অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আর্য়ুবেদ

আর্য়ুবেদ

  1. আয়ুৰ্বেদ- প্ৰাথমিক ধাৰণা
    1. দোচা
    2. ধাতু
    3. মল
    4. অগ্নি
  2. মানৱ শৰীৰ
  3. পঞ্চমহাভূত
  4. স্বাস্থ্য আৰু বেমাৰ
  5. ৰোগ নিৰ্ণয়
  6. চিকিৎসা
  7. ৰোগৰ চিকিৎসাসমূহক বহলভাৱে কেইটামান শ্ৰেণীত ভাগ কৰা হৈছে।
    1. শোধন চিকিৎসা
    2. চামানা থেৰাপী (প্ৰশমক চিকিৎসা)
    3. পথ্য ব্যৱস্থা (পথ্য আৰু কাম-কাজৰ ব্যৱস্থাপত্ৰ)
    4. নিদান পৰিবৰ্জন (ৰোগ সৃষ্টি কৰা কাৰকসমূহৰ পৰা বিৰত থকা)
    5. সৎভবজয় (মানসিক চিকিৎসা)
    6. ৰসায়না চিকিৎসা (পুনৰ যৌৱন প্ৰাপ্তি আৰু প্ৰতিৰোধমূলক ঔষধৰ ব্যৱহাৰ)
  8. পথ্য আৰু আয়ুৰ্বেদিক চিকিৎসা
  9. ভাৰতত থকা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠানসমূহ
    1. ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠ, নতুন দিল্লী
    2. আয়ুৰ্বেদৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, জয়পুৰ
    3. আয়ুৰ্বেদৰ স্নাতকোত্তৰ শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান, জামনগৰ (গুজৰাট)
    4. আয়ুৰ্বেদৰ সৰ্ব ভাৰতীয় প্ৰতিষ্ঠান
  10. আয়ুস বিভাগৰ প্ৰকাশন

আয়ুৰ্বেদ- প্ৰাথমিক ধাৰণা

আয়ুৰ্বেদ হ’ল ভাৰতীয় উপ মহাদেশৰ পুৰণি ঔষধি প্ৰক্ৰিয়া। ইয়াক ভাৰতত প্ৰথমেই উলিওৱা হৈছিল ৫০০০ বছৰ আগতে। ‘আয়ুৰ্বেদ’ শব্দটো দুটা সংস্কৃত শব্দৰে গঠিত ‘আয়ুস’ মানে ‘জীৱন’ আৰু ‘বেদ’ মানে ‘বিজ্ঞান’, এনেদৰে আয়ুৰ্বেদৰ আক্ষৰিক অৰ্থ হ’ল ‘জীৱনৰ বিজ্ঞান’। অন্য ঔষধি প্ৰক্ৰিয়াৰ দৰে আয়ুৰ্বেদে মূলতঃ উন্নত জীৱন-যাপনতকৈ বেমাৰৰ চিকিৎসাৰ বিষয়ে জনাজাত। আয়ুৰ্বেদৰ প্ৰধান বৈশিষ্ট্য হৈছে আৰোগ্যকৰণ বা ৰোগ নিৰাময়কৰণ।

আয়ুৰ্বেদৰ মতে মানৱ শৰীৰটো গঠিত হৈছে চাৰিটা মৌলৰ পৰা ‘দোচা,’ ‘ধাতু,’ ‘মল’ আৰু ‘অগ্নি’। আয়ুৰ্বেদত মানৱ শৰীৰত এই আটাইবোৰ মূলৰ অপৰিসীম গুৰুত্ব আছে। এই সকলোবোৰক ‘মূল সিদ্ধান্ত’ বা ‘আয়ুৰ্বেদিক চিকিৎসাৰ ভেটি’ বা ‘মূলকথা’ বুলিও কোৱা হয়।

দোচা

‘দোচা’ ৰ তিনিটা প্ৰাণদায়ী বিধি হ’ল ‘ভাটা’, ‘পিত্ত’ আৰু ‘কাফা’ যি ৰাসায়নিক প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ আৰু সংযম কৰে। এই তিনিটা ‘দোচা’ ৰ প্ৰধান কাৰ্য্য হ’ল খাদ্য হজম কৰা, খাদ্য সংৰক্ষণ কৰা, অপ্ৰয়োজনীয় খাদ্যখিনি শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়া আৰু মাংসপেশী তৈয়াৰ কৰাত সহায় কৰে। যিকোনো এটা দোচাৰ বিধিয়ে যদি ভালদৰে কাম নকৰে তেন্তে শৰীৰটো ৰোগাগ্ৰস্ত হয়।

ধাতু

ধাতুক এনেদৰেও সংজ্ঞাবদ্ধ কৰিব পাৰি, ই এনে এবিধ পদাৰ্থ যিয়ে শৰীৰক ভৰণ-পোষণ কৰে। মানৱ শৰীৰত সাতটা পেশী প্ৰক্ৰিয়া আছে। সেইবোৰ হ’ল ‘ৰস’, ‘ৰক্ত’, ‘মামস’, মেদ, অস্থি, ‘মজ্জা’ আৰু শুক্ৰ যিয়ে ‘প্লামা’, তেজ, মাংসপেশী, চৰ্বীযুক্ত পেশী, হাড়, হাড়ৰ মজ্জা আৰু বীৰ্য বা শুক্ৰ আদিক একাদিক্ৰমে প্ৰতিনিধিত্ব কৰে। ধাতুৱে মাত্ৰ শৰীৰক প্ৰাথমিক পুষ্টি যোগান ধৰে। আৰু লগতে ই মগজুৰ বৃদ্ধি আৰু গঠন প্ৰণালীত সহায় কৰে।

মল

মল মানে হ’ল খাদ্যৰ পৰা উৎপন্ন হোৱা অপ্ৰয়োজনীয় আৰু লেটেৰা বস্তু। ত্ৰয়ী দলৰ এইটো তৃতীয় স্থানত পৰে; অৰ্থাৎ ‘দোচা’-ধাতু। মলৰ তিনিটা মূল ভাগ হ’ল-বিষ্টা, প্ৰস্ৰাৱ আৰু ঘাম। মল প্ৰধানত শৰীৰৰ অলাগতীয়াল বস্তু গতিকে এজন ব্যক্তিৰ শৰীৰ ভালে থাকিবলৈ ইয়াক শৰীৰৰ পৰা সঠিকভাৱে নিঃসৰণ আৱশ্যকীয়। মলৰ দুটা বিভিন্ন দিশ হ’ল মল আৰু কিট্ট। মল হ’ল শৰীৰৰ অলাগতীয়াল বস্তু আনহাতে কিট্ট হ’ল ধাতুৰ অলাগতীয়াল বস্তু।

অগ্নি

শৰীৰৰ জৈৱিক দহন ক্ৰিয়াৰ সহায়ত শৰীৰৰ সকলো প্ৰকাৰৰ ৰাসায়নিক প্ৰক্ৰিয়া আৰু হজম ক্ৰিয়া সম্পন্ন কৰে যাক অগ্নি বোলা হয়। প্ৰাথমিক নলী, যকৃৎ, পেশীকোষ আদিত থকা বিভিন্ন পাচক ৰসবোৰকো অগ্নি বোলা হয়।

মানৱ শৰীৰ

আয়ুৰ্বেদ মতে জীৱন হ’ল শৰীৰ, ইন্দ্ৰিয় অনুভূতি, মগজু আৰু আত্মাৰ সংযোগস্থল। জীৱিত মানৱ হ’ল তিনিটা মানসিক অৱস্থাৰ থুপ। সেয়া হ’ল ভাটা, পিত্ত, আৰু কাফা, সাতটা প্ৰাথমিক পেশী (ৰস, ৰক্ত, মামস, মেদ, অস্থি, মজ্জা আৰু শুক্ৰ) আৰু মানৱ শৰীৰৰ অলাগতীয়াল বস্তু যেনে-বিষ্টা, প্ৰস্ৰাৱ আৰু ঘাম। এনেদৰে গোটেই মানৱ শৰীৰটোৱে মানৱ ৰস, পেশী আৰু মানৱ শৰীৰৰ অলাগতীয়াল বস্তুৰে গঠিত। মানৱ শৰীৰৰ গঠন বৃদ্ধি আৰু ক্ষয়প্ৰাপ্ত আৰু ইয়াক গঠনকাৰী খাদ্যবোৰ ৰস, পেশী আৰু অলাগতীয়াল বস্তু আদি চক্ৰাকাৰে আৱৰ্তিত হৈ থাকে। খাদ্য গ্ৰহণ, হজম, শোষণ, মিহলিকৰণ আদি ৰাসায়নিক প্ৰক্ৰিয়া হ’ল স্বাস্থ্য আৰু বেমাৰৰ মাজত চলি থকা এটা চক্ৰ যিয়ে তাৎপৰ্য্যপূৰ্ণভাৱে মানসিক অৱস্থাৰ লগতে জৈৱিক দহনো প্ৰভাৱিত কৰে।

পঞ্চমহাভূত

আয়ুৰ্বেদৰ মতে মানৱ শৰীৰটো পাঁচটা প্ৰাথমিক মৌলৰে গঠিত (পঞ্চমহাভূত) মাটি, পানী, জুই, বায়ু আৰু শূণ্য (আকাশ)। এইবোৰ মৌলৰ ভাৰসাম্য বৰ্তাই ৰখাৰ বাবে আৱশ্যক আৰু ই প্ৰয়োজনীয়তা অনুসৰি শৰীৰৰ গঠন আৰু অংগৰ বিভিন্ন গঠন আৰু কাৰ্য্য বৰ্তাই ৰাখে। শৰীৰৰ বৃদ্ধি আৰু উন্নতি নিৰ্ভৰ কৰে পুষ্টিৰ ওপৰত অৰ্থাৎ খাদ্য। খাদ্য উপৰোক্ত পাঁচবিধ মৌলৰ দ্বাৰা গঠিত হয়; যিয়ে জৈৱ দহনৰ পিছত আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰে। পেশীবোৰে শৰীৰটো গঠিত কৰে যিয়ে মানৱৰ আৱয়বিক ৰূপ দিয়ে যিটো বিভিন্ন যৌগ আৰু পঞ্চমহাভূতৰ বিন্যাসেৰে পোৱা যায়।

স্বাস্থ্য আৰু বেমাৰ

স্বাস্থ্য আৰু বেমাৰ নিৰ্ভৰ কৰে শৰীৰৰ বিভিন্ন স্থিতিৰ মুঠ ভাৰসাম্যতাৰ লগতে বিভিন্ন উপাদানৰ ভাৰসাম্যতাৰ ওপৰত। বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োটা কাৰকেই হ’ল শৰীৰত অসুবিধাৰ সৃষ্টি বা বেমাৰ হোৱাৰ কাৰণ। এই ভাৰসাম্য হেৰুৱাৰ কাৰণ হ’ল লেটেৰা, বিভিন্ন অলাগতীয়াল বা অপকাৰী অভ্যাস, সু-স্বাস্থ্যকৰ জীৱনৰ প্ৰতি উদাসীনতা, ঋতু পৰিৱৰ্তনত হোৱা অস্বাভাৱিকতা, অনিয়মীয়া ব্যায়াম বা ইন্দ্ৰিয়ানুভূতিৰ অপব্যৱহাৰ, শৰীৰ আৰু মগজুত নকৰিবলগীয়া কাৰ্য্য আদিয়েও শৰীৰৰ সাধাৰণ ভাৰসাম্যতা বিনষ্ট কৰে। ইয়াৰ চিকিৎসা হ’ল- শৰীৰ আৰু মনৰ ভাৰসাম্যতা বৰ্তাই ৰখা, খাদ্য সচেতনতা, জীৱন-নিৰ্বাহৰ সঠিক নিয়মানুৱৰ্তিতা আৰু ব্যৱহাৰ, নিচাজাতীয় বস্তুৰ পৰা আঁতৰত থকা আৰু ‘পঞ্চকৰ্মা’ আৰু ‘ৰসায়না’ আদিৰ দৰে ৰোগৰ প্ৰতিৰোধমূলক চিকিৎসা ব্যৱহাৰ কৰা।

ৰোগ নিৰ্ণয়

আয়ুৰ্বেদত সদায় ৰোগীৰ সামগ্ৰিক লক্ষণ চাই ৰোগ নিৰ্ণয় কৰা হয়। চিকিৎসকসকলে ৰোগীৰ আন্তঃশাৰীৰিক বৈশিষ্ট্য আৰু মানসিক অৱস্থা ভালদৰে নিৰীক্ষণ কৰে আৰু টুকি ৰাখে। লগতে তেওঁ অন্য কাৰক যিয়ে শৰীৰৰ পেশী, মানসিক অৱস্থা, বেমাৰ হোৱা অংগ, ৰোগীয়ে পোৱা প্ৰতিবন্ধকতা বা বাধা, জীৱনশক্তি, তেওঁৰ দৈনিক কাৰ্য্যৱলী, খাদ্যতালিকা, অভ্যাস, চিকিৎসাগত অৱস্থাৰ গভীৰতা, হজম ক্ষমতা, ব্যক্তিগত সম্পূৰ্ণ তথ্য, ৰোগীৰ সামাজিক-অৰ্থনৈতিক আৰু পৰিৱেশিক অৱস্থা আদিৰ ওপৰত গুৰুত্ব দিয়ে। ৰোগ নিৰ্ণয়ত তলৰ পৰীক্ষাবোৰ সন্নিৱিষ্ট হয়-

• সাধাৰণ শাৰীৰিক পৰীক্ষা।

• ধমনী পৰীক্ষা।

• মুত্ৰ পৰীক্ষা।

• শৌচ পৰীক্ষা।

• জিভা আৰু চকু পৰীক্ষা।

• ছাল আৰু কাণ লগতে স্পৰ্শ আৰু শ্ৰৱণ শক্তিৰ পৰীক্ষা।

চিকিৎসা

প্ৰকৃত অৰ্থত চিকিৎসা হ’ল, যিয়ে স্বাস্থ্য ভাল কৰে আৰু প্ৰকৃত অৰ্থত চিকিৎসক হ’ল সেইজন ব্যক্তি যিয়ে নেকি আমাক বেমাৰৰ পৰা মুক্ত কৰোৱায়। এইটোৱেই হ’ল আয়ুৰ্বেদিক শাস্ত্ৰৰ মূল মন্ত্ৰ অৰ্থাৎ স্বাস্থ্য ৰক্ষা আৰু স্বাস্থ্য উন্নত কৰা, ৰোগৰ প্ৰতিৰোধ আৰু ৰোগ নিৰাময় কৰা। ৰোগৰ চিকিৎসা মানে হ’ল-আমাৰ দেহৰ বিভিন্ন অংগ প্ৰত্যংগৰ ভাৰসাম্য যিবিলাক কাৰকৰ দ্বাৰা বিঘ্নিত হয় সেইবোৰক নিঃশেষ কৰা। পঞ্চকৰ্মাৰ কাৰ্য্যপ্ৰণালী, ঔষধ, উপযুক্ত আহাৰ, কৰ্ম আৰু স্বাস্থ্যবিধিৰে দেহৰ প্ৰক্ৰিয়াবোৰ শক্তিশালী কৰা হয় যাতে ভৱিষ্যতে পুনৰ বেমাৰ হ’ব নোৱাৰে।

সাধাৰণতে চিকিৎসা বুলিলে ঔষধৰ ব্যৱহাৰ, নিৰ্দিষ্ট আহাৰ, আৰু অনুমোদিত কৰ্মপ্ৰণালী আদিকে বুজা হয়। এই তিনি ব্যৱস্থা দুই ধৰণে কৰা হয়। প্ৰথমটো কৌশলত এই তিনিওটা ব্যৱস্থাক বেমাৰটোৰ বিৰুদ্ধে যুঁজিবলৈ লগোৱা হয় আৰু আনটোত এইবোৰৰ দ্বাৰা বেমাৰটোৱে সৃষ্টি কৰা লেখিয়াকৈ একেধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই দুই পদ্ধতিৰ চিকিৎসাক ক্ৰমে ভিপৰীতা আৰু ভিপৰীতাৰ্থকাৰী বোলা হয়।

সফল চিকিৎসাৰ বাবে চাৰিটা বস্তু অতি আৱশ্যকীয়। সেইকেইটা হ’ল:

১) চিকিৎসক।

২) ঔষধ বা দৰৱ।

৩) পৰিচাৰিকা।

৪) ৰোগী।

গুৰুত্বৰ ফালৰ পৰা প্ৰথম হ’ল ‘চিকিৎসক’। তেওঁৰ প্ৰযুক্তিগত দক্ষতা, বৈজ্ঞানিক জ্ঞান, সততা আৰু মানৱীয় বোধগম্যতা থাকিবই লাগিব। চিকিৎসক এজনে তেওঁৰ জ্ঞান-মানৱীয়তাৰে, সততাৰে মানৱ জাতিৰ সেৱাৰ বাবে ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পিছতেই গুৰুত্ব পোৱা সামগ্ৰীবিধ হ’ল ‘দৰৱ’। এইবোৰ উন্নত মানদণ্ডৰ, বহুলভাৱে ব্যৱহৃত, অনুমোদিত পদ্ধতিৰে তৈয়াৰী আৰু পৰ্য্যাপ্ত পৰিমাণে লভ্য হ’ব লাগে। সফল চিকিৎসাৰ বাবে তৃতীয় গুৰুত্বতা হ’ল পৰিচাৰিকাৰ ভূমিকা। এওঁলোক পৰিচৰ্য্যাৰ ভাল জ্ঞান থকা হ’ব লাগে, পৰিচাৰিকাৰ দক্ষতা থাকিব লাগে, তাৰোপৰি মৰমীয়াল, সহানুভূতি, বুধিয়ক আৰু চাফ-চিকুণ আৰু পাৰদৰ্শি হ’ব লাগে। চতুৰ্থ কাৰক হ’ল ৰোগী নিজে। ৰোগী সদায় চিকিৎসকৰ লগত সহজ হ’ব লাগে, চিকিৎসকৰ পৰামৰ্শ মানি চলিব লাগে। নিজৰ ৰোগৰ বিষয়ে মুকলিকৈ ক’ব পৰা হ’ব লাগে আৰু চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী গোটাব পাৰিব লাগে।

আয়ুৰ্বেদে বেমাৰ কেনেকৈ আৰম্ভ হয়, বিভিন্ন কাৰকে কেনেদৰে বেমাৰটো চকুত পৰাৰ আগৰেপৰা দেহত ক্ৰিয়া কৰি থাকে সেই বিষয়ে বিশদভাৱে অধ্যয়ণ কৰি ব্যাখ্যা আগবঢ়াইছে। ফলত কোনো এটা বেমাৰ দেহত দেখা দিয়াৰ আগতে কি কি কাৰকে ক্ৰিয়া কৰি থাকে সেই বিষয়ে জনাৰ সুবিধা হৈছে। ইয়াৰ ফলস্বৰূপে কোনো এটা বেমাৰ হোৱাৰ আগতেই প্ৰতিৰোধমূলক ব্যৱস্থা ল’ব পৰা গৈছে আৰু বেমাৰ এটাৰ আৰম্ভণী পৰ্য্যায়তে নিৰাময় কৰিব পৰা ব্যৱস্থা হৈছে।

ৰোগৰ চিকিৎসাসমূহক বহলভাৱে কেইটামান শ্ৰেণীত ভাগ কৰা হৈছে।

শোধন চিকিৎসা

এই চিকিৎসাৰ মূল লক্ষ্য হৈছে শাৰিৰীক আৰু মানসিক ৰোগ সৃষ্টি কাৰকসমূহ আতঁৰ কৰা। এই পদ্ধতিত আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া জড়িত থাকে। এই পদ্ধতিত সাধাৰণতে এই চিকিৎসাত প্ৰয়োজনীয় অভ্যাসসমূহ হৈছে পঞ্চকৰ্ম পদ্ধতি-(বৈদ্য শাস্ত্ৰমতে সৃষ্টি কৰা বমি ৰোগ চিকিৎসা শুদ্ধিকৰণ, শৌচাদ্বাৰে দি সোমোৱা তেল জাতীয় দৰৱ, নাকেৰে দিয়া দৰৱ) পূৰ্ব পঞ্চকৰ্ম পদ্ধতি (আভ্যন্তৰীণ আৰু বাহ্যিক তেলেতীয়া দ্ৰব্য আৰু উৎপত্তি হোৱা ঘাম) হজম ৰোগ চিকিৎসা প্ৰধানকৈ জীৱিত বস্তুৰ ৰাসায়নিক পৰিৱৰ্তন পৰিচালনাৰ ওপৰত গুৰুত্ব দিয়ে। এই চিকিৎসাই প্ৰয়োজনীয় ফলাফলৰ ওপৰত গুৰুত্ব দিয়ে। এই চিকিৎসাই প্ৰয়োজনীয় ফলাফলৰ লগতেই ৰোগ নাশকৰ লাভালাভ প্ৰদান কৰে। এই চিকিৎসাই প্ৰধানকৈ সেইজনিত বেমাৰ শিৰ আৰু হাড়ৰ বেমাৰ, শিৰ আৰু নাভী সম্বন্ধীয় বেমাৰ, উশাহ-নিশাহ সম্বন্ধীয় বেমাৰ জীৱিত বস্তুৰ ৰাসায়নিক পৰিৱৰ্তনত সহায় কৰে।

চামানা থেৰাপী (প্ৰশমক চিকিৎসা)

দোচাত জড়িত থকা সমূহক এই থেৰাপীৰ দ্বাৰা অস্থিৰ দেহ ৰসসমূহক আন ৰসসমূহত প্ৰভাৱ নপৰাকৈ স্বাভাৱিক অৱস্থালৈ অনা হয়। শোধন পদ্ধতিৰ দ্বাৰা মানসিক অৱস্থা সন্তোলন কৰা হয়। এই পদ্ধতিৰ দ্বাৰা অস্থায়ী মানসিক অৱস্থাক পূৰ্বৰ স্থায়ী অৱস্থালৈ পৰিৱৰ্তন কৰাকে চামানা থেৰাপী বোলে। ভোক বঢ়োৱা দৰৱ, হজমী শক্তি বঢ়োৱা দৰৱ, ব্যায়াম, সূৰ্য্যৰ পোহৰ আৰু বিশুদ্ধ বতাহ পাব পৰা অৱস্থাৰ দ্বাৰা এই চিকিৎসা কৰা হয়। এই চিকিৎসাত বেমাৰ কম কৰাত আৰু বিষ কম কৰাত ব্যৱহাৰ কৰা হয়।

পথ্য ব্যৱস্থা (পথ্য আৰু কাম-কাজৰ ব্যৱস্থাপত্ৰ)

এই চিকিৎসা হৈছে, চিকিৎসকৰ মতে আহাৰ গ্ৰহণ কৰা আৰু কাৰ্য্য কৰা ব্যৱস্থা। ইয়াৰোপৰি ইয়াত প্ৰয়োজনীয় আহাৰ, দৈনন্দিন কাৰ্য্য, অভ্যাস আৰু মানসিক অৱস্থা অন্তৰ্ভূক্ত। এই চিকিৎসাই ৰোগ প্ৰতিৰোধ কৰা, ৰোগনাশক বৃদ্ধিত সহায় কৰে। এই চিকিৎসাত প্ৰয়োজনীয় আৰু অপ্ৰয়োজনীয় আহাৰ চিনাক্তকৰণত গুৰুত্ব দিয়া হয় যাতে আহাৰক দহন, পাচন আৰু সমীভবন কৰি শৰীৰৰ শক্তিশালী কলা গঠনত সহায় কৰিব পাৰে।

নিদান পৰিবৰ্জন (ৰোগ সৃষ্টি কৰা কাৰকসমূহৰ পৰা বিৰত থকা)

এই পদ্ধতিত বেমাৰ বঢ়োৱা বা বেমাৰ সৃষ্টি কৰা কাৰকসমূহ কম কৰা হয়। এই চিকিৎসাৰ দ্বাৰা ৰোগীয়ে গ্ৰহণ কৰা আহাৰ আৰু দৈনন্দিন জীৱনত থকা বেমাৰৰ সৃষ্টিৰ কাৰকসমূহক নষ্ট কৰা বা কম কৰা হয়।

সৎভবজয় (মানসিক চিকিৎসা)

সৎভবজয়ত সাধাৰণতে মানসিক অশান্তিসমূহক সামৰি লোৱা হয়। ইয়াৰ অন্তৰ্গত অতৃপ্ত বাসনাৰ পৰা মনটোক নিয়ন্ত্ৰণক ৰখা আৰু মনোবল বৃদ্ধি, স্মৃতিশক্তি আৰু মনোযোগ বৃদ্ধি কৰাও সন্নিৱিষ্ট হয়। মনস্তত্ব আৰু মানসিক চিকিৎসাৰ অধ্যয়ন আয়ুৰ্বেদত অতি বহলভাৱে কৰা হৈছে আৰু মানসিক অশান্তিসমূহৰ চিকিৎসাৰ বাবে বিভিন্ন স্তৰৰ চিকিৎসা ব্যৱস্থা আছে।

ৰসায়না চিকিৎসা (পুনৰ যৌৱন প্ৰাপ্তি আৰু প্ৰতিৰোধমূলক ঔষধৰ ব্যৱহাৰ)

দৈহিক শক্তি আৰু জীৱনী শক্তিৰ বৃদ্ধি ঘটাবলৈ ৰসায়না চিকিৎসা ব্যৱহাৰ কৰা হয়। শৰীৰৰ লগতে স্মৃতিশক্তি, মেধা, ৰোগৰ বিৰোধে প্ৰতিৰোধ, যৌৱন, চিৰ যৌৱনতা, উজ্জ্বলতা আৰু মনোভাৱ, পৰ্য্যাপ্ত শৰীৰৰ শাৰিৰীক আৰু ইন্দ্ৰিয়ৰ শক্তি বজাই ৰখা আদি ধৰণৰ কিছুমান যোগাত্মক লাভালাভ এই চিকিৎসাৰ যোগেৰে পোৱা যায়। সময়তকৈ আগতেই শৰীৰৰ পেশীসমূহ দুৰ্বল হোৱাটো প্ৰতিৰোধ কৰা আৰু কোনো এজন ব্যক্তিৰ সামগ্ৰিকভাৱে স্বাস্থ্যৰ উন্নতি কৰাত এই চিকিৎসাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

পথ্য আৰু আয়ুৰ্বেদিক চিকিৎসা

আয়ুৰ্বেদত খাদ্যৰ নিয়ন্ত্ৰণ অতি গুৰুত্বপূৰ্ণ চিকিৎসা বুলি ধৰা হয়। কিয়নো মানুহৰ শৰীৰটো খাদ্যৰে তৈয়াৰী বুলি ধৰা হয়। ব্যক্তিবিশেষৰ মানসিক আৰু আধ্যাত্মিক উন্নতিৰ লগতে তেওঁৰ মানসিক স্থিতিৰ ওপৰত তেওঁ গ্ৰহণ কৰা খাদ্যৰ গুণাগুণে প্ৰভাৱিত কৰে। মানুহে গ্ৰহণ কৰা খাদ্য প্ৰথমে ৰসলৈ পৰিৱৰ্তন হয় আৰু ইয়াৰ পিছত এইবোৰ তেজ, পেশী, চৰ্বী, হাড়, মজ্জা, প্ৰজনন উপাদান আৰু অ’জালৈ পৰিৱৰ্তন হয়। সেয়েহে ই সকলো বিপাকীয় পৰিৱৰ্তন আৰু জীৱনৰ কাৰ্য্যকলাপৰ ভেটি। খাদ্যত পুষ্টি নথকা বা যথোপযুক্ত পৰিৱৰ্তন নোহোৱাৰ ফলত বিভিন্ন ধৰণৰ ৰুগীয়া অৱস্থাৰ সৃষ্টি হয়।

ভাৰতত থকা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠানসমূহ

ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠ, নতুন দিল্লী

• এই বিদ্যাপীঠখন ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ আয়ুস বিভাগৰ অন্তৰ্গত এটা স্বনিয়ন্ত্ৰিত সংস্থা আৰু ই চোচাইটি এক্ট ১৮৬০ ৰ অধীনত ১৯৮৮ ত পঞ্জীয়নভূক্ত। এই বিদ্যাপীঠে ২৮ বছৰতকৈ কম বয়সৰ শিক্ষাৰ্থীক আয়ুৰ্বেদিক স্নাতক আৰু ৩৩ বছৰতকৈ কম বয়সৰ শিক্ষাৰ্থীক আয়ুৰ্বেদিক স্নাতকোত্তৰ ডিগ্ৰী গুৰু শিষ্য পৰম্পৰাগত জ্ঞান প্ৰদানৰ পদ্ধতি ব্যৱহাৰ কৰি ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে।

• ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠৰ সদস্য হ’বলৈ দুবছৰৰ পাঠ্যক্ৰমত আছে। ইয়াৰ অধীনত আয়ুৰ্বেদ সংহিতাৰ ওপৰত জ্ঞান বৃদ্ধি কৰিবলৈ গৱেষণা কৰি এজন ভাল শিক্ষক, গৱেষক আৰু বিশেষজ্ঞ হোৱাৰ অৱকাশ আছে। আয়ুৰ্বেদত স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰা ছাত্ৰসকলে সংশ্লিষ্ট সংহিতাৰ ওপৰত জটিল অধ্যয়ন কৰিবলৈ ভৰ্তি হ’ব পাৰে। শিষ্যসকলে তেওঁলোকে অধ্যয়নৰ বাবে গ্ৰহণ কৰা বিষয়ৰ ওপৰত আলাপ-আলোচনা কৰিবলৈ পৰ্য্যাপ্ত সময় লাভ কৰে।

• ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠৰ প্ৰমাণপত্ৰৰ পাঠ্যক্ৰমত প্ৰাৰ্থীসকলক আয়ুৰ্বেদাচাৰ্য্য বা স্নাতকৰ সমানকৈ বিশিষ্ট বৈদ্য আৰু পৰম্পৰাগতভাৱে বিশেষ কিছুমান আয়ুৰ্বেদিক চিকিৎসালয় চলাই থকাসকলৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হয় যাতে তেওঁলোক আয়ুৰ্বেদৰ ভাল চিকিৎসক হৈ উঠিব পাৰে।

• এই পাঠ্যক্ৰমত নামভৰ্ত্তিৰ বাবে সমগ্ৰ ভাৰততে বিজ্ঞাপন দিয়া হয় আৰু লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰা হয়। এই দুয়োটা পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১৫,৮২০ টকা বৃত্তি দিয়া হয় আৰু সময়ে সময়ে প্ৰযোজ্য হোৱাকৈ দৈনিক ভাট্টা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠৰ সদস্যৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ওপৰঞ্চি ২৫০০ টকাকৈ প্ৰদান কৰা হয়।

আয়ুৰ্বেদৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, জয়পুৰ

• এই প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে সকলো ধৰণৰ আয়ুৰ্বেদ ঔষধ পদ্ধতিৰ শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ মানদণ্ড বিজ্ঞানসন্মতভাৱে উন্নত কৰিবলৈ এক শীৰ্ষ প্ৰতিষ্ঠান হিচাপে ১৯৭৬ ত স্থাপন কৰিছিল।

• এই প্ৰতিষ্ঠানখন শিক্ষা, চিকিৎসা আৰু গৱেষণাৰ স্নাতক-পূৰ্ব, স্নাতকোত্তৰ আৰু গৱেষণাৰ পৰ্য্যায়ত বৰ্তী হৈ আছে আৰু ই যোধপুৰত থকা ৰাজস্থান আয়ুৰ্বেদ বিশ্ববিদ্যালয়ৰ অধিভুক্ত। স্নাতক পূৰ্ব পাঠ্যক্ৰমত নামভৰ্ত্তিৰ বাবে বিশ্ববিদ্যালয় খনে সৰ্ব ভাৰতীয় পৰ্য্যায়ত নামভৰ্ত্তিৰ পৰীক্ষা পাতে আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে এই প্ৰতিষ্ঠানে সৰ্ব ভাৰতীয় পৰ্য্যায়ত যুটীয়া স্নাতকোত্তৰ নামভৰ্ত্তি পৰীক্ষা অনুস্থিত কৰে।

আয়ুৰ্বেদৰ স্নাতকোত্তৰ শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান, জামনগৰ (গুজৰাট)

• গুজৰাট আয়ুৰ্বেদ বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ শিক্ষণ আৰু গৱেষণাৰ ই এখন পুৰণি কেন্দ্ৰ।

• এই প্ৰতিষ্ঠানত থকা চিকিৎসালয়খনত ৰোগীৰ বাবে অন্তৰ্বিভাগ আৰু বহিৰ্বিভাগৰ সুবিধা আছে। পঞ্চকৰ্মা, কাচাৰাসূত্ৰ আৰু কেৰিয়া কল্প আদি বিশেষ ধৰণৰ চিকিৎসা পদ্ধতি বিভিন্ন ৰোগ নিৰাময়ৰ বাবে এই চিকিৎসালয় ব্যৱহাৰ কৰা হয়।

আয়ুৰ্বেদৰ সৰ্ব ভাৰতীয় প্ৰতিষ্ঠান

• অধিক জানিবলৈ ইয়াত ক্লীক কৰক

ডিজিজ ৱাইজ ইনফৰমেছন ইন আয়ুস চিষ্টেমছ

আয়ুস বিভাগৰ প্ৰকাশন

• হোম ৰেমেডিজ ইন আয়ুৰ্বেদা

• য়োগা এণ্ড নেচাৰ’পেথি বেচড ট্ৰিটমেন্ট ফৰ ২১ ডিজিজেছ।

• ডিজিজ ৱাইজ ইনফৰমেছন ইন আয়ুস চিষ্টেমছ

• মাইথ এণ্ড ফেক্টছ এবাউট আয়ুস।

• কুৱালিটি কনট্ৰোল ইন আয়ুস।

• হোম ৰেমেডিজ ইন উনানি।

• সিদ্ধা চিষ্টেম অফ মেডিচিন।

উৎস: আয়ুস বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়,ভাৰত চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate