অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নখচুকীয়া

নখচুকীয়া নখৰ আটাইতকৈ সঘনাই হোৱা এবিধ ভেঁকুৰজনিত ৰোগ।চিকিৎসা শাস্ত্ৰৰ ভাষাত ইয়াক ওনাইকোমাইকোছিছ(Onychomycosis)বা টিনীয়া উংগুইয়াম (Tinea Unguium)বুলি কোৱা হয়

নখচুকীয়া কি-

 

 

নখচুকীয়া নখৰ আটাইতকৈ সঘনাই হোৱা এবিধ ভেঁকুৰজনিত ৰোগ।চিকিৎসা শাস্ত্ৰৰ ভাষাত ইয়াক ওনাইকোমাইকোছিছ(Onychomycosis)বা টিনীয়া উংগুইয়াম (Tinea Unguium)বুলি কোৱা হয়।নখৰ বিভিন্ন ৰোগৰ ভিতৰত প্ৰায় আধা (50 শতাংশ)ই ভেঁকুৰজনিত।হাত আৰু ভৰি-দুয়ো ঠাইৰ নখতে এই ৰোগ হব পাৰে যদিও ভৰিৰ্নখ আক্ৰান্ত হোৱাৰ হাৰ বেছি।প্ৰাপ্তবয়স্কসকলৰ প্ৰতি দহজনৰ মাজৰ এজনৰ এই ৰোগ হোৱা দেখা যায়।নখচুকীয়াক দূৰৱৰ্তী অন্তৰ্নখী(Distal Subungual),শুভ্ৰ বহি:তৰপী(White Superficial),নিকটৱৰ্তী অন্তৰ্নখী(Proximal Subungual)আৰু কেণ্ডিডীয়(Candidial)-এই চাৰিটা ভাগত ভগোৱা হৈছে।অসমৰ দৰে সিক্ত পৰিৱেশত মূলত: কেণ্ডিডা(Candida)নামৰ ভেঁকুৰবিধে নখ আক্ৰান্ত কৰে।বেছি সময় স্পৰ্শ কৰি থাকিবলগীয়া হোৱা মানুহৰ হাতৰ আঙুলিৰ নখত কেণ্ডিডাই সহজে আক্ৰমন কৰে।পশ্চিমীয়া শীতল ঠাইসমুহত ‘ট্ৰাইকোফাইটন ৰুব্ৰাম’ আদি চৰ্ম ভেঁকুৰ ইয়াৰ বাবে মূল দায়ী।স্কিটেলিডিয়াম,স্কোপুলাৰিঅ’পঅ’ছিছ,এস্পেৰগিলাছ আদি ছালৰ সৈতে জড়িত নোহোৱা ভেঁকুৰেও কেতিয়াবা নখচুকীয়া কৰিব পাৰে।

লক্ষন-

 

ৰোগাক্ৰান্ত নখ প্ৰথমে ডাঠ হব ধৰে আৰু স্বাভাৱিক ৰং সলনি হৈ বগা,কলা,হালধীয়া বা সেউজীয়া হব ধৰে।নখৰ পৰিষ্কাৰ স্বচ্ছ ৰূপ গুচি ধূসৰ আৰু অস্বচ্ছ হব পাৰে।ধীৰে ধীৰে নখবোৰ ঠুনুকা হৈ যায় আৰু টুকুৰা-টুকুৰকৈ এৰাই আহে।কেতিয়াবা গোটেই নখটোৱেই এৰাই আহিব পাৰে।পিছলৈ নখৰ তলভাগ আৰু চৌপাশে প্ৰদাহ হোৱাৰ ফলত ৰঙা বা ৰঙচুৱা পৰি ফুলি উঠে আৰু বিষ অনুভৱ হয়।আক্ৰান্ত নখৰ কাষত ছালতো বগা বা হলধীয়া দাগ পৰিব পাৰে বিশেষকৈ হাতৰ অঙালিৰ নখ আক্ৰান্ত হলে অনবৰতে দেয়া চকুৰে দেখি থকা যায় বাবে আক্ৰান্ত ব্যক্তিগৰাকী মানসিকভাৱে কেতিয়াবা দুৰ্বল হৈ পৰে,যিয়ে মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।মধুমেহত আক্ৰান্ত ব্যক্তি,ক্ষুদ্ৰ ৰক্তবাহী নলিকাৰ ৰোগত ভূগি থকা ব্যক্তি,বেছিকৈ ঘমা মানুহ,স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তি,বয়োজ্যেষ্ঠ মহিলা বা কৃত্ৰিম নখ(এক্ৰাইলিক বা ‘ৰেপছ’)পৰিধান কৰা যিকোনো বয়সৰ মহিলাৰ ক্ষেত্ৰত ই অধিক হোৱা দেখা যায়।বয়োজ্যেষ্ঠসকলৰ নখবোৰ লাহে লাহে বাঢ়ে,ভেঁকুৰৰ সৈতে অধিক সংস্পৰ্শ হয় তথা তেজ চলাচলৰ গতি ধীৰে ধীৰে হৈ পৰে বাবে ভেঁকুৰজনিত সংক্ৰমণ অধিক হোৱা দেখা যায়।

বহি:লক্ষণৰপৰাই নখচুকীয়া ৰোগ বহু দূৰলৈ চিনাক্ত কৰা সম্ভৱ যদিও ছাল বা নখৰ অইন কিছুমান ৰোগৰ সৈতে বিভ্ৰান্তি নহবৰ বাবে চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি যাৱতীয় পৰীক্ষা-নিৰীক্ষাৰ সহায় লোৱা উচিত।নিশ্চিত নিৰ্দ্ধাৰণৰ বাবে আক্ৰান্ত নখৰপৰ চোঁচ(Scraping)লৈ কৰ্ষণ(Culture),হাইড্ৰ’জেন পেৰ’ক্সাইড স্মীয়াৰ,হিষ্টোল’জী বা PAS ষ্টেইন কৰা বায়’পসী আদি পৰীক্ষাৰ প্ৰয়োজন হব পাৰে।

সাৱধানতা-

 

 

নখচুকীয়াত ভোগা ব্যক্তিয়ে হাত আৰু ভৰি যথাসম্ভৱ শুকানকৈ ৰাখিব লাগে।তেজত শৰ্কৰাৰ পৰিমাণ সদায় স্বাভাৱিকধ্ৰাখিব লাগে।স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰাখিবলৈ সতেজ ফল-মুল,পাচলি নিয়মীয়াকৈ খাব লাগে।নখচুকীয়া চিকিৎসা তুলনামূলকভাৱে দীঘলীয়া হয় আৰু ফলাফল দেখা দিওঁতে সময় লাগে।এই সময়খিনি ধৈৰ্য ধৰি ঔষধ ব্যৱহাৰ কৰি থাকিব লাগে।বাহিৰৰ পৰা লগোৱা মলম বা মুখেৰে খাব লগা বিভিন্ন কাৰ্যকৰী ঔষধ আজিকালি উপলব্ধ হৈছে।মলমজাতীয় ঔষধ এবছৰমান একেৰাহে ব্যৱহাৰ কৰিব লাগে।ভেঁকুৰ নিধনকাৰী ঔষধ ব্যৱহাৰ অকি অধিৰ ফলপ্ৰসু চিকিৎসা সম্ভৱ যদিও এনে ঔষধ ব্যৱহাৰ কৰাৰ আগেয়ে যাৱতীয় পৰীক্ষাৰদ্বাৰা নিশ্চিতভাৱে ৰোগ আৰু তাৰ প্ৰকাৰ জানি লোৱা উচিত,কিয়নো এনেবোৰ ঔষধৰ পাৰ্শ্বক্ৰিয়া দুৰ্লভ নহয়।উপযুক্ত ঔষধ প্ৰয়োগেৰে এবাৰ নিৰাময় হোৱাৰ পিছত পুনৰ হোৱাৰ আশংকা তুলনামূলকভাৱে অধিক আৰু সেয়ে প্ৰয়োজনবোধে বাৰে বাৰে চিকিৎসাৰ সহায় লৈ থাকিবলগীয়া হব পাৰে।লেজাৰ ৰশ্মি প্ৰয়োগৰ জৰিয়তে ফলপ্ৰসু চিকিৎসাৰ যত্ন কৰা হৈছে যদিও এতিয়ালৈকে সেয়া আশানুৰুপ ভাৱে কাৰ্যকৰী হোৱা নাই।সময়মতে সুচিকিৎসা নকৰালে তুলনামুলক ভাৱে সাধাৰন যেন লগা নখচুকীয়া নখ স্থায়ীভাৱে নষ্ট কৰাৰ উপৰি চেলুলাইটিছহ,অষ্টিঅ’ মায়েলাইটিছ আদি গুৰুতৰ জটিলতা সৃষ্টি কৰাব পাৰে।

 

 

নখচুকীয়াত আক্ৰান্ত হলে চিন্তাগ্ৰস্থ নহৈ চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি শীৰ্ঘে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে।দীঘলীয়া চিকিৎসা বা পুন: আক্ৰান্ত হোৱা বাবে হতাশাগ্ৰস্থ হব নালাগে,ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোণালডো,গায়িকা মেডোনা আদিৰ দৰে বিখ্যাত ব্যক্তিয়েও এনে ভেঁকুৰজনিত অসুখত আক্ৰান্ত হৈছিল।

উৎস: দৈনিক অসম

2.97297297297
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top