অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ প্ৰতিৰোধ ক্ষমতা(ব্যাধিক্ষামত্ব)ইমিউনিটি লাভ কৰাৰ আয়ুৰ্বেদীয় উপায়

ৰোগ প্ৰতিৰোধ ক্ষমতা(ব্যাধিক্ষামত্ব)ইমিউনিটি লাভ কৰাৰ আয়ুৰ্বেদীয় উপায়

 

যেতিয়া ঘনে ঘনে ইটো সিটো ৰোগবোৰে আমাক সকলোকে আমনি কৰি থাকে, তেতিয়া আমাৰ মনত সঘনে প্ৰশ্ন হয়, এনেকুৱা একো বস্তু বা ঔষধ নাইনে যিয়ে আমাক এনেবোৰ ৰোগৰ পৰা বচাই ৰাখিব পাৰে। সাধাৰণ ভাষাত আমি ইমিউনিটি বঢ়োৱা উপায় বিচাৰি হাবাথুৰি খাওঁ।

সাম্প্ৰতিক সময়ত এনেধৰণৰ ইমিউনিটি বঢ়াব পাৰে বুলি ভবা বিভিন্ন ধৰণৰ ঔষধ মানুহে ব্যৱহাৰ কৰিব ধৰিছে।

কিন্তু এইবোৰ কিমান ফলপ্ৰসু সেয়া হয়তো আমি নিশ্চিত নহয়। সেয়ে আজি আয়ুৰ্বেদত ইয়াৰ বিষয়ে কি উল্লেখ কৰা হৈছে তাকে থুলমূল ভাৱে আলোচনা কৰিব খুজিছোঁ।

আয়ুৰ্বেদত "ওজ" শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান হিচাপে গ্ৰহণ কৰা হৈছে। দেহৰ সমস্ত কোষৰ সাৰত্বত্ব হৈছে এই ওজ।

আমাৰ শৰীৰৰ সকলো ধাতুৰ যেতিয়া সঠিক ৰূপত পোষন হৈ থাকে ওজ ও সঠিক ভাৱে সৃষ্টি হৈ আমাৰ শৰীৰটোক স্বাভাৱিক ৰূপত কাৰ্যক্ষম কৰি ৰাখে।

এক কথাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ব্যাধিক্ষামত্ব আৰু সকলো ধৰণৰ অসমঞ্জতা নিৰ্ভৰ কৰে এই ওজৰ ওপৰতে। আচলতে ব্যাধিক্ষামত্ব বুলিলে আমি কি বুজোঁ?

ই কেৱল দেহটোক ৰোগৰ পৰা বচাই ৰখাটোকে নুবুজায়। আয়ুৰ্বেদৰ মতে ই এনে এক শক্তি যিয়ে শৰীৰত নতুন ৰোগ উৎপত্তিক বাধা দিয়াৰ লগতে আগৰে পৰা হৈ থকা ৰোগৰ বল বা শক্তি হ্ৰাস কৰি ৰোগটো নিৰাময় কৰাত সহায় কৰে।

যেতিয়া ৰোগ উৎপত্তি কৰিব পৰা কাৰক সমূহ শৰীৰৰ সংস্পৰ্শলৈ আহে, তেতিয়াই ই বেমাৰৰ উৎপত্তি কৰিবলৈ চেষ্টা কৰে।

একেসময়তে আমাৰ শৰীৰেও ৰোগ প্ৰতিৰোধ কৰিব চেষ্টা কৰে। এই ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটোকে আমি ইমিউনিটি বা ব্যাধিক্ষামত্ব বুলি গণ্য কৰোঁ।

আধুনিক চিকিৎসা বিজ্ঞানৰ মতে টাইফয়েড, ৰুবেলা আদি বিভিন্ন ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক ছিটা বা আন ঔষধ আদি ব্যৱহাৰ কৰা হয়। কিন্তু আয়ুৰ্বেদৰ মতে ব্যাধিক্ষমত্ব মানে কেৱল এনেধৰণে কিছুমান ৰোগৰ প্ৰতিৰোধ কৰাটোকে নুবুজায়। বৰং শৰীৰৰ বাত পিত্ত আদি দোষ আৰু ধাতুসমূহৰ মাজত সুস্থ সমন্বয় ৰক্ষা কৰাটোহে ইয়াৰ মূল কৰ্ম।

ইয়াৰ বাবে দৰকাৰী কাৰক সমূহ হ'ল-

*ত্ৰিদোষ(বাত, পিত্ত, কফ) প্ৰকোপিত নোহোৱাকৈ সম অৱস্থাত থকা, দেহৰ ধাতু সমূহ সুস্থ হৈ থকা।

*পাচক অগ্নি বিষম নোহোৱাকৈ থকা।

*দেহৰ স্ৰোত সমূহ(ভিতৰত খালি ঠাই থকা দেহৰ সকলো কোষ বা কলা যাৰ ভিতৰেদি শৰীৰৰ দৰকাৰী উপাদান সমূহ পাৰ হৈ যাব পাৰে) সুচাৰুৰূপে কাৰ্যক্ষম হৈ থকা ইত্যাদি।

আচাৰ্য চৰকৰ মতে কিছুমান মানুহ সাধৰণতে বেমাৰ আদিৰ পৰা মুক্ত হৈ থাকিব পাৰে; যেনে-

*যিসকলে সাত্ম্য(নিজৰ শৰীৰৰ বাবে অনুকুল) খাদ্য গ্ৰহণ কৰে,

*দৈহিক সুখৰ পৰা আঁতৰি থাকে,

*দান দক্ষিণা কৰে,

*সুস্থ সিদ্ধান্ত লব পাৰে,

*সদায় সঁচা কথা কয়,

*আনক ক্ষমা কৰিব পাৰে আৰু বিজ্ঞজনৰ প্ৰতি আস্থাবান হয়।

গতিকে এনে গুণৰ গৰাকী হবলৈ ব্যক্তি এজন সদায় সংযমী আৰু সুস্থ মানসিকতাৰ অধিকাৰী হব লাগিব।

সেয়েহে আমি কেৱল মাত্ৰ নিৰ্দিষ্ট কিছুমান দ্ৰৱ্য বা ঔষধৰ ওপৰত নিৰ্ভৰশীল হব খুজিলে নিশ্চয় সম্পূৰ্ণ সফল হব নোৱাৰিম। অৰ্থাৎ শাৰিৰীক আৰু মানসিক দুয়োবিধ কৰ্মৰে এইক্ষেত্ৰত যথেষ্ট প্ৰভাৱ আছে।

ব্যাধিক্ষমত্বক আয়ুৰ্বেদত কফ, বল আৰু ওজ আদি শব্দৰ দ্বাৰাও উল্লেখ কৰিছে। ত্ৰিদোষ সিদ্ধান্তৰ এটা উপাদান কফ যেতিয়া স্বাভাৱিক অৱস্থাত থাকে তেতিয়া ই শৰীৰত-

*সুস্থিৰতা,

*সুঠামতা,

*উৎসাহ,

*দৃঢ়তা,

*ৰোগৰ বিৰুদ্ধে যুঁজ কৰাৰ ক্ষমতা,

*ধৈৰ্য আৰু লোভক জয় কৰিব পৰা শক্তি প্ৰদান কৰে।

বলৰ দ্বাৰা মানুহে সুঠাম পেশীযুক্ত শৰীৰ, সুন্দৰ কণ্ঠস্বৰ আৰু কান্তি লাভ কৰে। ই মানুহৰ দৈনন্দিন সকলো বাহ্যিক আৰু আভ্যন্তৰীক স্বাভাৱিক কামসমূহ সুচাৰুৰূপে চলি থকাত সহায় কৰে।
আয়ুৰ্বেদত তিনিধৰণে এনে বল প্ৰাপ্তি হয় বুলি কোৱা হৈছে।

*জন্মগত ভাৱে,

*সময় অনুসৰি আৰু

*আৰ্জিত ভাৱে।

নিৰোগী মাক দেউতাকৰ সন্তান সাধাৰণতে নিৰোগী আৰু আনুবংশীক ৰোগাক্ৰান্ত পিতৃ-মাতৃৰ সন্তান ৰুগীয়া হোৱাৰ সম্ভাৱনা থাকে।

একেদৰে দিনৰ বিভিন্ন সময়(পুৱা, গধূলি আদি), ঋতু আৰু বয়স অনুসৰি ৰোগ প্ৰতিৰোধ ক্ষমতা(বল) ভিন্ন ভিন্ন হয়। থুলমুলকৈ ৰাতিপুৱা, বসন্ত ঋতু আৰু যুৱ অৱস্থাত এনে বল বেছি হয় আৰু সন্ধিয়া, গ্ৰীষ্ম ঋতু আৰু বৃদ্ধ কালত হ্ৰাস পায়।

সঠিক আহাৰ গ্ৰহণ কৰা আৰু জীৱনশৈলী অনুসৰণ কৰা, সঠিক ভাৱে ব্যায়াম কৰা আৰু বিভিন্ন আয়ুৰ্বেদীয় দ্ৰৱ্য আৰু ঔষধীয়যোগ গ্ৰহণ কৰিও শৰীৰৰ বল বৃদ্ধি কৰি (অর্জন কৰি) নিৰোগী হৈ থাকিব পাৰি।

এতিয়া কথা হ'ল আমি এই ৰোগ প্ৰতিৰোধী বল কেনেকৈ পাম? ইয়াৰ বাবে আয়ুৰ্বেদত কেঁচুৱাৰ পৰা বৃদ্ধ বয়সৰ সকলোৰে বাবে উপযোগী বিভিন্ন দ্ৰৱ্য আৰু ঔষধি যোগ বৰ্ণনা কৰা হৈছে। এনে কিছুমান তথ্য তলত উল্লেখ কৰা হ'ল।

*সুস্থ সবল সন্তান পাবলৈ গৰ্ভাৱস্থাৰ সময়ত গৰ্ভধাৰণৰ আৰম্ভণিৰ পৰা প্ৰসৱ হোৱালৈকে মাহ অনুসৰি মহিলা গৰাকীক বিভিন্ন ধৰণে যত্ন লোৱা হয়। এগৰাকী অৰ্হতাসম্পন্ন বিশেষজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি এনে পৰিচৰ্যা গ্ৰহণ কৰিব পাৰি।

*শিশুৰ সুস্বাস্থ্যৰ বাবে লেহন কৰ্ম আৰু মেধ্য ৰসায়ন(মানসিক বিকাশ আৰু স্মৃতি শক্তি বৃদ্ধি কৰা ঔষধ) প্ৰয়োগ কৰা হয়। লেহন কৰ্ম হ'ল বাল্য অৱস্থাত বল শক্তি বৃদ্ধি কৰাবলৈ ঔষধিযুক্ত কিছুমান যোগ প্ৰয়োগ(খাবলৈ) কৰা পদ্ধতি।

ই উপযুক্ত পুষ্টি প্ৰদান কৰি শিশুৰ শাৰিৰীক আৰু মানসিক বিকাশ সঠিকভাৱে হোৱাত সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়।

এনে কিছুমান যোগ হ'ল-

*পঞ্চগব্য ঘৃত,

*ব্ৰাহ্মী ঘৃত,

*অভয়া ঘৃত;

*ঘী,

*মৌ,

*শঙ্খপুষ্পী,

*ব্ৰাহ্মী আদিৰ সৈতে স্বৰ্ণ ভস্মৰ মিশ্ৰণ আদি।

*দিনচৰ্যা আৰু ঋতুচৰ্যা সঠিক ৰূপত পালন কৰা।

*সঠিক বিধি মানি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা।(এই বিষয়বোৰৰ ওপৰত গ্রুপত লিখনি প্ৰকাশ হৈ থাকে)।

