ডিঙি, কাণ আৰু নাক বিভাগৰ চিকিৎসকৰ ওচৰলৈ চিকিৎসাৰ বাবে অহা ৰোগবোৰৰ ভিতৰত এক অন্যতম ৰোগ হ’ল ছাইনাছাইটিছ। যিকোনো বয়সৰ লোকৰ, বছৰৰ যিকোনো সময়তে এনে ধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। তথাপি তুলনামূলকভাৱে শীতকালত ই অধিক হোৱা দেখা যায়।
মানুহৰ মূৰৰ খোলাটোৱে গঢ়া মুখৰ হাড়বোৰৰ ভিতৰত কিছুমান কেভিটি থাকে। এইবোৰক ছাইনাছ কেভিটি বুলি কোৱা হয়। ইয়াৰ অধিকাংশই যিহেতু নাকৰ চাৰিওকাষে থাকে, সেয়েহে এইবোৰক পেৰানেজেল ছাইনাছ বুলিও কোৱা হয়। মানুহৰ শৰীৰত ছাইনাছৰ এটা মুখৰ সোঁফালে আৰু অন্যটো মুখৰ বাওঁফালে থাকে। মুখৰ একেবাৰে ওপৰফালে কপালত দুই চকুৰ ঠিক ওপৰতে ছাইনাছযোৰ, ইয়াৰ তলত নাক আৰু চকুৰ মাজত ইথমইডেল ছাইনাছ যোৰ, নাকৰ পিছ পিনে স্ফেনইডেল ছাইনাছ যোৰ আৰু একেবাৰে তলত গালৰ ভিতৰ ভাগত মেক্সিলাৰী ছাইনাছযোৰ অৱস্থিত। ছাইনাছ কেভিটিবোৰ পাতল হাড়েৰে তৈয়াৰী একো একোটা বেলুনৰ দৰে। ইয়াৰ ভিতৰভাগ শ্লেষ্মাজাতীয় আৱৰণী অৰ্থাৎ মিউকাছ মেমব্ৰেইন এখনে আৱৰি থাকে। এই মিউকাছ মেমব্ৰেইন এখনে আৱৰি থাকে। এই ছাইনাছ কেভিটি বোৰ নাকৰ বায়ু চলাচল কৰা নলীৰ সৈতে সংলগ্ন হৈ থাকে। নাকৰ পৰা এইবোৰলৈ বায়ু চলাচল কৰি থাকে। ছাইনাছে উশাহত লোৱা বায়ু গৰম কৰি ইয়াক চলাচলত সহায় কৰে। ছাইনাছৰ বাবে মূৰৰ লাওখোলাৰ ওজন কম হয় আৰু মূৰটো পাতল হয়। ই মূৰৰ লাওখোলাৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এইবোৰে ইয়াৰ কাষতে অৱস্থিত মস্তিষ্কৰ লগত ইনচুলেটৰৰ কাম কৰে। ছাইনাছবোৰে মাত-কথাৰ কম্পনাংক নিয়মিত কৰি ৰাখে।
ছাইনাছ কেভিটিবোৰৰ ভিতৰ ভাগ আৱৰি থকা শ্লেষ্মাজাতীয় আৱৰণী অৰ্থাৎ ছাইনাছৰ মিউকাছ মেমব্ৰেইনখনৰ সংক্ৰমণ আৰু প্ৰদাহ হ’লে ছাইনাছাইটিছ বুলি কোৱা হয়। ছাইনাছৰ মিউকাছ মেমব্ৰেইনখনে এবিধ তৰল পদাৰ্থ নি:সৰিত তলৰ পদাৰ্থবোৰ মিউকাছ মেমব্ৰেইনখনে এবিধ তৰল পদাৰ্থ নি:সৰিত কৰে। সাধাৰণ অৱস্থাত এই নি:সৰিত তলৰ পদাৰ্থবোৰ মিউকাছ মেমব্ৰেইনখনত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ নোমসদৃশ ছিলিয়াবোৰে ঠেলি নি সৰু সৰু বিন্ধাৰে নাসিকা গহ্বৰলৈ পঠাই দিয়ে। পানী লাগিলে এলাৰ্জী হ’লে বা অন্য কিছুমান কাৰণত ছাইনাছৰ টিছুবোৰে অধিক হাৰত বীজলুৱা পদাৰ্থ সৃষ্টি কৰে, ছিলিয়াবোৰ নিষ্ক্ৰিয় হৈ পৰে আৰু ছাইনাছৰ টিছুবোৰ ফুলি উঠে। ফলত ছাইনাছ কেভিটিবোৰৰ পৰা এই পদাৰ্থ বাহিৰলৈ ওলোৱাৰ পথ বন্ধ হৈ যায়। তেতিয়া তৰল পদাৰ্থবোৰ ওলাই আহিব নোৱাৰি ছাইনাছ কেভিটি ৰ অন্তৰ্ভাগতে জমা হৈ থাকে। কেতিয়াবা আকৌ কিছুমান পৰিস্থিতিত (সাংঘাটিকভাৱে চৰ্দি হোৱা, নাকটো বীজাণুৰে ভৰি থকা আদি অৱস্থাত খুব জোৰকৈ নাকটোত বতাহৰ চাপ দি নাকটো পৰিষ্কাৰ কৰিব বিচাৰিলে) নাক গহ্বৰত চাপ হঠাতে বাঢ়ি যায়। এনে অৱস্থাত ছাইনাছ নি:সৰিত তৰল পদাৰ্থৰ সোঁত উলটি গৈ ছাইনাছত প্ৰৱেশ কৰি জমা হয়। সেই জমা হৈ থকা তৰল পদাৰ্থবোৰ যিহেতু বীজাণুৰ বাবে উৎকৃষ্ট খাদ্য আৰু তাৰ উষ্ণতা বীজাণুবোৰৰ বাবে উৎকৃষ্ট সেয়েহে নানাবিধ বীজাণুৱে ছাইনাছৰ সংক্ৰমণ ঘটাই বংশবৃদ্ধি কৰিব পাৰে। তেতিয়াই ছাইনাছটিছ হৈ ছাইনাছৰ বিষ আৰম্ভ হয়। বিভিন্ন ধৰণৰ বীজাণুৰ (বেক্টেৰিয়া, ভাইৰাছ, ফাংগাছ আদি) দ্বাৰা ছাইনাছৰ সংক্ৰমণ হ’ব পাৰে। বেক্টেৰিয়াৰ ভিতৰত ষ্টেফাইলোকোকাছ, ষ্ট্ৰেপ্টোকোকাছ, নিউমোকোকাছ আৰু হিমোফিলাছ ইনফ্লুৱেঞ্জা প্ৰধান। তদুপৰি ভাইৰাছৰ ভিতৰত ৰাইন’ভাইৰাছ এডিন’ভাইৰাছ প্ৰধান। তদুপৰি এনেদৰে চাপ সৃষ্টি কৰিলে নাকৰ পৰা বহু সংক্ৰমিত মিউকাছ ওলাই গ’লেও কিছু অংশ সংক্ৰমিত মিউকাছ ছাইনাছত প্ৰৱেশ কৰে আৰু সংক্ৰমণ সম্প্ৰসাৰিত কৰি ছাইনাছাইটিছৰ সৃষ্টি কৰে। সাধাৰণতে যিটো ছাইনাছ কেভিটি ৰ সংক্ৰমণ আৰু প্ৰদাহ হয়, সেইটোৰে ইয়াৰ নামকৰণ কৰা হয়।
ফ্ৰন্টেল ছাইনাছৰ হ’লে ফ্ৰন্টেল ছাইনাছাইটিছ, স্ফেনইডেল ছাইনাছৰ হ’লে স্ফেনইডেল ছাইনাছাইটিছ, ইথমইডেল ছাইনাছৰ হ’লে ইথমইডেল ছাইনাছাইটিছ আৰু মেক্সিলাৰী ছাইনাছৰ হ’লে মেক্সিলাৰী ছাইনাছাইটিছ বুলি নামকৰণ কৰা হয়। একে সময়তে এক বা একাধিক ছাইনাছ কেভিটি ৰ সংক্ৰমণ হ’ব পাৰে। আটাইবোৰ ছাইনাছৰ সংক্ৰমণ আৰু প্ৰদাহ একেলগে হ’লে তাক পেনছাইনাছাইটিছ বুলি কোৱা হয়। পেৰানেজেল ছাইনাছ আৰু নাকৰ ভিতৰৰ শ্লেষ্মা জাতীয় আৱৰণ একেখনেই বাবে নাক আৰু ছাইনাছৰ প্ৰদাহ একেলগে হ’ব পাৰে। দুয়োটাৰে প্ৰদাহ একেলগে হ’ব পাৰে। দুয়োটাৰে প্ৰদাহ একেলগে হ’লে তাক ৰাইনো ছাইনাছাইটিছ বুলি কোৱা হয়। ছাইনাছাইটিছ দুটা ভাগত ভাগ কৰা হৈছে- একিউট ছাইনাছাইটিছ আৰু ক্ৰনিক ছাইনাছাইটিছ। একিউট ছাইনাছাইটিছত ৰোগীয়ে এসপ্তাহৰ পৰা চাৰি সপ্তাহলৈ ৰোগত ভোগা দেখা যায়। এই সময়ত অতিক্ৰম কৰাৰ পিছত সাধাৰণতে ৰোগী সুস্থ হৈ উঠে। আনহাতে, ক্ৰনিক ছাইনাছাইটিছত ৰোগীয়ে চাৰি সপ্তাহৰ অধিক সময় ভুগি থকা দেখা যায়।
১) নাক, ফেৰিংছ অথবা টনছিলৰ সংক্ৰমণ হ’লে বীজাণু ছাইনাছ কেভিটিলৈ বিয়পি ছাইনাছাইটিছ ৰোগৰ সৃষ্টি কৰিব পাৰে।
২) সাধাৰণ চৰ্দি, ঠাণ্ডা লগা, এলাৰ্জীক ৰাইনাইটিছ আৰু ভাইৰাছৰ আক্ৰমণত ছাইনাছাইটিছ হ’ব পাৰে।
৩) শীতকালত ঠাণ্ডা বা এলাৰ্জীৰ বাবে সৃষ্টি হোৱা ব্ৰংকাইটিছ অথবা এজমাৰ পৰাও ছাইনাছাইটিছ হ’ব পাৰে।
৪) নাকৰ বিন্ধা বন্ধ হৈ নাকৰ পৰা ছাইনাছে নি:সৰণ কৰা তৰল পদাৰ্থ ওলাই যাব নোৱাৰিলে জমা হোৱা তৰল পদাৰ্থৰ সংক্ৰমণ হৈ ছাইনাছাইটিছ হ’ব পাৰে। নাকৰ বিন্ধা বন্ধ হোৱাৰ কাৰণবোৰ হ’ল- নাকৰ পলিপ, টেমুনা, নাকৰ ফোঁহা, নাকত আঘাত পোৱা আৰু নাকৰ মধ্য হাড় বেকা হোৱা (ডি এন এছ) ইত্যাদি।
৫)দাঁত সংক্ৰমণ আৰু অপৰিষ্কাৰ মুখ গহ্বৰৰ পৰাও বীজাণু সংক্ৰমিত হৈ মেক্সিলাৰী ছাইনাছাইটিছ হ’ব পাৰে।
৬) নাকৰ ‘ড্ৰেইনেজ ডাক্টৰ’ সমস্যা বা জন্মগত বিকৃতি আদিৰ বাবে বন্ধ হ’লেও ছাইনাছাইটিছ হ’ব পাৰে।
৭) লেতেৰা অস্বাস্থ্যকৰ পানীৰে স্নান কৰিলে, নাকেৰে সেই পানী সোমাই ছাইনাছ কেভিটি ৰ সংক্ৰমণ কৰি ছাইনাছাইটিছ ৰোগৰ সৃষ্টি কৰিব পাৰে।
৮) পুষ্টিহীনতা।
৯) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা।
১০) অপৰিষ্কাৰ পৰিৱেশত বসবাস কৰা।
১১) ঠাণ্ডা আৰু বাহ্যিক প্ৰদূষণৰ বাবে।
ছাইনাছাইটিছ হৈ ছাইনাছ কেভিটি বোৰত বায়ু চলাচল বাধাগ্ৰস্ত হ’লে আৰু ইয়াত পূঁজ-পানী বা শ্লেষ্মাজাতীয় ৰস জমা হ’লে ৰোগীয়ে নানা ধৰণৰ বিষ-বেদনা সহ্য কৰিবলগীয়া হয়। এই বিষ বেদনাবোৰৰ বাবে ছাইনাছাইটিছ ৰোগীয়ে বহুতো লক্ষণ দেখুৱায়। এইবোৰৰ ভিতৰত মুখ্য হ’ল-
১) ছাইনাছাইটিছ ৰোগত মূৰ, চকু, কপাল, কাণ, দাঁত আদিত বিষ হ’ব পাৰে। সাধাৰণতে ফ্ৰন্টেল ছাইনাছাইটিছত কপাল আৰু মূৰৰ আগফালে, ইথমইডেল ছাইনাছাইটিছত চকুৰ পিছপিনে, স্ফেনইডেল ছাইনাছাইটিছত মূৰৰ মাজ অংশত আৰু মেক্সিলাৰী ছাইনাছাইটিছ ওপৰ পাৰি দাঁতৰ ওপৰত বিষ অনুভৱ হয়।
২) কপালত লাহে লাহে টোকৰ মাৰিলেই বিষ অনুভৱ হয়।
৩) নাকেৰে দুৰ্গন্ধময় শ্লেষ্মা নিৰ্গত হয়।
৪) মূৰটো গধুৰ লাগি আৰু নাকত অস্বস্তিবোধ অনুভৱ হয়।
৫) নাক বন্ধ হৈ উশাহ-নিশাহত কষ্ট হয়।
৬) নাকেদি অনবৰতে পানী আৰু শেঙুন ওলাই থাকে। কেতিয়াবা আনকি নাকেৰে তেজো ওলাব পাৰে।
৭) নাকেৰে একোৰে গোন্ধ নোপোৱা হোৱা।
৮) গাল, চকু আদি ফুলা আৰু ৰঙা পৰিব পাৰে।
৯) জ্বৰ উঠা, শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা।
১০) এলেহুৱা আৰু দুৰ্বল ভাব।
১১) কাহ হ’ব পাৰে।
১২) শ্বাস-নিশ্বাসত দুৰ্গন্ধ নিৰ্গত হোৱা।
১৩) ভোক কমি অহা।
ইয়াৰ ভিতৰত যিকোনো দুটা গুৰুতৰ লক্ষণ অথবা এটা গুৰুতৰ দুটা সাধাৰণ লক্ষণ থাকিলে ছাইনাছাইটিছ ৰোগ আছে বুলি ধাৰণা কৰা হয়। বিভিন্ন বয়সৰ লোকৰ মাজত এই ৰোগৰ লক্ষণ বেলেগ বেলেগ হয়। শিশুবোৰৰ এই ৰোগ হ’লে সাধাৰণতে পানীলগাৰ দৰে লক্ষণবোৰ দেখা দিয়ে। নাকেৰে পানী ওলাই থকা, নাক বন্ধ হোৱা আৰু সামান্য জ্বৰ। প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত পানীলগাৰ লক্ষণ, শুকান কাঁহ, জ্বৰ, ক্ৰমান্বয়ে নাক বন্ধ হৈ গৈ থকা, দাঁতৰ বিষ, কাণৰ বিষ আদি হোৱা দেখা যায়। পেটৰ অসুখ, বমি ভাব, মূৰৰ বিষ চকুৰ ভিতৰত বিষ আদি লক্ষণেও দেখা দিব পাৰে।
একিউট ছাইনাছাইটিছৰ চিকিৎসা হিচাপে প্ৰথম সপ্তাহত সাধাৰণতে বন্ধ নাক খুলিবলৈ আৰু শ্লেষ্মাৰ নি:সৰণ মুক্তভাৱে হ’বলৈ গৰম পানীৰ ভাপ লোৱা, নাকৰ ভিতৰত ড্ৰপ বা স্প্ৰে দিয়া, লুণীয়া পানীৰে নাক পৰিষ্কাৰ কৰা আদি কৰিব দিয়া হয়। এই বেমাৰৰ দ্বাৰা আক্ৰান্ত ৰোগীক গৰম আৰু মুকলি বতাহ সোমাব পৰা ঘৰত জিৰণি ল’বলৈ দিয়া হয়। প্ৰথম সপ্তাহত সাধাৰণতে এন্টিবায়টিক খাব দিয়া নহয়। কেৱল জ্বৰ আৰু বিষ কমাবলৈ এন্টি-ইনফ্লেমেটোৰী, এনালজেচিক দৰৱ দিয়া হয়। ৰোগ নকমিলে পিছৰ সপ্তাহত এন্টিবায়টিক খাব দিয়া হয়। ক্ৰণিক ছাইনাছাইটিছৰ ক্ষেত্ৰত এলাৰ্জীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে দীৰ্ঘদিনলৈ এলাৰ্জীৰ চিকিৎসাৰো প্ৰয়োজন।
মেক্সিলাৰী ছাইনাছাইটিছৰ ক্ষেত্ৰত এইবোৰে কাম নকৰে। ইয়াক ক্ৰণিক ছাইনাছাইটিছ বুলি কোৱা হয় আৰু ৰোগীক অস্ত্ৰোপচাৰ কৰিব পৰামৰ্শ দিয়া হয়। তদুপৰি ৰোগীয়ে ‘এন্ট্ৰেল ৱাশ্ব’ কৰিব পাৰে। এই ব্যৱস্থাত নাকৰ ভিতৰৰ অধ:স্থ টাৰ্বিনেটৰ তলেদি মেক্সিলাৰী ছাইনাছ ফুটাই পৰিষ্কাৰ পানীৰে মেক্সিলাৰী ছাইনাছ কেভিটিবোৰ ধুই পেলোৱা হয়। এই পানীৰ সোঁত ছাইনাছৰ ভিতৰত থকা পূঁজসহ মধ্য মিয়েটাছৰ স্বাভাৱিক প্ৰৱেশ ছিদ্ৰইদি নাক আৰু বাহিৰলৈ ওলাই আহে। ই অতি সহজে অস্ত্ৰোপচাৰ। পিছত অকণমান এফেড্ৰিন দি ছাইনাছৰ নি:সৰণ পথ মুকলি কৰাৰ ব্যৱস্থা কৰা হয়। লগতে এন্টিবায়টিক দি ৰৈ যোৱা বীজাণুবোৰ ধ্বংস কৰা হয়। সাধাৰণতে উপৰোক্ত ব্যৱস্থাতো এই ৰোগ ভাল হয়।
ছাইনাছাইটিছৰ কেতিয়াও সহজভাৱে ল’ব নালাগে। কেতিয়াবা ছাইনাছাইটিছ ৰোগ পুৰণি হৈ নাকত পলিপ জাতীয় টেমুনা হ’ব পাৰে। ইয়াৰ বাবে নাকেৰে তেল ওলাব পাৰে। অস্ত্ৰোপচাৰ কৰিব লগা হয়। সঠিকভাৱে চিকিৎসা নকৰিলে ফ্ৰন্টেল ছাইনাছাইটিছৰ বাবে মস্তিস্ক আৰু ইথমইডেল ছাইনাছাইটিছ হৈ চকু দুটাও সংক্ৰমিত হ’ব পাৰে। ফলত চকুত তীব্ৰ বিষ হোৱা, চকু ৰঙাপৰা আনকি কেতিয়াবা দৃষ্টিশক্তি পৰ্য্যন্ত হেৰাব পাৰে।
প্ৰতিৰোধেই ছাইনাছাইটিছ ৰোগৰ পৰা হাত সৰাৰ একমাত্ৰ উপায়। বতাহত থকা অসংখ্য ধূলি-মাকতি, ধোঁৱা আদি যেতিয়া উশাহৰ লগত নাকৰ ভিতৰলৈ সোমাই যায় আৰু নাকৰ পেৰানেজল ছাইনাছত লাগি ৰৈ যায়, লাহে লাহে তাত বীজাণুৰ দ্বাৰা সংক্ৰমণ ঘটে। সেয়ে যদি বতাহত থকা ধূলি-মাকতি আদি উশাহত ভিতৰলৈ সোমোৱাত বাধা দিব পৰা যায়, তেতিয়া ইয়াৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। এই ৰোগৰ পৰা স্থায়ী উপশম পাবলৈ ধূলি-ধোঁৱা, ঠাণ্ডা আদিৰ পৰা আঁতৰি থাকিব লাগিব। স্কুটাৰ, মটৰ চাইকেল আদি চলাওঁতে নাকত মাক্স পিন্ধি চলাব লাগে। দেহত অত্যাধিক ঠাণ্ডা লগাব নেলাগে। অফিচ, বজাৰ বা ধূলিময় পৰিৱেশত কাম কৰি আহি অলপ কুহুমীয়া গৰম পানীত নিমখ মিহলি কৰি নাকৰ ভিতৰখন চাফা কৰিব লাগে, তেতিয়াহে নাকটো ৰোগাক্ৰান্ত হোৱাৰ পৰা বচাব পাৰি। নিজৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ৰাখিব লাগে। ছাইনাছৰ ৰোগ হ’ব পৰা পৰিস্থিতিৰ পৰা সদাই আঁতৰি থাকিব লাগে।
লিখকৰ নাম: ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 6/9/2020
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
অন্য এক চিকিৎসা প্ৰণালী এৰ’মাথেৰাপী
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...