সিদ্ধা পদ্ধতিটো ভাৰতবৰ্ষৰ চিকিৎসা পদ্ধতিবোৰৰ ভিতৰত আটাইতকৈ পুৰণি। সিদ্ধা শব্দটোৰ অৰ্থ হৈছে ঋষিমুনিসকলে প্ৰাপ্ত আৰু সাধনাৰ দ্বাৰা যিসকলে চিকিৎসা শাস্ত্ৰত বুৎপত্তি অৰ্জন কৰিছিল। কোৱা হৈ যে মুঠ ১৮ জন এনে সিদ্ধাই এই চিকিৎসা শাস্ত্ৰলৈ অৱদান আগবঢ়াইছিল। সিদ্ধা সাহিত্য তামিল ভাষাত লিখিত আৰু ভাৰতবৰ্ষৰ লগতে বিদেশৰো তামিল ভাষী অঞ্চলসমূহত ব্যৱহৃত হয়। এই পদ্ধতিটো প্ৰধানতঃ আৰোগ্য বিদ্যা সম্পৰ্কীয়।
সৃষ্টিকৰ্তাই মানৱ জাতিৰ বাসস্থানৰ বাবে পূৱ দিশৰ উষ্ণ আৰু উৰ্বৰ অঞ্চল, বিশেষকৈ ভাৰতবৰ্ষখন নিৰ্দ্ধাৰিত কৰি দিছিল। মানৱ জাতিয়ে ইয়াৰ পৰাই সংস্কৃতি আৰু অগ্ৰগতি আৰম্ভ কৰিছিল। সেয়েহে ক’ব পৰা যায় যে ভাৰতবৰ্ষই হৈছে প্ৰথম খন দেশ য’ৰ পৰা মানৱ সংস্কৃতি আৰু সভ্যতা আৰম্ভ হৈছিল আৰু সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। আৰ্য্যসকল অহাৰ পূৰ্বে ভাৰতবৰ্ষৰ ইতিহাস মতে দ্ৰাৱিড়সকলেই আছিল ভাৰতবৰ্ষৰ প্ৰথম বসবাসকাৰী। এইসকলৰ মাজত তামিলসকল পৰে। কেৱল তামিলসকলেই প্ৰথম সভ্য সম্প্ৰদায় নাছিল। আন বহুবোৰ সম্প্ৰদায়ে প্ৰথম অৱস্থাত সভ্যতালৈ অধিক অৱদান আগবঢ়াইছিল। সেই সময়ত ভাৰতবৰ্ষৰ ভাষাসমূহ দুটা প্ৰধান ভাগত বিভক্ত আছিল। উত্তৰ অঞ্চলত সংস্কৃতত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল আৰু দক্ষিণ অঞ্চলত দ্ৰাৱিড়সকলৰ নিজস্ব ভাষা আছিল। চিকিৎসা বিজ্ঞান হ’ল মানৱ জাতিৰ ভালৰ বাবে আৰু জীয়াই থকাৰ বাবে ই এক মৌলিক প্ৰয়োজনীয়তা। সেইবাবেই চিকিৎসা বিজ্ঞান নিশ্চয়কৈ চাগে মানুহৰ লগতেই আৰম্ভ হৈছিল আৰু সভ্যতাৰ লগে লগে বিকশিত হৈছিল। সেয়েহে চিকিৎসা বিজ্ঞান কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেইটো বিচাৰৰ চেষ্টা কৰাটো অৰ্থহীন। এইসমূহ হয়তো মানুহৰ লগতেই আৰম্ভ হৈছিল আৰু মানুহৰ লগতেই শেষ হ’ব। ভাৰতৰ দক্ষিণত সিদ্ধা পদ্ধতিত প্ৰচলিত আছিল আৰু উত্তৰত আয়ুৰ্বেদ। এইসমূহৰ প্ৰতিষ্ঠাতা বুলি কোনো বিশেষ ব্যক্তিৰ নাম লোৱাৰ পৰিৱৰ্তে আমাৰ পূৰ্বপুৰুষসকলে এইবোৰ উৎসৰ সৃষ্টিকৰ্তা বুলি কোৱা হৈছিল। পৰম্পৰা অনুসৰি কোৱা হয় যে মহাদেৱে সিদ্ধা পদ্ধতিৰ চিকিৎসাৰ জ্ঞান পাৰ্বতীক জনাইছিল আৰু পাৰ্বতীয়ে নন্দীক জনাইছিল আৰু নন্দীয়ে সিদ্ধাৰসকলক এই জ্ঞান প্ৰদান কৰিছিল। প্ৰাচীন কালত সিদ্ধাৰসকল মহান বিজ্ঞানী আছিল।
পৰম্পৰাগতভাৱে সিদ্ধা পদ্ধতিৰ উৎস মহান সিদ্ধাৰ ‘অগষ্টিয়াৰ’ বুলি কোৱা হয়। তেওঁৰ কিছুমান কাম-কাজ আজিও ঔষধ আৰু অস্ত্ৰোপচাৰৰ মানদণ্ডৰ পুথিত উল্লেখ আছে আৰু সিদ্ধা চিকিতৎসা প্ৰদানকাৰীসকলে প্ৰতিদিনে ব্যৱহাৰ কৰে।
আয়াত্ৰো-কেমেষ্ট্ৰিৰ বৈশিষ্ট্যতাসহ ভিত্তিমূলক আৰু প্ৰায়োগিক দুয়োটা দিশতে সিদ্ধা পদ্ধতিৰ মূল সূত্ৰ আৰু মতবাদসমূহ আয়ুৰ্বেদৰ লগত ঘনিষ্ঠ মিল থকা দেখা যায়। এই পদ্ধতি মতে মানৱ শৰীৰ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ হুবহু নকল। সেয়েহে খাদ্য আৰু ঔষধৰ মূল বিচাৰ কৰা নহয়। আয়ুৰ্বেদৰ মতেও মানৱ দেহসহ বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু পাচটা মৌলিক উপাদানেৰে তৈয়াৰী। সেইবোৰ হ’ল মাটি, পানী, অগ্নি, বায়ু আৰু আকাশ। মানৱ শৰীৰে যি খাদ্য গ্ৰহণ কৰে বা যি সমূহ ঔষধ গ্ৰহণ কৰে সেইসমূহ এই পাচটা উপাদানেৰে তৈয়াৰী। কোনো কাৰ্য্য আৰু ঔষধত থকা উপাদানবোৰৰ পৰিমাণ কম বেছি হ’লেই চিকিৎসাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কম বা বেছি হয়।
আয়ুৰ্বেদৰ দৰে সিদ্ধা পদ্ধতিতো মানৱ শৰীৰটো তিনিবিধ ৰস, সাতবিধ মৌলিক কলা আৰু শৰীৰৰ বৰ্জিত পদাৰ্থ যেনে শৌচ-প্ৰস্ৰাৱ আৰু ঘাম আদি উপাদানেৰে তৈয়াৰী বুলি ধৰা হয়। খাদ্যকেই শৰীৰৰ গঠনৰ মূল পদাৰ্থসমূহ যেনে: জীৱৰস, কলা আৰু বৰ্জিত পদাৰ্থসমূহৰ মূল প্ৰক্ৰিয়াগত সামগ্ৰী বুলি বিবেচনা কৰা হয়। জীৱসমূহৰ সমতাক স্বাস্থ্য বুলি আৰু এই সমতাৰ অভাৱক ৰোগ বা অসুখ বুলি বিবেচনা কৰা হয়। এই পদ্ধতিয়ে জীৱনৰ মোক্ষ পোৱা ধাৰণাটোকো সমৰ্থন কৰে। এই পদ্ধতিৰ লোকসকলে বিশ্বাস কৰে যে ঔষধ আৰু ধ্যানৰ মাধ্যমেৰে এই অৱস্থা পোৱাটো সম্ভৱ।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/23/2020