*সময়মতে আৰু সঠিক মাত্ৰাত টোপনি যোৱা(কমেও 5-6ঘন্টা), ব্যায়াম কৰা, যোগাভ্যাস কৰা।

*সুস্থ মানুহৰ বাবে প্ৰয়োগ কৰা পঞ্চকৰ্ম বিধি ঋতু অনুযায়ী গ্ৰহণ কৰা।

*মানসিক আৰু আধ্যাত্মিক শক্তি বৃদ্ধি কৰিবলৈ আচাৰ ৰসায়ন(সংক্ষেপতে শুভ অশুভ বিচাৰ কৰি পালন কৰা কিছুমান বিধি) পালন কৰা।

*ধ্যান কৰাৰ অভ্যাস কৰা।

*ৰসায়ন আৰু বাজিকৰণ যোগ (এয়া হ'ল শাৰীৰিক আৰু মানসিক বল শক্তি বৃদ্ধি কৰিবলৈ নিৰোগী মানুহেও ব্যৱহাৰ কৰা কিছুমান বিশেষ ঔষধীয় যোগ আৰু পদ্ধতি) সঠিকভাৱে সময়মতে গ্ৰহণ কৰা। ইয়াৰ প্ৰয়োগ চিকিৎসকৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিলে অতি সুফল লাভ কৰিব পাৰি।

আয়ুৰ্বেদত জীৱনীয়(enlivening) আৰু বৃ‌‌ঙহনীয় গুণ থকা কিছুমান ঔষধি দ্ৰৱ্যৰ কথা কোৱা হৈছে। এই দ্ৰব্যসমূহৰ প্ৰয়োগৰ ফলত আমাৰ শৰীৰৰ-

*বল,

*বীৰ্য্য,

*শক্তি অতি চমৎকাৰী ধৰণে বৃদ্ধি পায়।

এনে দ্ৰৱ্য সমূহৰ কিছুমান সাধৰণতে সহজলভ্য নহয় আৰু ইয়াৰ যোগ প্ৰস্তুত কৰিবলৈ শাস্ত্ৰোক্ত জ্ঞানৰ দৰকাৰ।

শ্যাবনপ্ৰাচ, ব্ৰাহ্ম ৰসায়ন, বৃঙহনী গুটিকা, বৃষ্য গুটিকা আদি এনেধৰণৰ দ্ৰৱ্যৰে প্ৰস্তুত কৰা কিছুমান যোগ। আমি প্ৰায়ে দেখি থকা কিছুমান দ্ৰব্য যেনে-

*অশ্বগন্ধা,

*ব্ৰাহ্মী,

*গুড়ুচি(গিলয় বা শগুণী লতা),

*আমলখি,

*হৰিতকী,

*শতাৱৰী,

*হালধি,

*খেজুৰ,

*পূনৰ্ণভা,

*দ্ৰাক্ষা আদিৰ এনেধৰণৰ বলকাৰক গুণ আছে।

আয়ুৰ্বেদত নিৰ্দিষ্টভাৱে কোনো দ্ৰৱ্যকে কোনো নিৰ্দিষ্ট ৰোগৰ প্ৰতিৰোধক বুলি বৰ্ণনা কৰা হোৱা নাই যদিও ওপৰত উল্লেখ কৰা বিধি, ঔষধি যোগ আৰু দ্ৰব্য সমূহৰ আলোচনা কৰা ধৰণে থকা গুনবোৰে ৰোগ প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰে।

গতিকে আমি কব পাৰো যে সঠিক জীৱনশৈলী অনুসৰণ আৰু আয়ুৰ্বেদৰ উচিত প্ৰয়োগেৰে (প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি) আমি নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিশ্চয় বৃদ্ধি কৰিব পাৰোঁ।

লেখক: ডাঃ মৃণাল বৈশ্য,

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- 9613747425

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate