মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বাহক বাহিত / চ'ৰিয়াচিচ এবিধ জটিল চৰ্মৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চ'ৰিয়াচিচ এবিধ জটিল চৰ্মৰোগ

চ'ৰিয়াচিচ এবিধ জটিল চৰ্মৰোগৰ বিষয়ে লিখা হৈছে

চ'ৰিয়াচিচ এবিধ জটিল চৰ্মৰোগ৷ভাৰতবৰ্ষৰ ১৩৩ কোটি জনসংখ্যাৰ ভিতৰৰ এক কোটিৰো অধিক সংখ্যক লোক চ'ৰিয়াচিচৰ ভুক্তভোগী বুলি জনা যায়৷ আনহাতে গোটেই বিশ্বৰ একৰ পৰা ৩শতাংশ লোক লোক চ'ৰিয়াচিচত আক্ৰান্ত বুলি সমীক্ষাত প্ৰকাশ৷অতি প্ৰাচীন কালৰ পৰা মানুহে এই ৰোগৰ বিষয়ে চৰ্চা কৰি আহিছিল ৷ খৃষ্টপূৰ্ব ২৫চনত জন্মা ৰোমান বিশ্বকোষ প্ৰণেতা আউলুচ কৰ্ণেলিউচ চেলচাচে সৰ্বপ্ৰথমে ছালৰ এই ৰোগৰ বৰ্ণনা নিজৰ লিখনিৰ মাধ্যমেৰে ব্যক্ত কৰে ৷

১৮০৮ - ১৮১৩চনত দুজন ব্ৰিটিছ চিকিৎসক ৰবাৰ্ট ৱিলিয়ান আৰু থমাচ বেটমেনে এই চৰ্মৰোগৰ ওপৰত বিস্তাৰিত তথ্য আগবঢ়ায় ৷

'চ'ৰিয়াচিচ'(Psoriasis)শব্দটো গ্ৰীক ভাষাৰ পৰা অহা- যাৰ সমাৰ্থক প্ৰতিশব্দ হ'ল খজুৱতি৷এটা সময়ত এই ৰোগক কুষ্ঠ (Leprosy)ৰোগৰ দৰে সংক্ৰামক বুলি ভবাহৈছিল৷আৰ্চেনিক,চালফাৰ,পাৰা (Mercury),আয়'ডিন, ফেনাইল, সোণ (Gold)আদিৰ দৰে বিপদজনক দ্ৰব্যৰে চ'ৰিয়াচিচ ৰোগীৰ চিকিৎসা কৰা হৈছিল ৷ ১৯০০চনৰ পৰাহে চ'ৰিয়াচিচৰ আধুনিক চিকিৎসাত ষ্টেৰইড, ক'লটাৰ, আলট্ৰাভায়লেট ৰে’ আদিৰ প্ৰচলন আৰম্ভ হয়৷ই যে সংক্ৰামক ব্যাধি নহয় সেই বিষয়েও বিজ্ঞানীসকলে নিশ্চিত হয় ৷

এই ৰোগৰ সঠিক কাৰণ উদ্ভাৱন আৰু ৰোগৰ নিৰাময়ৰ ওপৰত আজিৰ দিনতো অহৰ্নিশে নানান অনুসন্ধান আৰু প্ৰয়োগ চলি আছে ৷ এই লিখনিৰ মাধ্যমেৰে জটিল ৰোগ চ'ৰিয়াচিচৰ বিষয়ে কিছু লাগতিয়াল কথা পাঠককলক অৱগত কৰাবৰ প্ৰয়াস কৰিম ৷

চ'ৰিয়াচিচ কিয় বা কি দৰে আৰম্ভ হয় বুজিবলৈ হলে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune system) এটি থুলমুল আভাস সকলোৱে জনাৰ প্ৰয়োজন ৷ আমাৰ দেহত বেক্টেৰিয়া, ভাইৰাচ বা আন ৰোগৰ বীজাণুৱে প্ৰবেশ কৰিলে সেই সংক্ৰমণৰ ফলত আমি অসুস্থহৈ পৰোঁ৷আমাৰ তেজত থকা ৰক্ত কণিকা আৰু শ্বেত কণিকাই সেই সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহে  ৰক্ত কণিকাই শৰীৰৰ প্ৰতিটো কোষক আৱশ্যক হোৱা অক্সিজেনৰ যোগান ধৰে ৷ শ্বেত কণিকাত থকা বি-লিম্ফচাইটৰ পৰা এন্টিবডি উৎপন্ন হয় আৰু শ্বেত কণিকাত থকা টি-লিম্ফচাইটৰ পৰা স্মৃতি বা মেমৰি কোষে পৰৱৰ্তী সংক্ৰমণত ৰোগৰ বিৰুদ্ধে যুঁজাত সক্ৰিয় ভূমিকা লয় ৷ ইয়াৰ ওপৰিও শ্বেত কণিকাত থকা মেক্ৰফেজ নামৰ উপাদানে বীজাণুক গ্ৰাহ কৰে নতুবা আবদ্ধ কৰে আৰু এইদৰে তেজ শোধিতকৰণ কৰে ৷ গতিকে যি কোনো বীজাণুয়ে শৰীৰত সংক্ৰমণ কৰাৰ কেই সপ্তাহমানৰ পিছত শ্বেত কণিকাৰ বি-লিম্ফচাইটৰ পৰা এন্টিবডি নামৰ যুঁজাৰ সৈনিক নিৰ্গত হয় আৰু আমাৰ শৰীৰক সুৰক্ষা দিব আৰম্ভ কৰে৷ৰোগ প্ৰতিৰোধ প্ৰণালীৰ অংশ এই টি-লিম্ফচাইটৰ অতি সক্ৰিয়তাৰ ফলত চ'ৰিয়াচিচ উৎপন্ন হয় বুলি শেহতীয়াকৈ বিজ্ঞানীসকলে দাবী কৰিছে ৷ টি-লিম্ফচাইটৰ কোষবিলাকে নিজৰ শৰীৰৰ ছালক চিনাক্ত কৰাত ভুল কৰাৰ পৰিণতি ( Auto immunity)হ'ল চ'ৰিয়াচিচৰ উৎপত্তিৰ সম্ভাব্য তত্ব ৷ ১০ শতাংশ ৰোগীৰ পৰিয়ালৰ আন কাৰোবাৰ এই ৰোগ থকালৈ চাই চ'ৰিয়াচিচত বংশগতিৰো এক ভূমিকা থাকিব পাৰে বুলি ভবা হৈছে ৷ চ'ৰায়াচিচৰ সৈতে জড়িত থাকিব পৰা ৩বিধ জিনৰ নাম হ'ল- NAT 9, RAPTOR, SLC9A3R1 ৷ আকৌ পাৰিপাৰ্শ্বিকতাজনিত কাৰকো ইয়াৰ লগত জড়িত হব পাৰে ৷ মহিলাৰ তুলনাত চ'ৰিয়াচিচ হোৱা পুৰুষৰ সংখ্যা বেচি বুলি জনা যায় ৷

ৰোগৰ উৎপত্তিত অৱদান যোগোৱা আন আন কাৰক কিছুমান হ'ল -


• শাৰীৰিক-মানসিক চাপ বা ষ্ট্ৰেচ
• আঘাত যেনে কটা-চিঙা, জ্বলা-পোৰা, ৰ'দৰ উত্তাপত শৰীৰ দেই যোৱা, উৰহ বা আন পোকৰ কামোৰ আদি
• ধূম্ৰপান
• মদ্যপান
• কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে - যেনে বিষনাষক,মেলেৰিয়াৰ দৰব, উচ্চ ৰক্তচাপত ব্যৱহূত বিটাব্লকাৰ আৰু মনোৰোগৰ চিকিৎসাত প্ৰয়োগ হোৱা লিথিয়াম ৷ 
• বীজানুৰ সংক্ৰমণ – যেনে শিশুৰ স্পেক্ট্ৰকক্কেল বীজানুৰ ডিঙি বা ছালত হোৱা সংক্ৰমণ
• মেদবহুলতা – অতি শকত লোকৰ ছালৰ ভাজত চ'ৰিয়াচিচৰ তৰপ পৰা দেখা যায় ৷

 

চ'ৰিয়াচিচৰ ক্ষেত্ৰত লক্ষণীয় আন কিছু দিশ তলত উল্লেখ কৰিলোঁ :


- ই সোঁচৰা ৰোগ নহয় ৷
- কেঁচুৱাৰ পৰা বৃদ্ধ বয়সলৈ যি কোনো ব্যক্তিৰ চ'ৰিয়াচিচ হব পাৰে ৷
- সাধাৰণতে ২০ৰ পৰা ৩০ বছৰ বয়সত এই ৰোগ আৰম্ভ হোৱা দেখা যায় ৷
- এবাৰ আৰোগ্যহৈ পুনৰ ৰোগাক্ৰান্ত হোৱা প্ৰায় দেখা যায় ৷ 
- গ্ৰীষ্মকালৰ তুলনাত শীকালত ৰোগৰ প্ৰকোপ বেচি হয় ৷ 
- ১০ৰ পৰা ৩০শতাংশ লোকৰ কেতিয়াবা আপোনা আপুনি ৰোগ ভাল হয় ৷
- এই ৰোগ সাধাৰণতে এটা চকৰিৰ দৰে ঘূৰি থাকে ৷ কেইবা সপ্তাহ বা মাহ জুৰি অসুখে তীব্ৰ ৰূপ ধৰে -তাৰ পিছত শাম কাটে - ৰোগৰ চোক কমি শান্তহৈ থাকে - নিজে নিজে ৰোগৰ উপশম হয়-নাইবা পুনৰ নকৈ উক দিয়ে ৷

চ'ৰিয়াচিচৰ লক্ষণসমূহ :


ব্যক্তিভেদে লক্ষণসমূহৰ কিছু তাৰতম্য দেখা যাব পাৰে, কিন্তু সাধাৰণ লক্ষণসমূহ তলত উল্লেখ কৰা ধৰণৰ


- ছালৰ ওপৰত বিভিন্ন আকাৰৰ ৰঙা বৰণৰ টুকুৰা, যাৰ ওপৰত পাতল ৰূপালী তৰপ দেখা যায় ৷ 
- ছাল হৈ পৰে শুষ্ক, ফাট মেলা, ৰক্তক্ষয় হব খোজা ৷
- খজুৱতি, পোৰণি আৰু জ্বলা ভাৱ লগত থাকে ৷ 
- নখবোৰ সাধাৰণতে হৈ পৰে আঁচোৰ থকা,ডাঠ, গাত থকা ধৰণৰ ৷
- হাঁড়ৰ গাঠিসমূহ ফুলি উঠা আৰু জঠৰ হোৱা ৷

চ'ৰিয়াচিচৰ প্ৰকাৰ :

 

১)চ'ৰিয়াচিচ ভালগাৰিচ বা প্লেকু চ'ৰিয়াচিচ - প্ৰায় ৮০শতাংশ ৰোগী এই শ্ৰেণীত পৰে ৷ মানুহৰ ছাল প্ৰতি মাহে নকৈ আহে ৷ চ'ৰিয়াচিচ হলে নতুন অপৰিপক্ক ছালৰ ওপৰত ৰঙচুৱা ডাঠ তৰপৰ (Plaque) সৃষ্টি হয় ৷ এনে তৰপ ঘাইকৈ কিলাকুটি,আঁঠু, মূৰৰ ছাল, কঁকাল,পিঠিত বেচিকৈ হোৱা পৰিলক্ষিত হয় ৷ কিন্তু শৰীৰৰ যি কোনো ঠাইতে এনে হব পাৰে ৷ যৌনাংগ,কৰঙণ,মুখৰ ভিতৰতো হব পাৰে ৷ জননেন্দ্ৰিয় আক্ৰান্ত হলে প্ৰসাব আৰু সহবাস কষ্টপ্ৰদ হব পাৰে ৷ মুখৰ ভিতৰৰ ছাল আক্ৰান্ত হলে চোবোৱাত বা গিলাত কষ্ট হব পাৰে ৷ সেই ডাঠ তৰপৰ ওপৰত ৰূপালী এৰাব খোজা পাতল তৰপ একোটা থাকে ৷ খজুৱতি কম বেচি পৰিমাণে থাকেই ৷ বিষো হব পাৰে ৷ তেজো নিগৰিব পাৰে ৷ শৰীৰত এনে তৰপ কেইটামান বা বহুখিনি হব পাৰে ৷

২)নখৰ চ'ৰিয়াচিচত হাতৰ আৰু ভৰিৰ নখৰ আকৃতি, ৰঙ, গঢ়ৰ বিজুতি ঘটে ৷ নখৰ ওপৰখন আঁচ-আঁচ বা ফাটমেলা ধৰণৰ হব পাৰে ৷ নখটো তলৰ সংলগ্ন আঙুলৰ পৰা পৃথকহৈ এৰাই আহিব পাৰে ৷ একে সময়তে নখচুকীয়া ৰোগ নহলে নখত ভেঁকুৰে ধৰিব পাৰে ৷

৩)মূৰৰ (Scalp) চ'ৰিয়াচিচত আক্ৰান্ত অংশ ৰঙা পৰে আৰু অতিপাত খজুৱতি হয় ৷ চুলিৰ সীমাৰ তললৈকে ৰোগ বাঢ়িব ধৰে ৷ চুলি সৰিব ধৰে ৷ মূৰটো বগা উফিয়ে ধৰা যেন দেখুৱায় ৷

৪)নিয়ৰ কণিকা সদৃশ্য গোটাটে (Guttate)চ'ৰিয়াচিচত সাধাৰণতে কম বয়সীয়া লোক ভুক্তভোগী হয় ৷বেক্টৰিয়াৰ সংক্ৰমণৰ পিছত চ'ৰিয়াচিচ আৰম্ভ হয় ৷ শৰীৰত এক চেন্টিমিটাৰ বা তাতকৈ সৰু ব্যাসাৰ্ধৰ পাতল দাগ বুকু, ভৰি নহলে বাহুৰ অঞ্চলত হবলৈ ধৰে ৷

৫)ইনভাৰ্চ (Inverse)বা ফ্লেকচুৰেল(Fluctural)চ'ৰিয়াচিচ বেচিকৈ শকত লোকৰ হয় ৷ কাষলতিৰ তলত, কৰঙণৰ চুকত, জননেন্দ্ৰিয় কাষত বা স্তনৰ তলত মিহি ৰঙচুৱা দাগ বহিব ধৰে ৷ খজুৱতিৰ ওপৰি বিষো হব পাৰে ৷ ভেঁকুৰত ভূগিব পাৰে ৷ গৰম বতৰ, ঘৰ্ষণ হলে,ঘমাৰ্ত হলে অসুখ বেচি কষ্ট্ৰপদ হয় ৷

৬)পূঁজৰে ভৰা (Pustular) চ'ৰিয়াচিচ কোনো কোনোজনৰ হব পাৰে ৷ অতি কম সংখ্যকৰহে এনে হয় ৷ ৰঙা পৰা ছালত বিষ, জ্বৰ, খজুৱতি আৰু হাগনি থাকিব পাৰে ৷ অসুখ সৰ্বশৰীৰত (Von Zumbusch), হাতৰ-ভৰিৰ তলুৱাত (Palmoplanter) নহলে আঙুলিৰ অগ্ৰভাগত (Acropustular)হব পাৰে ৷

