মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হোমিঅʼ আৰু আকুপাংচাৰ / স্ত্ৰীৰোগ আৰোগ্যত হোমিও চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্ত্ৰীৰোগ আৰোগ্যত হোমিও চিকিৎসা

স্ত্ৰীৰোগ আৰোগ্যত হোমিও চিকিৎসা

আগকথা

আধুনিক চিকিৎসাবিজ্ঞানৰ মতে মানৱ জাতিৰ স্থূল দেহত ব্যাধিৰ উৎপত্তি হয়। কোনো ৰোগৰ স্বৰূপ বুজিবলৈ প্ৰথমে ইয়াৰ উৎপত্তি, অনুসন্ধান কৰা আৰু কাৰণ সমূহ জানি ল’ব লাগে। জীৱদেহত যেতিয়া ৰোগ-উৎপাদক কাৰণ জন্ম হয় বা প্ৰৱেশ কৰে তেতিয়াই ৰোগ প্ৰকাশ পায়। মানুহৰ দেহত যেতিয়া কোনো ৰোগৰ বীজাণুৱে আক্ৰমণ কৰে তেতিয়াই ৰোগৰ লক্ষণবোৰ প্ৰকাশ পায়। স্ত্ৰী-পুৰুষ উভয়ৰে ৰোগসমূহ কেইবাটাও ভাগত ভাগ কৰিব পাৰি। প্ৰথমত: স্ত্ৰী-পুৰুষ উভয়ৰে সাধাৰণ বেমাৰৰ উৎপত্তি হয়। যেনে – বসন্তৰোগ, সন্নিপাত জ্বৰ, মেলেৰীয়া, বদহজম, বমি, পেটৰ বিষ, চকুৰ বিষ, দাঁতৰ বিষ, বিভিন্ন প্ৰকাৰৰ জ্বৰ আদি। দ্বিতীয়তে: মানুহৰ শেষ জীৱনত বা বৃদ্ধ অৱস্থাত হোৱা অসুখবোৰ হ’ল – ছানি(Senile Cataract), মূত্ৰ ধাৰা বা মূত্ৰযন্ত্ৰৰ আৰু গ্ৰন্থিৰ পীড়া(Prostratc Enlargement) ইত্যাদি। তৃতীয়তে: যুৱকসকলৰ যৌৱন কালত হোৱা বেমাৰ যেনে- ধ্বজভংগ(Impotence), শুক্ৰতাৰল্য, স্বপ্নদোষ, বয়োব্ৰণ ইত্যাদি। চতুৰ্থতে: শিশুকালৰ অসুখবোৰ যেনে- দন্তোগমন(Dentition), হুপিংকফ্‌ ঘুংড়ী (Croup), চৰ্দি কাহ ইত্যাদি। পঞ্চমত: স্ত্ৰীলোকৰ বিশেষ অসুখ যেনে – আদ্য ঋতু দৰ্শনৰ বিলম্ব(Amemia) বাধক, বয়:সন্ধিকাল আৰু অন্য বহুত অসুখ হ’ব পাৰে। ষষ্ঠতে: গৰ্ভাৱস্থাৰ অসুখবোৰ যেনে- অৰুচি, শ্বাসক্লেশ, গৰ্ভাৱস্থাত শোথ প্ৰস্ৰাৱত অণ্ডলাল(Albuminuria), প্ৰসৱ বেদনা(Laborpain), কৃত্ৰিমবেদনা(False Pain), ৰক্তস্ৰাৱ, স্তন্যপায়ী সুতিকাজ্বৰ ইত্যাদি।

প্ৰবন্ধটোৰ যোগেদি স্ত্ৰীৰোগ কেইবিধমানৰ বিৱৰণ, কাৰণ আৰু এইবোৰৰ হোমিও চিকিৎসাৰ ওপৰত আলোকপাত কৰা হ’ব।

আদ্য ঋতুদৰ্শন

প্ৰথম ঋতুদৰ্শন বা পুষ্পিতা হোৱাকে আদ্য ঋতু দৰ্শন কোৱা হয়। এই ঋতু দৰ্শন দেশ, কাল, পাত্ৰ, আহাৰ-বিহাৰ আদিৰ ফলত বিভিন্ন দেশত বেলেগ বেলেগ বয়সত হয়। ভাৰতবৰ্ষৰ দৰে নাতিশীতোষ্ণ দেশত সাধাৰণতে ১১ বছৰৰ পৰা ১৪ বছৰ পৰ্যন্ত। ইংলেণ্ডৰ দৰে শীত প্ৰধান দেশত ১৪ বছৰৰ পৰা ২২ বছৰৰ ভিতৰত প্ৰথম ঋতু দৰ্শন হয়। এনেকৈ হ’লে ঋতুৰ পৰিৱৰ্তন হোৱাৰ ফলত নাক, চকু, মুখ ইত্যাদিৰ পৰা কেতিয়াবা ৰক্তস্ৰাৱ হয়। এনে ৰোগক অনুকম্প ৰক্ত: (Vicarious Menses) বোলা হয়। কেতিয়াবা শোথ (Dropsy), বমনেছা(Vomiting), পেটৰ গণ্ডগোল, মুৰ্চ্ছা, বায়ু, মৃগীযৎ আক্ষেপ(Epilepsy), অতিসাৰ আদি ৰোগ হয়। এই ৰোগবোৰ হোৱাৰ প্ৰধান কাৰণ হ’ল কুমাৰীচ্ছদ(Hymen) ছিন্ন নোহোৱাৰ বাবে ঋতুস্ৰাৱ বন্ধ হয়। কেতিয়াবা ডিম্বাধাৰৰ অসম্পূৰ্ণ বিৱদ্ধৰ্ণ। জৰায়ুৰ অনৱস্থিতি(Eutire Absence of Uterus) আৰু দৈহিক বিকৃতি হেতু ঋতু বিলম্বিত বা বন্ধ থাকে।

আনুষংগিক চিকিৎসা

ৰক্তস্ৰাৱ হ’লে লক্ষণ অনুযায়ী ইগিকাক, ৩০ শক্তি আৰ্ণিকা ৩০ বা ২০০ শক্তি, আৰ্ণিকা ২০০ ম: মিলিফিলিয়ম ২০০ শক্তি ফেৰামফচ্‌ ২০০ শক্তি, ক্ৰোটেলাস ৩০ শক্তি বা ২০০ ম: দিনে ৩ বাৰকৈ সৰু গ্লোবিয়লত খাবলৈ দিব লাগে। মানসিক উৎকণ্ঠা বা ভয় ভাৱ হ’লে- ‘একোনাইট ৩০ শক্তি। মূৰৰ বিষ, চকু ৰঙা পৰিলে বেলেডোনা ৩০ শক্তি। ঋতু ভালকৈ প্ৰকাশ নেপালে ব্ৰায়োনিয়া ৩০ শক্তি’।

কষ্টৰজ বা বাধক

ডিস শব্দৰ অৰ্থ কষ্ট, ‘মেনোৰিয়া’ৰ অৰ্থ হ’ল ঋতুস্ৰাৱ। সেয়ে ডিস্‌মেনোৰিয়া হ’ল বেদনা পূৰ্ণ ঋতুস্ৰাৱ। চিকিৎসক ম্যাথিওডন্‌কাসৰ ভাষাত– ঋতুকালত জৰায়ুৰ পৰা তেজ বৰ্হিগমনৰ বাবে জৰায়ুৰ মাজে মাজে সংকুচিত হয় আৰু বেদনাপূৰ্ণ সংকোচনকে ‘ডিস্‌মেনোৰিয়া’ বোলা হয়। কষ্ট ৰজ: পীড়াৰ প্ৰকাৰ বা বিভাগ–

প্ৰথমত: স্নায়ৱিক (Neuralgic Dysmenorrhoea), দ্বিতীয়ত: ৰক্তাধিক্য জনিত (Congestive), তৃতীয়ত: বাধাপ্ৰদ (Obstructive), চতুৰ্থত : আক্ষেপিক (Spasmodic)। ঋতু প্ৰকাশ পোৱাৰ দুই বা তিনিদিন পূৰ্বে জৰায়ুৰ বিষ আৰম্ভ হয়। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ লগে লগে বিষ অত্যন্ত বেছি হয় আৰু ই দুই তিনিদিন পৰ্যন্ত থাকে। ফলত তেওঁ বিষত অস্থিৰ হৈ পৰে। তেতিয়া তলপেটত, পিঠিত আৰু উৰু পৰ্যন্ত অত্যন্ত বিষ হয়। কেতিয়াবা ৰোগী মূৰ্ছা যায়। এই ৰোগৰ কাৰণবোৰৰ ভিতৰত – ঠাণ্ডালগা, ডিম্বাশয় পলমকৈ পৰিপুষ্টতা হয়। দ্বিতীয়ত, ৰক্তাধিক্যজনিত কষ্টৰজ:ৰ কাৰণ হ’ল- জৰায়ুৰ স্থানচ্যুতি, তলপেটত ভাৰবোধ, অৰ্শ(Piles) ৰোগত ভুগি থকা, হৃদপিণ্ড আৰু যকৃতৰ অসুখত ভোগা ইত্যাদি। তৃতীয়ত, বাধাপ্ৰাপ্ত কষ্টৰজ: জৰায়ুৰ পৰা ৰক্ত নিৰ্গমনৰ পথ সংকুচিত বা আৱদ্ধ হ’লে এই প্ৰকাৰ পীড়াৰ জৰায়ুৰ (Cervix) মুখত কেঞ্চাৰ বা কৰ্কট অৰ্বুদৰ উৎপত্তি হ’লে সাৰ্ভিকচ বন্ধ হয়। এই বেমাৰৰ বিশেষ লক্ষণ হ’ল- ঋতু প্ৰকাশ পোৱাৰ লগে লগে ৰক্তস্ৰাৱ খুব কমকৈ হয় আৰু ৰোগীনিয়ে বিষ অনুভৱ কৰে। জৰায়ুৰ স্থানচ্যুতি হ’লে- তলপেটত অধিক বেদনা হয়। চতুৰ্থত, আক্ষেপিক কষ্টৰজ: এই পীড়া হ’লে প্ৰসৱ বেদনাৰ দৰে তলপেটত বিষ হয়। কেতিয়াবা বিষ কমে, পিছত আকৌ বাঢ়ে। ৰোগীনি শুই থাকিলেও বিষ নকমে।

এই ৰোগৰ কাৰণসমূহ

উপদংশবিষত ভোগা, অতিৰিক্ত ইন্দ্ৰিয় চালনা, স্নায়ু প্ৰধান ধাতু, কৃত্ৰিম মৈথুন, ভয়, ক্ৰোধ, শোক, মানসিক আবেগ আদি অজীৰ্ণতা, সুৰাপান, গৰ্ভপাত, দিনত শোৱা, কোষ্ঠকাঠিন্যতা ইত্যাদি।

হোমিও চিকিৎসা

জৰায়ুত সংকোচনবোধ বা খালধৰামত বিষ হ’লে- পলসেটিলা, সিকেলিকৰ, আগতীয়া ঋতু হ’লে- কাম্যমিলা, ইপিকাক, নক্সভমিকা পলমকৈ ঋতু প্ৰকাশ হ’লে- সালফাৰ, পাল পেঠিলা খুৱাব লাগে। বেছিকৈ ৰক্তস্ৰাৱ হ’লে- প্লাটিনা, বেলে ডোনা, ক্যামোমিলা, ক্যালকেৰিয়াফচ্‌। কমকৈ ঋতুস্ৰাৱ হ’লে- বকুলাস, সিপিয়া, গ্ৰাফাইতিচ পলসেটিলা। গৰ্ভাৱস্থাত ঋতু ক্ষৰণত- সিবেলি, আৰ্ণিকামণ্ট হামামেলিচ্‌ সিপিয়া ইত্যাদি। অসাৰে স্ৰাৱ গ’লে-ক্ৰোকাস। শয়নকালত- ক্যাণ্টস্‌। স্ৰাৱ গন্ধযুক্ত হ’লে- সালফাৰ ২০০ শক্তি।

বয়:সন্ধি

বয়:সন্ধিকাল জীৱনৰ পৰিবৰ্তনৰ কাল হিচাপে স্ত্ৰী জাতিৰ কথা ক’ব পাৰি। নাতিশীতোষ্ণ বা গ্ৰীষ্মপ্ৰধান দেশত ১৩ বা ১৪ বছৰ বয়সৰ যুৱতীৰ আদ্য ঋতু দৰ্শন লাভ হয়। তাৰ পিছত ৩৫/৪০ বছৰ ধৰি সমভাৱে মাহে মাহে প্ৰকাশ পাই থাকে বাবে এই ঋতুকে মাহেকীয়া ঋতু বোলা হয়। তাৰ পাছত শাৰীৰিক যন্ত্ৰ সমূহৰ পৰিৱৰ্তন বা দুৰ্বলতাৰ বাবে ৪০ বছৰৰ পৰা ৪৫ বছৰৰ পাছত ঋতু শোণিত বন্ধ বা ৰোধ ঘটে। আদ্য ঋতু দৰ্শনত যদি বিলম্ব হয় তেতিয়া তেনে স্ত্ৰীৰ ৪৫ বা ৫০ বছৰ বয়সত ঋতু বন্ধ হয়। যিসকল স্ত্ৰীৰ শাৰীৰিক স্বাস্থ্য ভালে থাকে তেওঁলোকৰ সাধাৰণতে বিশেষ পৰিৱৰ্তন নঘটে। কিন্তু যিসকলৰ ধাতুগত বিকৃতি অম্লাদিৰ দোষ থাকে, ৰক্তস্ৰাৱ থাকে, মধুমেহ ৰোগ থাকে তেনে স্ত্ৰীৰ বহুত পৰিৱৰ্তন ঘটে আৰু নানা উপসৰ্গ দেখা যায়।

বিবিধ উপসৰ্গ দেখা দিয়ে বয়:সন্ধি কালত

শকত আৰু স্নায়ু প্ৰধান

ধাতু বিশিষ্ট স্ত্ৰীসকলৰ প্ৰায়েই জৰায়ুৰ পৰা অধিক পৰিমাণৰ ৰক্তস্ৰাৱ হয়। কোনো কোনো অৱস্থাত প্ৰচুৰ পৰিমাণৰ ৰক্তৰ পৰিৱৰ্তে বগা স্ৰাৱ, দুৰ্গন্ধযুক্ত স্ৰাৱ দেখা দিয়ে। তাৰোপৰি জৰায়ুত বিষ হোৱা, পেট বিষ হোৱা, কঁকালৰ বিষ হোৱা, গুহ্যদ্বাৰত খজুৱতি হোৱা প্ৰভৃতি লক্ষণ প্ৰকাশ পায়। ইয়াৰ উপৰিও এই বয়:সন্ধি কালত কিছুমান স্ত্ৰীৰ শিৰ:পীড়া, ৰক্ত বমন, ৰক্তস্ৰাৱী অৰ্শ(Piles) বা নাকেদি তেজ ওলায়। বয়োবৃদ্ধ কালত হোৱা কিছুমান লক্ষণ হ’ল (Amenorrhoea) উৎপন্ন হয়। এনেধৰণৰ পীড়াত পলসেটিলা, সিপিয়া, ল্যাকেচিচ্‌ নামৰ ঔষধ সপ্তাহকাল প্ৰয়োগ কৰিলে উপসৰ্গ খিনি শাম কাটে। ঔষধৰ শক্তি ২০০ বা ততোধিক হ’লে ভাল। দিনে ২ বাৰকৈ খাব লাগে। কিছুমান মহিলাৰ এই কালত ৰজসাধিক্য (Menorrhagia) সদৃশ লক্ষণ উৎপন্ন হয়। সেই ক্ষেত্ৰত ফচ্‌ফৰাচ্‌ কেলকেৰিয়াফটস্যাবাইনা, নক্সভমিকা, চায়না, ক্ৰোটেলস্‌ নামৰ ঔষধখিনি লক্ষণ অনুযায়ী খাব লাগে। অৱশ্যে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অতি প্ৰয়োজন। এই কালছোৱাত দেখা পোৱা অন্যান্য লক্ষণবোৰৰ চিকিৎসা কৰাৰ দৰকাৰ। বিশেষকৈ যিসকল মহিলা শ্বেত প্ৰদৰ ৰোগত (Leucorrhoea) দীৰ্ঘদিন ভুগি থাকে সেই সকলৰ বাবে নিৰ্বাচন কৰিবলগীয়া ঔষধ হ’ল- সিপিয়া, পলচেটিলা, ক্যালমেৰিয়া ফচ্‌ ক্ৰিয়োজেট ইত্যাদি। কোনো কোনো মহিলা জৰায়ু কেঞ্চাৰত ভুগিলে কাসিনোসিন ২০০, ল্যাকেসি হাইড্ৰষ্টীচ্‌ (Hydrastis) আদি ঔষধ খোৱাৰ প্ৰয়োজন। বয়:সন্ধি কালত হোৱা অসুখৰ ঔষধ প্ৰয়োগৰ সম্বন্ধে ডা° ডিউয়িৰ মত- বয়:সন্ধি কাল যিদিনাৰ পৰা দেখা পোৱা যায় ৰোগীনি হতাশ আৰু চিন্তাক্লিষ্ট হৈ পৰে। কেতিয়াবা ৰক্তস্ৰাৱ, মূৰ ঘুৰণি, মূৰৰ বিষত, হৃদপিণ্ডৰ সংকোচন আদিত ভোগে। সেই ক্ষেত্ৰত প্ৰয়োগ কৰিবলগীয়া উত্তম হোমিও ঔষধ হ’ল- ল্যাকেচিচ্‌ ৩০ বা ২০০ শক্তি দিনে ২ বাৰ ১৫ দিন খাব লাগে। মূৰৰ অত্যন্ত বিষ, ভয় ভয় ভাৱ বৃদ্ধি আৰু তেজ সঞ্চালনৰ বিকৃতি ঘটিলে- একোনাইট, গ্লোনয়িন (Glonoin) ৰক্তাধিক্য লক্ষণত- সিপিয়া ৩০। যকৃতৰ(Liver) বিষ আৰু বৃদ্ধিত কাডুয়াস- মেৰি, লাইকপডিয়াম উৎকৃষ্ট ঔষধ। ১৫ দিন দিনে ২ বাৰকৈ খাব লাগে। ডা° জাৰেৰ মন্তব্য হ’ল – বয়:সন্ধি কালত মহিলাই ভোগা মূৰৰ বিষ, চকুৰ বিষ আৰু খচখচোৱাত, ফুচফুচৰ বিষত, কোষ্ঠ বদ্ধতাত (Constipation) উপযুক্ত ঔষধ হ’ল- ব্ৰায়োনিয়া ৩০ শক্তি। মুৰ্ছা বায়ুৰ লক্ষণত ইগ্নোসিয়া ৩০। সদায় মন মাৰি থকা, বিষাদ গ্ৰস্ততা, ক্ৰন্দনশীলতা, গধূলি সময়ত মূৰৰ বিষ হোৱা, শ্বেতপ্ৰদৰ স্ৰাৱত ভোগা আৰু খজুৱতি হোৱা লক্ষণ সমূহত উপযুক্ত ঔষধ- সিপিয়া ৩০। চকু, হাত-ভৰি পোৰণি, শ্বেতপ্ৰদৰ, পিয়াহ লাগি থকা, সৰ্বশৰীৰত খজুৱতি হোৱা লক্ষণত সালফাৰ ৩০ বা ২০০ শক্তি ৰাতিপুৱা শুদা পেটত মাত্ৰ ৩০ দিন খাব লাগে।

স্বপ্ন ৰজ

এই বেমাৰ ৰজস্তম্ভ (Amenorrhoea) বা ৰজোবন্ধৰ বাবে হোৱা এটা বিশেষ অৱস্থা মাত্ৰ। মাহেকীয়া ঋতুত হোৱা প্ৰয়োজনীয় পৰিমাণৰ স্ৰাৱ নহ’লে বা স্ৰাৱৰ পৰিমাণ অত্যন্ত হ্ৰাস হ’লে তাকে স্বল্পঋতু ৰোগ বোলা হয়। কিছুমান মহিলাৰ ৩/৪ দিন স্ৰাৱ নোহোৱাকৈ থাকি কোনো এটা দিনত প্ৰচুৰ পৰিমাণে স্ৰাৱ হয় অৰ্থাৎ গা চলে। এই বেমাৰক অনিয়মিত ঋতু বা Irregular Menses বুলিও কোৱা হয়। এই বেমাৰত ৰোগীনিয়ে ঋতু হ’ব সময়তো ঋতু হোৱা গম নাপায় বা কাপোৰত মাত্ৰ অকণমান ৰক্ত দাগ লগা দেখে। শৰীৰত অস্বস্তিবোধ কৰে। ইন্দ্ৰিয়বৃত্তিৰ উত্তেজনা হয়। সামান্য ঋতু ক্ষৰণ হৈ ঋতুৰ অন্যান্য লক্ষণ প্ৰকাশ নোহোৱাৰ বাবে ইয়াক স্বল্পৰজ: ৰোগ বোলে।

কাৰণতত্ত্ব

সৰ্বশৰীৰে দুৰ্বলতা অনুভৱ কৰা অথবা অতিশয় স্থুলতা (fatty) ইয়াৰ প্ৰধান কাৰণ। শীত অনুভৱ বা ঠাণ্ডা লগা, অলসতা, গোটেই দিনটো ঘৰতে বহি থাকিবলৈ ইচ্ছা কৰা, মানসিক চিন্তা, শোক, ভয় বা ক্ৰোধ এই ৰোগৰ কাৰণত্ব।

ৰোগ নিৰ্ণয় আৰু ভাবীফল

ঋতু স্ৰাৱৰ লগত অন্য কোনো বিশেষ ৰোগৰ মাজত সম্বন্ধ থকাৰ দৰে লক্ষণবোৰ প্ৰকাশ পাব পাৰে। সেই বাবে কেতিয়াবা ৰক্তোবন্ধ ৰোগৰ বাবে ভ্ৰম হয় বা ৰোগৰ বিষয়ে জানিব নোৱাৰি। স্বপ্ন ৰজ

ৰোগৰ (Canty Menses) চিকিৎসাৰ বাবে লক্ষণ অনুযায়ী নিম্ন লিখিত ঔষধ প্ৰয়োগ কৰিব লাগে।

সিপিয়া ৩০। যকৃতৰ দোষত শৰীৰ হালধীয়া হোৱা, মূৰৰ বিষ, ঘাম ওলোৱা, খীণাই যোৱা ইত্যাদি লক্ষণত এই ঔষধ খাব লাগে। পলসেটিলা ৩০। শীত অনুভৱ, মাহেকীয়া ঋতু হোৱাৰ আগতে কঁকালত বিষ হোৱা ইত্যাদি। ৰোগীনি ক’লা বৰণৰ আৰু ক্ষীণাংগী হ’লে এই ঔষধে ভাল কাম কৰে। ব্যাৰাইটা কাবৰ্ব ৩০। মাত্ৰ এদিন স্থায়ী ৰজ: প্ৰকাশ পায়। তাৰ আগতে দাঁতৰ বিষ, পেট বেদনা, শ্বেত প্ৰদৰ, তলপেটত বিষ হয়। ফেৰামফচ্‌ ৩০। দুই এদিন মাত্ৰ ৰক্ত: দেখা দিয়ে ভোক নলগা, খাদ্য পৰিপাক নোহোৱা, বিৱৰ্ণ হোৱা, নিস্তেজ হোৱা লক্ষণত এই ঔষধ খাব লাগে। এই ৰোগৰ লক্ষণ অনুযায়ী অন্য ঔষধবোৰ হ’ল সালফাৰ, নেত্ৰামমিউৰ ৩০। ম্যাগ্নেসিয়া কাৰ্ব ৩০। গ্ৰাফাইটিস ৩০।

শ্বেত প্ৰদৰ

লিউকো (Leoco) শব্দৰ অৰ্থ –সাদা আৰু ওৰিয়া (Orrhoea)শব্দই বুজায় স্ৰাৱ। অৰ্থাৎ ‘লিউকোৰিয়া’ ৰ অৰ্থ হ’ল শ্বেতপ্ৰদৰ বা বগাস্ৰাৱ। শ্বেত প্ৰদৰ নামৰ বেমাৰটো স্বাধীন হ’লেও অনেক সময়ত আন আন বেমাৰৰ বাবে এনে লক্ষণ প্ৰকাশ পায়। জৰায়ু, যোনি, ভগৌষ্ঠ(Vulva) প্ৰভৃতি যি কোনো স্থানৰ পৰা সৰ্দ্দিজ স্ৰাৱ(Catarrhal Discharge) হয়। সেই কাৰণে এই বেমাৰক শ্বেত প্ৰদৰ ৰোগ বোলে। সাধাৰণত: অভ্যন্তৰস্থ শ্লৈষ্মিক ঝিলীস্ৰাৱ শ্বেত বৰ্ণ আকাৰে বৰ্হিগত হয় বুলিয়েই ইয়াৰ নাম শ্বেত প্ৰদৰ (Whites Discharge)। কিন্তু বহু দৰ্শনৰ দ্বাৰা জনা গৈছে যে উক্ত স্ৰাৱৰ বৰ্ণ শ্বেত, পীত, লৌহিত্যাদি অনেক প্ৰকাৰৰ হ’ব পাৰে। শ্বেত প্ৰদৰ ৰোগ সম্বন্ধে প্ৰবীণ চিকিৎসক জাৰৰ মন্তব্য – যোনিৰ পৰা ওলোৱা স্ৰাৱ, কিছু তৰল, শ্বেত বৰ্ণ বা মাখনৰ দৰে। জৰায়ু স্ৰাৱ ঘন অণ্ডলালবৎ। এই ৰূপে স্ৰাৱৰ পাৰ্থক্য দেখি কোন স্থানৰ শ্বেত প্ৰদৰ তাক (নিৰ্ণয়কৰিব পাৰি। আদ্য ঋতু দৰ্শনৰ পূৰ্বে ছোৱালী বিলাকৰ এই ৰোগ হ’ব পাৰে। এনে ধৰণৰ শ্বেত প্ৰদৰৰ কিছুমান কাৰণ আছে। যেনে- গণ্ডমালা ধাতুৰোগ, কাণৰ গ্ৰন্থিৰ পীড়া অপৰিস্কাৰৰ ফলত কৃমি বা আঘাত, প্ৰমেহদোষ, কুসংসৰ্গ, কৃত্ৰিম মৈথুনাদি, মানসিক শোক আৰু উপদংশাদি দোষ ইত্যাদি। ডা° জাৰে (Dr. Jahr) এক নতুন প্ৰকাৰৰ শ্বেত প্ৰদৰৰ কথা উল্লেখ কৰিছিল। সেইটো হৈছে- বহুব্যাপী শ্বেতপ্ৰদৰ (Epidemic Leucorrhoea)। ডা° লিডামৰ গ্ৰন্থত এই বেমাৰ ইংলেণ্ডত হৈছিল বুলি উল্লেখ কৰিছে।

সকলো ধৰণৰ শ্বেত প্ৰদৰ লক্ষণ

তলপেটৰ তলফালে বিষ অনুভৱ, অৰুচি, অজীৰ্ণতা, কোষ্ঠ বদ্ধ, শিৰ:পীড়া, মূৰ ঘূৰোৱা (Virtigo) ক্ৰমশ: হৃদপিণ্ডৰ চাৰিওফালে ভাৰী বোধ, শ্বাস কষ্ট, মুৰ্ছা ভাৱ ইত্যাদি।

এই ৰোগৰ হোমিও চিকিৎসা

এলুমিনা ৩০। ঋতুৰ আগত আৰু পাছত স্ৰাৱ বৃদ্ধি হয়। পূৰ্ণিমা বা অমাৱস্যাত এই ৰোগ বৃদ্ধি হয়। কোষ্ঠ বদ্ধতা, ৰক্তল্পতা(Anaemia), ভগৌষ্ঠত জ্বলা-পোৰা কৰা ইত্যাদি। বোৰাক্স-৩০। উভয় ঋতুকালৰ মাজৰ সময়ত অণ্ডলালবৎ প্ৰদৰ, বন্ধ্যাত্বদোষ। বোভিষ্টা-ঋতুৰ আগতেই প্ৰদৰ স্ৰাৱ। প্ৰদৰৰ বৰ্ন পীতাভ সবুজ, কাপোৰত দাগ লাগে। শৰীৰৰ কোনো অংশত চৰ্ম ৰোগ (Tetter) হোৱা। এনে লক্ষণ প্ৰকাশ পালে এই ঔষধ উত্তম। কালবেৰিয়া কাৰ্ব্ব ৩০। ঋতুৰ পূৰ্বে স্ৰাৱ, অণ্ডলালবৎ স্ৰাৱ, দুৰ্বলতা। কণী খোৱাৰ প্ৰতি প্ৰৱল ইচ্ছা। পূৰ্ণিমাৰ সময়ত বেছি হয়। কালকেৰিয়া ফচ ৩০। ঋতু হোৱাৰ পাছত প্ৰদৰ বেছি হয়। যুৱতীগণৰ কামোন্মাদ। এই বিলাকৰ উপৰিও লক্ষণ অনুযায়ী- ককুলস-৩০, কোনায়াম ৩০, গ্ৰাফাইটিস ৩০ বা ২০০ শক্তি, ক্ৰিয়োজেট ৩০, ল্যাকেচিচ ৩০, লিলিয়াম ৩০, লাইকোপডিয়াম ২০০, মিউৰেক্স, নাইট্ৰিক এচিদ ২০০, প্ল্যাটিনাম ৩০, পলচেটিলা ৩০ বা ২০০ শক্তি।

শ্বেত প্ৰদৰৰ লক্ষণানুযায়ী ঔষধ নিৰ্বাচন

ছোৱালী বিলাকৰ শ্বেত প্ৰদৰত –কলোফাই, মাৰ্ককব। দুৰ্গন্ধ যুক্ত প্ৰদৰত- স্যাবাইনা, নক্সভমিকা, চায়না আদি। প্ৰথম ঋতু প্ৰকাশৰ পূৰ্বে প্ৰদৰ স্ৰাৱ- এলুমিয়া, ল্যাকেবিৱ, পলচেঠিলা, সিগিয়া। প্ৰদৰ সহ কম্পন হ’লে – এলুমিনা ৩০ বা ২০০ শক্তি খুৱাব।

হিষ্টিৰিয়া বা মূৰ্চ্ছা বায়ু

হিষ্টিৰিয়া বা মূৰ্চ্ছাবায়ুক বঙালী ভাষাত গুল্ম বায়ু বোলে। এই ৰোগটো পুৰুষতকৈ যুৱতীসকলৰ মাজত অধিক হোৱা দেখা যায়। সেয়ে ই স্ত্ৰীৰোগ চিকিৎসাত অন্তৰ্ভুক্ত কৰা হয়। এই ৰোগ স্নায়ৱিক। স্ত্ৰীজননেন্দ্ৰিয়, বিশেষত: জৰায়ুৰ সৈতে ইয়াৰ অতি নিকট সম্বন্ধ। কোনো কাৰণ বশত: উত্তেজনাবশত: এই মূৰ্চ্ছাবায়ু উৎপত্তি। ইয়াৰ বাবে ইয়াক জৰায়ুজ পীড়া বুলি নামাকৰণ কৰা হৈছে।

মূৰ্চ্ছাবায়ু হোৱাৰ কাৰণ

ডা° বেয়াৰ আৰু জাৰৰ মন্তব্য – এই স্নায়বিক ৰোগটোত শৰীৰৰ কোনো বাস্তৱ পৰিবৰ্তন পৰিলক্ষিত নহয়। জৰায়ু, ডিম্বকোষ প্ৰভৃতি ক্ৰিয়া বিকাৰ আৰু উত্তেজনা। কৃত্ৰিম মৈথুনাদিৰ পৰিণামৰ ফল। ৰতি ক্ৰিয়াৰ আধিক্য বা হীনতা, মনোভংগ, প্ৰণয়ভংগ বা ব্যৰ্থ প্ৰেম- অভিলাসিত কামনাত নৈৰাশ্য, ভয়, বন্ধ্যাত্ব, বিলাস, অলিস্য উপন্যাস-নাটক অভিনয় অধিক দৰ্শন আৰু গঠন প্ৰভৃতি এই ৰোগৰ উত্তেজক কাৰণ।

এই ৰোগৰ লক্ষণসমূহ

লক্ষণ সমূহ দুই শ্ৰেণীত বিভক্ত কৰা হয়।

(১) আক্ষেপ,

(২) বিবিধ স্নায়ৱিক লক্ষণ- সাময়িক পক্ষাঘাত, বাকৰোধ, দৰ্শন প্ৰৱণৰ অভাৱ বা ব্যতিক্ৰম, মূত্ৰাৰোধ, বস্তিকোটৰে বেদনা, পীড়াৰ কল্পনা ইত্যাদি।

মূৰ্চ্ছা

স্নায়ৱিক দুৰ্বলতাৰ পৰাই মূৰ্চ্ছা বা আক্ষেপ হয়। স্ত্ৰীলোকৰ মাজত মূৰ্চ্ছা বায়ুৰোগ সচৰাচৰ অধিক। ডা° জাৰ আৰু বেয়াৰৰ মতে– মূৰ্ছা বায়ুৰোগ হোৱাৰ পূৰ্বে অধিকাংশ ৰোগীনিয়ে ৰোগাক্ৰমণৰ কথা নিজে অনুভৱ কৰিব পাৰে। খুব ডাঙৰকৈ হঁহা, কান্দি থকা, ডিঙিৰ ভিতৰত গোলাকাৰ কোনো বস্তু বা পদাৰ্থ লাগি ধৰা, শ্বাসৰোধ আদি মূৰ্চ্ছাবায়ুৰ প্ৰধান লক্ষণ। ইয়াকে গ্লোবাস হিষ্টোৰিকাস বোলে। গলনশীৰ আক্ষেপবশত: এই ৰোগৰ উৎপত্তি হ’ব পাৰে। ৰোগীনিয়ে অধিক মাত্ৰাত মূত্ৰ ত্যাগ কৰা এটা এই বেমাৰৰ প্ৰধান লক্ষণ। এই ৰোগৰ লক্ষণবোৰ মানসিক লক্ষণ, চিতনা, পৈশিক, সঞ্চালন, ৰক্তসঞ্চালন আদি কেইবা প্ৰকাৰৰ। মূৰ্চ্ছাবায়ু ৰোগটো অনেক ক্ষেত্ৰত মৃগী (Epilepsy) ৰোগৰ লক্ষণৰ লগত সাদৃশ্যতা আছে। এই ৰোগত মানসিক বিকৃতি ঘটিলে কোৱা কথাবোৰ, উচ্ছাৰণ কৰা শব্দবোৰ পুন:পুন:কৈ কৈ থকা, কামোন্মাদ প্ৰভৃতি স্নায়ৱিক ৰোগৰ লক্ষণ উপস্থিত হয়। জৰায়ুজ মূৰ্চ্ছা আৰ্ত্তব বিকৃতি, শ্বেতপ্ৰদৰ, প্ৰবল ইন্দ্ৰিয়লিপসা, জৰায়ুত শুলব্যবিষ আদি লক্ষণ প্ৰকাশ পায়। অন্ত্ৰৰ পীড়াদোষত শূলব্যৎ বিষ, পেটৰ দোষত অম্লৰোগ সদৃশ লক্ষণ দেখা দিয়ে। কণ্ঠনলী আৰু শ্বাসনলী আক্ৰান্ত হ’লে উচ্চ কাহ, হাঁপানিৰোগ, শ্বাসকৃচ্ছতা, শুকান কাহ আদি লক্ষণ প্ৰকাশ পায়।

এই ৰোগৰ পৰিণাম আৰু ভাবীফল

মূৰ্চ্ছা বায়ু ৰোগত বহুত দিন ভোগাৰ পাছত যন্ত্ৰণা কমি যোৱা দেখা যায়। বহুত ৰমণী এই ৰোগত নানা প্ৰকাৰ যন্ত্ৰণা পাই শেষত গৰ্ভৱতী অৱস্থাত উপনীত হ’লে এই বেমাৰৰ পৰা মুক্ত হয়। মূৰ্চ্ছা বায়ু ৰোগটো সঁচাকৈ আশ্চৰ্য্যজনক। বহুত ৰমণীৰ প্ৰথম ৰজ: প্ৰকাশৰ লগে লগে কোনো ৰোগত ভুগি থাকিলে ৰজ: বন্ধ হ’লে সেই বেমাৰবোৰ নাইকিয়া হৈ যায়। কেতিয়াবা গৰ্ভধাৰণ কৰিলে মূৰ্চ্ছাবায়ু ৰোগীনি প্ৰসৱৰ পাছত এই ৰোগ আঁতৰ হয়। কিছুমান ৰোগীনি ঔষধ ধাৰণ, মাদুলী বা দৈৱ চেষ্টাৰ ফলতো এই ৰোগ নাইকিয়া হয়।

মূৰ্ছাবায়ু আৰু মৃগী ৰোগৰ পাৰ্থক্য

মৃগী ৰোগত (Epilepsy) আক্ৰমণ কালত ৰোগীনিৰ চৈতন্য লোপ পায়। কেতিয়াবা এনে ৰোগী জুইত বা পানীত পৰি যায়। মূৰ্চ্ছা বায়ুৰ ৰোগীৰ চৈতন্য হঠাতে লোপ নাপায় আৰু পূৰ্ব প্ৰকাশ ৰোগীনিয়ে গম পায়। তেতিয়া সাৱধান হ’ব পাৰে। মৃগীৰোগৰ ৰোগীৰ মুখেদি ফেন ওলায়, চকু জাপ খাই যায়, জিভা কামোৰে, কিন্তু মূৰ্চ্ছাবায়ুত এনেবোৰ লক্ষণ প্ৰকাশ নাপায়। মৃগী ৰোগত ৰোগী ফিট হোৱা বা মূৰ্চ্ছাত শীঘ্ৰে আক্ৰমণৰ বলি হয় আৰু কিছু সময়ৰ পাছত চেতনা আহে। কিন্তু মূৰ্চ্ছা বায়ুৰ ৰোগী ফিট হ’লে বা মূৰ্চ্ছা গ’লে বহুত পলমকৈ চেতনা লাভ কৰে। মৃগী ৰোগৰ আক্ৰমণ বেছি ভাগ ৰাতিৰ সময়ত হয়। কিন্তু মূৰ্চ্ছা বায়ু সাধাৰণত: দিনৰ ভাগত বেছিকৈ হয়। মৃগীৰোগৰ জৰায়ুৰ লগত কোনো সম্বন্ধ নাথাকে। কিন্তু মূৰ্চ্ছাবায়ুৰ জৰায়ু বা মাহেকীয়া ঋতুৰ লগত কিছু কিছু সম্বন্ধ থাকে।

