অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা

মেদবহুলতা

ভাৰতীয় মানুহৰ স্বাস্থ্য সমস্যাৰ ভিতৰত পেট আৰু কঁকালৰ আশে-পাশে অপ্ৰয়োজনীয়ভাৱে চৰ্বি বৃদ্ধি পোৱাটো অন্যতম সমস্যা। এই সমস্যাটো মহিলাৰ তুলনাত পুৰুষৰ মাজত অধিক দেখা যায়। পুৰুষৰ ক্ষেত্ৰত পেটৰ চৰ্বি আৰু মহিলাৰ ক্ষেত্ৰত কঁকালৰ আশে পাশে চৰ্বি বৃদ্ধি পোৱা পৰিলক্ষিত হয়। বিশেষকৈ পুৰুষ মহিলাৰ উভয়ৰ মাজত পেট আৰু কঁকালত চৰ্বি বৃদ্ধি পায়। পেট আৰু কঁকালৰ অনাৱশ্যক চৰ্বি বৃদ্ধিয়ে এগৰাকী ব্যক্তিৰ স্বাস্থ্য আৰু সৌন্দৰ্যক বহুখিনি প্ৰভাৱিত কৰে। পুৰুষসকলৰ ক্ষেত্ৰত পেটত চৰ্বি বৃদ্ধিয়ে চেহেৰা দেখাত অতি দৃষ্টিকটু কৰি তোলে। মহিলাসকলৰ ক্ষেত্ৰত কঁকালৰ অনাৱশ্যক চৰ্বিয়ে দেখাত বয়সস্থ যেন কৰি তোলে আৰু মহিলাৰ সৌন্দৰ্য নষ্ট কৰে। পেট আৰু কঁকালত বৃদ্ধি পোৱা চৰ্বিয়ে বিভিন্ন ৰোগ যেনে-ডায়েবেটিছ, অৱসাদ আদিৰ সৃষ্টিতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি বিভিন্ন স্বাস্থ্য গৱেষণাই দাঙি ধৰিছে। সেয়েহে পেট আৰু কঁকালক চৰ্বিমুক্ত কৰি ৰখাৰ বাবে পুৰুষ-মহিলা উভয়ে সচেতন হোৱা প্ৰয়োজন। উল্লেখ্য যে কেতবোৰ ব্যায়াম আৰু খাদ্যৰ দিশত সচেতন হ’লে পেট আৰু কঁকালক অবাঞ্চিত চৰ্বিৰপৰা মুক্ত কৰি ৰাখিব পাৰি।

  • আপোনাৰ পেট আৰু কঁকালক অপ্ৰয়োজনীয় চৰ্বিৰপৰা মুক্ত কৰি ৰাখিব হ’লে নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব। এনে ব্যায়াম নিৰ্বাচন কৰিব লাগিব যিবোৰ ব্যায়াম কৰিলে পেট আৰু কঁকালৰ ওপৰত চাপ পৰে। এইক্ষেত্ৰত ছিট আপ এক উৎকৃষ্ট ব্যায়াম। এই ব্যায়ামৰ জৰিয়তে পেট আৰু কঁকালৰ চৰ্বি হ্ৰাস কৰিব পাৰি।
  • ফ্ৰি-হেণ্ড ব্যায়াম চৰ্বি নিয়ন্ত্ৰণৰ বাবে লাভজনক। এইক্ষেত্ৰত এৰ’বিক্‌ছ যথেষ্ট ফলপ্ৰ্সূ হিচাপে পৰিগণিত হৈছে।
  • বিভিন্ন আসন কৰিও পেটৰ চৰ্বি নিয়ন্ত্ৰণত ৰাখিব পাৰি। এইক্ষেত্ৰত আপুনি কোনো যোগাসন কিদৰে সহায় ল’ব পাৰে আৰু যোগাসন সম্পৰ্কীয় গ্ৰন্থৰদ্বাৰাও উপকৃত হ’ব পাৰে।
  • কঁকাল আৰু পেটৰ চৰ্বি নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলা লাভজনক। বিশেষকৈ পুৱা বা গধূলি জগিং কৰিলে যথেষ্ট সুফল পাব পাৰি।
  • খাদ্য গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সচেতন হ’ব লাগিব। এনে খাদ্য খোৱা অনুচিত যাৰ ফলত চৰ্বি বৃদ্ধি পায়। অধিক চৰ্বিযুক্ত খাদ্য –চৰ্বিযুক্ত মাংস, মাখন, ঘিউ, চৰ্বিযুক্ত গাখীৰ আদি নাখাব। ইয়াৰ পৰিৱৰ্তে চৰ্বিবিহীন গাখীৰ, দৈ, মাছ, সেউজীয়া শাক-পাচলি যথেষ্ট পৰিমাণে খোৱা উচিত। ফলমূল অধিক পৰিমাণে খোৱা উচিত।
  • খাদ্য সদায় নিৰ্দিষ্ট পৰিমাণতহে খোৱা উচিত। অধিক ভোজনৰপৰা আঁতৰি থকা উচিত।
  • পানী অধিক পৰিমাণে খোৱা উচিত। আপুনি যদি অধিক পৰিমাণে খাদ্য খায় তেন্তে চৰ্বি নিয়ন্ত্ৰণৰ বাবে ভোজন কমকৈ কৰি ফলৰ ৰস, গাখীৰ আদি জুলীয়া খাদ্যৰ পৰিমাণ বৃদ্ধি কৰক।
  • কেৱল নিদিৰ্ষ্ট পৰিমাণত খাদ্য খালেই নহ’ব। মূল কথা হ’ল চৰ্বি নিয়ন্ত্ৰনত ৰাখিব হ’লে আপুনি দৈনন্দিন জীৱনত পৰ্যাপ্ত পৰিমাণৰ শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব। বিলাসী তথা আৰামপ্ৰিয় জীৱনশৈলী ত্যাগ কৰি বিভিন্ন কাম-কাজত নিজক জড়িত কৰক। পেট আৰু কঁকাল চৰ্বিমুক্ত কৰিবলৈ হ’লে খাদ্য আৰু ব্যায়াম সচেতনতাৰ লগতে ঘৰুৱা কাম-কাজ, খোজকঢ়া আদিৰ জৰিয়তে শাৰীৰিক শ্ৰম কৰাৰ অভ্যাস গঢ়ি তোলাৰ কোনো বিকল্প নাই বুলি স্বাস্থ্য গৱেষকসকলে মন্তব্য কৰিছে।

লেখকৰ নামঃ দিব্যজ্যোতি ভূঞা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate