অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েৰিয়া

 

ঘনঘনকৈ ঢিলা বা পনীয়া শৌচ হোৱা অসুখৰ অন্য নাম ডায়েৰিয়া। ৰোগকাৰক বীজাণুৰ দ্বাৰা অন্ত্ৰ আক্ৰান্ত হ’লে- অৰ্থাৎ আন ৰোগীৰ পৰা বীজাণু খোৱা লোৱা বস্তুত মাধ্যমেৰে ভাল মানুহৰ শৰীৰত সোমাই পেটলৈ গ’লে সেই মানুহজনৰো অন্ত্ৰ আক্ৰান্ত হয় আৰু ৰোগৰ লক্ষণ দেখা দিয়ে। ডায়েৰিয়া বেছি কঠিন হ’লে আৰু কেইবাদিনো হৈ থাকিলে শৰীৰৰ জলীয় পদাৰ্থ, লোণাংশ আৰু শৰীৰৰ পুষ্টি সাধনৰ বস্তুবোৰ শৌচৰ লগত গৈ গৈ ৰোগীৰ গুৰুতৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। ইয়াকেই ডিহাইড্ৰেছন হোৱা বোলে। ৰোগীক বচোৱাটো কঠিন হৈ পৰে। আগৰ দিনত কলেৰা ৰোগত প্ৰায়বোৰ ৰোগীয়েই ডিহাইড্ৰেছন হৈ মৃত্যুৰ মুখত পৰিছিল। ৰোগ হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতেই মৃত্যু হৈছিল। কলেৰাত চাউল ধোৱা পানীৰ দৰে শৌচ হোৱাৰ  লগতে বমিও থাকে। আজিকালি কলেৰা নিৰ্বাপিত হৈছে। কলেৰাৰ বীজাণু, ভিব্ৰিঅ’ কোলেৰি(Vibrio Cholerae) নিৰ্মূল হৈছে।

ডায়েৰিয়াতো ডিহাইড্ৰেছন হোৱাৰ ভয় থাকে। গতিকে ৰোগীক প্ৰতিবাৰ শৌচ হোৱাৰ পাছতে পানীৰ চৰ্বত খুৱাই থাকিব লাগে। তাৰ বাবে আজিকালি ORS(Oral Rehydration Solution) চৰ্বতৰ বস্তু ফাৰ্মাচিত পোৱা যায়। তাৰোপৰি ওপৰৰ যিকোনো ঔষধি গুণযুক্ত খাদ্য বস্তুৰে চিকিৎসাও কৰিব লাগে।

অন্ত্ৰৰ শ্লৈষ্মিক আৱৰণৰ উত্তেজনাত হোৱা ডায়েৰিয়া(Irritable Bowel Syndrome):

 

কেতিয়াবা মানুহৰ মানসিক অশান্তি, উদ্বেগ, উত্তেজনাৰ বাবে কোলনৰ মাংসপেশীৰ ঘনে ঘনে সংকোচন(Contraction) হয়। কোলনৰ শোহন কাৰ্যৰো ব্যতিক্ৰম ঘটে, ফলত কলনৰ শ্লৈষ্মিক আৱৰণৰ পৰা সাঁও(Mucous Colitis) ওলাই আহে। শৌচ ডায়েৰিয়াৰ দৰে পনীয়া বা সাঁও যোৱা কচা শৌচ হ’বও পাৰে। ৰোগীয়ে বহু বছৰ ধৰি এনে অসুখত ভুগি থাকিলেও স্বাস্থ্যৰ ক্ষতিৰ বিশেষ ৰোগৰ লক্ষণ বুলি মানুহে ভয় নাখায়। কিন্তু অন্ত্ৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হৈ গুৰুতৰ ক্ষতি হোৱাৰ ভয় চলি থাকে।

বৃহৎ অন্ত্ৰৰ কোলন ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত(Intestinal Infection) হৈ ডায়েৰিয়া হ’লে জনস্বাস্থ্যৰো ভয়ৰ কাৰণ হৈ পৰে। কাৰণ এই ৰোগৰ বীজাণু কোনো ৰোগীৰ পৰা আহে আৰু হঠাতে ওচৰে-সামৰে চাৰিওফালে বিয়পি পৰিব পাৰে। এই ৰোগৰ বীজাণু মাখিয়ে বিয়পায় আৰু খোৱা বস্তু বা পানীয়া দ্ৰব্যৰ মাধ্যমেৰে ৰোগীৰ পৰা বেমাৰাৰ বীজাণু, ভাল মানুহৰ গালৈ সংক্ৰমণ হয়। ৰোগীৰ শৌচ, বমি, আদি বা সেইবোৰেৰে দূষিত হোৱা কানি-কাপোৰত মাখি পৰিলে বেমাৰৰ বীজাণু মাখিৰ ভৰিত লাগি ধৰে আৰু তাৰ পৰা গৈ মাখি য’তে পৰে তাতে বীজাণু সংক্ৰমিত হয়। খাবলৈ লোৱা বস্তু বা তাৰ বাবে ব্যৱহাৰ কৰা বাচন-বৰ্তন দূষিত হৈ আন মানুহক আক্ৰমণ কৰে। খোৱা পানী বা গাখীৰ সংক্ৰমিত হৈও ৰোগ বিয়পায়। অতি সচেতন হৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিলে আৰু খোৱা পানী উতলাই খালে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

গ্ৰহণী বা তেজ সাঁও পৰা পেটৰ অসুখ:

 

অন্ত্ৰৰ ভিতৰে ভিতৰে থকা পথ, ৰোগকাৰক বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’লে কঠিন বা কষ্টদায়ক গ্ৰহণী ৰোগ হয় আৰু শৌচত তেজ সাঁও পৰে। অইনকি কেতিয়াবা কেৱল তেজেৰেই সামান্য শৌচ হয়। তেনে এবিধ গ্ৰহণী বা ডিছেন্ট্ৰি ৰোগ এমিবায়োছিছ। এই ৰোগ কাৰক বীজাণু হৈছে পৰোপজীৱী এন্টামিবা হিষ্টোলিটিকা(Entamoeba Histolytica)। ই অন্ত্ৰৰ ভিতৰত ঘা কৰি দিয়ে। অইনকি কেতিয়াবা যকৃৎ, হাওঁফাওঁ, অণ্ডকোষ বা মগজুত উত্তপ্ত ফোঁহাৰা সৃষ্টি কৰে। এই বীজাণু ৰোগীৰ শৌচৰ লগত ওলায়। খোৱা বস্তু কিবাকৈ সংক্ৰমিত হ’লে অন্য লোকৰো হয়। এই ৰোগৰ বীজাণু ভাল মানুহৰ অন্ত্ৰলৈ যোৱাৰ বহুদিন পাছতো ৰোগৰ উৎপত্তি কৰিব পাৰে। ৰোগ হ’লে খোৱা বস্তু হজম নোহোৱা হয়, শৰীৰৰ তেজ কমি যায়, ওজন কমি যায় আৰু সঘনে ডায়েৰিয়া বা হাগনি হৈ থাকে। ৰোগ ক্ৰনিক হৈ পৰে।

আন এবিধ তেজ গ্ৰহণী হৈছে বেচিলাৰী ডিছেন্ট্ৰি বেক্টেৰিয়া জাতিৰ বীজাণুৰ পৰা হয়। ৰোগীৰ শৌচত ওলাই অহা বীজাণু খাদ্যবস্তুৰ মাধ্যমেৰে ভাল মানুহৰ ৰোগীৰ ডায়েৰিয়াৰ লক্ষণেৰেই কাৰোবাৰ ৰোগৰ উপশম হ’ব পাৰে। আকৌ কাৰোবাৰ প্ৰবল আৰু আশংকাজনক হৈ উঠিব পাৰে। অন্ত্ৰৰ পৰা হোৱা অত্যধিক ৰক্তক্ষৰণ আৰু গুৰুতৰ ‘ডিহাইড্ৰেছন’ হোৱাৰ বাবে ৰোগীৰ সংকটজনক অৱস্থাৰ উদ্ভৱ হয়। শৰীৰৰ জলীয় ভাগ(Fluid) পূৰণ কৰি দিলে আৰু ভাল চিকিৎসাৰ ব্যৱস্থা ল’লে ৰোগী ৭-১০ দিনৰ ভিতৰত আৰোগ্য হৈ উঠে। বেক্টেৰিয়াবোৰ নিৰ্মূল কৰিবলৈ এন্টিবায়োটিক ব্যৱহাৰ কৰিলে ৰোগী সোনকালে আৰোগ্য হয়।

শৌচত আম বা সাঁও পৰিলে:

 

ঘৰুৱা চিকিৎসা:

  1. আমাশয় নতুনকৈ হওক বা পুৰণিয়েই হওক- ৩০০ গ্ৰাম মৌৰি আনি দুভাগ কৰক। আধাভাগ ভাজি গুড়ি কৰক আৰু বাকী আধাভাগ নভজাকৈ গুড়ি কৰক। দুয়োবিধ লগ লগাই তাৰ লগত ৩০০ গ্ৰাম মিছিৰি গুড়ি কৰি মিহলাওক। এতিয়া ইয়াৰে এবাৰত ২ চামুচকৈ ৩ ঘন্টা অন্তৰে অন্তৰে দিনত ৪ বাৰ খুৱাওক। পেটৰ কামোৰণি, শৌচত সাঁও পৰা সকলো বন্ধ হৈ যাব। এই অসুখত ই অব্যৰ্থ ঔষধ।

দৈ, ভাত, মিছিৰি লৈ খালে পেট পকোৱা আৰু সাঁও পৰা শান্ত হৈ যায়।

2.  মিথি গুটি গুড়ি কৰি দৈৰ লগত(৩ গ্ৰাম) লৈ খালে আমাশয় গুচে। বহুমূত্ৰ ৰোগতো ভাল উপকাৰ কৰে। মিথিৰ ৰস কডলিভাৰ অইলৰ সামান্য ফলদায়ক বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

খোৱাৰ পাছতে পায়খানা লাগিলে:

অন্ত্ৰৰ(কোলনত) অসুস্থ অৱস্থাৰ বাবে তেনে অৱস্থা হয়। কিন্তু দীৰ্ঘদিন চলি থাকিলে ই অভ্যাসত পৰিণত হ’ব পাৰে, যাৰ বাবে সময়ত অসুবিধাতো পৰিব লগা হয়।

চিকিৎসা:

1. ১০০ গ্ৰাম শুকান ধনিয়া আৰু ২৫ গ্ৰাম ক’লা নিমখ গুড়ি কৰি লওঁক আৰু খোৱাৰ পাছত ২ গ্ৰাম(আধাত চামুচ) মুখত দি অলপ পানী খাওক। ১-২ সপ্তাহ নিয়মিত ভাৱে খালে এই পৰিস্থিতি দূৰ হ’ব।

2. মৌৰি ভাজি গুড়ি কৰি লওক আৰু জিৰা সম-পৰিমাণৰ লৈ গুড়ি কৰি দুয়োবিধকে মিহলাওক। খোৱাৰ পাছত তাৰ ১ চামুচ মুখত দি অলপ পানীৰে খাওক সমস্যা আঁতৰিব।

খোৱাৰ পাছত কেৱল মৌৰি ভজা খালেও উপকাৰ হয়।

তেজ গ্ৰহণী আৰু পুৰণি আমাশয়:

 

চিকিৎসা:

1. শুকান আমলখি পানীত তিয়াই ঢিলা কৰি লৈ ক’লা লোণ সমমাত্ৰাত লৈ বাটি লওক আৰু আধা চামুচ বা ৩ গ্ৰামৰ একোটাকৈ বড়ি কৰি ৰ’দত শুকাই লওক। দিনত খোৱাৰ আধা ঘন্টা পাছত দুবাৰ একোটাকৈ বড়ি খাওক। ২১ দিনৰ পৰা এমাহলৈ খাওক গ্ৰহণী বা ডিছেন্ট্ৰি ৰোগৰ সমস্যা দূৰ হ’ব।

2. ১২৫ মি:লি: দৈৰ সৈতে দুটা পকা কল সানি লৈ একেৰাহে ২১ দিনৰ পৰা এমাহলৈ খাওক। পনীয়া শৌচ হোৱা, সাঁও পৰা, তেজ যোৱা আদি সকলো ধৰণৰ হাগনিৰ অসুখ নিবাৰণ হ’ব। ইয়াৰ দ্বাৰা অন্ত্ৰৰ সকলো গণ্ডগোল নিৰ্বাপিত হয়।

শৌচত তেজ গৈ থকা হ’লে:

 

চিকিৎসা:

1. বেলগিৰি(এবিধ ঔষধি দ্ৰব্য) ১০ গ্ৰাম, শুকান ধনিয়া ১০ গ্ৰাম আৰু মিছিৰি ২০ গ্ৰাম লৈ একেলগে গুড়ি কৰি লওক আৰু এই মিশ্ৰিত চূৰ্ণৰ ১ চামুচকৈ দিনত ৰাতিপুৱা দুপৰীয়া আৰু গধূলি(বা ৰাতি) ৩ বাৰ অলপ পানীৰে খাওক। খোৱাপানী বিশুদ্ধ হ’ব লাগে। সোনকালে শৌচত তেজ যোৱা বন্ধ হৈ যাব।

2. শুকান ধনিয়া চূৰ্ণ ১২ গ্ৰাম(ভৰা ২ চামুচ) আৰু মিছিৰি ১২ গ্ৰাম(২ চামুচ) গুড়ি কৰি মিহলাই লৈ আধাকাপ পানীত লৈ দিনত ২ বাৰকৈ এসপ্তাহ খাওক উপকাৰ পাব।

পাকস্থলীৰ ঘা(Gastric Ulcer):

 

পাকস্থলীৰ ভিতৰত বেৰত গেছট্ৰিক গ্ৰন্থি(Tubular Gastric Glands) থাকে। এইবোৰ গেছট্ৰিক ৰস উৎপাদন কৰে আৰু খোৱা খাদ্যৰ ওপৰত এই ৰস মিহলি হয়। এই গেছট্ৰিক ৰসৰ প্ৰধান উপাদান হ’ল- হাইড্ৰোক্লোৰিক এচিড, ৰেনিন, মিউচিন(Mucin) আৰু পেপছিন। এইবোৰৰ পৰা এচিড জাতীয় বস্তু ওলাই খাদ্য বস্তু গলাই(হজম কৰি) দিয়ে। এই এচিডবোৰে খোৱা খাদ্যৰ লগত যোৱা বেক্টেৰিয়া বা অন্য বীজাণুকো মাৰি পেলায়। অধিক খাদ্য খোৱা, অত্যাধিক ভোকতো খাদ্য নোখোৱা, বাহী বস্তু খোৱা, বেছিকৈ মছলা খোৱা, আহাৰ ভালদৰে চোবাই নোখোৱা, সময়মতে আহাৰ নোখোৱা, শৌচ কচা অসুখ চলি থকা, বিৰুদ্ধ আৰু নিষিদ্ধ ভোজন কৰা, হ্ৰদৰোগ আদি বিভিন্ন কাৰণত পেটত বা পাকস্থলীত পৰা সেছট্ৰিক ৰসৰ বিসংগতি ঘটে আৰু পিত্তৰস বেছি হৈ পৰে। ফলত পাকস্থলীৰ কোনো ঠাইত ঘা হয়। ঘা এঠাইতো হ’ব পাৰে বেছিকৈও হ’ব পাৰে বা পাকস্থলীৰ কোনো ঠাইত ফুটিও যাব(Perforation) পাৰে।

এই এচিডৰ প্ৰতিক্ৰিয়াৰ বাবে কেৱল পাকস্থলীতে নহয় তাৰ তলফালে থকা ক্ষুদ্ৰ অন্ত্ৰৰ প্ৰথমভাগ যেনে ডিঅ’ডেনাম, জেজুনাম আদিতো হ’ব পাৰে। সেইবোৰত হোৱা আলচাৰক পেপটিক আলচাৰ(Peptic Ulcer) বোলে।

ৰোগৰ লক্ষণ পেটৰ ওপৰ ভাগত বিষ বেছি হয়। কেতিয়াবা বিষ বেছি হয় আৰু কেতিয়াবা বিষ কম হয়। বমি হয়, তেজ বমিও হ’ব পাৰে, অৰুচি, অজীৰ্ণ হয়, পেট ফুলে, ভোক নালাগে, মাত সৰু হৈ যায়। বিষ কেতিয়াবা নাথাকিবও পাৰে। কেতিয়াবা দুদিনমান ভাল পায়, কিন্তু বিষটো আকৌ হয়। ৰোগী ৰক্তহীনতাত ভোগে। মানসিক কষ্টও হয়।

তেজ বমি হ’লে:

 

চিকিৎসা:

1. জীৰা ৩ গ্ৰাম, মিছিৰি ৬ গ্ৰাম গুড়ি কৰি লৈ মুখত লৈ অলপ পানী খালে, যিকোনো কাৰণতে হোৱা ৰক্ত বমি বন্ধ হৈ যাব দিনত ৩ বাৰ খুৱাব পাৰি।

2. এচামুচ গাজৰৰ ৰসত এচামুচ আমলখিৰ ৰস মিহলাই ২ চামুচ মৌ দি ৰাতিপুৱা খালে ৰোগ দূৰ হ’ব। কেৱল গাজৰৰ ৰস খালেও পেটৰ আলচাৰৰ তেজ বমি বন্ধ হ’ব। গাজৰৰ ১ চামুচ ৰসত অলপ মৌ মিহলাই দিনত ৩ বাৰ ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি খালে যিকোনো কাৰণত হোৱা তেজ বমি বন্ধ হ’ব। আলচাৰো আৰোগ্য হয়।

3. পাকস্থলীৰ ছাল ফুটি তেজ গ’লে অস্ত্ৰোপচাৰৰ আৱশ্যক হয়।

অন্য উপসৰ্গত:

1. ২ চামুচ আমলখিৰ ৰসত এক চামুচ মৌ মিহলাই ৰাতিপুৱা ১৫-২০ দিন খালে পাকস্থলীৰ ঘা আৰোগ্য হয়।

2. পূৰঠ কেঁচা অমিতা এটা তেল, মছলা আদি নিদিয়াকৈ ৰন্ধা আঞ্জা(লোণ দিব) এমাহ খালে আলচাৰৰ অসুখ ভাল হয়।

3. মধুৰি-আমৰ কুমলীয়া আগৰ তিনিটা পাত একে উশাহতে ছিঙি আনি খালে গেছট্ৰিকৰ অসুখ ভাল হয়। একেৰাহে তিনিদিন খাব লাগে।

4. এটা আপেল টুকুৰা টুকুৰ কৰি কাটি অলপ পানীত(তল যোৱাকৈ) ১৫ মিনিট সিজাব লাগে। তাৰ পাছত তাত ২ চামুচ মৌ মিহলাই লৈ তেনেকৈ কেইদিনমান খালে উপকাৰ হয়।

5. ২ চামুচ নহৰুৰ ৰস সামান্য পানীৰে একেৰাহে ১৫ দিন খালে গেছট্ৰিক আলচাৰ, পেপটিক আলচাৰ ভাল হয়।

6. ১০০ গ্ৰাম কেঁচা কল(পুৰাকল) হালধিৰ ৰসত সানি লৈ ৰাতিপুৱা আৰু গধূলি কিছুদিন খালে খাদ্যনলীৰ ঘাৰ অসুখ আৰোগ্য হয়।

7. পাকস্থলীৰ ডিঅ’ডেনামলৈ থকা মুখৰ ওচৰত ঘা হ’লে সেই ঘা শুকাই গ’লে মুখখন সৰু হৈ যায় আৰু ডিঅ’ডেনামলৈ আহাৰ যোৱাত বাধা হয়। তেতিয়া ৰোগীয়ে খোৱাবস্তু বমি কৰে। তেনে ক্ষেত্ৰত শল্য চিকিৎসাৰ আৱশ্যক হয়।

মেলিনা(Melena):

 

মেলিনা শৌচত তেজ যোৱা অসুখৰে অন্য এক লক্ষণ। এই অসুখত শৌচৰ ৰং ক’লা আৰু আলকাতৰা মিহলোৱাৰ দৰে ৰং হ’ব পাৰে। শৰীৰৰ হজম প্ৰক্ৰিয়াৰ পথৰ(Digestive Tract) ওপৰ ভাগৰ কোনো অংশৰ পৰা ওলোৱা তেজ হজম প্ৰকৰণৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে শৌচৰ ৰং তেনেকুৱা হয়। এই তেজ, তেজ বমি, নাকেদি যোৱা তেজ বা টনচিল অপাৰেছন কৰাৰ পাছত তাৰ পৰা ওলোৱা তেজ হ’ব পাৰে আৰু সেই তেজ গিলা যোৱাৰ বাবে হজম প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে তেনে ৰং হয়। কিন্তু সাধাৰণতে মেলিনাৰ শৌচৰ তেজ কন্ঠনলী, পাকস্থলী আৰু ডিঅ’ডেনাম(Duodenum) আদি কোনো ঘাৰ পৰা ওলোৱা তেজ বুলিয়ে ধৰা হয়। কন্ঠনলীৰ আঘাতপ্ৰাপ্ত কোনো সিৰা, গেছট্ৰিক আলচাৰ আৰু ডিঅ’ডেনামৰ আলচাৰৰ বাবেই হয়। কমেও ১০০ মি:লি: তেজ খাদ্যনলীৰ মাজেৰে পাৰ হৈ গুহ্যস্থলী পালে শৌচৰ এই ৰং হয়।

ৰোগৰ লক্ষণ:

শৌচৰ ৰং আলকাতৰাৰ দৰে হোৱাটো প্ৰধাণ কাৰণ যদিও তেজ যোৱাৰ পৰিমাণো বেছি হ’ব পাৰে। ৰোগী বৰ দুৰ্বল হৈ যায়। অইনকি শৌচ হোৱাৰ পাছত কেতিয়াবা কোনো ৰোগী অচেতন হৈ পৰে। উপযুক্ত চিকিৎসা নাপালে ৰোগীৰ সংকটাৱস্থা উপস্থিত হয়।

ৰোগৰ কাৰণ:

খাদ্যনলীৰ পাকস্থলী, ডিঅ’ডেনাম আদিক বেছি উত্তেজিত কৰি তোলা(Irritating), অসহনীয় কোনো ঔষধ খাই থকা বা তেনে প্ৰকৃতিক খাদ্য আৰু পনীয়া খোৱাৰ অভ্যাসৰ ফলতে এই ৰোগ হয়। কন্ঠনলীৰ ফিকা(Diluted) সিৰৰ(Varicose Vein) বাবেও এই ৰোগ হ’ব পাৰে।

চিকিৎসা:

1. ৰোগ কঠিন অৱস্থাৰ হ’লে শল্য চিকিৎসকৰ সহায় ল’ব লাগে। তেজ ওলোৱা পথ চিলাই কৰি দিব লগা হ’ব পাৰে। ৰোগীক তেজ দিয়াৰ আৱশ্যক হয়।

2. ৰোগীৰ অৱস্থা কিছু সবল হৈ থাকিলে, শৌচৰ ৰং কেতিয়াবা হঠাৎ, তেনেহ’লে তলৰ যিকোনো ব্যৱস্থা লওক উপকাৰ পাব।

2 চামুচ নহৰুৰ ৰস সামান্য পানীৰে একেৰাহে ১৫ দিন খালে, পাকস্থলীৰ গেছট্ৰিক আলচাৰ, ডিঅ’ডেনাম আদিৰ পেপটিক আলচাৰ আৰোগ্য হয়।

2 চামুচ আমলখিৰ ৰসত ১ চামুচ মৌ মিহলাই ৰাতিপুৱা ১৫-২০ দিন খালে পাকস্থলীৰ ঘা আৰোগ্য হয়।

১০০ কেঁচা কল(পুৰাকল)হালধিৰ ৰসত সানি ৰাতিপুৱা আৰু গধূলি কিছুদিন খালে খাদ্যনলীৰ সকলো ঘাৰ অসুখ আৰোগ্য হয়।

পূৰঠ কেঁচা অমিতা এটা তেল, মছলা আদি নিদিয়াকৈ ৰন্ধা আঞ্জা(লোণ দিব) এমাহ খালে আলচাৰৰ অসুখ ভাল হয়।

পেটৰ অসহনীয় ঔষধ, অত্যধিক খাদ্যবস্তু খোৱা অভ্যাস ত্যাগ কৰিব লাগিব।

প্লীহাৰ বৃদ্ধি(Enlargement of Spleen):

 

প্লীহা মানুহৰ তেজৰ ভঁৰাল। তেজ অপৰিষ্কাৰ হ’লে এই ৰোগ হয়। সাধাৰণতে মেলেৰিয়া ৰোগত বেছিদিন ভুগিলে প্লীহা বৃদ্ধি হয়। আচলতে প্লীহা বৃদ্ধি অন্য ৰোগৰ উপসৰ্গহে মাত্ৰ।

ৰোগৰ লক্ষণ:

পেট বিষায়, মূৰ ঘূৰায়, শৌচ টান হয়। খোৱা লোৱাত অৰুচি হয়। শৰীৰ দুৰ্বল হৈ পৰে। শৰীৰৰ তেজ কমি যায় আৰু গাৰ বৰণ নিস্তজ হৈ পৰে।

চিকিৎসা:

1. কেঁচা মূলা চকলা চকলকৈ কাটি তাত জালুকৰ গুড়ি ছটিয়াই অলপ সৈন্ধৱ লোণ দি দিনত ৩ বাৰকৈ ৬৭ দিন খাব লাগে; উপকাৰ হয়।

2. গাজৰৰ আচাৰ খালে প্লীহাৰ ৰোগ ভাল হয়।

3. পচতীয়াৰ পাতৰ ৰস ১২ মি:লি:কৈ(২ চামুচ) একেৰাহে ৭ দিন খালে উপকাৰ হয়।

4. পিপলিৰ গুড়ি ২ চামুচ মৌৰ লগত মিহলি কৰি খালে ৰোগ নিৰাময় হয়। ৮-১০ দিন খাব লাগে।

5. কেঁচা অমিতাৰ আঠা এটোপ অলপ চেনিত পেলাই খালে প্লীহা বৃদ্ধি আৰোগ্য হয়। অমিতাৰ তৰকাৰি খালেও উপকাৰ হয়। একেৰাহে এসপ্তাহমান খাব লাগে।

6. চালকুঁৱৰীৰ ৰস ১২ মি:লি:(২ চামুচ)-ৰ লগত অলপ হালধিৰ গুড়ি মিহলি কৰি ১২ দিনমান খালে প্লীহা বৃদ্ধি আৰোগ্য হৈ যায়।

7. পকা আমৰ ৰস ৫০ মি:লি(১০ চামুচ), ২৫ মি:লি:(৫ চামুচ) মৌৰ সৈতে খালে প্লীহা বৃদ্ধি নিৰ্বাপিত হয়।

8. চতিয়না গছৰ(একেলগে সাতোটাকৈ পাত থকা এবিধ ডাঙৰ আওকাঠী গছ) বাকলি পুৰি ক্ষাৰ প্ৰস্তুত কৰি, অলপ অলপকৈ চেলেকি চেলেকি খালে প্লীহা বৃদ্ধি দূৰ হয়।

9. জেতুকা পাতৰ ৰস খালেও উপকাৰ হয়।

শৌচ কচা অসুখ(Constipation):

 

খোৱা খাদ্য ঠিকমতে হজম নোহোৱাৰ ফলতে শৌচ কচা হয়। আজিকালি প্ৰায় সকলো মানুহেই বা বেছি ভাগে এই অসুখত ভোগে। আমি খাদ্য হজম হোৱাৰ শৰীৰস্থ ব্যৱস্থাৰ বিষয়ে আগতে আলোচনা কৰিছোঁ। খোৱা খাদ্যৰ হজম হোৱাৰ কাম মুখতে আৰম্ভ হয়। পাকস্থলীত খোৱা বস্তুবোৰ সনাপিটিকা হয়। মুখৰ লালটিৰ পৰা আৰম্ভ কৰি পাকস্থলী, যকৃৎ, অগ্ন্যাশয় আদিৰ পৰা নি:সৃত নানা ৰসৰ সহায়ত খোৱা বস্তুবোৰ আধা জুলীয়া অৱস্থাপ্ৰাপ্ত হয়। ক্ষুদ্ৰ অন্ত্ৰ প্ৰায় ১৫-১৬ ফুট(৪.৫৭-৪.৮৭ মিটাৰ) দীঘল আৰু ইয়াৰ তৃতীয় অংশত থকা ভিলিবোৰে খাদ্যৰ সাৰভাগ শুহি লয় আৰু খাদ্য হজম হৈ যায়। খাদ্যৰ অলাগতিয়াল বস্তুবোৰ বৃহৎ অন্ত্ৰলৈ ভিলিবোৰ ঠেলি পঠায়। বৃহৎ অন্ত্ৰ দীঘলে ৫ ফুট(১.৫২ মিটাৰ) ইয়াত হজম প্ৰকৰণৰ কোনো কাম নাই। কিন্তু অৱশিষ্ট বস্তুবোৰৰ পৰা পানীবোৰ শুহি লয় আৰু শেষফালে কোলনত বাকীবোৰ বিষ্ঠাৰূপে জমা হয় আৰু গুহ্যদ্বাৰেৰে ওলাই যায়। খোৱা খাদ্যৰ অৱশিষ্ট নিষ্কাশনৰ শৰীৰস্থ এই প্ৰক্ৰিয়াত যিকোনো ধৰণৰ বিজুতি ঘটিলে শৌচ কচা হয়।

শৌচ কচা হোৱাৰ লক্ষণ:

শৌচ কচা মানে অসম্পূৰ্ণকৈ শৌৱ হোৱা বা কষ্টদায়ক হিচাপে শৌচ হোৱা অথবা খোৱা বস্তুৰ অৱশিষ্ট ময়লা পেটৰ পৰা কঠিন আৰু বৰ কমকৈ ওলাই অহা। ময়লা ওলাই অহা বাটত কষ্ট হোৱা বা বিষ বেদনাৰ অনুভৱ হোৱা। প্ৰতিজন পূৰ্ণ বয়স্ক লোকে গড় হিচাপত দিনত এবাৰ শৌচ কৰে। কিছুমানে দিনত দুবাৰো শৌচ কৰিব পাৰে। শৌচ কচা ৰোগ হ’লে দিনটোৰ ভিতৰত শৌচ কৰাৰ কোনো ভাবেই নহ’ব পাৰে অথবা হ’লেও কোনো জোৰ নাথাকিব পাৰে। অৰ্থাৎ শৌচ কৰিবলৈ গ’লেও যাব পাৰি নগ’লেও হয়। ফলত কোনো লোকৰ কেতিয়াবা ২-৩ দিনৰ মূৰতো শৌচ হয়।

খোৱা বস্তু ঠিক মতে হজম নোহোৱাৰ বাবেই শৌচ কচা হয়। পাকস্থলীক ৰোগৰ ঘৰ আৰু বৃহৎ অন্ত্ৰক বিষ পদাৰ্থ তৈয়াৰ হোৱাৰ থল বুলি কোৱা হয়। এইবোৰৰ অসুস্থতাৰ বাবে শৌচ কচা হয়। শৌচ কচা আকৌ অন্য ৰোগৰ লক্ষণো হ’ব পাৰে। অন্ত্ৰৰ দ্বাৰা নি:সৃত ৰস বা তৰল পদাৰ্থৰ পৰিমাণ কম হ’লে অথবা বিষ্ঠা ঠেলি উলিয়াই দিয়া জোৰ, বৃহৎ অন্ত্ৰৰ কম হ’লে শৌচ কচা হয়। বহু ক্ষেত্ৰত কিন্তু শৌচ কৰাৰ ভাব আহিলে মনোযোগ নিদি শৌচ বন্ধ কৰি ৰখা অভ্যাসৰ ফলতো পাছলৈ শৌচ কচা হৈ পৰে। শৌচ কচা অসুখ থাকিলে ভোক নোহোৱা হয়, জিভাত জাৰি বা বগা হালধীয়া ৰঙৰ চামনি পৰে, উগাৰ আহে আৰু মূৰৰ বিষ আদি নানা উপসৰ্গই দেখা দিয়ে। শৌচ কচা ৰোগ সোনকালে আৰোগ্য নহ’লে তাৰ বাবে শৰীৰত অন্য ৰোগৰো উৎপত্তি হয়; গুহ্যদ্বাৰৰ ভিতৰ(Rectum) ভাগত আৰু বাহিৰফালে(Anus) অৰ্শ হয়; বাহিৰফালে এনাছত ভগন্দৰ বা ঘা হয় অথবা ফাট মেলা(Fissure) অসুখ হয়। মেক্সিকোৰ অধ্যাপক আদিলেছে কৈছে, শতকৰা ৯৯ জন কৰ্কট ৰোগীয়েই শৌচ কচা অসুখত ভুগি থকা লোক। বিভিন্ন চৰ্ম ৰোগৰো উৎপত্তি হয়। গা খজুৱায়, মুখত ঘা, মুখমণ্ডলত দাগ পৰে, ব্ৰণ ওলায় আৰু চকুৰ তলৰ অংশ ক’লা পৰে। মুখেৰে দুৰ্গন্ধ ওলায়, পেটত গেছ হয়। কঁকালৰ বিষ থাকে। মানুহৰ লাহে লাহে এলাহ বাঢ়ি যায়, কামত একাগ্ৰতা নোহোৱা হয়। ৰোগ পুৰণি হ’লে শৌচ কৰোঁতে বল দিয়া অভ্যাস সৃষ্টি হয়। ফলস্বৰূপে পাছলৈ ভিতৰত শৌচদ্বাৰ(Rectum) বাহিৰলৈ ওলাই অহা ৰোগ(Rectal Prolopse) উৎপন্ন হ’ব পাৰে। গতিকে আৰম্ভণিতে শৌচ কচা ৰোগ বিশেষ কঠিন যেন নালাগিলেও বহু ৰোগৰ আহ্বায়ক আৰু স্থিতিস্থাপক হৈ থাকে।

শৌচ কচা হোৱাৰ কাৰণ:

খাদ্যনলীৰ দুৰ্বলতা আৰু হজম-কৰণ প্ৰক্ৰিয়াৰ কোনো বিসংগতিৰ বাবেই শৌচ কচা হয় যদিও কিন্তু খোৱা খাদ্যৰ প্ৰকাৰ আৰু গুণৰ ওপৰত শৌচ কচা হোৱা নোহোৱাটোও বহু পৰিমাণে নিৰ্ভৰ কৰে। আমাৰ পাকস্থলীক প্ৰাকৃতিকভাৱে পোৱা, খাঁটি আৰু সহজতে হজম হোৱা খাদ্য লাগে। মাছ-মাংস শৰীৰৰ বাবে আৱশ্যক হয়নে নহয় তাক লৈও দ্বিমত আছে। আধুনিক স্বাস্থ্য বিজ্ঞানে মাংসজাত  প্ৰ’টিনক উত্তম বুলি গণ্য কৰিলেও, গোটেই বিশ্বতে মাংসক লোভনীয় খাদ্য বুলি খালেও হিন্দু-সংস্কৃতি মতে ভাৰতৰ বহুলোকৰ বাবে, ধৰ্মীয় গুৰুসকলৰ মানসত মাছ-মাংস আৱশ্যকীয় খাদ্য নহয়। মাছ-মাংস নাখালেও স্বাস্থ্যৰ কোনো ক্ষতি নহয়। ব্যক্তিগত অভিজ্ঞতাৰ পৰাও দেখা যায় মাংসই শৌচ কচা কৰিব পাৰে আৰু বয়সিয়াল লোকে মাংস আৰু কণী নাখালে বেছি ভালে থাকে।
আনহাতে, এজন মানুহৰ খোৱা খাদ্যৰ অভ্যাস তেওঁ থকা ঠাইৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। যেনে- সেই ঠাইত যিবোৰ বস্তু পোৱা যায়, বংশগত পৰম্পৰা, ধৰ্মীয় অনুশাসন, সেই অঞ্চলৰ সকলো মানুহৰে সাধাৰণতে খাদ্য খোৱাৰ অভ্যাস, জিভাৰ জুতি লগাই খোৱাৰ ইচ্ছা, আনন্দ উৎসৱত খাব বিচৰা খাদ্য আৰু খাদ্য বস্তু কিনি খাবলৈ থকা যোগ্যতা আদি বিভিন্ন কথাৰ ওপৰত নিৰ্ভৰ কৰে। সকলো কৃত্ৰিম খাদ্য, মছলা দিয়া খাদ্য আৰু ভজা খাদ্য হজম হওঁতে সময় বেছি লাগে। খোৱা বস্তু যদি পেটত সময় মতে হজম নহয়, হজম হোৱা প্ৰক্ৰিয়াৰ যিকোনো ঠাইতে থাকে, সেইবোৰ পচিবলৈ আৰম্ভ কৰে, ফলত গেছ আৰু দুৰ্গন্ধৰ সৃষ্টি হয়। এই অৱস্থাৰ ফলত হজম হোৱাত ব্যাঘাত হয়, শৌচ কচা হয় আৰু মুখেৰেও দুৰ্গন্ধ ওলায়। পেটৰ যিকোনো অসুখতো শৌচ কচা হ’ব পাৰে। জণ্ডিচ, চিৰোছিছ অব লিভাৰ, ডায়েবেটিছ মেলিটাছ বা মধুমেহ আদি অসুখত অন্ত্ৰত কোনো ঠাইত কোঁচ খাই থকা অৱস্থা থাকিলে, মহিলাসকলৰ গৰ্ভাৱস্থাত শৌচ কচা হয়।

ঋতু পৰিৱৰ্তনৰ বাবে শৌচ কচা হ’ব পাৰে। যাৰ স্বাস্থ্য ভাল, অন্ত্ৰই ঠিক মতেই কাম কৰি আছে তেওঁলোকেও ঋতু পৰিৱৰ্তনৰ ফলত কেতিয়াবা শৌচ কচা হোৱাৰ প্ৰভাৱত পৰিব পাৰে। বিশেষকৈ শীতৰ প্ৰকোপ বেছি হ’লে অন্ত্ৰ আৰু পায়ুৰ(গুহ্যদ্বাৰৰ) মাংসপেশী সংকুচিত হোৱাৰ বাবে মল ওলাই অহাত বাধাপ্ৰাপ্ত হ’ব পাৰে আৰু শৌচ কচা হ’ব পাৰে।

ৰাতি উজাগৰে থাকিলেও শৌচ কচা হয়। কোনো ৰোগ থাকিলে প্ৰথমতে তাৰ চিকিৎসা কৰি ঠিক কৰি ল’লেহে শৌচ কচাৰ অসুখ দূৰ হ’ব। কিন্তু সাধাৰণ অৱস্থাত যি শৌচ কচাৰ লক্ষণ থাকে তাক নিৰাময় কৰিবলৈ তথা এই অসুখ ৰোধ কৰিবলৈ ব্যক্তিবিশেষৰ নিজৰ যত্নৰো আৱশ্যক হয়।

চিকিৎসা:

1. ৰোগৰ লক্ষণ সাধাৰণ হ’লে ৰাতি শোৱাৰ সময়ত ১০ বা ১২টা কিচমিচ পানীত ভিজাই ভালকৈ ধুই লৈ গাখীৰত সিজাই লৈ এই কিচমিচ(শুকান আঙুৰ) আৰু গাখীৰখিনি খাওক। ৰাতিপুৱা খোলোচা শৌচ হ’ব। কঠিন ধৰণৰ হ’লে ৩ দিনৰ মূৰে মূৰে ৩-৪ বাৰ মান খাওক। পাছলৈ মাজে মাজে খালেও হ’ব।

2. ১ চামুচ ত্ৰিফলা চূৰ্ণ ২00 মি:লি: সামান্য গৰম গাখীৰৰ সৈতে ৰাতি শোৱাৰ আগত খাই থাকিলে ৰাতিপুৱা শৌচ খোলোচা হ’ব।

3. ২ চামুচ ইচবগুল চূৰ্ণ এগিলাচ পানীত ৬ ঘন্টা তিয়াই ৰাখি ৰাতি সামান্য মিছিৰি গুড়ি মিহলাই খাই থাকিলে ৰাতিপুৱা শৌচ খোলোচা হ’ব। সম্ভৱ নহ’লে পানীত ভিজাই নোখোৱাকৈও খাব পাৰি। পানীৰ সলনি ২০০ মি:লি: গৰম গাখীৰত মিহলায়ে ৰাতি খাই থাকিব পাৰি। ইচবগুল চূৰ্ণবোৰ ভিজি ফুলি উঠিব দিব লাগে তাৰ পাছতহে খালে ভাল। পেট পৰিষ্কাৰ হৈ যায়।

ইচবগুল পেটত বিষ থাকিলে দৈ বা দৈৰ ঘোলৰ সৈতেও খাব পাৰি। পেটৰ কামোৰ থাকিলে আৰাম পাই যাব।

4. পুৰণি বা ক্ৰমিক ধৰণৰ শৌচ কচা হ’লে- প্ৰতিদিনে দুটা কমলাৰ ৰস ৰাতিপুৱা খালী পেটতে ৮-১০ দিন একেৰাহে খাওক। এই ৰসৰ সৈতে লোণ বা কোনো মছলা বা বৰফ ব্যৱহাৰ নকৰিব। কেৱল কমলা টেঙাৰ ৰসহে খাব আৰু খোৱাৰ পাছত ১ ঘন্টালৈ কোনো বস্তু নাখাব। পানীও নাখাব। শৌচ কচাৰ অসুখে এৰা দিব।

5. আহাৰ খোৱাৰ পাছত ৫টা তুলসীৰ পাত খালে শৌচ খোলোচা হয়। যদি শৌচ হোৱাই নাই জুলাপ খাওক।

6. ডাঙৰ মানুহক ৪ চামুচ আৰু সৰু ল’ৰা-ছোৱালীক ১ চামুচ এৰাৰ তেল(Castor oil) ৰাতি শুবৰ সময়ত বা ৰাতিপুৱা খালী পেটতে অলপ পানীৰে খাবলৈ দিয়ক। হ্ৰষ্টপুষ্ট শকত-আৱত মানুহে ২৫-৩০ মি:লি: বা ৫-৬ চামুচ খাব পাৰে। শৌচ খোলোচা হ’ব।

এৰাৰ তেল অন্ত্ৰৰ বাবে বৰ উপকাৰী। সৰু কেঁচুৱাৰ মাকৰ গাখীৰ খাই পেটৰ বিষ বা বমি হ’লে দ্বিধাহীনভাৱে খুৱাব পাৰি। বয়স অনুসাৰে ২-৩ টোপ বা ১ চামুচ খুৱাব পাৰি। এৰাৰ তেল খালে, অৰ্শ, সাঁও পৰা, গাৰ খজুৱতি আৰু চকুৰ অসুখতো উপকাৰ হয়। এৰাৰ তেল(Castor oil) এবিধ নিৰাপদ জুলাপ।

7. ১ লিটাৰ পানীত(খাব পৰা গৰম পানীত) তিনি চামুচ(চাহ চামুচ) নিমখ আৰু এটা কাগজি নেমুটেঙাৰ ৰস(গোল নেমু হ’লে দুটাৰ ৰস) মিহলাই ৰাতিপুৱা খালী পেটতে খাওক। এই নিমখ মিশ্ৰণ পানী খোৱাৰ কেইমিনিটমান পাছতে শৌচ কৰাৰ ভাব আহি যাব। শৌচ হ’লে আৰু দুবাৰমান একোগিলাচকৈ কেৱল গৰম পানী খাওক(মিশ্ৰণ নালাগে)। প্ৰতিবাৰ পানী খালেই আকৌ শৌচ হ’ব। শেষলৈ কেৱল পানীৰ বগা শৌচ হ’ব, তাত মলৰ আঁচেই নাথাকে, পেট সম্পূৰ্ণভাৱে পৰিষ্কাৰ হৈ যায়। বগা পানীৰে শৌচ হ’লে আৰু পানী খোৱাৰ আৱশ্যক নপৰে। ইয়াতকৈ ভাল জুলাপ মই একো পোৱা নাই। ই পেটৰ সকলো ৰোগকে নিৰ্মূল কৰে। মিশ্ৰণৰ জোখৰ বস্ত কিন্তু কোনোবিধৰে কমাব নালাগে। নিমখো ৩ চামুচৰ কম কৰিব নালাগে। মিশ্ৰণটো খোৱাৰ ১০-২০ মিনিটৰ ভিতৰত শৌচ হ’বই। যদি নহয় আৰু আধা জোখৰ মিশ্ৰণ পানী কৰি লৈ খাব লাগে। কেতিয়াবা শৰীৰত পানী কম থাকিলে আৰু পানী লাহে লাহে খাই থাকিলে শৰীৰে পানী শুহি লয় আৰু বৃহৎ অন্ত্ৰত গৈ পানী কম হ’ব পাৰে। ফলত শৌচ নহয়। শৌচ নোহোৱালৈকে গা ভাল নালাগে। তাৰ বাবে চিন্তাৰ কাৰণ নাই, শৌচ হ’লে নতুন জীৱন পোৱাৰ দৰে হয়। খোৱাপানী কিন্তু বিশুদ্ধ হ’ব লগে।

মিশ্ৰণটোৰ সোৱাদ উগ্ৰ টেঙা-লুণীয়া, হয়তো বহুতৰে খাবলৈ ভাল নালাগিব পাৰে। দাঁত টেঙাই যায়। সেই বাবে মিশ্ৰণ পানী খোৱাৰ পাছতে মুখ ভাল পানীৰে কুলি কৰি ধুই পেলাব লাগে। তেতিয়া আৰু এই সমস্যা নাথাকে। মিশ্ৰণৰ টেঙা লগা অসুবিধাতকৈ ইয়াৰ উপকাৰ বহুত বেছি। ই পেটৰ সকলো ধৰণৰ শূলৰোগ নিৰ্মূল কৰিব। আজিকালি বহুতৰে ডিছেন্ট্ৰিৰ(গ্ৰহণী) দোষ থকা দেখা যায়। এই মিশ্ৰণ খালে সকলো ধৰণৰ গ্ৰহণী ৰোগ(Including Amoebic Dysentery) নিৰ্মূল হৈ যায়। পেটৰ যিকোনো ৰোগ থাকিলে দুমাহমানলৈ সপ্তাহৰ মূৰে মূৰে খাব লাগে। তাৰ পাছত মাহত এবাৰ আৰু পাছলৈ মাজে মাজে খাই থাকিলেই পেট পৰিষ্কাৰ হৈ থাকে। গুৱাহাটীৰ কামাখ্যৰ ওচৰৰ উমাচল যোগাশ্ৰম আৰু যোগ হাস্পতালৰ তদানীন্তন তত্ত্বাৱধায়ক স্বৰ্গীয় স্বামী শিৱানন্দ সৰস্বতী মহোদয়ে তেখেতৰ ‘যোগবলে ৰোগাৰোগ্য’ কিতাপত ইয়াৰ উল্লেখ কৰিছে। মই তেখেতৰ ব্যক্তিগত উপদেশ আৰু এই মিশ্ৰণ ব্যৱহাৰ কৰি বিশেষভাৱে উপকৃত হৈছিলো। এই ব্যৱস্থাৰ নাম সহজ বস্তি ক্ৰিয়া। মিশ্ৰণ খোৱাৰ পাছতে সৰ্বাংগাসন বা বিপৰীত কৰণী মুদ্ৰা কৰিব লাগে বুলি লিখিছে। কিন্তু নকৰিলেও হয়। পেটৰ সকলো ৰোগৰ উপসৰ্গ নিৰ্মূল হৈ যায়।

শৌচ কচা গুচাব পাৰি:

এবাৰ পেট ওপৰৰ ব্যৱস্থাৰে পৰিষ্কাৰ ল’লেই পাছলৈ সদায় ভালে নাথাকে। মানুহৰ আহাৰ খোৱা, হজম হোৱা, শৌচ হোৱা এইবোৰ প্ৰাকৃতিকভাৱে সম্পাদিত নিতৌ কৰি থকা কাম। যাৰ ফলত কৰ্ম-সম্পাদনৰ পদ্ধতিবোৰ এক স্বভাৱত পৰিণত হ’ব খোজে। শৌচ কচা হ’ব খুজিলে, সেই বাবে হানিকাৰক স্থিতিৰ পৰিৱৰ্তে শুভ স্বভাৱলৈ পৰিৱৰ্তন হৈ যায়। পাৰ্যমানে তলৰ উপায়বোৰ অৱলম্বন কৰিলে শৌচ কচা নিৰাময় হৈ যায়। পাৰ্যমানে তলৰ উপায়বোৰ অৱলম্বন কৰিলে শৌচ কচা নিৰাময় হৈ যায়। জুলাপ লৈ থাকিলে (Purgative জাতীয় ঔষধ) শৌচ কচা হোৱাৰ প্ৰৱণতা(শৰীৰৰ তৎ সম্পৰ্কীয় অংগৰ শৌচ ধৰি ৰখাৰ ক্ষমতা (Registance) বাঢ়ি যায়। সেইবাবে ঘনঘনকৈ জুলাপ খাই শৌচ খোলোচা ক্ষেত্ৰত এই প্ৰতিক্ৰিয়া আৰু বেছি হয়। জুলাপ লৈ পেট এবাৰ পৰিষ্কাৰ কৰি লোৱাৰ পাছত তলৰ উপায়বোৰ অৱলম্বন কৰিলে শৌচ কচা অসুখ আঁতৰিব

শৌচ কচা বা কনষ্টিপেছন(Constipation) গুচাবলৈ হ’লে বা নোহোৱাকৈ থাকিবলৈ হ’লে প্ৰথম আৰু অতি আৱশ্যকীয় কথা হ’ল খাদ্য বাছি-বিচাৰি খাব লাগিব। একেবাৰে সহজ-সৰল পাচ্য, প্ৰাকৃতিকভাৱে উপলব্ধ খাদ্য খাই থাকিলে শৌচ কচা হোৱাৰ প্ৰশ্নই নুঠে। কিন্তু তেনে খাদ্য খাই জীৱন-ধাৰণ কৰি থকাৰ পৰিৱেশ মানুহৰ নাথাকে। যোগী আৰু ধৰ্মীয় গুৰুসকলৰ যাৰ খোৱা-লোৱা একক ব্যৱস্থাৰে চলে বা যাৰ ইচ্ছাই অনুগতসকলৰ বাবে শীৰোধাৰ্য হয় তেওঁলোকৰ বাবে ই সম্ভৱ হ’লেও সৰ্বসাধাৰণ গৃহবাসী লোকৰ বাবে নিজৰ ইচ্ছা মতে খাদ্য খোৱাটো সম্ভৱ নহয়। ৰন্ধা খাদ্য কম-বেছি পৰিমাণে হ’লেও সকলোৰে বাবে গ্ৰহণযোগ্য হ’ব লাগিব। আনহাতে, সোৱাদ লগা বস্তু খাবলৈ সকলোৰে মনৰ হেঁপাহ অলপ হ’লেও থাকে। গতিকে মানুহে খাব নালাগিছিল বুলি জানিও খাদ্যদ্ৰব্য কেতিয়াবা খায় আৰু তেনে বিৰুদ্ধ কৰ্ম বহুলোকৰ ক্ষেত্ৰত প্ৰায়ে চলি থাকে। তাতে আজিকালি কৃত্ৰিম খাদ্য বস্তুৰ পয়োভৰ অতি বেছি হৈ পৰিছে। ফলত বহু লোকে শৌচ কচা অসুখত ভুগি থকা দেখা যায়। তাৰ মাজতো সতৰ্ক হৈ বাছ-বিচাৰ কৰি খোৱা-লোৱা কৰিলে শৌচ কচা অসুখত পৰা হাত সাৰি থাকিব পাৰি।

