অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ মানে কি?

প্ৰথম দৃষ্টিত প্ৰশ্নটো অবান্তৰ যেন লগাটোৱেই স্বাভাৱিক। কিন্তু চিকিৎসা বিজ্ঞানত এইটো এটা জটিল প্ৰশ্ন। আনকি সাধাৰণ ৰাইজৰ বাবেও এইটো সহজ প্ৰশ্ন নহয়, কাৰণ এই প্ৰশ্নটোৰ ওপৰতে আন বহুতো কথা যেনে ৰোগবিধৰ চিকিৎসা, ৰোগৰ বাবে হোৱা খৰছ, চৰকাৰী স্বাস্থ্য নীতি, ঔষধ কোম্পানীৰ লাভালাভ আদি বহুতো প্ৰশ্ন জড়িত হৈ আছে। সেয়ে এই মৌলিক প্ৰশ্নটোৰ বিষয়ে অলপ আলোচনা হোৱা ভাল বুলিয়েই এই লেখাটো আগবঢ়োৱা হৈছে।

 

প্ৰথম দৃষ্টিত প্ৰশ্নটো অবান্তৰ যেন লগাটোৱেই স্বাভাৱিক। কিন্তু চিকিৎসা বিজ্ঞানত এইটো এটা জটিল প্ৰশ্ন। আনকি সাধাৰণ ৰাইজৰ বাবেও এইটো সহজ প্ৰশ্ন নহয়, কাৰণ এই প্ৰশ্নটোৰ ওপৰতে আন বহুতো কথা যেনে ৰোগবিধৰ চিকিৎসা, ৰোগৰ বাবে হোৱা খৰছ, চৰকাৰী স্বাস্থ্য নীতি, ঔষধ কোম্পানীৰ লাভালাভ আদি বহুতো প্ৰশ্ন জড়িত হৈ আছে। সেয়ে এই মৌলিক প্ৰশ্নটোৰ বিষয়ে অলপ আলোচনা হোৱা ভাল বুলিয়েই এই লেখাটো আগবঢ়োৱা হৈছে।

ৰোগৰ সংজ্ঞা কি-

ৰোগৰ সংজ্ঞা দিয়াৰ আগেয়ে আমি স্বাস্থ্যৰ সংজ্ঞালৈ চোৱা উচিত হ’ব। আমি সৰুকালি পঢ়া মনত আছে: ‘শৰীৰৰ নিৰোগী অৱস্থাকে স্বাস্থ্য বোলে’। কিন্তু নিৰোগী অৱস্থাৰ সংজ্ঞা কি হ’ব? সেয়া সৰুকালি পঢ়া কিতাপত কৈ দিয়া হোৱা নাছিল। বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ১৯৪৬ চনত আগবঢ়োৱা মতে স্বাস্থ্যৰ সংজ্ঞা হৈছে: “a state of complete physical, mental, and social well-being and not merely the absence of disease or infirmity.” শাৰীৰিক, মানসিক আৰু সামাজিক ভাৱে সম্পূৰ্ণ সুষমাৱস্থা, মাত্ৰ ৰোগ বা বিকলাংগতাৰ অনুপস্থিতি নহয়।

এইবাৰ আমি আহো ৰোগৰ সংজ্ঞালৈ। আচৰিত ধৰণে বিশ্ব স্বাস্থ্য সংস্থাই ৰোগৰ কোনো ব্যাপক সংজ্ঞা দিয়া নাই। (অৱশ্যে লেখকৰ দৃষ্টিগত নোহোৱাকৈ ক’ৰবাত সোমাই থাকিবও পাৰে, সদাশয় ব্যক্তিয়ে আঙুলিয়াই দিলে মই আনন্দিত হ’ম।) কিন্তু চিকিৎসা-বিজ্ঞানৰ অভিধানত দিয়া অনুসৰি ৰোগৰ সংজ্ঞা হৈছে: A disease is an abnormal condition affecting the body of an organism. It is often construed to be a medical condition associated with specific symptoms and signs. (ৰোগ হৈছে শৰীৰৰ কোনো অংগৰ কাৰ্য্য প্ৰণালীত প্ৰভাৱ পেলাব পৰা কোনো ‘অসামান্য’ (normal শব্দটোৰ প্ৰকৃত অসমীয়া ৰূপান্তৰ সম্বন্ধে মোৰ সন্দেহ আছে) অৱস্থা। এনে অৱস্থাসমূহৰ প্ৰায়েই বিশেষ ধৰণৰ লক্ষণ থাকে।)

অকণমান গভীৰলৈ গ’লেই এই সংজ্ঞাৰ সীমাবদ্ধতা দেখিবলৈ পোৱা যায়। যেনে বৃদ্ধকালীন অৱস্থাত আহি পৰা বিভিন্ন সমস্যা, যিবোৰ হয়তো সেই বয়সত হোৱা ‘সামান্য’ পৰিৱৰ্তন, কিন্তু সেইবোৰেও ব্যক্তিগৰাকীক অসুবিধাত পেলায়। কিন্তু এই অৱস্থাটোক ৰোগ বুলিব নোৱাৰি। আমি নিৰ্দ্বিধাই মানি ল’ব পাৰোঁ যে বৃদ্ধাৱস্থাক এটা ৰোগ বোলাও সমীচিন নহ’ব। কিন্তু এই সহজ কথাটোৰ এটা অসুবিধাও আছে। এনে অসুবিধাবিলাক লৈ আহি ওলোৱা ব্যক্তিজনক আমি–“আপোনাৰ কোনো ৰোগ নাই, বুঢ়া বয়সত এইটো হ’বই!”–বুলি কৈ পঠিয়াম নেকি?

আকৌ এনে কিছুমান অসুবিধা আছে যিবোৰে হয়তো দেহৰ কাৰ্য্যপ্ৰণালীৰ তেনে কোনো প্ৰভাৱ নেপেলায়, কিন্তু ভূগি থকা ব্যক্তিৰ জীৱনত সি প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে চুলি নোহোৱা হোৱাটোলৈ আঙুলিয়াব পাৰোঁ। পুৰুষৰ ক্ষেত্ৰত সেইটো প্ৰায়েই কোনো ৰোগ বুলি ধৰা নহয়, কিন্তু মহিলাৰ ক্ষেত্ৰত? বা ধৰা হওঁক কোনো এজন ব্যক্তিয়ে নিজৰ খোনা অৱস্থাৰ বাবে অসুবিধাত ভূগিছে তেন্তে সেইটোক ৰোগ বুলিম নে নাই?

ৰোগৰ সংজ্ঞাত এই ধৰণৰ ওভোটা যুক্তিবোৰে তৰ্কক আগবঢ়াই নিয়ে যদিও বহুতে ইয়াক অদৰকাৰী বুলিও ক’ব খোজে। তেওঁলোকৰ মতে কিছুমান অসুবিধা আচলতে ৰোগ নহয়, সৌন্দৰ্য্য বিষয়ক বা সামাজিক সমস্যাহে (ওপৰত উল্লেখিত প্ৰথম আৰু দ্বিতীয় উদাহৰণ দুটা)। তেওঁলোকৰ মত মানি লোৱাত কোনো অসুবিধা নাই, কিন্তু সেইখিনিতে এৰি দিয়াত অসুবিধা আছে।

সৌন্দৰ্য্য বিষয়ক বা সামাজিক যিয়েই নহওঁক কিয়, ভূগি থকা অসুবিধাৰ বাবে ব্যক্তিজনে সহায় বিচাৰিব আৰু দেহ বিষয়ক সমস্যাৰ বাবে তেখেত কোনো এজন চিকিৎসকৰ ওচৰলৈ আহিব। কিন্তু চিকিৎসক এজনে ‘সঁচাসচি’ ৰোগ এবিধক যিমান গুৰত্ব দিব, অন্যান্য সমস্যাক সিমান গুৰুত্ব দিব জানো? তাতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, ‘ৰোগ নোহোৱা’ ৰোগৰ চিকিৎসা কৰিবলৈ তেওঁ প্ৰশিক্ষণ প্ৰাপ্ত হয় নে?

চিকিৎসক এজনৰ বাবে ৰোগৰ সংজ্ঞা কি? চিকিৎসকৰ বাবে ৰোগৰ আচল অৰ্থ হৈছে ব্যক্তিজনে ভূগি থকা অসুবিধা বিলাকৰ আঁৰৰ কাৰণটো। উদাহৰণ এটা ললে বুজিবলৈ সহজ হ’ব। এগৰাকী বিছ বছৰীয়া যুৱক আজি তিনিদিনৰপৰা জ্বৰত ভূগিছে, মাজে মাজে জ্বৰ উঠে, এঘণ্টামান পাছত কঁপি কঁপি নোহোৱা হৈ যায়। ইয়াৰ বাহিৰেও তেখেতৰ খোৱা-বোৱাত ৰুচি নোহোৱা হৈছে, তেখেতৰ মূৰটো ঘুৰায় আৰু দুৰ্বলো হৈ পৰিছে। চিকিৎসকৰ ওচৰ পালে চিকিৎসকে ৰোগীক পৰীক্ষা কৰিলে, তাৰ পাছত প্ৰয়োজন অনুসৰি তেজ বা অন্যান্য পৰীক্ষা কৰিবলৈ দিলে। পৰীক্ষাত ওলাল, মেলেৰিয়া পৰজীৱি তেখেতৰ তেজত পোৱা গৈছে। চিকিৎসকৰ মাতে ৰোগটো হ’ল মেলেৰিয়া আৰু সেই ধৰণেই তেখেতে ইয়াৰ চিকিৎসা কৰিব। লক্ষ্যণীয় যে চিকিৎসকে যেতিয়া ৰোগবিধ চিনাক্ত কৰিলে, তেওঁ ৰোগীৰ লক্ষণ, পৰীক্ষাৰ ফলাফল আদিক এটা মাত্ৰ শব্দৰে বাখ্যা কৰিলে–মেলেৰিয়া। সমগ্ৰ লক্ষণ, পৰীক্ষাৰ ফলাফল আদিক এটা কাৰণেৰে বাখ্যা কৰিব পৰাটো চিকিৎসাৰ বাবে অতি ফলপ্ৰসু উপাদান। কিন্তু দুৰ্ভাগ্যজনক যে সদায় এই পদ্ধতিটো প্ৰয়োগ কৰিব নোৱাৰি। আৰু ইয়াৰ বাবে মূলত: চিকিৎসা বিজ্ঞানৰ সীমাবদ্ধতাই দায়ী।

এতিয়া চোৱা যাওঁক, ‘চিকিৎসকজনৰ মতে ৰোগ’ আৰু ‘ৰোগীৰ মতে ৰোগ’ একেই নে বেলেগ বেলেগ। চিকিৎসকজনৰ বাবে ৰোগবিধ হৈছে মেলেৰিয়া, কাৰণ তেখেতৰ বাবে ৰোগ হৈছে মানুহজনে ভূগি থকা অসুবিধা খিনি বাখ্যা কৰিব পৰা এটা কাৰণ। কিন্তু ভুক্তভোগীয়ে জোৰ দিয়ে তেখেতে ভূগি থকা অসুবিধাৰ ওপৰত। গতিকে ৰোগী যুৱকজনৰ বাবে সেয়া মেলেৰিয়া নে টাইফয়ড সেইটো ডাঙৰ কথা নহয়, তেখেতৰ মতে ৰোগবিধ হৈছে জ্বৰ উঠি থকা আৰু শাৰীৰিক দুৰ্বলতা আৰু মূৰৰ বিষ।

ৰোগীৰ আৰু চিকিৎসকৰ মাজত ৰোগ সম্বন্ধে থকা ধাৰণাৰ পাৰ্থক্য্‌ই প্ৰায়েই দুয়ো পক্ষৰ মাজত সংঘাতৰ (conflict) সৃষ্টি কৰে। ওপৰৰ উদাহৰণটোলৈ আকৌ আহিছোঁ, চিকিৎসকে মেলেৰিয়াৰ বাবে ঔষধ দিলে, কিন্তু ঔষধে কাম কৰি ৰোগ দূৰ কৰোঁতে কিছুদিন সময় ল’ব। এইখিনি সময়ত ৰোগীৰ জ্বৰ আৰু অন্যান্য অসুবিধাখিনি কম-বেছি পৰিমাণে থাকিবই। সেয়ে ৰোগীয়ে ক’ব ৰোগবিধৰ একো উপশম হোৱা নাই, কিন্তু চিকিৎসকে ক’ব দুদিনমান সময় লগিবই, তাৰ পাছত কমি আহিব। মাজৰ সময়খিনিত বেলেগ কিবা কৰিবলগীয়া আছে বুলি চিকিৎসকে মানি নলয়। (মই কথাটো উদাহৰণৰ বাবে সহজ কৰি কৈছোঁ, আচলতে চিকিৎসকে জ্বৰ কমাই ৰাখিবৰ বাবে অন্যান্য ঔষধ প্ৰয়োগ কৰে।) কাৰণ তেখেতৰ মূল কাম: কাৰণ বাখ্যা আৰু সেই কাৰণ নিৰ্মূল কৰাৰ বাবে কৰিবলগীয়া খিনি তেওঁ ঠিকেই কৰিছে।

মেলেৰিয়া আদিৰ দৰে ৰোগৰ ক্ষেত্ৰত সাধাৰণতে ৰোগী আৰু চিকিৎসকৰ মাজত চিন্তাৰ বেছি প্ৰভেদ নাথাকে, কাৰণ মেলেৰিয়া সাধাৰণতে সহজেই সম্পূৰ্ণৰূপে চিকিৎসা কৰিব পাৰি। আৰু মানুহেও দেখি-শুনি জনা হৈ গৈছে মেলেৰিয়া কিমান দিনলৈ থাকে, ঔষধে কিমান দিন মানত কাম কৰে ইত্যাদি। কিন্তু আন বহুতো ৰোগ য’ত সাধাৰণ মানুহৰ বেছি জ্ঞান নাই, তেনে ৰোগৰ ক্ষেত্ৰত এনে অসুবিধা ব্যাপক হৈ দেখা দিয়ে। প্ৰায়েই কেইদিনমান ঔষধ খাই ভাল নাপালে চিকিৎসক সলনি কৰা, বা চিকিৎসকক দোষাৰোপ কৰা ইত্যাদি এইটো কাৰণৰ বাবেই হয়। আন এটা ভাবিবলগীয়া কথা হ’ল, মেলেৰিয়া বা প্ৰায়খিনি সংক্ৰমণজনিত ৰোগ সহজে নিৰ্মূল (cure) কৰিব পাৰি। পিছে চিকিৎসা বিজ্ঞানৰ বেছিভাগ ৰোগেই আচলতে ইমান সহজ নহয়। সংক্ৰমণ (infection), ৰোগ সৃষ্টিকাৰী কাৰকসমূহৰ এটা অংশহে। দুৰ্ভাগ্যপূৰ্ণ ভাৱে বেছি ভাগ ৰোগৰ কাৰণ আচলতে শৰীৰতে থাকে আৰু সেই কাৰণ নিৰ্মূল কৰা সম্ভৱ নহয়। সেয়ে তেনে ৰোগৰ বাবে নিৰ্মূলকাৰী চিকিৎসা নাই। কিন্তু সাধাৰণ ৰাইজে সেই কথাটো মানি ল’ব নোখোজে। তাৰ বাবে বাৰে বাৰে ঔষধ সলনি, চিকিৎসক সলনি, বা অন্যান্য চিকিৎসা প্ৰয়োগ আদি কৰিবলৈ লয়। আৰু এনে ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰো নিজৰ দায়িত্ব সম্বন্ধে সঠিক পন্থা নাথাকে।

উদাহৰণ স্বৰূপে, ডায়েবেটিছ ৰোগৰ নিৰ্মূলকাৰী চিকিৎসা এতিয়ালৈ ওলোৱা নাই। কাৰণ এই ৰোগত ইনছুলিন ক্ষৰণ কৰা গ্ৰন্থিয়ে সঠিক ভাৱে কাম নকৰে। সেয়ে এই ৰোগৰ মূল কাৰণৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। এনে ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰ প্ৰধান দায়িত্ব হৈছে, এই ৰোগৰপৰা হোৱা লক্ষণসমূহ আঁতৰোৱাৰ লগতে ভৱিষ্যতলৈ সৃষ্টি হ’ব পৰা জটিলতাবোৰ বিদূৰত ৰখা। তাৰ বাবে চিকিৎসক আৰু ৰোগী উভয়ে যত্নবান হোৱাৰ প্ৰয়োজন। কিন্তু প্ৰায়খিনি ডায়েবেটিছ ৰোগীয়ে এই কথাখিনি মানিব নোখোজে আৰু খোৱা-লোৱাৰ নিয়ম আদি যিমান নিয়মানুৱৰ্তিতাৰে মানিব লাগে, সিমান নামানে। ফলত আকৌ লক্ষণৰ পুণৰাবৃত্তি, নতুন ডাক্তৰ ইত্যাদি আৰম্ভ হয়।

ৰোগ মানে কি সেইটো বিষয়ত চিকিৎসক আৰু ৰোগীয়ে পোষণ কৰা ধাৰণা একে নহয় বাবেই এই অসুবিধাবোৰ আহি পৰে।

লক্ষণীয় যে চিকিৎসা বিজ্ঞানত ইয়াক লৈ বৰ্তমান চিন্তা-চৰ্চা আৰম্ভ হৈছে। নিদান-সৰ্বস্ব চিকিৎসা (diagnosis oriented treatment) পদ্ধতিক বহুতে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। এই অসুবিধা বিলাকৰ অধ্যয়ন কৰি ‘মনোদৈহিক ৰোগ বিজ্ঞানে’ (psychosomatic medicine) বিভিন্ন দিশৰপৰা ৰোগ সম্বন্ধে চিন্তা চৰ্চা আৰম্ভ কৰিছে।

বিজ্ঞানৰ মতে ৰোগ, আচলতে তিনিটা ভিন্ন উপাদানৰ সংমিশ্ৰণ:


১. ৰোগৰ জৈৱিক কাৰণ (disease): ৰোগৰ মূল কাৰণ আৰু ৰোগে দেহত কৰা ক্ষয়-ক্ষতি।
২. ৰোগীয়ে ভুগিব লগীয়া অসুবিধা সমূহ (illness): ৰোগ বিধে ৰোগীৰ জীৱনত অনা অসুবিধা সমূহ, দৈহিক আৰু মানসিক দুয়োটাই।

৩. সমাজে ৰোগীৰ প্ৰতি লোৱা স্থিতি (sickness): প্ৰতিটো ৰোগৰ লগতে এটা সামাজিক উপাদানো থাকে। ৰোগীয়ে কি কৰিব, কি নকৰিব, কি খাব-নাখাব, কামত যাব নে নাই ইত্যাদি সমাজেই নিৰ্ধাৰণ কৰি দিয়ে। ব্যক্তিভেদে, পৰম্পৰাভেদে ৰোগৰ লগত জড়িত সামাজিক উপাদান সমূহৰ তাৰতম্য ঘটে।

ৰোগীৰ চিকিৎসাই এই তিনিওটা উপাদানতে গুৰুত্ব দিয়াটো বাঞ্চনীয়। অকল ৰোগৰ জৈৱিক কাৰণৰ চিকিৎসা কৰি থ’লেই নহ’ব , ৰোগীয়ে ভূগি থকা অসুবিধাসমূহ আঁতৰ কৰাৰো ব্যৱস্থা কৰিব লাগিব। প্ৰয়োজন ভেদে সামাজিক আচাৰ-ব্যৱহাৰৰ ক্ষেত্ৰতো চিকিৎসকে উপদেশ দিবলগীয়া হ’ব পাৰে। সমাজ মানে ইয়াত পৰিয়ালৰপৰাই আৰম্ভ কৰা হৈছে। একেটা ৰোগতে পৰিয়ালভেদে ভিন্ন প্ৰতিক্ৰিয়া দেখা যায়। বহুত ক্ষেত্ৰত ৰোগীয়ে সামাজিক প্ৰতিক্ৰিয়াৰ সুবিধাও আদায় কৰে।

তিনিওটা দিশত একেলগে চিকিৎসা কৰা উচিত বুলি কোৱাটো সহজ, কিন্তু তাক কাৰ্যক্ষেত্ৰত আগবঢ়োৱাটো সহজ নহয়। চিকিৎসকে ৰোগৰ জৈৱিক কাৰণৰ বিষয়ে ভালকৈ জানে, কিন্তু একেবিধ ৰোগতে ৰোগীৰ মানসিকতাৰ লগত সংগতি ৰাখি লক্ষণ ভিন্ন হোৱা দেখা যায়, তাৰোপৰি ৰোগৰ লক্ষণৰ জটিলতা (severity) ৰোগীৰ পাৰিপাৰ্শ্বিক আৰু পৰিয়ালভেদে বেলেগ বেলেগ হ’ব পাৰে। তাৰোপৰি জাতিগত সংষ্কৃতি আৰু পৰম্পৰায়ো ৰোগৰ লক্ষণসমূহ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰে। সেয়ে তিনিওটা দিশতেই উপযুক্ত চিকিৎসা আগবঢ়াবলৈ সাজু থকা চিকিৎসকজনে ৰোগীৰ মানসিকতা আৰু পৰিয়াল, আৰু সমাজখনৰ আও-ভাও পাব লাগিব। এই গোটেইখিনি কথা কোনো চিকিৎসকে শিকি লৈ প্ৰয়োগ কৰিবলৈ সমৰ্থ হ’ব বুলি আশা কৰিব নোৱাৰি। তাৰোপৰি চিকিৎসকৰ নিজৰো সংস্কৃতি, মানসিকতা আছে আৰু পঢ়া-শুনাৰ উপৰি সেইখিনিয়েও তেখেতৰ ৰোগ-সম্বন্ধীয় মানসিকতাত প্ৰভাৱ পেলায়।

অৱশ্যে এনেও নহয় যে চিকিৎসক এজনে এই তিনিওটা কথা (প্ৰথমটো লাগিবই, মূলত: দ্বিতীয় আৰু তৃত্বীয় অৱস্থা) একেলগে আয়ত্ত্ব কৰিব নোৱাৰে। কাৰণ চিকিৎসকক প্ৰয়োজন এই তিনিওটাৰ প্ৰায়োগিক দিশটোহে, এই বিষয়বোৰৰ গভীৰ আলোচনাৰ পৰ্যায়লৈ তেওঁলোক নগলেও চলে। কিন্তু বৰ্তমানৰ চিকিৎসা বিজ্ঞানত দুই আৰু তিনি নম্বৰ বিষয় দুটাৰ ওপৰত অকণো জ্ঞান দিয়া নহয়। আচৰিত যেন লাগিলেও সঁচা যে, ৰোগ কি, এই কথাটো চিকিৎসা বিজ্ঞানত শিকোৱা নহয়। দিনে-ৰাতিয়ে বিভিন্ন মানুহৰ লগত কাম কৰিবলগীয়া চিকিৎসকে কিন্তু মানুহৰ লগত কেনেকৈ যোগাযোগ স্থাপন কৰিব লাগে, সেই সম্বন্ধে নিৰ্ধাৰিত পাঠ্যপুথিত এটাও কথা শিকা নাই।

ৰোগীৰ ফালৰপৰাও এই ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে। (মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আনৰ লগত নিমিলিবও পাৰে।) আমাৰ ৰোগীয়ে শুদ্ধকৈ ৰোগৰ বিৱৰণী দিব নাজানে। ৰোগৰ বিষয়ে নকৈ আৰম্ভ কৰে অমুকত দেখুৱালো, ভাল পোৱা নাই, তমুকে ইমান কেইটা পৰীক্ষা কৰালে, ইত্যাদি। ৰোগটো সম্বন্ধে তেওঁলোকে আহিয়েই নাপায়। বহুতে আকৌ উভতি ধৰে, মোৰ কি বেমাৰ হৈছে আপুনিহে ক’ব! অযথা কথাৰ অৱতৰণা কৰিলে, চিকিৎসকে দিব পৰা সময়খিনিও এনেয়ে যায়। বাহিৰত ৰৈ থকা ৰোগীয়েও বেছি সময় লগালে আপত্তি কৰে! আকৌ পাছত যদি চিকিৎসকে ৰোগ বিধৰ বিষয়ে বুজায়, তেন্তে বহুত ৰোগীয়ে ভাবে, ভাল কৰিব নোৱাৰেই যদি কথা কৈ কি লাভ! (মই এনেকৈ কোৱা ৰোগীও পাই থৈ্ছোঁ।) সকলো ৰোগীয়েই তেনেকুৱা নহয়, সেইটো ন-কৈ উল্লেখ কৰাৰ প্ৰয়োজন বোধ কৰো নাই। কিন্তু বেছি ভাগ ৰোগী আৰু পৰিয়ালৰ মানুহৰ ব্যৱহাৰ এনে হ’লে চিকিৎসকৰ কাম কৰাৰ ধৰণটোৱেই সলনি হৈ যায়।

ৰোগৰ জৈৱিক কাৰণ দূৰ কৰাত ৰোগী আৰু পৰিয়ালে অধিক ভূমিকা লব নোৱাৰে, কিন্তু অসুবিধা সমূহ আৰু সামাজিক দিশত লব পৰা বহুতো উপায় আছে। ৰোগীয়ে যিবোৰ অসুবিধা পাই আছে, সেইখিনি চিকিৎসকৰ লগত খৰচি মাৰি আলোচনা কৰা উচিত। ইয়াতে চিকিৎসকে সময়ৰ অভাৱৰ অজুহাত দিব নোৱাৰিব। (পিছে সদায় ইমান সময়ো পোৱা নাযায়, বিশেষকৈ চৰকাৰী চিকিৎসালয় বিলাকত।) ৰোগী আৰু পৰিয়ালে ৰোগৰ বিপক্ষে যুঁজিবলৈ সাজু হৈ থকা উচিত। তাৰ বাবে পৰিয়ালৰ মানুহে ৰোগীৰ লগত কথা পতা, বা অন্যান্য কামত মনোযোগ লগোৱাৰ চেষ্টা কৰিব পাৰে। ৰোগীৰ শুশ্ৰষা কৰোঁতে চাব লাগে যাতে ৰোগীক ৰোগৰ সুবিধা লবলৈ দিয়া নহয়। বহুতো ক্ষেত্ৰত অত্যধিক শুশ্ৰুষাৰ দ্বাৰা ৰোগীৰ মনোবল কমাই পেলোৱা হয়। সেয়ে যিমানখিনি নকৰিলেই নহয়, সেইখিনিৰ বাহিৰে অন্যান্য কাম-কাজ ৰোগীক নিজেই কৰিবলৈ দিয়া যুগুত। ৰোগীৰ লগত ধেমালি কৰা, সময় কটাবলৈ কিতাপ-পত্ৰ দিয়া আদিও কৰিব পাৰে, কিন্তু ভুলতো ৰোগীয়ে চিকিৎসা লৈ থকা চিকিৎসালয় বা ডাক্তৰজনৰ বিষয়ে ঋণাত্মক কথা জনাব নালাগে। কিছুমানে আকৌ ৰোগীক আওপকীয়া ভাৱে উপলুঙা কৰা দেখা যায়, যিটো তেওঁলোকে নিজেও বোধকৰো গমেই নাপায়। মুঠতে ৰোগীয়ে নিজে আৰু পৰিয়ালেও ৰোগীক যিমানলৈ পাৰি এজন সাধাৰণ মানুহ হিচাপে ব্যৱহাৰ কৰিব লাগে। তেওঁ নোৱাৰাখিনিত সহায় কৰা যিমান দৰকাৰ, পৰাখিনি কৰিবলৈ সাহস দিয়াও সিমানেই দৰকাৰ। এই বিষয়ে এতিয়া আৰু দীঘল নকৰোঁ। কাৰণ এইটো মূলত: অন্য বিষয়। পাছলৈ লিখিম।

সামৰণিত ‘ৰোগ কি’, সেইটোৰ মই এটা নিজস্ব সংজ্ঞা আগবঢ়োৱাৰ দু:সাহস কৰিছোঁ। “ৰোগ এটা বিশেষ শাৰীৰিক, মানসিক আৰু সামাজিক অৱস্থা, য’ত ভুক্তভোগীয়ে জীৱনটো নিয়াৰিকৈ চলাই নিয়াত অসুবিধা পায়।” (‘Disease’ is a physical, mental and social condition, where the person is unable to continue his life with full social and occupational productivity.) মন কৰিবলগীয়া ‘ৰোগ’ শব্দটো আচলতে disease শব্দৰ সমাৰ্থক নহয়।

 

লেখক: উদ্দীপ তালুকদাৰ(সাহিত্য ডট অৰ্গ)

3.13157894737
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top