মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / যোগাসনৰ সুফল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগাসনৰ সুফল

যোগাসনৰ সুফল

সংস্কৃত শব্দ ‘যুজ’ৰ পৰা উৎপত্তি হৈছে ‘যোগ’ শব্দটো। ইয়াৰ অৰ্থ হৈছে ‘সংলগ্ন কৰা’। যোগে আমাৰ শৰীৰ, মন আৰু আত্মাক সংযম কৰি আমাৰ ভিতৰৰ সুপ্ত শক্তিসমূহ জাগ্ৰত কৰে। নিতৌ যোগাসন কৰি গ’লে আমাৰ মন, শৰীৰ আৰু আত্মাৰ মাজৰ সম্পৰ্ক মজবুত হয় আৰু আমাৰ জীৱনটো সহজ হৈ পৰে। মানৱ জীৱনত দেখা দিয়া বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবেহে যে যোগাসনৰ প্ৰয়োজন আছে এনে নহয়, ই আমাৰ মস্তিষ্কক সন্তুলিত কৰে, মন পবিত্ৰ কৰে। ঈশ্বৰৰ সৈতে আত্মাৰ সম্পৰ্ক স্থাপন কৰে। মনত শৰীৰৰ আৰু শৰীৰত মনৰ প্ৰভাৱ পৰে। সেয়েহে যোগাসনেই হৈছে একমাত্ৰ সম্পূৰ্ণ পদ্ধতি, যিয়ে মানুহক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে শক্তিশালী কৰি তোলে। আমাৰ জীৱনত দেখা দিয়া বিভিন্ন সমস্যাৰ ফলত লাহে লাহে নিজৰ ওপৰতে আমাৰ নিয়ন্ত্ৰণ নোহোৱা হৈ পৰে। এনেক্ষেত্ৰত যোগাসনেই হৈছে এইসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। যোগাসনে মানুহক আত্মসন্তুষ্টি প্ৰদান কৰে। যদি জীৱনটো ভালদৰে উপভোগ কৰাৰ সৰ্বোত্তম উপায় আছে, তেন্তে সেয়া যোগাসন। ৫,০০০ বছৰ পুৰণি এই যোগ ধাৰণাক সম্প্ৰতি সমগ্ৰ বিশ্বই আঁকোৱালি লৈছে। এই যোগ সংস্কৃতিৰ বাবেই ভাৰতক বিশ্বগুৰু হিচাপে জ্ঞান কৰা হয়। মহৰ্ষি পতঞ্জলিয়ে ভাৰতৰ এই যোগ সংস্কৃতিক লিখিত ৰূপ প্ৰদান কৰি যোগ সূত্ৰৰ ৰচনা কৰিছিল, যি বৰ্তমান আমাৰ মনুষ্য জাতিৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰিছে। এতিয়া এই যোগ সংস্কৃতি ভাৰততকৈ বিদেশত অধিক বিস্তৃত হৈ পৰিছে। ৩০ কোটি জনসংখ্যাৰ দেশ আমেৰিকাৰ ২ কোটিতকৈও অধিক লোকে সম্প্ৰতি যোগাসনত বিশ্বাস কৰে। যোগাসনৰ এনে মহত্ত্বৰ বাবেই ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুনৰ দিনটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। ২০১৪ চনৰ ২৭ ছেপ্তেম্বৰৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানমৰ্মেই ২১ জুনৰ দিনটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰা হয়। যোগাসনৰ আটাইতকৈ ডাঙৰ উপকাৰিতা হৈছে ইয়াৰ ফলত কোনো লোকচান নহয়। যোগাসনৰ উপকাৰিতাসমূহক বিজ্ঞানী আৰু চিকিৎসকেও স্বীকাৰ কৰি আহিছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল ই এক প্ৰাকৃতিক পদ্ধতি, যিয়ে আমাক প্ৰকৃতিৰ সৈতে সংযোগ কৰে।

যোগাসনৰ মহত্ত্ব

আধুনিক যুগত যোগাসনৰ মহত্ত্ব যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মূল কাৰণ হৈছে মানুহৰ দৈনন্দিন ব্যস্ততা। কামৰ বোজা, প্ৰদূষণ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ যোগাসনৰ প্ৰয়োজনীয়তা আহি পৰিছে। আধুনিক সময়ছোৱাত মানুহৰ চিত্ত বা মন নিৰ্দ্দিষ্ট লক্ষ্যৰ পৰা বিচলিত হ’বলৈ ধৰিছে, ফলত অধিকাংশই অতি বহিৰ্মুখী জীৱন নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিণামস্বৰূপে মানুহৰ মাজৰ সম্পৰ্ক দীৰ্ঘস্থায়ী নোহোৱা হৈছে। যোগক ভৱিষ্যতৰ ধৰ্ম আৰু বিজ্ঞান হিচাপে বিবেচনা কৰা হয়। যোগ প্ৰক্ৰিয়াৰে আমি প্ৰকৃতিগতভাৱে লাভ কৰা সকলো দিশৰেই পৰিৱৰ্তন সাধন কৰিব পাৰো আৰু প্ৰাকৃতিকভাৱে লাভ নকৰা আন উপাদানসমূহো যোগাসনৰ জৰিয়তে পাব পাৰো। ভাৰতীয় সংস্কৃতিৰ এই প্ৰাচীনতম পৰিচয় যোগৰ বিষয়ে পৌৰাণিক গ্ৰন্থ ঋগ্বেদৰ বহু স্থানত যোগৰ বিভিন্ন ক্ৰিয়াৰ বিষয়ে উল্লেখ আছে। যোগৰ শক্তিৰ বিষয়ে ইয়াৰ পৰাই অনুভৱ কৰিব পাৰি- যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২০১৫ চনৰ ২১ জুনৰ দিনা সংযুক্ত ৰাষ্ট্ৰত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ প্ৰস্তাৱ ৰাখে তেতিয়া বিশ্বৰ ১৭৭ খন দেশে সমৰ্থন জনায়। সকলো মানুহেই সদায় সুখত জীৱন অতিবাহিত কৰিব বিচাৰে। প্ৰতিগৰাকী ব্যক্তিয়েই ভাৱে যে নিজ প্ৰতিগৰাকী ব্যক্তিয়েই ভাবে যে নিজ জীৱনৰ প্ৰকৃত উদ্দেশ্য জানিবলৈ যদি তেওঁলোকৰ ওচৰত এনে এক যাদুকৰী শক্তি থাকিলহেঁতেন। অবিশ্বাস্য যদিও যোগেই হৈছে এই যাদুকৰী শক্তি। যোগেই হৈছে ‘বিজ্ঞান’, ‘শক্তি’ বা ‘যাদু’, যিয়ে আমাৰ জীৱন সলনি কৰিব পাৰে, জীৱনক সন্তুলিত কৰিব পাৰে। আধুনিক যুগত মানুহৰ স্বাস্থ্য অনিয়মিত খাদ্যাভাস আৰু চিন্তাৰ কাৰণে দিনক দিনে অৱনতি হ’বলৈ ধৰিছে। উজ্জ্বল মুখাৱয়ব, তেজস্বী ব্যক্তিত্ব, ভাগৰি নপৰাকৈ শ্ৰম কৰাৰ ক্ষমতা, গৰম-ঠাণ্ডা সহ্য কৰাৰ সামৰ্থ্য, প্ৰখৰ দৃষ্টিশক্তি, পুৱা শুই উঠাৰ পিছত প্ৰসন্নতা অনুভৱ, ঠাণ্ডা মগজু আদি লক্ষণসমূহ সম্প্ৰতি অধিকাংশ ব্যক্তিৰ মাজত পৰিলক্ষিত নহয়। বহু লোকে পুৱা শোৱাপাটী এৰিয়ে ঔষধ সেৱন কৰে, আনকি নিশা ভাল টোপনিৰ বাবেও ঔষধৰ আশ্ৰয় লোৱা দেখা যায়। মধুমেহ, হৃদৰোগ, কাহ, ভাগৰ ভাব, এচিডিটি, দুৰ্বল পাচন প্ৰণালীৰ দৰে ৰোগত ভোগা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। সাধাৰণ লোক মুঠৰ ওপৰত কিবা নহয় কিবা শাৰীৰিক সমস্যাৰে যুঁজি আছে। এনে সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে যোগাসন। ই মগজু ঠাণ্ডা কৰি ধৈৰ্যশক্তি বৃদ্ধি কৰে।

যোগাসনৰ উপকাৰিতা

  • যোগাসনৰ ফলত আমাৰ নিষ্ক্ৰিয় গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে আৰু সোনকালে বয়সৰ ছাপ নপৰে।
  • ইয়ে আমাৰ পেটৰ ভিতৰৰ বিভিন্ন কাৰ্য সম্পাদন সহজ কৰি তোলে আৰু পাচনতন্ত্ৰক পুষ্ট কৰে।
  • যোগাসনে মেৰুদণ্ড আৰু ৰাজহাড় শক্তিশালী কৰি হেৰুওৱা শক্তি ঘূৰাই পোৱাত সহায় কৰে।
  • যোগাসনে আমাৰ মাংসপেশীক শক্তিশালী কৰি তোলে আৰু মেদবহুলতা ৰোধ কৰে। দুৰ্বল-পাতল ব্যক্তিক শক্তিশালী কৰি তোলে।
  • মহিলাৰ সুস্থ শৰীৰৰ বাবে ই অতি উপকাৰী। যোগাসনে নাৰীৰ সৌন্দৰ্য ধৰি ৰাখে। সুগঢ়ী কৰি তোলে।
  • যোগাসনে বুদ্ধিৰ বিকাশ ঘটায় আৰু স্মৃতিশক্তিৰো বিকাশ কৰে।
  • সুস্থ শৰীৰৰ বাবে যোগাসন আশীৰ্বাদস্বৰূপ। ই ৰক্ত সঞ্চালনাত সহায় কৰে আৰু মনক স্থিৰতা প্ৰদান কৰে।
  • শ্বাস-প্ৰশ্বাসৰ বাবেও ই উপকাৰী।
  • ই খাদ্যাভাসতো প্ৰভাৱ পেলায়।
  • নিতৌ যোগাসন কৰিলে মনৰ অশান্তি দূৰ হয় আৰু টোপনি ভাল হয়।
  • ই ৰক্তচাপৰ শংকা দূৰ কৰে। মধুমেহ ৰোগীৰ বাবে যোগাসন অতি উপকাৰী।
  • ই শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে আৰু ঔষধৰ নিৰ্ভৰশীলতা কমাই আনে।
  • যোগাসনৰ ফলত দৃষ্টিশক্তি বৃদ্ধি পায়।
  • শাৰীৰিক, মানসিক, বৌদ্ধিক, আত্মিক সকলো দিশৰ ই বিকাশ সাধন কৰে।

লেখিকা: জাহ্নবী ফুকন, অসমীয়া প্ৰতিদিন।

2.93333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top