মূৰ্চ্ছাবায়ু বা হিষ্টিৰিয়াৰ ঔষধ আৰু চিকিৎসা

এসাফিটিজ ৩০, ব্ৰমিয়ম ৩০, কালকেৰিয়া কাৰ্ব্ব ৩০, বকুলস ৩০ বা ২০০ শক্তি, জেলসিমিয়াম ৩০, হায়মায়েমাস ৩০, ইগ্নেচিয়া ৩০ বা ২০০, ল্যাকেচিচ্‌ ৩০ বা ২০০। নক্স মস্কেটা ৩০, ফচফৰাচ ৩০, পলচেটিলা ৩০, প্লাটিনাম ৩০, সিপিয়া ২০০, থেৰিডিয়ম ৩০, জিংগাম ৩০।

হিষ্টিৰিয়াৰ সংক্ষিপ্ত চিকিৎসা

ওপৰত উল্লেখ কৰা ঔষধবোৰ লক্ষণ অনুযায়ী চিকিৎসকে বাছনি কৰি ৰোগীক খাবলৈ দিব। সেয়ে অভিজ্ঞ চিকিৎসকৰ কাষ চাপি বিস্তাৰিত ভাৱে ৰোগৰ লক্ষণ বিলাকৰ বিৱৰণ দিয়া উচিত। চৈতন্যাধিকত একোনাইট, ষ্ট্ৰামো।

উত্তেজনা আৰু অধৈৰ্য অৱস্থাত – পালস, সিপিয়া, ককুলাস, জেলসচিমিয়াম, নাক্সভমিকা আদি।

অতিশয় স্নায়ৱিক দুৰ্বলতা – প্ল্যাটিনাম, সিপিয়া এচিদফচ্‌।

সৰ্বদা ভয় ভাৱত – একোনাইট, ওপিয়ম, পলচেঠিলা।

বিষাদ বিমৰ্ষতাত – নক্সভমিকা।

হৃদপিণ্ডৰ দুৰ্বলতাত – এচিদ-হাইড্ৰো।

অনিদ্ৰাত – ইগ্নোচিয়া, জেলস্‌।

শিৰ: পীড়াত – সিপিয়া, বেলাডোনা।

উন্মত অশ্লীলতা – এগ্নাস।

আদ্য ঋতু আৰু শেষ ঋতু কালত হোৱা পীড়া বা মূৰ্চ্ছাবায়ু – থিৰীডিয়ন।

কি ৰোগত কি খাব লাগে আৰু কি খাব নালাগে

হৃদৰোগ

হৃদৰোগ অতি সাংঘাটিক ৰোগ। এই ৰোগত বিশ্বৰ অনেক গুণী-মানী ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ কথা আমি সকলোৱে জানো। এই ৰোগত বুকু ধপধপায়, কেতিয়াবা বুকুৰ বিষ হয়, উশাহ-নিশাহ লোৱাত কষ্ট হয়। অলপতে ভাগৰ লাগে, মূৰ ঘূৰায়, তেজ সঞ্চালনৰ গতি খৰতকীয়া হয়, জ্বৰ হ’ব পাৰে। শুকান কাহ, যকৃত বৃদ্ধি, ভৰিৰ তলৰ গাঁঠিৰ ওপৰত উখহে আৰু হাত ভৰি ঠাণ্ডা লাগে। মহিলাতকৈ পুৰুষৰ এই ৰোগ বেছি হয়।

হৃদৰোগত কি খাব লাগে

অৰ্জুন গছৰ ছালৰ গুড়া বা ছাল পানীত সিজাই চাহ বনোৱাৰ দৰে খাব লাগে। তেজপাত, আমলখিৰ ৰস, ত্ৰিফলা, কেঁচা নহৰু, গৰুৰ গাখীৰ, দৈ, মৌজোল চজিনা, অশ্বগন্ধাৰ গুড়া গাখীৰৰ লগত, বেলৰ পাত, কচু, ঢেঁকীয়া, কলমৌশাক, কলডিল, পদিনা, আদা, খেজুৰী, মচুৰ দাইল, সুমথিৰা টেঙা, পকা আম, ধনিয়াৰ পাত, পুৰণি কোমোৰা, পুৰণি গুড়, শিলিখা, নীল বৰণীয়া ভেট ফুল, শতমূল, ডালিম, পকা কঁঠাল আদি খাব লাগে। ৰুদ্ৰজটা, মগুদাইল, পটল,মূলা, তেতেলী, সৰ্পগন্ধা, পুৰণি চাউলৰ ভাত, সেউজীয়া শাক-পাচলি খোৱা উচিত।

হৃদৰোগত কি খাব নালাগে

অধিক পৰিমাণে আহাৰ খাব নালাগে। তিতা কেৰেলা, কৰ্দৈ, বাদাম, নিমৰ পাত, উৰহী, আলু, নিমখ, মাদকদ্ৰব্য, ম’হৰ গাখীৰ, কবি, কেঁচা জলকীয়া, মাংস, যিকোনো তিতা বস্তু, তামোল, চাদা, ঘিউ, তেল, মাখন, খিচিৰি, মাটিমাহ, বুট মাহ, জোৱাৰ, হিং, শুকান মাছ, কাল মেঘ, চিৰতা, চালগোম, তৰমুজ আদি খাব নালাগে। অত্যাধিক মানসিক পৰিশ্ৰম কৰা বেয়া।

উৎস: বনদৰব আৰু আৰোগ্য।

3.19565217391
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top