অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এলাৰ্জি

এলাৰ্জিৰ বিষয়ে

এলাৰ্জি কি?

এলাৰ্জি হ’ল কোনো ব্যক্তিৰ কোনো বস্তুৰ প্ৰতি থকা অস্বাভাৱিক সংবেদনশীলতা। কিছুমান ব্যক্তি কেতিয়াবা কিছুমান নিৰ্দিষ্ট বস্তুৰ সংস্পৰ্শলৈ আহিলে ব্যক্তিজনৰ শৰীৰত খজুৱতি হোৱা, ৰঙচুৱা হৈ ফুলি উঠা, নাকেৰে পানী ওলোৱা আদি নানা উপসৰ্গই দেখা দিয়ে। এই বস্তুবোৰ খোৱা বস্তু, ঔষধ, সুগন্ধি দ্ৰব্য, অন্যান্য বিজবিজোৱা বস্তু, ধূলি-বালি, কপাহ, ঘেঁহু, কাগজৰ ধূলি, ফুলৰ ৰেণু, পৰাগ, জন্তুৰ নোম, ভেঁকুৰ, কীট –পতংগ (যেনে-পঁইতাচোৰা), কীট-পতংগৰ বিষ, ঘাঁহ ধোঁৱা আৰু কিছুমান ৰাসায়নিক পদাৰ্থ হ’ব পাৰে।

আকৌ সংস্পৰ্শ প্ৰ্ত্যক্ষ স্পৰ্শ, শ্বাস-প্ৰশ্বাস বা বেজীৰে শৰীৰত সুমুৱাই লোৱা অথবা খাদ্য হিচাপে খাদ্যতন্ত্ৰত সুমুৱাই লোৱা ইত্যাদি যিকোনো ধৰণৰ হ’ব পাৰে। সাধাৰণ অৰ্থত এইবোৰৰ বাবে ওপৰত কোৱা ধৰণে যদি উপসৰ্গ হয়, তেন্তে আমি এলাৰ্জি বুলি কওঁ। দৰাচলতে এলাৰ্জি ইয়াতকৈয়ো বেছি ভয়াবহ হ’ব পাৰে। যদিও সাধাৰণতে দৈনন্দিন ব্যৱহৃত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে ব্যক্তি এজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ইমুন ব্যৱস্থাই কোনোধৰণৰ সমস্যাৰ সৃষ্টি নকৰে, তথাপি এলাৰ্জি হ’বলৈ হলে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান নিৰ্দিষ্ট বস্তুৰ সংস্পৰ্শলৈ প্ৰথমবাৰৰ বাবে ব্যক্তিজন আহিলে ব্যক্তিজনৰ ইমুন ব্যৱস্থাই তেওঁৰ তেজত থকা B কোষবোৰ সক্ৰিয় কৰে। সক্ৰিয় B কোষবোৰে পদাৰ্থবিধৰ বিৰুদ্ধে নিৰ্দিষ্ট IgE নামৰ এণ্টিব’ডি তৈয়াৰ কৰে। এলাৰ্জি সোঁচৰা ৰোগ নহয়। এলৰ্জিজনিত ৰোগবোৰৰ ভিতৰত মুখ্য হ’ল-একজিমা, এলাৰ্জিক কনজাংটিভাইটিছ, এলাৰ্জিক এজমা, ফুড এলাৰ্জি আৰু এনাফাইলেক্সিছ ইত্যাদি।

সাধাৰণ লক্ষণবোৰ

  • এলাৰ্জি সৃষ্টি কৰা বস্তুৰ সংস্পৰ্শলৈ আহিলে শৰীৰৰ সংস্পৰ্শ হোৱা অংশবোৰত খজুৱতি আৰম্ভ হয়। ই প্ৰায় ৪ৰ পৰা ৮ ঘণ্টালৈ থাকিব পাৰে।
  • খজুৱতি হোৱা ঠাইডোখৰ ৰঙচুৱা হৈ ফুলি উঠে। ইয়াক Urticaria বুলি কোৱা হয়। ঠাইডোখৰত তেজৰ চলাচল বাঢ়ে বাবে এনেকুৱা হয়। ই প্ৰায় ২৪ ঘণ্টা থাকে। পোক-পৰুৱাৰ কামোৰতো এনেকুৱা হয়।
  • কেতিয়াবা সংস্পৰ্শলৈ অহা ঠাইডোখৰত হেঁচি দিলেও বহি নোযোৱা ইডেমা হোৱা দেখা যায়। ইয়াক Angioedema বুলি কোৱা হয়। মুখ্যতঃ মুখ, হাত, ভৰি অৰু যৌনাংগত ই অধিক হয়। জিভা, লেৰিংছ আদিত হ’লে ই শ্বাস-প্ৰ্শ্বাসৰ দিগদাৰি ঘটাই জীৱনঘাতক পৰিবেশৰ সৃষ্টি কৰিব পাৰে। খাদ্যতন্ত্ৰত Angioedema হ’লে পেটৰ বিষ, বমি, পেট ফুলি উঠা আদি সমস্যা হ’ব পাৰে।
  • কিছুমান দৰব ব্যৱহাৰ কৰিলেও বেজী দিয়া ঠাইডোখৰ খজুৱাই ফুলি উঠিব পাৰে। খোৱা দৰৱ হ’লে খাদ্যতন্ত্ৰত Angioedema কৰিব পাৰে। সাধাৰণতে Penicillin জাতীয় ঔষধে ইয়াক বেছিকৈ কৰে।
  • কেতিয়াবা এলাৰ্জি ছিষ্টেমিক এলাৰ্জিক বিক্ৰিয়া ঘটাই জীৱনঘাতক এনাফাইলেক্সিকৰ সৃষ্টি কৰিব পাৰে। হাত-ভৰিৰ তলুৱাৰ খজুৱতি, যৌনাংগৰ খজুৱতি, ঘামি অহা, ভাগৰ লগা, অজ্ঞান হৈ পৰা, আৰ্টিকেৰিয়া, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা, নিম্ন ৰক্তচাপ ৰোগীৰ মৃত্যুও ঘটিব পাৰে।
  •  

    লিখকঃ ডা: ধৰ্মকান্ত কুম্ভকাৰ

    2.98529411765
    বিতু মনি পাঠক Feb 05, 2018 01:44 PM

    চাৰ মোৰ বয়স 18 বছৰ 17 ৰ পৰাই চুলি পকিবলৈ ধৰিছে এতিয়া মোৰ 18 বছৰ মোৰ চুলি বহুত পকিছে ছাৰ মোক কিবা বিধান দিয়ক

    শ্ৰীতপন ডেকা Nov 02, 2017 08:48 PM

    মোৰ প্ৰায় ৩বছৰ মানৰ পৰা এলাৰ্জি হৈছে। গা গৰম হৈ যায়। বহুত চিকিৎসা কৰিও নিৰাময় কৰিব পৰা নাই। কিবা এটা উপায় দিয়কচোন।

    আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

    (এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

    Enter the word
    দিক্‌ নিৰ্ণায়ক
    Back to top