আমাৰ শৰীৰ গঠনৰ ভেটি- কোষৰ বহুবোৰ একেসম্বন্ধযুক্ত ৰোগৰ সমষ্টিয়েই হ’ল কেন্সাৰ। কেন্সাৰক ভালদৰে বুজিবলৈ হ’লে-স্বাভাৱিক কোষ কেন্সাৰ কোষলৈ কেনেদৰে পৰিণত হয়, সেইটো জানিব লাগিব।
আমাৰ শৰীৰটো বিভিন্ন ধৰণৰ কোষেৰে গঠিত। এই কোষবোৰ বৃদ্ধি হৈ, বিভাজিত হৈ, নতুন কোষৰ সৃষ্টি কৰে- ইয়ে আমাৰ শৰীৰ সুস্থ কৰি ৰাখে। কেতিয়াবা এই প্ৰক্ৰিয়াত খেলিমেলি হয়; শৰীৰৰ প্ৰয়োজন নাথাকিলেও নতুন কোষৰ সৃষ্টি হয় বা প্ৰয়োজনীয় সময়ত পুৰণি কোষবোৰ মৰি নাযায়। এনে অতিৰিক্ত আৰু অপ্ৰোজনীয় নতুন কোষবোৰ বিভাজিত হৈ আৰু অধিক অদৰকাৰী কোষৰ সৃষ্টি কৰে। এইবোৰকে টিউমাৰ বোলা হয়। সকলোবোৰ টিউমাৰেই কেন্সাৰ নহয়। টিউমাৰবোৰ বিপদজনক নহবওঁ পাৰে বা ক্ষতিকাৰক মেলিগনেণ্টো (Malignant) হব পাৰে।
বিপদ নথকা টিউমাৰবোৰ কেন্সাৰ নহয়। এইবোৰক অপাৰেচন কৰি কাটি আতঁৰাই পেলাব পাৰি। প্ৰায় বেছিভাগ় ক্ষেত্ৰতে এই টিউমাৰবোৰ পুনৰ সৃষ্টি নহয়। এনে টিউমাৰৰ কোষবোৰ শৰীৰৰ আন ঠাইলৈ বিয়পি নাযায়। এনে টিউমাৰ প্ৰানঘাটি হোৱাটো বিৰল।
মেলিগনেণ্ট টিউমাৰবোৰ কেন্সাৰ। এই টিউমাৰ কোষবোৰ অস্বাভাৱিক।এইবোৰ নিয়ন্ত্ৰণহীন আৰু পদ্ধতিহীনভাৱে বিভাজিত হৈ বাঢ়ি গৈ থাকে। এনে কেন্সাৰ কোষবোৰে ওচৰৰ আন কোষবোৰৰ ভিতৰলৈ সোমাই ভাল কোষবোৰ ধ্বংস কৰি পেলায়। এইবোৰ কোষে টিউমাৰৰপৰা বহু সময়ত বাহিৰলৈ ওলাই আহি দেহত পৰিবাহিত তেজৰ মাজত বিয়পি পৰে আৰু লিম্ফটিক প্ৰক্ৰিয়াত সোমাই পৰে।
এনে কোষবোৰ এবাৰ তেজ বা লিম্ফটিক প্ৰক্ৰিয়াত সোমাব পাৰিলে তেজৰদ্বাৰা পৰিবাহিত হৈ শৰীৰৰ বিভিন্ন ঠাইলৈ যাব পাৰে আৰু শৰীৰৰ যিকোনো ঠাইত কেন্সাৰ টিউমাৰৰ সৃষ্টি কৰিব পাৰে। এনেদৰে কেন্সাৰৰ বিয়পি পৰাটোক মেটাছটাছিছ বোলা হয়।
সাধাৰণতে কোষৰ বৃদ্ধি, বিভাজন আৰু মৃত্যুৰ বাবে দায়ী দেহত থকা জিনবোৰ। কিবা কাৰণত জিনৰ পৰিবৰ্তন বা বিসংগতি হ’লে-এই কাম সুচাৰূভাৱে কৰিব নোৱাৰে। ফলত কেন্সাৰ কোষৰ সৃষ্টি হয়। কিছুমান বিশেষ জীৱনশৈলী আৰু পাৰিৱেশিক কাৰণত এই জিনবোৰৰ পৰিবৰ্তন হয় আৰু ফলত কেন্সাৰ কোষৰ সৃষ্টি হয়। বেছিভাগ ক্ষেত্ৰতে জিনৰ পৰিবৰ্তন হোৱা কাৰণবোৰ হ’ল-ধপাতৰ ব্যৱহাৰ, খাদ্যাভাষ, সূৰ্য্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মি আৰু কৰ্মক্ষেত্ৰ বা পৰিৱেশত কাৰ্চিন’জেন (কেন্সাৰ কোষৰ সৃষ্টি হোৱা উপাদান)থকা। কিছুমান ক্ষেত্ৰত বংশগতভাৱে জিনৰ পৰিবৰ্তন হব পাৰে। কিন্তু জিনৰ পৰিবৰ্তন মানেই কেন্সাৰ হোৱা নুবুজায়। কেন্সাৰ হোৱাৰ সম্ভাৱনাহে বাঢ়ি যায়। কিবোৰ কাৰণত কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে বা কমে সেই বিষয়ে এতিয়াও গৱেষণা চলি আছে। কিছুমান ভাইৰাছ যেনে, হিউমেন পাপিলমা ভাইৰাছ (HPV), হেপাটাইটিছ বি আৰু চি, এইছআইভি (HIV) আদিৰ দ্বাৰা সংক্ৰমিত হ’লে কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। অৱশ্যে কেন্সাৰ নোসোঁচৰে। কেন্সাৰ হোৱা ব্যক্তিৰপৰা কোনোপধ্যেই এই ৰোগ আন এজনলৈ বিয়পিব নোৱাৰে। বিজ্ঞানীসকলে গবেষণাত পাইছে যে, কঁটা-ছিঙা হ’লেই কেন্সাৰ নহয়।
কেন্সাৰ নহ’ব বুলি দাঁঠি কব নোৱাৰি যদিও তলত উল্লেখ কৰা নিয়মবোৰ মানি চলিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা কম থাকে:
কেন্সাৰৰ বিভিন্ন ধৰণৰ লক্ষণ হব পাৰে। ইয়াৰে কিছুমান তলত দিয়া হ’ল:
আপাৰেচন, ৰেডিয়েচন থেৰাপী, কেম’থেৰাপী, হৰমন থেৰাপী আৰু বায়লজিকেল থেৰাপীৰে কেন্সাৰৰ চিকিত্সা কৰা হয়। কি পদ্ধতিত কেতিয়া কেনেকৈ, কিমান দিনৰ বাবে চিকিত্সা কৰা হব সেইটো নিৰ্ভৰ কৰে, কোন অংগত, কেনেধৰণৰ কেন্সাৰ, ৰোগৰ বিস্তাৰ, ৰোগীৰ বয়স, সাধাৰণ স্বাস্থ্য আৰু আন আন কাৰকৰ ওপৰত। কাৰণ কেন্সাৰৰ চিকিত্সাৰ ফলত সাধাৰণতেই পাৰ্শ্বক্ৰিয়া হিচাবে শৰীৰৰ সুস্থ কোষ আৰু টিছু কিছুমানো ধ্বংস হৈ যায়। কিছুমান ৰোগীয়ে ৰোগটোতকৈ পাৰ্শ্বক্ৰিয়াত বেছি কষ্ট অনুভৱ কৰে। চিকিত্সাৰ আগতে চিকিত্সকে ৰোগীৰ সৈতে আলোচনা কৰি কি দৰে, কেনেকৈ কেন্সাৰ কোষবোৰ মাৰিব পৰা যাব সেইটো ঠিক কৰে।
অপাৰেচনো চিকিত্সাৰ এটা উপায় হ’লেও ই বহুবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। যেনে, টিউমাৰৰ আকাৰ, কোন ঠাইত হৈছে। ৰোগীৰ সাধাৰণ স্বাস্থ্য, অপাৰেচনৰ প্ৰকাৰ ইত্যাদি। অপাৰেচনৰ পিছত বিষ হোৱাটো স্বাভাৱিক, এই বিষ ঔষধেৰে নিৰাময় কৰিব পৰা যায়। অপাৰেচনৰ পাছত শৰীৰটো দূৰ্বল লগাও স্বাভাৱিক। অপাৰেচন বা বায়পচি কৰাৰ ফলত কেন্সাৰ শৰীৰৰ আন ঠাইলৈ বিয়পি যাব পাৰে বুলি ৰোগীৰ মনত ভয়ো হব পাৰে, যদিও সাধাৰণতে এনে ঘটনা নঘটে- কাৰণ অপাৰেচনৰ সময়ত চিকিত্সকে এই কথা সদায় গুৰুত্ব সহকাৰে লয়।
ৰেডিয়েচন থেৰাপীত অতি শক্তিশালী ৰশ্মিৰে কেন্সাৰৰ কোষবোৰ মাৰি পেলোৱা হয়। এই কাৰ্য্য শৰীৰৰ বাহিৰৰ পৰা কৰা হয়। এনে থেৰাপীত এটা যন্ত্ৰৰপৰা কেন্সাৰ কোষৰ ওপৰত শক্তিশালী তেজস্ক্ৰিয় বিকিৰণ দিয়া হয়। আভ্যন্তৰীন ভাৱেও এই থেৰাপী প্ৰয়োগ কৰিব পৰা যায়। বেজী, বীজ, পৰিবাহী তাঁৰ বা কেথেটাৰ দেহলৈ ভিতৰলৈ সোমোৱাই দি তেজস্ক্ৰিয় পদাৰ্থ টিউমাৰৰ ভিতৰ বা ওচৰৰ ঠাইত প্ৰয়োগ কৰা হয়। ৰেডিঅ’থেৰাপী বেদনাহীন, পাৰ্শ্বক্ৰিয়াও সাময়িক আৰু বেছিভাগ ক্ষেত্ৰতে নিয়ন্ত্ৰণ কৰিবপৰা বিধৰ। ৰেডিঅ’থেৰাপীৰ শেষ সপ্তাহ্ত ৰোগী দূৰ্বল হৈ পৰে। এই থেৰাপীৰ ফলত তেজত শ্বেতৰক্তকনিকাৰ পৰিমাণ কমি যোৱাৰ সম্ভাৱনা থাকে। বাহিৰৰ পৰা দিয়া ৰেডিঅ’থেৰাপীৰ ফলত সেই অংশৰ চুলি, নোম সৰি যাব পাৰে। ছাল, শুকান ৰঙা হব পাৰে আৰু খজুৱাবও পাৰে। ৰেডিঅ’থেৰাপী লোৱা লোকৰপৰা ৰেডিয়েচন আনৰ গালৈ গৈ ক্ষতি নকৰে। আভ্যন্তৰীন ৰেডিঅ’থেৰাপী বা ইমপ্লাণ্ট ৰেডিয়েচনৰ বেলিকা তেজস্ক্ৰিয়তাৰ মাত্ৰা যেতিয়া বেছি হয়- তেতিয়া ৰোগীক চিকিত্সালয়ৰ আন ৰোগীৰপৰা আঁতৰাই ৰখা হয়। এনে ইমপ্লাণ্ট সাময়িক বা স্থায়ীও হব পাৰে। স্থায়ীৰ বেলিকা ৰোগীৰ তেজস্ক্ৰিয়তাৰ মাত্ৰা নিৰাপদ হ’লেহে চিকিত্সালয়ৰপৰা যাবলৈ দিয়া হয়। সাময়িকৰ ক্ষেত্ৰত ইমপ্লাণ্ট আঁতৰাই নিলেই তেজস্ক্ৰিয়তা নোহোৱা হয়।
কেম’থেৰাপীত কেন্সাৰ কোষ মাৰি পেলাব পৰা ঔষধ ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত শৰীৰৰ সুস্থ কোষবোৰো মৰি যাব পাৰে। যিবোৰ কোষ অতি সোনকালে বিভাজিত হয়- সাধাৰণতে তেনে কোষবোৰ এই থেৰাপীৰ ফলত মৰি যায়। এই থেৰাপীত চিকিত্সকে এটা বা অধিক ঔষধ ব্যৱহাৰ কৰিব পাৰে। সকলো কেন্সাৰৰ ঔষধৰ ফলত চুলি নসৰিলেও কেম’থেৰাপীত সাধাৰণতে চুলি সৰি যোৱা দেখা যায়। এই থেৰাপীৰ ফলত সাময়িক ক্লান্তিভাৱ, আভোক, বমি, ডায়েৰিয়া, মুখ আৰু ওঁঠত ঘাঁ আদি পাৰ্শ্বক্ৰিয়াই দেখা দিয়ে। এনে অৱস্থাত বমি বন্ধ হোৱা ঔষধে ফল দিয়ে। কেম’থেৰাপী শেষ হোৱাৰ পাছত কোষবোৰ সুস্থ হৈ পৰে- ফলত এই পাৰ্শ্বক্ৰিয়াবোৰো নোহোৱা হয়।
যেতিয়া দেহত থকা কেন্সাৰ কোষে বৃদ্ধিৰ বাবে হৰমনৰ সহায় লয়, তেতিয়া হৰমন থেৰাপী ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত এনে ঔষধ ব্যৱহাৰ কৰা হয়, যাৰ ফলত কেন্সাৰ কোষ বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা হৰমনৰ ক্ষৰণ বন্ধ হৈ যায়। দেহৰ যি অংগই উক্ত হৰমনবিধ নিঃসৰণ কৰে সেই অংগ বহুক্ষেত্ৰত অপাৰেচন কৰি কাঁটি পেলোৱা হয়। উদাহৰণ স্বৰূপে, স্তন কেন্সাৰ নিৰাময়ৰ বাবে জৰায়ু আঁতৰাই পেলোৱা হয় বা প্ৰষ্টেট কেন্সাৰৰ বাবে অণ্ডকোষ আঁতৰোৱা হয়। হৰমন থেৰাপীৰো বহুবোৰ পাৰ্শ্বক্ৰিয়া আছে। ৰোগীৰ অতি বেছি ভাগৰ লাগে। ওজন বাঢ়ি যাব পাৰে। বমিভাৱ, আভোক আৰু কিছুমান ক্ষেত্ৰত তেজ গোট মাৰি যাব পাৰে। ঋতুচক্ৰ বন্ধ হোৱাৰ আগৰ মহিলাক এই থেৰাপীয়ে হাড় ক্ষয় কৰে। এই পাৰ্শ্বক্ৰিয়াবোৰ হৰমন থেৰাপীৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি সাময়িক, দীৰ্ঘকালীন বা স্থায়ী হব পাৰে।
বায়লজিকেল থেৰাপীত শৰীৰৰ প্ৰতিৰোধক ক্ষমতাক প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে ব্যৱহাৰ কৰি কেন্সাৰৰ চিকিত্সা আৰু ইয়াৰ পৰা সৃষ্টি হোৱা পাৰ্শ্বক্ৰিয়াবোৰ কমোৱাৰ চেষ্টা কৰা হয়। মনোক্লনেল এন্টিবডিছ, ইন্টাৰফেৰন, ইন্টাৰ লিউকিন-২ আৰু ক’লনি- ষ্টিমুলেটিং চেক্টৰ আদি বায়লজিকেল থেৰাপীৰ কেইটামান পদ্ধতি।
বায়লজিকেল থেৰাপীৰ প্ৰকাৰৰ ওপৰত ইয়াৰ পাৰ্শ্বক্ৰিয়া নিৰ্ভৰ কৰে। সাধাৰণতে ফ্লুৰ দৰে কিছুমান লক্ষণো দেখা দিয়ে। (জ্বৰ, মাংসপেশীৰ টান, আভোক, বমি, ডায়েৰিয়া আদি পাৰ্শ্বক্ৰিয়া হব পাৰে) ৰোগীৰ সহজে কঁটা বা ছিঙা বা তেজ ওলাব পাৰে। ছালত ঘাঁ হব পাৰে বা উখহি উঠিব পাৰে।
কেন্সাৰ হ’লেই সকলো সময়তে বিষাব বুলি কথা নাই। কেন্সাৰৰ প্ৰকাৰ, কিমান বিয়পি পৰিছে, কোন ঠাইত হৈছে, ৰোগীৰ সহনশীলতা আদিৰ ওপৰৰ কেন্সাৰ বিষৰ পৰিমাণ নিৰ্ভৰ কৰে। যেতিয়া কেন্সাৰ বিয়পি পৰে তেতিয়া বেছিকৈ বিষায়। কেন্সাৰ বিয়পি পৰি হাড়, অংগ, আৰু স্নায়ুতন্ত্ৰৰ ওপৰত হেঁচাৰ সৃষ্টি কৰাৰ ফলত বিষ বাঢ়ি যায়। চিকিত্সকে দিয়া ঔষধে এই বিষৰ পৰিমাণ কমাই তোলে। কিছুমান ব্যায়ামৰ ফলতো এই বিষ কমাব পৰা যায়। কেন্সাৰ আৰু বিষৰ ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি ভবা অনুচিত। ৰোগীয়ে বিষৰ কথা চিকিত্সকক কব লাগে, যাতে কেনেদৰে সেয়া কমাব পাৰি তাৰ ব্যৱস্থা লব পৰা যায়। কেন্সাৰৰ বিষৰ বাবে ঔষধ খালে (চিকিত্সকৰ মতে) ৰোগী সেই ঔষধৰ ওপৰতে নিৰ্ভৰশীল নহয়। বিষৰ ধৰণ আৰু মাত্ৰাৰ ওপৰত ঔষধৰ মাত্ৰা আৰু প্ৰয়োজনত ঔষধ সলনি কৰিব পৰা যায়। ইয়াৰ ফলত ৰোগীৰ পাৰ্শ্বক্ৰিয়াও কমাব পৰা যায়।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/21/2020
কৰ্কট ৰোগ, সাৱধানতা, চিকিৎসা সংক্ৰমণ তথা প্ৰতিকাৰৰ...
কৰ্কট ৰোগঃ নতুন আশা
কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা কেইবিধমান খাদ্যৰ বিষয়ে ল...
‘এপল’ হাস্পতালৰ মূল উদ্দেশ্য হৈছে মূৰ আৰু ডিঙিৰ কৰ...