অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰোনাৰি ধমনীৰ ৰোগত নিষিদ্ধ কিছুমান খাদ্যবস্তু

কৰোনাৰি ধমনীৰ ৰোগত নিষিদ্ধ কিছুমান খাদ্যবস্তু

আজিকালি বেছিভাগ লোক স্বাস্থ্য সম্পৰ্কে কিছু সচেতন হ’লেও বেছিভাগ পৰিয়ালত কোনোবা নহয় কোনোবা এজন ব্যক্তি হয়তো হাৰ্ট বা হৃদৰোগত আক্ৰান্ত হোৱা শুনিবলৈ পোৱা যায়। হৃদপিণ্ডৰ নানা ৰোগৰ ভিতৰত উচ্চ ৰক্তচাপ, ইচকিমিক হাৰ্টৰ ৰোগ, ৰক্ত সংস্থলিত হৃদৰোগ আৰু কৰোনাৰি ধমনীৰ ৰোগ আদি উল্লেখযোগ্য। কৰোনাৰি ধমনী ৰোগৰ সম্ভাৱ্য কাৰকসমূহ হ’ল- শাৰীৰিক আৰু মানসিক চাপ বৃদ্ধি, অলস জীৱন যাপন, বয়স, লিংগ, দেহৰ মেদবহুলতা, অতিমাত্ৰা বা অতিকম শাৰীৰিক পৰিশ্ৰম, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, অত্যধিক মদ্যপান আৰু ধূমপান, অধিক চৰ্বিযুক্ত আৰু কলেষ্টেৰল থকা খাদ্য খোৱাৰ অভ্যাস আদি। গতিকে কৰোনাৰি ধমনীৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ আৰোগ্যৰ বাবে খাদ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া প্ৰয়োজন। ৰোগীৰ আহাৰ যাতে সুষম, নিৰ্দ্দিষ্ট পৰিপুষ্টিৰে ভৰপূৰ আৰু স্বাস্থ্যসন্মত হয় তালৈ মন কৰিব লাগে। এনে ৰোগীৰ বাবে সুকীয়াকৈ আহাৰ পৰিকল্পনা, সেইমতে খাদ্যবস্তু নিৰ্বাচন আৰু খাদ্য প্ৰস্তুতকৰণ সম্পৰ্কে কিছু জ্ঞান থকাৰ আৱশ্যক। তদুপৰি ৰোগীৰ স্বাস্থ্যৰ অৱস্থা, বয়স, কাম কৰাৰ ধৰণ, ৰোগীৰ বিশেষ খাদ্যবস্তুৰ প্ৰতি থকা ৰুচি-অভিৰুচি সম্পৰ্কে জনা প্ৰয়োজন। ইয়াৰোপৰি ৰোগীক নিয়ন্ত্ৰিত খাদ্য পৰিবেশন কৰোতে যাতে এটা সুস্থ আৰু সুন্দৰ পