অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বয়স্কৰ দাঁতৰ সমস্যা

বয়স্কৰ দাঁতৰ সমস্যা

কেনেদৰে প্ৰতিৰোধ কৰিব দন্তক্ষয়

দাঁতৰ ক্ষয় প্ৰতিৰোধ কৰিবলৈ সৰুৰেপৰা কিছুমান অভ্যাস গঢ়ি তুলিব লাগে। বহুতৰে মনত ভ্ৰান্ত ধাৰণা আছে যে বয়স বৃদ্ধিৰ লগে লগে দাঁতৰ ক্ষয় আৰম্ভ হয়। দৰাচলতে সৰুৰেপৰা যদি সাৱধানতা অৱলম্বন কৰা হয়, তেতিয়া হ’লে দাঁতৰ ক্ষয় ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ।

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব

  • সদায় দুবাৰকৈ ব্ৰাছ কৰিব লাগে। বিশেষকৈ পুৱা আৰু নিশাৰ আহাৰ গ্ৰহণৰ পিচত নিয়মীয়াকৈ ব্ৰাছ কৰিব লাগে। বহুতেই পুৱা ভালদৰে ব্ৰাছ কৰে যদিও নিশা আহাৰ গ্ৰহণ কৰা পিছত ব্ৰাছ নকৰাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে। নিশা খাদ্য গ্ৰহণৰ পিছত ভালদৰে দাঁত পৰিষ্কাৰ নকৰিলে দাঁতৰ মাজত লাগি থকা খাদ্যবস্তু আদি দাঁতৰ মাজত পচি আলুৰ ক্ষয় সাধন কৰিব পাৰে। শিশুৰ পৰা আৰম্ভ কৰি বয়স্কলৈকে সকলোৱে কমেও দুবাৰকৈ ব্ৰাছ কৰা উচিত।
  • ব্ৰাছ কিনোতে সদায় দন্ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কিয়নো দাঁত ব্ৰাছ কৰাৰ সময়ত আলুত আঘাত পালে অথবা আন কোনো অংশত আঘাত পালে পৰৱৰ্তী সময়ত ঘা আদিৰ সৃষ্টি হ’ব পাৰে। বহুতেই ব্ৰাছ ব্যৱহাৰ কৰাৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে নে নালাগে সেই বিষয়ে সম্যক জ্ঞান নথকাৰ বাবেই যিকোনো ব্ৰাছ ব্যৱহাৰ কৰাৰ ফলত পৰৱৰ্তী সময়ত বিভিন্ন ৰোগৰ কাৰক হৈ পৰে। যিকোনো ব্ৰাছ সকলোৰে বাবে ব্যৱহাৰৰ উপযোগী নহব’ও পাৰে। উপযুক্ত ব্ৰাছ ব্যৱহাৰ নকৰাৰ ফলত আলুৰ পৰা তেজ ওলাব পাৰে। সেইবাবে ব্ৰাছ ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগে।
  • তিনি মাহৰ পৰা ছমাহৰ ভিতৰত ব্ৰাছ সলনি কৰিব লাগে। বহুতে দীৰ্ঘদিন ধৰি একেডাল ব্ৰাছ ব্যৱহাৰ কৰি থকাৰ ফলত বেক্টেৰিয়া আদিয়ে আক্ৰমণ কৰিব পাৰে।
  • কেতিয়াবা ব্ৰাছ কৰিলে বিশেষকৈ সাধাৰণ ব্ৰাছ কৰিলে দাঁতৰ কিছুমান অংশত ব্ৰাছডাল ব্যৱহাৰ কৰাত অসুবিধা হয়। ফলত ব্ৰাছে ঢুকি নোপোৱা অংশত মলি জমা হৈ থাকে। এনেদৰে মলি জমা হৈ থকাৰ ফলত বেক্টেৰিয়া আদিয়ে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰে। এনে হ’লে ইন্টাৰ ডেন্টেল ব্ৰাছ, বিশেষ ধৰণৰ টুথপিক আদি ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।
  • খাদ্য তালিকাত কাৰ্ব’হাইড্ৰেট বা শৰ্কৰাজাতীয় খাদ্য কমকৈ অন্তৰ্ভুক্ত কৰিব লাগে। এনে কৰিলে দাঁতৰ সুৰক্ষা নিশ্চিত হয়। শৰ্কৰাজাতীয় খাদ্য বেছি খালে দাঁতৰ ক্ষতি হয়।
  • সঘনাই চেনি বা মিঠা খাদ্য খাব নালাগে। খালেও ভালদৰে মুখখন ধুব লাগে। যদিহে সম্ভৱ হয় ব্ৰাছ কৰিলে বিশেষ ক্ষতি হোৱাৰ আশংকা নাথাকে।
  • শিশুসকলক চকলেট বা চকলেটজাতীয় খাদ্য কমকৈ খাবলৈ দিব লাগে। খাবলৈ দিলেও খোৱাৰ পিচত ব্ৰাছ কৰিবলৈ দিব লাগে।
  • খাদ্য তালিকাত নিয়মীয়াকৈ শাক-পাচলিৰ উপৰি বিভিন্ন ধৰণৰ ফল অন্তৰ্ভূক্ত কৰিব লাগে। বিশেষকৈ ফাইবাৰযুক্ত খাদ্য তালিকাভুক্ত কৰিলে দাঁতৰ উপকাৰ হয়।
  • নিতৌ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পানী খোৱাৰ ফলত মুখৰ লালটি নি:সৰণ স্বাভাৱিকভাৱে হৈ থাকে।
  • চুগাৰ ফ্ৰি ছুইংগাম খালে দাঁতৰ উপকাৰ হয়।

 

১৯৯৫ চনত বিশ্ব স্বাস্থ্য সংস্থাই বয়স্ক লোকৰ বিভিন্ন সমস্যা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছিল। বয়স্ক লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান বিশেষ আঁচনি প্ৰস্তুত কৰিবলৈ চেষ্টা চলাইছিল। বিভিন্ন আঁচনি গ্ৰহন কৰি প্ৰতিখন ৰাষ্ট্ৰতে এই আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেইবাবে বিশ্বৰ বয়স্ক লোকসকলৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ২০০০ বৰ্ষত বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহণ কৰিলে ‘বয়স আৰু জীৱণ ধাৰণ’ আঁচনি। ইয়াৰ দুবছৰ পিছত অৰ্থাৎ ২০০২ বৰ্ষত এই আঁচনিখনকে নতুন ৰূপত গ্ৰহণ কৰিলে। এইবাৰ ‘সক্ৰিয় বয়স্ক জীৱন’ শীৰ্ষক আঁচনি গ্ৰহণ কৰিলে। স্বাস্থ্য, সামাজিক ক্ষেত্ৰত অংশগ্ৰহণ আৰু সুৰক্ষা বিষয়ে আছিল আঁচনিখনৰ উদ্দেশ্য। বয়স্ক লোকসকল সক্ৰিয় হৈ থাকিবলৈ অংগ-প্ৰত্যংগ কাৰ্যক্ষম কৰি ৰাখিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন সতৰ্কতা। বয়স্ক লোকৰ সাধাৰণতে যিবোৰ সমস্যাই গা কৰি উঠে সেইবোৰৰ ভিতৰত অন্যতম হ’ল দাঁতৰ ৰোগ। সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে দাঁতৰ বিভিন্ন সমস্যাই গা কৰি উঠে। বহুতৰে দাঁত সৰিবলৈ ধৰে। কিছুমানৰ একেবাৰে দাঁত নোহোৱা হয়। কোনো বস্তুৱেই চোবাই খাব নোৱাৰে। স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যদিও দাঁতক বিশেষ গুৰুত্ব প্ৰদান কৰা নহয়, তথাপি ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ। কিয়নো আমি যিবোৰ খাদ্য গ্ৰহণ কৰো, সেইবোৰ যদি ভালদৰে চোবাই নাখাওঁ, তেতিয়াহ’লে হজম স্বাভাৱিক নহ’ব। খাদ্যবস্তু গ্ৰহণৰ পিচত স্বাভাৱিকভাৱে হজম নহ’লে ইয়াৰ পৰোক্ষ প্ৰভাৱ পৰে শৰীৰ-মনৰ ওপৰত। পেটটো যেতিয়া ওফন্দি থাকে, তেতিয়া মনটো আনন্দিত হৈ নাথাকে। মন আনন্দিত নহ’লে সুস্বাস্থ্যৰ আশা কৰিব নোৱাৰি। খাদ্যবস্তু গ্ৰহণ কৰাৰ সময়ত প্ৰথমতেই সেইবোৰ ভালদৰে চোবোৱা হয়। খাদ্যবস্তু চোবাবলৈ দাঁত শক্তিশালী হৈ থাকিব লাগিব। কিন্তু বয়স্ক লোকৰ দাঁতৰ শক্তি লাহে লাহে কমি আহে। কিছুমানৰ দাঁত থাকিলেও খাদ্যবস্তু ভালদৰে চোবাই খাব নোৱাৰে। ফলত দাঁত থকা-নথকাৰ মাজত কোনো পাৰ্থক্য নাথাকে।

বহুতৰ বয়সৰ লগে লগে দাঁত দুৰ্বল হয়, দাঁত সৰিবলৈ ধৰে অথবা দাঁতৰ মাড়ি বা আলুত বিভিন্ন ৰোগে গা কৰি উঠে বুলি সহজভাৱে মানি লয়। কিছুমানে আকৌ আধাভঙা দাঁত লৈয়ে জীয়াই থাকে। কিন্তু ভঙা দাঁতেই যে তেওঁলোকৰ জীৱনত বিপদ ঘনীভূত কৰিব পাৰে সেই কথা কেতিয়াও ভাবি নাচাও। ভঙা দাঁত এটাই যেতিয়া ওচৰৰ মাংসপিণ্ডত অনবৰত আঘাত কৰি থাকিব তেতিয়া আলু বা মাংসপিণ্ডত ঘঁহনি খাই ঘাৰ সৃষ্টি হ’ব। কেতিয়াবা এই ঘাৰ পৰাই কৰ্কট ৰোগ হোৱাৰ আশংকা থাকে। কিন্তু দাঁত ভঙাৰ আগতেই যদি চিকিৎসক পৰামৰ্শ গ্ৰহণ কৰা হয় বিশেষকৈ অভিজ্ঞ দন্ত চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা কৰা হয়, তেতিয়া হ’লে এনে সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা নাথাকে। বহুতৰে আকৌ ভিতৰফালে আন ঠাইতো ঘা হয়।

বয়স্ক লোকসকলে দাঁতৰ সুৰক্ষাৰ বাবে সাৱধানতা অৱলম্বন কৰা উচিত। খাদ্য গ্ৰহণৰ পৰা আৰম্ভ কৰি ভালদৰে দাঁত পৰিষ্কাৰ কৰা সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। দাঁতৰ সমস্যা বয়স বৃদ্ধিৰ লগে লগে হোৱা ৰোগ বুলি নাভাবি সময় থাকোতেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। দাঁতৰ সমস্যা বয়স বৃদ্ধিৰ লগে লগে হোৱা ৰোগ বুলি নাভাবি সময় থাকোতেই চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। যদিহে দাঁতৰ কোনো ৰোগ আৰম্ভ হৈছে, তেতিয়াহ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসা আৰম্ভ কৰা উচিত। চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও দাঁত উভালিব নালাগে। বহুতে ৰাস্তা-ঘাটে থকা অনভিজ্ঞ লোকৰ দ্বাৰা দাঁত সৰোৱাৰ ফলত কৰ্কট ৰোগ পৰ্য্যন্ত হোৱা দেখা যায়। দাঁত সৰোৱাতকৈ কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, তাৰ বাবেহে চিকিৎসকৰ স’তে আলোচনা কৰা উচিত। আজিকালি বহুতো উন্নত চিকিৎসা পদ্ধতিৰ দ্বাৰা বয়স্ক লোকেও সুন্দৰ দাঁতৰ অধিকাৰী হোৱাটো সম্ভৱ হৈছে। দাঁতৰ আলু বা মাড়ি আদিৰ ৰোগ হ’লে কেতিয়াও অৱহেলা নকৰিব। আলপিন বা আন কোনো জোঙা বস্তুৰে দাঁতৰ গুৰি খুঁচৰিব নালাগে। কিয়নো এনে কৰিলে কেতিয়াবা সংক্ৰমণ হৈ জটিল ৰূপ ধাৰণ কৰে। নিয়মীয়াকৈ ব্ৰাছ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে।

লিখক: ডা: দিলীপ শেঠীয়া, সম্ভাৰ।

3.01587301587
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top