অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগাসনৰ সুফল

সংস্কৃত শব্দ ‘যুজ’ৰ পৰা উৎপত্তি হৈছে ‘যোগ’ শব্দটো| ইয়াৰ অৰ্থ হৈছে ‘সংলগ্ন কৰা’| যোগাই আমাৰ শৰীৰ, মন আৰু আত্মাক সংযম কৰি আমাৰ ভিতৰৰ সুপ্ত শক্তিসমুহ জাগ্ৰত কৰে| নিতৌ যোগাসন কৰি গ’লে আমাৰ মন, শৰীৰ আৰু আত্মাৰ মাজৰ সম্পৰ্ক মজবুত হয় আৰু আমাৰ জীৱনটো সহজ হৈ পৰে| মানৱ জীৱনত দেখা দিয়া বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবেহে যে যোগাসনৰ প্ৰয়োজন আছে এনে নহয়, ই আমাৰ মস্তিষ্কক সন্তুলিত কৰে, মন পবিত্ৰ কৰে| ঈশ্বৰৰ সৈতে আত্মাৰ সম্পৰ্ক স্থাপন কৰে| মনত শৰীৰৰ আৰু শৰীৰত মনৰ প্ৰভাৱ পৰে| সেয়েহে যোগাসনেই হৈছে একমাত্ৰ সম্পুৰ্ণ পদ্ধতি, যিয়ে মানুহক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ভাৱে শক্তিশালী কৰি তোলে| আমাৰ জীৱনত দেখা দিয়া বিভিন্ন সমস্যাৰ ফলত লাহে লাহে নিজৰ ওপৰতে আমাৰ নিয়ন্ত্ৰণ নোহোৱা হৈ পৰে| এনেক্ষেত্ৰত যোগাসনেই হৈছে এইসমুহৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়| যোগাসনে মানুহক আত্মসন্তুষ্টি প্ৰদান কৰে| যদি জীৱনটো ভালদৰে উপভোগ কৰাৰ সৰ্বোত্তম উপায় আছে, তেন্তে সেয়া যোগাসন| ৫,০০০ বছৰ পুৰণি এই যোগ ধাৰণাক সম্প্ৰতি সমগ্ৰ বিশ্বই আঁকোৱালি লৈছে| এই যোগ সংস্কৃতিৰ বাবেই ভাৰতক বিশ্বগুৰু হিচাপে জ্ঞান কৰা হয়| মহৰ্ষি পতঞ্জলিয়ে ভাৰতৰ এই যোগ সংস্কৃতিক লিখিত ৰুপ প্ৰদান কৰি যোগ সুত্ৰৰ ৰচনা কৰিছিল,যি বৰ্তমান আমাৰ মনুষ্য জাতিৰ বাবে আশীৰ্বাদস্বৰুপ হৈ পৰিছে| এতিয়া এই যোগ সংস্কৃতি ভাৰততকৈ বিদেশত অধিক বিস্তৃত হৈ পৰিছে| ৩০ কোটি জনসংখ্যাৰ দেশ আমেৰিকাৰ ২ কোটিতকৈ অধিক লোকে সম্প্ৰতি যোগাসনত বিশ্বাস কৰে| যোগাসনৰ এনে মহত্বৰ বাবেই ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুনৰ দিনটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে| ২০১৪ চনৰ ২৭ ছেপ্তেম্বৰৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানমৰ্মেই ২১ জুনৰ দিনটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰা হয়| যোগাসনৰ আটাইতকৈ ডাঙৰ উপকাৰিতা হৈছে ইয়াৰ ফলত কোনো লোকচান নহয়| যোগাসনৰ উপকাৰিতা সমুহক বিজ্ঞানী আৰু চিকিৎসকেও স্বীকাৰ কৰি আহিছে| আটাইতকৈ ডাঙৰ কথাটো হ’ল ই এক প্ৰাকৃতিক পদ্ধতি, যিয়ে আমাক প্ৰকৃতিৰ সৈতে সংযোগ কৰে|

যোগাসনৰ উপকাৰিতা:

  • যোগাসনৰ ফলত আমাৰ নিষ্ক্ৰিয় গ্ৰন্থিসমুহ সক্ৰিয় হৈ উঠে আৰু সোনকালে বয়সৰ ছাপ নপৰে|
  • ইয়ে আমাৰ পেটৰ ভিতৰৰ বিভিন্ন কাৰ্য সম্পাদন সহজ কৰি তোলে আৰু পাচনতন্ত্ৰক পুষ্ট কৰে|
  • যোগাসনে মেৰুদণ্ড আৰু ৰাজহাড় শক্তিশালী কৰি হেৰুওৱা শক্তি ঘুৰাই পোৱাত সহায় কৰে|
  • যোগাসনে আমাৰ মাংসপেশীক শক্তিশালী কৰি তোলে আৰু মেদবহুলতা ৰোধ কৰে| দুৰ্বল-পাতল ব্যক্তিক শক্তিশালী কৰি তোলে|
  • মহিলাৰ সুস্থ শৰীৰৰ বাবে ই অতি উপকাৰী| যোগাসনে নাৰীৰ সৌন্দৰ্য ধৰি ৰাখে| সুগঢ়ী কৰি তোলে|
  • যোগাসনে বৃদ্ধিৰ বিকাশ ঘটায় আৰু স্মৃতিশক্তিৰো বিকাশ কৰে|
  • সুস্থ শৰীৰৰ বাবে যোগাসন যোগাসন আশীৰ্বাদ স্বৰুপ| ই ৰক্ত সঞ্চালনাত সহায় কৰে আৰু মনক স্থিৰতা প্ৰদান কৰে|
  • শ্বাস-প্ৰশ্বাসৰ বাবেও ই উপকাৰী|
  • ই খাদ্যাভ্যাসতো প্ৰভাৱ পেলায়|
  • নিতৌ যোগাসন কৰিলে মনৰ অশান্তি দূৰ হয় আৰু টোপনি ভাল হয়|
  • ই ৰক্তচাপৰ শংকা দূৰ কৰে| মধুমেহ ৰোগীৰ বাবে যোগাসন অতি উপকাৰী|
  • ই শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে আৰু ঔষধৰ ওপৰৰ নিৰ্ভৰ্শীলতা কমাই আনে|
  • যোগাসনৰ ফলত দৃষ্টিশক্তি বৃদ্ধি পায়|
  • শাৰীৰিক, মানসিক, বৌদ্ধিক, আত্মিক সকলো দিশৰ ই বিকাশ সাধন কৰে|

