিবলৈ সক্ষম হয় নিজৰ অৱচেতন মনৰ কথা সেই ৰোগীজনক বিভিন্ন প্ৰশ্ন কৰিহে জানিব পাৰে, কিন্তু ব্যক্তিয়ে ধ্যানৰ জৰিয়তে জানিবলৈ সক্ষম হয় নিজৰ অৱচেতন মনৰ কথা। তেনে ক্ষেত্ৰত নিজেই নিজৰ সমস্যা সমাধানৰ সম্ভেদ লাভ কৰে।
উল্লেখ্য যে, অতিসষ্প্ৰতি মানৱ জীৱন ব্যস্ততাৰ জীৱন। এই বস্তুবাদী জগতত ভোগবাদী আধুনিক জীৱন যাত্ৰাত ক্ৰমাগতভাৱে বাঢ়ি অহা শাৰীৰিক শ্ৰমহীনতা মানসিক চাপ, নৈতিক স্খলন, সামাজিক আৰু আধ্যাত্মিক বিশৃংখলতা আদিয়ে সৃষ্টি কৰিছে অনেক দুৰাৰোগ্য ৰোগৰ।
বহুমূত্ৰ, উচ্চ ৰক্ত চাপ, হৃদৰোগ, কৰ্কট আদি কৰি ভয়াৱহ ৰোগত ব্যক্তি আক্ৰান্ত হৈ পৰিছে। ব্যক্তি আৰু প্ৰকৃতিৰ মাজত ব্যৱধান বৃদ্ধি হৈছে। ব্যক্তিৰ জীৱন ধাৰণৰ মান উন্নত হ’লেও পৰিশ্ৰমহীন হোৱাৰ ফলত অধিকাংশ ব্যক্তি ৰোগাক্ৰান্ত হৈ পৰিছে। গতিকে ব্যক্তিয়ে এই ৰোগসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ’ল ধ্যান-যোগ, যাক আধুনিক চিকিৎসাৰ এক পৰম মহৌষধৰূপে গণ্য় কৰা হৈছে। সম্প্ৰতি আমাৰ সমাজৰ সৰ্বস্তৰতে মূৰ দাঙি উঠা হত্যা হিংসা, ধৰ্ষণ, নিৰ্যাতন আৰু যুৱ উচ্ছৃংখলতা নিৰ্মূলত ধ্যান-যোগৰ ভূমিকা অনন্য অন্যতম। কাৰণ যি ব্যাধি কোনো ঔষধৰ দ্বাৰা নিৰাময় আৰু উপশম কৰিব নোৱৰি। সেয়ে এইবোৰ ধ্যান-যোগৰ দ্বাৰাহে সম্ভৱ।
স্মৰ্তব্য যে, ধ্যান-যোগৰ জৰিয়তেহে মানুহে মনক একাগ্ৰহ কৰিব পাৰে। একাগ্ৰহ তথা নিৰুদ্ধে অৱস্থাই মন সংযত কৰে। মানুহে নিজৰ চিত্ত-ভৃত্তি শান্ত কৰিব পাৰে ধ্যান-যোগৰ সাধনাৰে। চিত্ত হ’ল- অশান্ত মন আৰু মানুহৰ অশান্ত মনৰ অশান্ত চিন্তায়ে হ’ল বৃত্তি।
দৰাচলতে অৱচেতন মনতেই সকলো স্মৃতি আকংক্ষা বাসনা, কল্পনা, দুখ-শোক, আৱেগ-অনুভূতি আদি সংস্কাৰৰূপে নিহিত হৈ থাকে যি চেতন স্তৰলৈ গতি কৰি কেতিয়াবা মানুহৰ সৃষ্টিধৰ্মী কাৰ্যত সহায় কৰে আৰু কেতিয়াবা ধ্বংসাত্মক কাৰ্যত অৰিহণা যোগায়।
বাহ্যিক দিশত কোনেও এজনে আনজনৰ অৱচেতন মনৰ সম্ভেদ নাপায়। মানুহৰ অৱচেতন মন ব্যক্তিবিশেষে কেতিয়াবা ভয়ংকৰ হয়। যাৰ ফলত মানুহৰ ফলত মানুহৰ মাজত সংঘটিত হয়। হত্যা, ধৰ্ষণ, লুন্ঠন, আত্মহত্যা আদি নৃশংগ-জঘন্য অপৰাধবোৰ। আনহাতে বৰ্তমানলৈকে পৃথিৱীত বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ যি দ্ৰুত প্ৰগতি ঘটিছে সেয়াও মানুহৰ অৱচেতন মনৰ কল্পনা-আকাংক্ষাৰ ফলস্বৰূপ।
সকলো জীৱৰ ভিতৰতে একমাত্ৰ মানুহে শ্ৰেষ্ঠ জীৱ হোৱা হেতুকে প্ৰাকৃতিকভাৱে মানুহে সকলো জীৱৰ ভিতৰতে জ্ঞান-বুদ্ধি, বিচাৰ-বিবেচনাৰ ক্ষেত্ৰতো শ্ৰেষ্ঠ। আহাৰ-নিদ্ৰা-ভয়-মৈথুন সকলো প্ৰাণীৰে আছে যদিও মানুহৰ অতিৰিক্তভাৱে থকা বিবেক অন্য প্ৰাণীসমূহৰ নাই সেয়ে সকলো ব্যক্তিৰ লক্ষ্য আৰু উদ্দেশ্য হ’ল মনক সদায় ধীৰ-স্থিৰ, আনন্দময়, একাগ্ৰহ আৰু আত্মবিশ্বাসী কৰি তোলা। মনৰ এনে অৱস্থাই শৰীৰৰ ক্ষয় বা ধ্বংসক ৰোধ কৰিব পাৰে। মনৰ উত্তেজনা বৃদ্ধিৰ ফলত স্বয়ংক্ৰিয় স্নায়ুত উত্তেজনা অধিক বাঢ়ে, যাৰ ফলত শৰীৰৰ ধ্বংসৰ অনুপাত বৃদ্ধি কৰে।
তেতিয়া দেহলৈ নামি আহে অকাল বাৰ্ধক্য। ৰোগাক্ৰান্ত হৈ পৰে শৰীৰ। লগে লগে মনো ভাগি পৰে। এনে ভয়াৱহ অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ’ল ধ্যান-যোগ সাধনা। ইয়াৰ দ্বাৰাইহে ব্যক্তিৰ মন উন্নত হৈ ধীৰ-স্থিৰ প্ৰকৃতিৰ হৈ পৰে। তেতিয়া চিত্তই একাগ্ৰতা লাভ কৰি মনক জয় কৰিবলৈ সক্ষম হয়। গতিকে যিবোৰ ব্যক্তিৰ নিয়মীয়াকৈ ধ্যান-যোগ কৰে, তেনে ব্যক্তিৰ দেহ-মনৰ উন্নতিৰ লগে লগে মানসিক-নৈতিক উৎকৰ্ষ বৃদ্ধি পায়। ফলত শুদ্ধ চিন্তা আৰু বিচাৰ-বিবেচনাৰ পিনে ধাৱমান হয়। শৰীৰ আৰু মনৰ দুখ হ্ৰাস পাই আহে। গতিকে দৈনিক নিয়মীয়াকৈ ধ্যান-যোগৰ জৰিয়তে জীৱনটো সুখময় আৰু আনন্দময় কৰি গঢ়ি তোলাত আমি সকলোৱে মনোনিৱেশ কৰা উচিত।
লেখক: ঘনশ্যাম দাস(সাদিন)
শেহতীয়া উন্নীতকৰণ: : 6/19/2020