অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাউট ৰোগ

গাউট ৰোগ

গাউট নামৰ ৰোগত আজিকালি বহুতো লোকে আক্ৰান্ত হোৱা শুনিবলৈ পোৱা যায়। দৰাচলতে গাউট ৰোগ পিউৰিণৰ ক্ৰিয়া-বিক্ৰিয়াৰ ফলত উৎপত্তি হয় যদিও ইয়াৰ প্ৰকৃত কাৰণ চিকিৎসা বিজ্ঞানীসকলে এতিয়াও সঠিকভাৱে নিৰ্ণয় কৰিব পৰা নাই। নিমখৰ দানাৰ ৰূপত গাঁঠি সমূহৰ ভিতৰত বা তাৰ চাৰিওফালে ‘ইউৰেট’ ৰূপে জমা হোৱাৰ ফলত এই ৰোগ হয়। খাদ্য কোষৰ ‘নিউক্লিয়াই’ আৰু শৰীৰৰ উৱঁলি যোৱা কোষৰ নিউক্লিয়াইৰ পৰা ইউৰিক এচিডৰ পৰিমাণ বেছি হ’লে গাউট ৰোগ হোৱাৰ আশংকা বেছি হয়। সাধাৰণতে এজন সুস্থ লোকৰ তেজত ইউৰিক এচিডৰ পৰিমাণ শতকৰা ২-৬ মিলিগ্ৰাম থাকিব লাগে। ৩০ ৰ পৰা ৫০ বছৰ বয়সৰ লোকৰ মাজত এই ৰোগ সাধাৰণতে যিসকল লোক উচ্চস্তৰৰ জীৱন প্ৰণালী, উচ্চ মানৰ খাদ্য আৰু মদ্যপান আদিত অভ্যস্ত, তেওঁলোকৰ মাজত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। কিছুমান বৈজ্ঞানিকে শতকৰা ৫০-৮০ ভাগ এই ৰোগ বংশগত বুলিও দাবী কৰে।

উৎপত্তিৰ কাৰণসমূহ

গুৰপাকী আহাৰ আৰু মদ্যপানৰ নিয়মীয়া অভ্যাস থাকিলে গাউট ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে যদিও সকলো ক্ষেত্ৰত তেনে ৰোগ নহবও পাৰে। বহু সময়ত দেখা গৈছে যে খাদ্যপ্ৰাণ ঘ অধিক মাত্ৰাত গ্ৰহণ কৰাৰ ফলতো গাউট ৰোগ হ’ব পাৰে। অৱশ্যে জীনিয় আৰু পৰিবেশ ভেদে ইউৰিক এচিডৰ পৰিমাণ কম-বেছি হ’ব পাৰে। পিউৰিণ থকা খাদ্যসমূহ যেনে: বিন, মটৰ, বেঙেনা, মচুৰ মাহ, ফুলকবি, পালেংশাক, শতমূল, কাঠফুলা ইত্যাদি। অধিকভাৱে ব্যৱহাৰ কৰিলেও ইউৰিক এচিড বাঢ়ি যোৱা দেখা যায়।

ৰোগৰ লক্ষণসমূহ

শৰীৰৰ যিকোনো গাঁঠিতে এইবিধ ৰোগে হঠাতে আক্ৰমণ কৰিব পাৰে। প্ৰথমে এটা গাঁঠি অকস্মাতে ফুলি উঠি অসম্ভৱ বিষ হৈ কেইঘন্টামানৰ পিছতে ভাল হৈ যায়। কিন্তু পাছত কেতিয়াবা পুনৰ একে অৱস্থাই দেখা দিব পাৰে। শতকৰা ৯০ ভাগ ক্ষেত্ৰত ভৰিৰ বুঢ়া আঙুলিত এই ৰোগে প্ৰথমে আক্ৰমণ কৰা দেখা যায় যদিও অন্যান্য গাঁঠিসমূহ যেনে ভৰিৰ পানী গাঁঠি, আঁঠু, হাতৰ সৰু গাঁঠি আদি আক্ৰান্ত হ’ব পাৰে। ৰোগ বেছি হ’লে প্ৰথমে জ্বৰ, ঘাম ওলোৱা, ভোক নলগা, প্ৰস্ৰাৱ ৰঙচুৱা হোৱা আদি উপসৰ্গই দেখা দিয়ে। আগতে কোনো সময়ত গাঁঠিত দুখ পালে অত্যাধিক ব্যায়াম কৰিলেও এই ৰোগ বিধে আক্ৰমণ কৰিব পাৰে।

জটিলতা

সময়মতে গাউট ৰোগৰ চিকিৎসা নকৰিলে ই পুৰণি ৰোগত পৰিণত হবগৈ পাৰে। তেনেকুৱা হ’লে গাঁঠিবোৰত ইউৰিক এচিডৰ দানা জমা হয়। টফি নামৰ এনেবিধ ইউৰিক এচিডৰ বৃহৎ দানা সাধাৰণতে আঙুলিৰ গাঁঠি আৰু কাণৰ বাহিৰৰ অংশত জমা হয়। এনেদৰে টফি জমা হ’লে গাঁঠিবোৰ বিকৃত হৈ যোৱাৰ সম্ভাৱনা থাকে। তাৰোপৰি ৰোগীজনৰ বৃক্ক আক্ৰান্ত হৈ পাথৰ জমা হ’ব পাৰে বা বৃক্ক একেবাৰে নষ্ট হৈ যাব পাৰে।

চিকিৎসা পদ্ধতি

গাউট ৰোগ হ’লে তৎকালীন আৰু উপযুক্তভাৱে চিকিৎসা কৰাব লাগে। ৰোগীজনে গাউট ৰোগত ভুগিছে নে অন্য কাৰণত গাঁঠি ফুলিছে তাক সঠিকভাৱে পৰীক্ষা-নিৰীক্ষা কৰিহে চিকিৎসা কৰিব লাগে।গাউট ৰোগৰ বাবে ‘কলছিচিন’ নামৰ ঔষধীয় উপাদানবিধ প্ৰয়োগ কৰা হয় আৰু ই ফলপ্ৰসূভাৱে ৰোগ নিয়ন্ত্ৰণ কৰে যদিও ইয়াৰ ব্যৱহাৰ ফলত কিছুমান উপসৰ্গ যেনে বমি হোৱা, মূৰঘূৰণি আৰু পনীয়া শৌচো হ’ব পাৰে। চিকিৎসা কৰিলে ৰোগৰ উপশম হয় যদিও চাৰি-পাঁচ দিনৰ বেছি ঔষধ খাব নালাগে। অসুখ বেছি হোৱা যেন দেখিলে ৰোগীক বিছনাত শুৱাই আক্ৰান্ত হোৱা গাঁঠিসমূহ কপাহেৰে মেৰিয়াই গাৰুৰ ওপৰত তুলি থব লাগে। ৰোগীক বিষৰ পৰা সকাহ দিবলৈ ঠাণ্ডা বা গৰম সেক দিব পাৰি। অসুখৰ সময়ছোৱাত নিৰামিষ আহাৰ আৰু যথেষ্ট পৰিমাণে পানী খাবলৈ দিব লাগে। মাদক দ্ৰব্য, মাংস, চৰ্বিযুক্ত মাছ, মিঠা ৰুটি, জন্তুৰ যকৃত আদি পৰাপক্ষত বৰ্জন কৰিব লাগে। ৰোগ পুৰণি হ’লে সৰু সুৰা ব্যায়াম কৰিব লাগে। আৰু বিকৃত হোৱা গাঁঠিৰ বাবে ফিজিঅ’থেৰাপী অত্যন্ত দৰকাৰ।

প্ৰতিৰোধৰ ব্যৱস্থা

গাউট ৰোগৰ বাবে আজিকালি উন্নত বহুধৰণৰ অস্থি চিকিৎসা আৰু কায়িক চিকিৎসাৰ ব্যৱস্থা হৈছে। কিন্তু ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰাতকৈ আগতেই প্ৰতিৰোধ কৰাই শ্ৰেয়। যি পৰিয়ালত এনে ৰোগ আছে, তেনে পৰিয়ালৰ ৰোগীয়ে নিজৰ চিকিৎসকক এই বিষয়ে জনাই থোৱা উচিত। ৰোগৰ প্ৰাথমিক উপসৰ্গই দেখা দিলেই চিকিৎসকক জনোৱা উচিত। তথাকথিত গাউট বিহীন আহাৰে এই ৰোগ প্ৰতিৰোধ কৰাৰ কোনো নিৰ্দিষ্ট প্ৰমাণ নাই যদিও গাউটত ভোগা ৰোগীয়ে তেনে খাদ্য নোখোৱাই ভাল। সেয়েহে প্ৰতিৰোধকাৰী প্ৰণালীবোৰে এই ক্ষেত্ৰত বেছি ভাল কাম কৰে। মনত ৰখা উচিত- ‘Prevention is better than cure’।

লিখক: ডা: ধ্ৰুবজ্যোতি দাস, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.95348837209
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top