৭)এৰিথ্ৰডামেটিক(erythrodermotic)চ'ৰিয়াচিচ - আটাইতকৈ কমকৈ হোৱা এই ৰোগ বৰ গুৰুতৰ ৷ গোটেই ৰঙা পৰে ৷ ছালএৰাব ধৰে ৷ ভীষণ খজুৱতি আৰু পোৰণি হয় ৷ ডিহাইড্ৰেচন, বেক্টেৰিয়াৰ সংক্ৰমণ আৰু পুষ্টিহীনতাই দেখা দিব পাৰে ৷

৮)গাঠিৰ হাঁড়ৰ চ'ৰিয়াচিচ - ১০ৰ পৰা ৩০শতাংশ ৰোগীয়ে ইয়াত আক্ৰান্ত হয় ৷ কম বেচি পৰিমাণে হাঁড়ৰ গাঠিবিলাক ফুলি উঠে আৰু বিষ হয় ৷ একেলগে নখৰো বিকৃতি হয় ৷

চ'ৰিয়াচিচৰ পৰা হবপৰা জটিলতাসমূহ :


• চকুৰ– য়ুভিয়াইটিচ, কনজাংটিভাইটিচ,চকুৰ পতাৰ সংক্ৰমণ 
• হৃদৰোগ – ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, শৰীৰৰ চৰ্বি বঢ়া ডিচলিপিডেমিয়া আদি
• স্নায়ুজনিত-– পাৰকিনচ'নিজম
• মানসিক ৰোগ-ডিপ্ৰেচন
• কিডনিৰ অসুখ
• ডায়েবেটিজ
• মেটাবলিক চিনড্ৰম
• অন্যান্য অ'টো-ইমিউন ডিজিজ যেনে ইৰিটেবল বাৱেলচিনড্ৰম,চিলিয়াকডিজিজ,ক্ৰণছডিজিজ,মাল্টিপলস্কেৰচিচ

আন একে দেখা ৰোগৰ পৰা পৃথকীকৰণ :


পিটিৰিয়াচিচ ৰজিয়া, লাইকেন প্লেনাচ, ছালৰ ভেঁকুৰ, চেবৰিক ডাৰ্মাটাইটিচ ৷

চিকিৎসাৰ চমু আভাস :


চ'ৰিয়াচিচৰ চিকিৎসা যিকোনো চিকিৎসকৰ বাবে প্ৰত্যাহ্বান স্বৰূপ ৷ দৰাচলতে ৰোগৰ সম্পূৰ্ণ নিৰাময়ৰ কোনেও নিশ্চয়তা দিব নোৱাৰে ৷ কিছুমান ঔষধে বিপদজনক পাৰ্শ্বক্ৰিয়াও কৰিব পাৰে ৷ তথাপিও বৰ্তমান সময়ত নানান আধুনিক দৰবৰ সহায়ত আৰু চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ দ্বাৰা আশাপ্ৰদ পৰিণাম দেখা যোৱাটো ৰোগীৰ বাবে সন্তোষৰ বতৰা ৷

নিম্নলিখিত কিছুমান লগোৱা দৰব হ'ল -


• ষ্টেৰইড ক্ৰিম
• ভিটামিন-ডি ক্ৰিম -কেলচিট্ৰল, কেলচিপ্ৰটিনে 
• এনথ্ৰালিন নামৰ মলমেছালৰ ডিএনএ কোষক নিয়মীয়া ক্ৰিয়া কৰাত সহায় কৰে ৷
• ৰেটিনয়ডমলম যেনে টাৰ্যোটিন
• টাৰকোলিমাচ মলমে টি- লিম্ফচাইটৰ সক্ৰিয়তা নিয়ন্ত্ৰণ কৰে 
• চেলিচাইলিকমলম
• কোলটাৰ মলম
• ছালৰ আৰ্দ্ৰতা বৰ্তাই ৰখা ক্ৰিম(Moisturizures)

আলট্ৰাভায়লেট ৰে,ফটো-কেমথিৰাপি(চ'ৰালিন আৰু পুভা),সূৰ্য্যৰ ৰশ্মিৰ প্ৰয়োগ,লেজাৰ আদিৰ প্ৰয়োগ বিশেষজ্ঞসকলে ৰোগীভেদে কৰি মিশ্ৰিত ফলাফল পাইছে ৷

নানাবিধ ঔষধিৰ প্ৰয়োগ-


ইমিউনিটি প্ৰতিৰোধক দৰব, টি-লিম্ফচাইটৰ সক্ৰিয়তা কমোৱা নানবিধ খোৱা দৰব আৰু বেজী বৰ্তমান বজাৰত উপলব্ধ ৷ সতৰ্কতাৰে সেইবিলাক ঔষধৰ প্ৰয়োগ নকৰিলে লিভাৰ, কিডনিত ছাপৰ সৃষ্টি কৰিব পাৰে আৰু সকলো ধৰণৰ তেজৰ কণিকা হ্ৰাস কৰিব পাৰে ৷ কিছুমান উল্লেখযোগ্য দৰবৰ নাম হ'ল- চাইক্লস্পৰিন, মেথট্ৰিস্কেট,ইটানাৰচেপ্ট,ইনফ্লিস্কিমেব, উইষ্টেকিনুমেব আদি ৷

 

নানাবিধ লাগতিয়াল সৰুসুৰা কথা –


চ'ৰিয়াচিচৰ প্ৰতিষেধক আজিলৈ ওলোৱা নাই৷কিন্তু কিছমান ঘৰুৱা প্ৰয়োগৰ দ্বাৰা ৰোগ নবঢ়াকৈ কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰি ৷আয়ুৰ্বেদিক আৰু হোমিঅ'পেথিক চিকিৎসাৰো মিশ্ৰিত ফলাফল দেখা যায় ৷


- সদায় সন্তুলিত সুষম খাদ্য গ্ৰহণ কৰক৷প্ৰচুৰ ফলমূল আৰু শাক-পাচলিৰ পৰা শৰীৰে ৰক্তশোধক এন্টিঅক্সিডেন্ট আৰু ভিটামিন আহৰণ কৰে৷অলিভ অইল,টুনা,চলমান জাতীয় মাছৰ পৰা অমেগা-৩ নামৰ লাগতিয়াল তত্ব শৰীৰে আহৰণ কৰিব পাৰে৷


-নিয়মিত ব্যায়াম আৰু যোগাসন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ৷


- মদ,চিগাৰেট, জাংক ফুড,টিনতঅহা ৰেডিমেড খাদ্য পৰিহাৰ কৰক ৷


-নিয়মিত নিদ্ৰাৰ অভ্যাস গঢ়ক ৷


- অতিপাত শাৰীৰিক-মানসিক ছাপ এৰাই চলক ৷


- দেহক শীতৰ প্ৰকোপৰ পৰাব চাওক ৷ বাতানুকুলিত যন্ত্ৰ সতৰ্কতাৰে ব্যৱহাৰ কৰিব ৷


- চিন্থেটিকৰ সলনি কপাহী কাপোৰ ব্যৱহাৰ কৰক ৷


- নহৰু আৰু এলোভেৰাৰ ৰসত চ'ৰিয়াচিচ প্ৰতিৰোধক তত্ব থকা বুলি অনুমান হয় ৷


- গা-ধোৱাৰ আগতে শৰীৰটো নাৰিকল তেলেৰে মালিচ কৰিলে ছাল সোনকালে শুষ্কহৈ নাযায় ৷


- পকাকলৰ বাকলি ঘঁহিলেও ছাল মিহি হয় ৷


- তুলসী আৰু মহা নিমৰ পাত চৰ্মৰ বাবে উপযোগী ৷ খাবলৈ গা ধুবলৈ ব্যৱহাৰ কৰক ৷


- আপোনাৰ চিকিৎসকৰ পৰামৰ্শ মানি চলক ৷ নিজাববীয়াকৈ আনক দেখি কোনো দৰবৰ প্ৰয়োগ নকৰিব

 


ডা০ ভূপেন শইকীয়া

3.11363636364
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top