কঢ়া ভজা বস্তু, জালুক, জলকীয়া, মিঠাই আৰু মাড়যুক্ত খাদ্য কমকৈ খাব লাগে অৰ্থাৎ কাচিৎ কেতিয়াবাহে খাব লাগে। সেউজীয়া শাক-পাচলি আঁহযুক্ত খাদ্য আৰু চালাদ বা কেঁচাই কেঁচাই খাব পৰা কিছুমান শাক-পাচলি খোৱা আহাৰৰ তালিকাত সদায় থাকিব লাগে। পাটনাৰ এসময়ৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অব যোগ’ৰ সঞ্চালক ডা: ফালগেণ্ডা সিনহাই(Dr. Phulgenda Sinha) প্ৰতিদিনে আমাৰ খাদ্যৰ সৈতে আধাকাপমান ‘চালাদ’ থাকিব লাগে বুলি পৰামৰ্শ দিছে আৰু কৈছে যে দিনৰ আৰু ৰাতিৰ আমাৰ আহাৰ খাওঁতে প্ৰথমেই চালাদখিনি খোৱা ভাল। সকলো শাক-পাচলি, যিবোৰ কেঁচাই খাব পাৰি যেনে বিলাহী, বন্ধাকবি, তিঁয়হ, গাজৰ, বিট, পিঁয়াজ আদি চালাদ হিচাপে খাব পাৰি। কিন্তু চালাদ বনাওঁতে তিনিবিধতকৈ বেছি বস্তু এবাৰতে মিহলি কৰিব নালাগে। এই ধৰণে খালে শৌচ খোলোচা হোৱাত সহায়ক হয়। শৌচ কঠিন অথবা আঠাযুক্ত নহয়।

2.  অশ্বিনী মুদ্ৰা:

 

শৌচ হ’ব যেন লাগি পায়খানালৈ গৈ বহি থাকিলেও যদি পায়খানা নহয়, বল দি শৌচ কৰিবলৈ যত্ন নকৰিব। ই গৈ অভ্যাসত পৰিণত হয় আৰু তাৰ ফলত পাছলৈ অন্তৰস্থ গুহ্যদ্বাৰ বাহিৰ ওলাই অহা(Rectal Prolapse) অতি কষ্টদায়ক অসুখ হোৱাৰ সম্ভাৱনা থাকে। গতিকে বল দি বহি নাথাকিব বা শৌচ কৰিবলৈ যত্ন নকৰিব। তাৰ পৰিৱৰ্তে গুহ্যদ্বাৰৰ মুখৰ মাংসপেশীবোৰ এবাৰ সংকোচন কৰি চেপি ধৰক আকৌ শিথিল কৰি দিয়ক। তেনেকৈ ৪০-৫০ বাৰ প্ৰথমে সংকোচন আৰু তাৰ পাছত শিথিলকৰণ ক্ৰিয়া কৰি কচৰৎ কৰক। গুহ্যদ্বাৰ চেপি বন্ধ কৰোতে দুয়ো হাতেৰে দুয়ো হাতেৰে প্ৰতিবাৰতে দুয়োহাতৰ আঙুলিবোৰ হাতৰ তলুৱাত সোমাই লৈ মুঠি মাৰি ধৰি ধৰি বল প্ৰয়োগ কৰিব পাৰে। ইয়াৰ নাম অশ্বিনী মুদ্ৰা। ইয়াৰ ফলত বৃহৎ অন্ত্ৰৰ কোলনত(গুহ্যস্থলীত) ঢৌ উৎপাদিত(Peristaltic Movement)হয় আৰু শৌচ ওলাই আহে।

3. গণেশ ক্ৰিয়া:

আমাৰ ভাৰতবৰ্ষত যোগীসকলৰ মাজত বৃহৎ অন্ত্ৰৰ কোলন(পেট) খালী কৰিবৰ কাৰণে ‘গণেশ ক্ৰিয়া’ কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। যদি শৌচ কৰোঁতে পেট খালী হোৱা যেন নালাগে, শৌচ ৰৈ থকা যেন অনুভৱ হয়- বাওঁ হাতৰ তৰ্জনী আঙুলিটো গুহ্যদ্বাৰেৰে সম্পূৰ্ণভাৱে সুমুৱাই দি কিছু সময় ধৰি থাকিব লাগে। তাকে কৰিলে কোলনৰ মাংসপেশীৰ কনট্ৰাকছন এণ্ড ৰিলাক্সেছন আৰম্ভ হয়। চুঙাৰ মাজৰ ঢৌ উঠাৰ দৰে হৈ গতি শক্তিৰ(Peristaltic Movement) সৃষ্টি হয় আৰু বৃহৎ অন্ত্ৰৰ পৰা মলবোৰ ঠেলি বাহিৰ কৰি দিয়ে। শৌচ হয়। আঙুলিৰ নখ চুটিকৈ কটা থাকিলে ভাল।

4.শিৱম্ভু বা স্ব-মূত্ৰ সেৱন:

শৌচ কচা নিবাৰণৰ ফলপ্ৰদ আন এক উপায় হ’ল শিৱম্ভু বা স্ব-মূত্ৰ সেৱন(Urine Therapy)। ৰাতিপুৱা শৌচ কৰাৰ পাছতো পেটতে ২০০-২২৫ এম:এল: স্ব-মূত্ৰ প্ৰতিদিনে সেৱন কৰিব লাগে শৌচ কচা হোৱাৰ সমস্যা আৰু নাথাকে।

‘From Old Age to Youth’ কিতাপৰ লেখক দিল্লীৰ কাংগ্ৰি বিশ্ববিদ্যালয়ৰ তৎকালীন উপচাৰ্য ডা: সত্যব্ৰত সিদ্ধান্তলংকাৰে এবাৰ স্ব-মূত্ৰ সেৱন পদ্ধতিৰ বিষয়ে জানিবলৈ মুম্বাইৰ মোৰাৰজীভাই দেশাইলৈ চিঠি লিখিছিল। মোৰাৰজীভাই দেশাই এসময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁ ভাৰতীয় সংস্কৃতিৰ ওপৰত পূৰ্ণবিশ্বাসী আছিল। চিঠিৰ উত্তৰ মোৰাৰজীভাই দেশায়ে লিখিছিল- “I am taking it regularly for last ten years with the result that it has cured me of the inveterate constipation of ten years. I take it every day and after evacuation and before taking bath. I massage with it the part where prostrate is situated. I wash my eyes with it morning and evening. I put some drops of it in the ears for it prevents deafness. Ten years before I had the symptoms of oncoming cataract. Since I have started washing my eyes with it cataract has not progressed and consequently, I have no visual complaint. Early in the morning after leaving the bed I take 6 to 8 ounces(190 ml to 227 ml approximately) of urine. If I feel restlessness then second time also I take it in the afternoon or at night, but this seldom happens”.

“মই যোৱা দহ বছৰ ধৰি এইটো খাই আছো আৰু ফলস্বৰূপে দহ বছৰীয়া পুৰণি বদ্ধমূল শৌচ কচা অসুখৰ পৰা আৰোগ্য হ’বলৈ সক্ষম হৈছো। মই ৰাতিপুৱা সদায় শৌচ কৰাৰ পাছত আৰু গা ধোৱাৰ আগতে খাঁও। মই মূত্ৰগ্ৰন্থী থকা ঠাইখিনিও ইয়াৰে মালিচ কৰো। মই ৰাতিপুৱা আৰু গধূলি ইয়াৰে চকু ধোওঁ। কেইটোপালমান মই কাণতো দিওঁ, কাৰণ ই বধিৰতা দূৰ কৰে। দহ বছৰৰ আগতে মোৰ চকুৰ ছানিৰোগ আৰম্ভ হৈছিল। মই যেতিয়া ইয়াৰে চকু ধুব ধৰিলো চকুৰ ছানি আৰু নাবাঢ়িল। মোৰ এতিয়ালৈ আৰু দৃষ্টিশক্তিক লৈ কোনো সমস্যাৰো সৃষ্টি হোৱা নাই। ৰাতিপুৱা সোনকালে বিছনা এৰিয়েই মই ৬-৮ আউন্স(১৯০ মি:লি:-ৰ পৰা ২২৫ মি:লি:) মোৰ পেচাব খাওঁ। কেতিয়াবা অস্থিৰতা অনুভৱ হ’লে দ্বিতীয়বাৰলৈও আবেলি বা ৰাতি খাওঁ, কিন্তু সেইটো কেতিয়াবাহে হয়।

মোৰাৰজীভাই দেশাইৰ ভাষ্যৰ পৰা এইটো প্ৰমাণিত হৈছে যে স্ব-মূত্ৰ সেৱনে নানাভাৱে শাৰীৰিক দিশত মানুহৰ উপকাৰ সাধন কৰে।

তলত উল্লেখ কৰা নিয়মবোৰ পালন কৰিলে শৌচ কচা নহয়।

  1. সদায় আহাৰ উচিত আৰু এক নিৰ্দিষ্ট সময়ত খাব লাগে। খোৱা খাদ্য হজম হ’বলৈ খাদ্যৰ অৱশিষ্ট অদৰকাৰী বস্তুবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিবলৈ আমাৰ শৰীৰৰ আভ্যন্তৰীণ অংগ-প্ৰত্যংগবোৰে এক নিৰ্ধাৰিত নিয়মৰ মাজেৰে কাম কৰি থাকে। তাৰ বাবে আমি শৰীৰে বিচৰা সময় মতে আহাৰ খোৱা উচিত। তেতিয়া খোৱা বস্তু নিয়মিত হজম হৈ যোৱাত সহায়ক হয়।

আয়ুৰ্বেদ শাস্ত্ৰই আমাৰ শৰীৰৰ আভ্যন্তৰীণ কোন সময়ত কি ধৰণে সম্পাদিত হয় তাৰ উল্লেখ কৰি ‘ত্ৰিদোষ’ ‘বায়ু পিত্ত কফ’ সময়ৰ কথা কৈছে। সেই বিধি মতে ৰাতিপুৱা ৬ বজাত ‘কফ’ সময়। সেই সময়ত শৰীৰৰ নলীবোৰৰ শ্লেষ্মাবোৰ কাজুৱা হৈ উঠে। এই বিজলুৱা বস্তুবোৰে শৰীৰৰ অপৱিত্ৰ বস্তুবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া কালত লাগে। ‘কফ’ সময় ৬ বজাত আৰম্ভ হয়, ৮ বজাত ইয়াৰ শীৰ্ষ সময় আৰু ১০ বজাত ‘কফ’ সময় শেষ হয়। গতিকে ৮ বজাত শৌচাচাৰ কাৰ্য সমাপন কৰিব লাগে। পাছলৈ ৰোৱা অভ্যাস কৰিলে শৌচ কচা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈ ‘পিত্ত’ সময় আৰু হজম কৰাৰ সময়। এই সময়ত আগ্নেয় শক্তি কাজুৱা হৈ উঠে। এই সময় ৰাতিপুৱা ১০ বজত আৰম্ভ হয় আৰু দুপৰীয়া ১২ বজাত উচ্চ শিখৰত উঠে(Peak Time) আৰু আবেলি ২ বজাৰ পাছত নোহোৱা হয়। গতিকে দিনৰ মুখ্য আহাৰ দুপৰীয়া ১২ বজাৰ আগৰ পৰ কিছু পাছলৈ এই সময়ত খালে খোৱা খাদ্য সহজে হজম হৈ যায়। ২ টাৰ পাছত আহাৰ খালে সি বদহজমৰ সৃষ্টি কৰিব।

আবেলি ২ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ ‘বায়ু’ সময়। এই বায়ুৰ সময় ২ বজাত আৰম্ভ হয়, ৪ বজাত পিক টাইম আৰু সন্ধ্যা ৬ বজাত শেষ হয়। এই সময়ত শৰীৰৰ ভিতৰৰ খালী ঠাইবোৰ আৰু নলীবোৰৰ ভিতৰত বায়ুৱে(Air) কাম কৰে। পাকস্থলী খালী কৰি লোৱাৰ কাম কৰে। এই সম্যত প্ৰধান আহাৰ পেট ভৰাই আহাৰ খালে প্ৰকৃতিৰ কামত খেলিমেলি লগাই দিয়া হয়। সেই আহাৰ হজম হোৱাত ব্যাঘাত ঘটে। ফলত অসুখ হয়।

এইবোৰ হৈছে প্ৰাকৃতিক নিয়ম আৰু এই নিয়মবোৰ মহাশক্তিমান সূৰ্যই পৰিচালনা কৰে।সুৰ্যই হৈছে পৃথিৱীৰ সকলো শক্তিৰে উৎস। প্ৰকৃতিৰ এই নিয়মবোৰ উলংঘা কৰিলে আমি কষ্ট ভোগ কৰিব লগ হয়। পিত্ত সময়ৰ বাহিৰত আহাৰ খালে পাকস্থলীৰ ঘা, ডিঅ’ডেনামত ঘা, হাঁপানি, থ্ৰম্বোছিছ বহুমূত্ৰ, মধুমেহ আদি ৰোগ হোৱাৰ শংকা ওপজে। তেনেকৈ ‘বায়ু’ৰ সময়ত খোৱা খাদ্যই শৰীৰত ফোঁহা বা টিউমাৰ আৰু অদৰকাৰী কোষ বৃদ্ধি কৰিব পাৰে।

গতিকে আহাৰ উচিত আৰু সদায় এক নিৰ্দিষ্ট সময়ত খাব লাগে। তেনেকৈ ৰাতিৰ আহাৰ ৮ বজাৰ ভিতৰতে খাব লাগে। কাৰণ ১০ বজাত শোৱাৰ সময়। শোৱাৰ ২-৩ ঘন্টা আগত আহাৰ খাব লাগে।

2. যি খায় ভালকৈ চোবাই খাওক। মুখত কিছু সময় ৰাখি ৰাখি খাওক।

3. ৰাতিপুৱা ৮ বজাৰ ভিতৰতে পায়খানালৈ যোৱাৰ অভ্যাস কৰক।

4. শৌচ লগাৰ ভাব আহিলে অৱহেলা কৰি শৌচৰ গতি বন্ধ কৰি নাৰাখিব।

5.প্ৰতিদিনে ৮-১০ গিলাচ পানী(দুই-আঢ়ৈ লিটাৰ) খাওক। ই শৌচ খোলোচা ৰখাৰ উপৰি পাথৰ হোৱা ৰোগ যেনে কিডনি ষ্টোন, গলব্লাডাৰ ষ্টোন আদি ৰোধ কৰিব। আহাৰ খাওঁতে বেছি পানী(ডাঙৰ এগিলাচো) নাখাব, খোৱাৰ এঘন্টাৰ ভিতৰতো নাখাব। কাৰণ তেতিয়া পাকস্থলীত আহাৰ মন্থনৰ কাম পূৰ্ণোদ্যমে চলি থাকে। পাকস্থলীৰ বেৰবোৰৰ পৰা গেছট্ৰিক জুইচ বা ৰস ওলাই মিহলি হৈ থাকে। তাতে পানী পৰিলে ৰসবোৰ পাতল হৈ ক্ষমতা কমি যায়। খোৱাৰ এঘন্টা পাছত পানী খাওক। তেতিয়া পাকস্থলীৰ কাম প্ৰায় শেষ হৈ আহে। পানী মাজে মাজে একোগিলাচমান খাই থাকক, খাওঁতে লাহে লাহে খাব, মুখত অলপ সময় ৰাখি ঢোক গিলিব। যদি শৌচ কচাৰ ভাব হৈছে তেনেহ’লে আপুনি যি পৰিমাণত পানী খাই আছে তাতকৈ বেছিকৈ খাওক। ৰাতিপুৱা খালী পেটতে ‘ঊষা’ পান কৰক। তামৰ পাত্ৰত ৰাখি খোৱা পানী বেছি উপকাৰী; নাপালে মাটিৰ পাত্ৰত থোৱা পানীও খাব পাৰে। এই সময়ত ২-৩-৪ গিলাচলৈ খাব পাৰি। আহাৰ খাওঁতে খাদ্য বস্তু গিলাৰ সুবিধাৰ বাবে যি লাগে কম পৰিমাণে পানী খাওক। দিনটোৰ ভিতৰতে বেছি পানী খোৱা অভ্যাস কৰিলে কিডনি ভালে থাকে। শৰীৰৰ বৰ্জ্য বস্তুবোৰ শৌচ, পেচাব আৰু ঘামৰ মাধ্যমেৰে ভালকৈ ওলাই গৈ থাকে। শৰীৰ ভালে থকাত সহায়ক হয়।

6. প্ৰতিদিনৰ খাদ্যৰ তালিকাত ৰন্ধা বস্তুৰ উপৰিও সাধ্যানুসৰি প্ৰাকৃতিক আহাৰ, যেনে- সময়ৰ ফল, গজালি মেলা মুগ, বুট, মাটিমাহ, ছয়াবিন, মেথি আদি আৰু গাজৰ, মূলা, বন্ধাকবি, তিঁয়হ, বিট, বিলাহী, কেঁচা পিঁয়াজ আদিৰ চালাদ অলপ বেছিকৈ ৰাখক। এই সকলো বস্তুকে এসাজতে খাব নালাগে। ৰন্ধা খাদ্য আৰু ফলৰ বাহিৰে বাকীবোৰৰ দুই বা তিনিবিধমানহে ৰাখিব লাগে।

7. কেইটামান যোগাসন কৰিব পাৰে, সৰ্বাংগাসন, যোগমুদ্ৰা আৰু নিয়লি ক্ৰিয়া কৰিলে শৌচ কচা অসুখ দূৰ হৈ যায়।

সৰ্বাংগাসন:

পদ্ধতি:

পকা মজিয় বা সমান কৰা মাটিত গালিচা বা কম্বল পাৰি লৈ তাত ওপৰলৈ মুখ কৰি শোৱক। ভৰি টানকৈ দুয়োখন লগ লগাই লওক। কাপোৰ-কানি, কম্বল সকলোকে মাটি বুলিয়ে ধৰা হৈছে। এতিয়া নিশাহ লাহে লাহে এৰক আৰু ভৰি দুয়োখন লাহে লাহে ওপৰলৈ উঠাওক। ভৰিৰ বুঢ়া আঙুলি আৰু গোৰোহা দুটা আকাশ বা চিলিঙৰ ফালে লৈ যাওক আৰু কান্ধৰ ওপৰত শৰীৰটো থিয় কৰি ভৰি দুয়োখন লম্বৰ দৰে কৰি থিয় কৰক। নিশাহ এৰা শেষ কৰক। উশাহ লওঅক আৰু এক-দুই-তিনি-চাৰিকৈ সংখ্যাবোৰ ৫০-১০০-৩০০ যিমান পাৰে গণক। হাত দুয়োখনেৰে দুয়োফালে কঁকালত ধৰি শৰীৰটো ওপৰলৈ থিয় কৰি ৰাখিব। সংখ্যা সদায় এক নিৰিখত গণিব। আসনত থকা সময় ৩ৰ পৰা ৫ মিনিট।

ই এটি অতি মহত্ত্বপূৰ্ণ যোগাসন। প্ৰায় সকলো ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে, যোগাচাৰ্যসকলে এই আসন অভ্যাস কৰিবলৈ উপদেশ দিছে আৰু ইয়াক ‘asana for all cure‘ বুলি আখ্যা দিছে।

প্ৰথমতে বিশেষকৈ বয়সিয়াল লোকৰ বাবে ভৰি ওপৰলৈ উঠাবলৈ কিছু অসুবিধা হ’ব পাৰে। ই স্বাভাৱিক। কিন্তু যেনেকৈ পাৰি যিমান পাৰি তাকে কৰক। এমাহ-দুমাহ অভ্যাস কৰাৰ পাছত সহজ হৈ পৰিব। বেছি অসুবিধা পালে ভৰি দুখন আঁঠুত ভাজ লগাই চুটি কৰি লৈ কঁকালটো ওপৰলৈ উঠাওক। তাৰ পাছত এখন ভৰি ওপৰলৈ পোনাই দি লম্বৰ দৰে থিয় কৰক। পাছত ভৰিখন আঁঠুত ভাজ লগাই গোৰোহা নমাই আনক আৰু সিখন ভৰি পোনাই দি ওপৰলৈ উঠাওক। তেনেকৈ এবাৰ ইখন এবাৰ সিখন ভৰি ওপৰলৈ উঠাই কিছুদিন অভ্যাস কৰিলে আসনটো সহজ হৈ পৰিব। দুয়োখন ভৰিকে উঠাব পাৰিব।

উপকাৰিতা:

এই আসনটো কৰিলে শৰীৰৰ প্ৰায় সকলো অংগ-প্ৰত্যংগৰ ব্যায়াম হয়। ফলত প্ৰায় সকলো অংগৰে বল বৃদ্ধি কৰে আৰু কৰ্মক্ষম কৰি তোলে। ইয়াৰ ফলত মূৰৰ অংগ-প্ৰত্যংগ, যেনে- চকু, কাণ, মগজুলৈ ৰক্ত সঞ্চালন বৃদ্ধি হয়। সৰ্বাংগাসন কৰিলে হাওঁফাওঁৰ উশাহ লোৱা নলীবোৰৰ(Bronchioles) ভাল কচৰৎ হয়, দুৰ্বলতা দূৰ হয়। হাঁপানি বা শ্বাসৰোগীৰ বাবে ই আশীৰ্বাদস্বৰূপ। অন্ত্ৰবোৰতো ভাল প্ৰভাৱ পৰে আৰু বৃহৎ অন্ত্ৰক সবল কৰি তোলে। শৌচ কচা ৰোগ থাকিলে দূৰ হয়।

যোগমুদ্ৰা:

এই মুদ্ৰাটিৰ অভ্যাসৰ ফলত শৰীৰ যোগ সাধনাৰ বাবে উপযোগী হৈ থাকে, অৰ্থাৎ সাধক নিৰোগী হৈ থাকে। সেই বাবে ইয়াৰ নাম যোগমুদ্ৰা।

পদ্ধতি:

পদ্মাসনত বহক। যিসকলে পদ্মাসনত বহিব নোৱাৰে সেই ভংগীত ভৰি দুখন কোঁচাই লৈ যেনেকৈ পাৰে তেনেকৈ বহক। সোঁ ভৰিখন আঁঠুত ভাজ লগাই মাটিত লগাই বহক। বাওঁ ভৰিৰ গোৰোহা, ভৰিপতা সোঁ কৰঙনৰ ওপৰত থওক। নোৱাৰিলে য’তে পাৰি ত’তে ৰাখক। হাত দুয়োখন পাছফালে নি বাওঁ হাতেৰে সোঁ হাতৰ কব্জিত(Wrist) ধৰিব। মহিলাসকলে সোঁহাতেৰে বাওঁ হাতৰ কব্জিত ধৰিব। এতিয়া নিশাহ এৰি এৰি(Continuously) মূৰটো নমাই দি থাকক। পাৰিলে কপালখন মাটিত লগাই দিয়ক। নোৱোৰিলে যিমানখিনি তললৈ নিব পাৰে তাতে ৰাখক আৰু ৫ ছেকেণ্ড নিশাহ এৰা বন্ধ কৰক আৰু তাৰ পাছত উশাহ লৈ লাহে লাহে মূৰটো ওপৰলৈ আগৰ অৱস্থালৈ আনক। প্ৰথম অৱস্থাত আসনটো দুবাৰমান কৰি পাছলৈ চাৰিবাৰলৈ বঢ়াব। উশাহ-নিশাহ বন্ধ কৰি থকা ৫ ছেকেণ্ড সময়ৰ বাবে ১-২-৩ কৈ ৬ সংখ্যালৈ গণিলে ৫ ছেকেণ্ড পূৰ্ণ হ’ব।

এই আসনে যকৃতৰ দুৰ্বলতা নাশ কৰে। গেছট্ৰিক অসুখ গুচায়। শৌচ কচা নোহোৱা কৰে। হজম শক্তি বঢ়ায়।

নিয়লি ক্ৰিয়া:

এই ক্ৰিয়াৰ দ্বাৰা অন্ত্ৰৰ তথা তলপেটৰ সকলো অংগ-প্ৰত্যংগৰে ভাল কচৰৎ হয়। গতিকে ই এটি অতি আৱশ্যকীয় এক্সাৰচাইজ বা কচৰৎ।

পদ্ধতি:

চকী এখনত বহাৰ দৰে শৰীৰটো ভাজ লগাই থিয় হওক। হাতৰ তলুৱাবোৰ নিজ নিজ ফালৰ আঁঠুৰ ওপৰত ৰাখক। এতিয়া লাহে লাহে একাধাৰে(Continuously) নিশাহ এৰি এৰি তলপেটৰ মাংসপেশীবোৰ পেটৰ ভিতৰফালে টানি নি ৰাজহাড়ত লগোৱাৰ দৰে কৰক। ই নিয়লি ক্ৰিয়াৰ প্ৰথম কচৰৎ। এই অৱস্থাত থাকি সংখ্যা ১২ বাৰলৈ গণক। এইবাৰ পেটৰ মাংসপেশীবোৰ সোঁফালৰ পৰা বাওঁফালে ঘূৰুৱাৰ দৰে কৰক। তাৰ পাছত আকৌ ওলোটাকৈ বাঁওফালৰ পৰা সোঁফালে ঘূৰুৱাৰ দৰে কৰক। মাংসপেশী সম্পূৰ্ণ নুঘূৰে, কিন্তু লৰিব টান খাব। গতিকে বল দিয়ক আৰু মনতে ঘূৰাব দৰে হোৱা বুলি ভাবক। এয়া নিয়লিৰ দ্বিতীয় ক্ৰিয়া সমাপন হ’ল। এই ক্ৰিয়া এবাৰ ইফালে এবাৰ সিফালে ১-২ কৈ গণি ৪০-৫০ বা কৰিব। তাৰ পাছত আগৰ দৰে তলপেটৰ মাংসপেশীবোৰ এবাৰ ভিতৰফালে টানি সোমাই দিয়ক আৰু এবাৰ ঠেলি বাহিৰলৈ উলিয়াই দিয়াৰ দৰে কৰক। এয়া নিয়লিৰ তৃতীয় ক্ৰিয়া সমাপন হ’ল। এই ক্ৰিয়াও ১-২ কৈ গণি ৪০-৫০ বাৰ কৰক।

এই কচৰতবোৰৰ ফলত তলপেটৰ ভিতৰত থকা সকলো অংগ, যেনে- ক্ষুদ্ৰ অন্ত্ৰ, বৃহৎ অন্ত্ৰ, মহিলাৰ এইবোৰৰ লগতে ডিম্বকোষ আদিৰ ভাল এক্সাৰচাইজ হয়। মাংসপেশীবোৰ সবল হৈ কৰ্মক্ষম হৈ উঠে। যকৃৎ, অগ্ন্যাশয়, প্লীহা আদিৰো ক্ষমতা বাঢ়ে। যকৃতৰ পাৰ বাইল(পিত্তৰস), অগ্ন্যাশয়ৰ পৰা ইনছুলিন(তিক্তৰস) ঠিকমতে উৎপন্ন হয়। প্লীহাই তেজৰ ভঁৰাল হিচাপে কাম কৰে আৰু মৃত ৰক্তকণিকাবোৰ বাহিৰ কৰি দি থাকে। প্লীহাৰ কামো ঠিক মতে চলে। অন্ত্ৰবোৰৰ কামো ঠিকমতে চলে আৰু শৌচ কচা নহয়।

যোগমুদ্ৰা, নিয়লি ক্ৰিয়া সৰল কচৰৎ, তাৰ পৰা প্ৰতিক্ৰিয়া একো হোৱাৰ সম্ভাৱনাই নাই। যি কৰক, যেনেকৈ নকৰক, পেটৰ অংগবোৰৰ লৰচৰ হোৱাৰ ঘৰ্ষণৰ সৃষ্টি হয়। যোগাসন বা ব্যায়াম আদিৰ মূল লক্ষ্য হ’ল যথাস্থানত ঘৰ্ষণৰ সৃষ্টি কৰি তাত তেজৰ চলাচল যথোচিত কৰি তোলা। উপযুক্তভাৱে অংগ-প্ৰত্যংগই তেজৰ সৰবৰাহ পাই থাকিলে সেই অংগ-প্ৰত্যংগই ঠিকমতে কাম কৰিবলৈ সক্ষম হয় আৰু তাত কোনো ৰোগৰ সৃষ্টি হ’ব নোৱাৰে। কিবা অসুখ হ’ব খুজিলে সিও আৰোগ্য হৈ যায়। ই হ’ল প্ৰকৃতিদেৱী প্ৰদত্ত মানৱ শৰীৰৰ ক্ষমতা।

শৌচ কচা নিৱাৰণৰ বাবে তলত দেখুওৱা ব্যায়ামটোও কৰিব পাৰি।

পদ্ধতি:

পকা মজিয়া বা সমান কৰা মাটিত গালিচা বা কম্বল পাৰি লৈ পিঠি তলৰ ফালে ৰাখি ওপৰফালে মুখ কৰি শুই পৰক। কঁকালৰ তলত ইচ্ছা কৰিলে গাৰু এটা বা কাপোৰৰ নুৰা এটা সুমুৱাই ল’ব পাৰি। দুয়োখন হাত দুয়োকাষে গাৰ সমান্তৰালকৈ মাটিত ৰাখক। এতিয়া উশাহ লৈ লৈ হাতেৰে মাটিত হেঁচা দি ভৰি দুখন ওপৰলৈ উঠাওঁতে আৰু কঁকালত ভাজ লগাই ভৰি দুখন লম্বৰ দৰে থিয় কৰক। ভৰি উঠাওঁতে আঠুত ভাজ নলগাব, ভৰি টানকৈ ৰাখিব। এতিয়া নিশাহ এৰি এৰি ভৰি দুখন একেলগে তললৈ নি মাটিত পাৰি দিয়ক। ভৰি উঠাওঁতে আৰু তললৈ নমাওঁতে তাৰাতাৰি নকৰিব। এতিয়া স্বাভাৱিকভাৱে উশাহ লওক, ১০-১৫ মিনিট।

আপোনাৰ নাভিৰ চাৰিওফালে বৃহৎ অন্ত্ৰ আছে। খাদ্যৰ অদৰকাৰী অৱশিষ্ট বস্তুবোৰ ইয়াত থাকোঁতে বৃহৎ অন্ত্ৰৰ শেষৰ ফালে থকা কোলন(Sigmoid Colon) বা গুহ্যস্থলীত বিষ্ঠাৰূপে জমা হৈ থাকে।

ছিগমইড কোলনৰ এই অংশ নাভিৰ বাওঁফালে তলৰ পেটৰ নিম্ন ভাগত, বাওঁ ‘পানী কোষলী’ৰ(Groin) ওপৰফালে অৱস্থিত। হাতেৰে মালিচ কৰাৰ দৰে নাভিৰ পৰা তললৈ ঠেলি ঠেলি আৰু যিমান তললৈ যায় বাওঁফালে এই কলন অংশত মৃদু হেঁচা দি পিহি পিহি দিয়ক। তেনেকৈ ২০-২৫ বাৰ মালিচ কৰক। এই কচৰতবোৰ কৰি থাকিলে শৌচ ঠিক মতে হ’ব। কিবা প্ৰতিবন্ধক থাকিলে সি দূৰ হৈ যাব। কিছুদিন অভ্যাস কৰি থাকিলে শৌচ কচা নহয়।

 

লেখক: ব্ৰজনাথ শৰ্মা

3.15217391304
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top