মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / হৃদযন্ত্ৰৰ সুস্থতাৰ বাবে যোগাভ্যাস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃদযন্ত্ৰৰ সুস্থতাৰ বাবে যোগাভ্যাস :

হৃদযন্ত্ৰৰ সুস্থতাৰ বাবে যোগাভ্যাসৰ বিষয়ে লিখা হৈছে ।

 

১) হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ পুৱা-গধুলি ত্ৰিশ-চল্লিশ মিনিট সময় খোজ কাঢ়িব পৰাটো ভাল অভ্যাস । নহ’লে ১০-১৬ মিনিট প্ৰণায়াম কৰিব পাৰিলে ভাল।

২) সুস্থ হৃদযন্ত্ৰৰ বাবে নিয়মিত আসন, প্ৰাণায়াম, ধ্যান কমেও ৪০ মিনিটৰ পৰা ১ ঘণ্টালৈকে কৰিব পাৰিলে উত্তম।

৩) পৱনমুক্তাসন, কুম্ভীৰাসন, টাডাসন, পদহস্তাসন, যোগমুদ্ৰা, উষ্টাসন, সহজ অগ্নিসাৰ, সহজ প্ৰাণায়াম, নাড়ী শোধন, প্ৰাণায়াম, খুব লাহে লাহে কপালভাতি প্ৰাণায়াম, শৱাসন, নেতিক্ৰিয়া আদি হৃদযন্ত্ৰ সুস্থ ৰখাৰ বাবে প্ৰয়োজনীয় ব্যায়াম।

৪) প্ৰতিদিনে শৱাসন বা যোগনিদ্ৰা ১৫-২০ মিনিটকৈ দিনত দুবাৰ অভ্যাস কৰিব পাৰিলে ভাল।

৫) শৰীৰত অতিৰিক্ত চৰ্বি জমা হ’লে হৃদযন্ত্ৰৰ সংযোগী স্নায়ুবিলাকতো এই চৰ্বি জমা হয় আৰু তাৰ ফলত হৃদযন্ত্ৰৰ স্বাভাৱিক স্পন্দনত ব্যাঘাত হয়। সেয়েহে যোগাভ্যাসৰ দ্বাৰা চৰ্বি জমা হোৱাত বাধা আৰোপ কৰিব পাৰি।

৬) অত্যধিক মাত্ৰাত চাহ, কফি খালে আৰু ধপাত, চিগাৰেট, মদ, আফিং আদি মাদক দ্ৰব্য সেৱনৰ ফলতো স্নায়ু, গ্ৰন্থি, ধমনী, সিৰ দুৰ্বল আৰু অৱশ হয়। ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য নষ্ট হয়।

৭) যোগৰ অন্যতম অংগ ষট কৰ্মৰ ভিতৰত নেতি সহজবস্তি, ত্ৰাটক আদিৰ দ্বাৰাই শৰীৰৰ বিজাতীয় পদাৰ্থবোৰ নিয়মিত বাহিৰ কৰিব লাগে।

৮) হৃদযন্ত্ৰ দুৰ্বল ব্যক্তিয়ে একেলগে বেছিকৈ পানী খাব নালাগে। পানী কম কমকৈ বাৰে বাৰে খাব লাগে। মাজে মাজে পানীৰ লগত নেমুৰ ৰস মিহলাই খাব পাৰিলে ভাল। দিনত এবাৰ পানী বা গাখীৰৰ লগত এচামুচ মৌ মিহলাই খালে হৃদযন্ত্ৰৰ বাবে ভাল।

৯) নিশাৰ আহাৰ ৮-৯ বজাৰ ভিতৰত খোৱা উচিত। শাক-পাচলি ,ফল-মুল , সুষম খাদ্য গ্ৰহণ কৰিবলৈ যত্নৱান হ’ব লাগে। কেলচিয়াম, ছ’ডিয়াম, লৱন, ফলৰ ৰস, গ্লুকোজ হৃদযন্ত্ৰৰ বাবে বিশেষ সহায়ক। সৰু মাছ, ভুচি আটা, গজালি ওলোৱা মগু, আঁহযুক্ত খাদ্য ল’ব পাৰিলে হৃদযন্ত্ৰৰ অসুবিধা সহজে নাহে।

১০) দিন-ৰাতি একাকাৰ কৰি কাম কৰিব নালাগে। সময়মতে আহাৰ গ্ৰহণৰ ব্যৱস্থা ৰাখিব লাগে।

১১) সপ্তাহত এদিন নিত্য দৈনন্দিনৰ কামৰ পৰা আঁতৰত থাকি মনোৰঞ্জনেৰে দিনটো পাৰ কৰিব পাৰিলে ভাল।

১২) খং, ৰাগ, ঈৰ্ষা, অহংকাৰ, ভয়, শংকা, দুশ্চিন্তা, টেনছন আদি মনলৈ আহিবলৈ দিব নালাগে।

১৩) নিশাৰ টোপনো ৮-৯ ঘণ্টা ভালদৰে হোৱাৰ বাবে যত্নপৰ হোৱাটো হৃদয়ৰ পক্ষে সহায়ক।

১৪) আনক শৰীৰ আৰু মনক কষ্ট দিয়া কামৰ পৰা আঁতৰত থাকিব পাৰিলে ভাল।

লেখক: যোগবিদ অনিল শৰ্মা (দেওবৰীয়া সম্ভাৰ)

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top