যোগাসনৰ মহত্ব:

আধুনিক যুগত যোগাসনৰ মহত্ব যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে| ইয়াৰ মূল কাৰণ হৈছে মানুহৰ দৈনন্দিক ব্যস্ততা| কামৰ বোজা, প্ৰদূষণ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ যোগাসনৰ প্ৰয়োজনীয়তা আহি পৰিছে| আধুনিক সময়ছোৱাত মানুহৰ চিত্ত বা মন নিৰ্দ্দিষ্ট লক্ষ্যৰ পৰা বিচলিত হবলৈ ধৰিছে, ফলত অধিকাংশই অতি বহিৰ্মুখী জীৱন নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে| ইয়াৰ পৰিণামস্বৰুপে মানুহৰ মাজৰ সম্পৰ্ক দীৰ্ঘস্থায়ী নোহোৱা হৈছে| যোগাক ভৱিষ্যতৰ ধৰ্ম আৰু বিজ্ঞান হিচাপে বিবেচনা কৰা হয়| যোগ প্ৰক্ৰিয়াৰে আমি প্ৰকৃতিগতভাৱে লাভ কৰা সকলো দিশৰেই পৰিৱৰ্তন সাধন কৰিব পাৰো আৰু প্ৰাকৃতিক ভাৱে লাভ নকৰা আন উপাদান সমুহো যোগাসনৰ জৰিয়তে পাব পাৰো| ভাৰতীয় সংস্কৃতিৰ এই প্ৰাচীনতম পৰিচয় যোগৰ বিষয়ে পোৰাণিক গ্ৰন্থ ঋগ্বেদৰ বহু স্থানত যোগৰ বিভিন্ন ক্ৰিয়াৰ বিষয়ে উল্লেখ আছে| যোগাৰ শক্তিৰ বিষয়ে ইয়াৰ পৰাই অনুমান কৰিব পাৰি- যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২০১৫ চনৰ ২১ জুনৰ দিনা সংযুক্ত ৰাষ্ট্ৰত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ প্ৰস্তাৱ ৰাখে, তেতিয়া বিশ্বৰ ১৭৭ খন দেশে সমৰ্থন জনায়| সকলো মানুহেই সদায় সুখত জীৱন অতিবাহিত কৰিব বিচাৰে| প্ৰতিগৰাকী ব্যক্তিয়েই ভাৱে যে নিজ জীৱনৰ প্ৰকৃত উদ্দেশ্য জানিবলৈ যদি তেওঁলোকৰ ওচৰত এনে এক যাদুকৰী শক্তি থাকিলেহেঁতেন! অবিশ্বাস্য যদিও যোগাই হৈছে এই যাদুকৰী শক্তি| যোগাই হৈছে ‘বিজ্ঞান’, ‘শক্তি’ বা ‘যাদু’, যিয়ে আমাৰ জীৱন সলনি কৰিব পাৰে, জীৱনক সন্তুলিত কৰিব পাৰে| আধুনিক যুগত মানুহৰ স্বাস্থ্য অনিয়মিত খাদ্যাভ্যাস আৰু চিন্তাৰ কাৰণে দিনক দিনে অৱনতি হব’লৈ ধৰিছে| উজ্জ্বল মুখাৱয়ব, তেজস্বী ব্যক্তিত্ব, ভাগৰি নপৰাকৈ শ্ৰম কৰাৰ ক্ষমতা, গৰম-ঠাণ্ডা সহ্য কৰাৰ সামৰ্থ্য, প্ৰখৰ দৃষ্টিশক্তি, পুৱাৰ শুই উঠাৰ পিচত প্ৰসন্নতা অনুভৱ, ঠাণ্ডা মগজু আদি লক্ষণ সমুহ সম্প্ৰতি অধিকাংশ ব্যক্তিৰ মাজত পৰিলক্ষিত নহয়| বহু লোকে পুৱা শোৱাপাটী এৰিয়ে ঔষধ সেৱন কৰে, আনকি নিশা ভাল টোপনিৰ বাবেও ঔষধৰ আশ্ৰয় লোৱা দেখা যায়| মধুমেহ, হৃদৰোগ, কাহ, ভাগৰ ভাৱ, এচিডিটি, দুৰ্বল পাচন প্ৰণালীৰ দৰে ৰোগত ভোগা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে| সাধাৰণ লোক মুঠৰ ওপৰত কিবা নহয় কিবা শাৰীৰিক সমস্যাৰে যুজি আছে| এনে সমস্যা সমুহৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে যোগাসন| ই মগজু ঠাণ্ডা কৰি ধৈৰ্যশক্তি বৃদ্ধি কৰে|

লেখক: জাহ্নবী ফুকন

উৎস: অসমীয়া প্ৰতিদিন, সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate