অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতত হাত-ভৰিৰ যতনঃ

এয়া শীত। শীতৰ দিনকেইটাত জলবায়ুত আৰ্দ্ৰতা কম থাকে। শীতল শুকান বতাহে হাত-ভৰিৰ ছাল শুকান কৰি তোলে। ছাল ফটা সমস্যাৰো সৃষ্টি হয়। নিয়মিত যতনৰ দ্বাৰা এনেবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। আগবঢ়াইছো কেইটামান টিপছ-

 

এয়া শীত। শীতৰ দিনকেইটাত জলবায়ুত আৰ্দ্ৰতা কম থাকে। শীতল শুকান বতাহে হাত-ভৰিৰ ছাল শুকান কৰি তোলে। ছাল ফটা সমস্যাৰো সৃষ্টি হয়। নিয়মিত যতনৰ দ্বাৰা এনেবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। আগবঢ়াইছো কেইটামান টিপছ-

-  শীতৰ দিনকেইটাত গা-ধোৱাৰ পূৰ্বে জলফাই তেল আৰু বাদাম তেল সমপৰিমাণে মিহলাই ল’ব। হাত-ভৰিৰ ছালত লগাই মালিচ কৰিব। ২০ মিনিটৰ পাছত ধুব।

-  দৈনিক গা-ধোৱাৰ পাছত হাত-ভৰিৰ ছালত ডিপ মইশ্বাৰাইজাৰ লগাব। ভৰিত কপাহী সূতাৰ কোমল মোজা পিন্ধি থাকিব।

-  দুটা পকা কল, গাখীৰৰ ক্ৰীম আৰু নাৰিকলৰ তেল একেলগে লৈ মিক্সিত পেষ্ট তৈয়াৰ কৰি ল’ব। হাত-ভৰিৰ ছালত লগাই ২০ মিনিটৰ পাছত কুহুমীয়া পানীৰে ধুই পেলাব। সপ্তাহত এবাৰকৈ কৰিলেও সুফল পাব।

-  হাত-ভৰিৰ ছালত জমা হোৱা মৃত কোষ নাইকিয়া কৰিবলৈ দুচামুচ ঘেঁহুৰ গুড়ি, গাখীৰ আৰু গ্লিচাৰিন একেলগে মিহলাই হাত-ভৰিৰ ছালত লগাই আঙুলিৰে ঘঁহি ঘঁহি মালিচ কৰিব। ১৫ মিনিটৰ পাছত কুহুমীয়া পানীৰে ধুই পেলাব।

- এই সময়ছোৱাত হাত-ভৰিৰ ছালৰ সৌন্দৰ্যৰ বাবে বিউটি ক্লিনিকত প্ৰতি দুসপ্তাহত এবাৰকৈ হেণ্ড আৰু ফুট স্পা কৰক।

(উৎসঃ অসমীয়া খবৰ, মালা মহন্ত ভূঞা, অধ্যক্ষ, ইমাজিক বিউটী ক্লিনিক, ৰাজগড় ৰোড, গুৱাহাটী-৩)।

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top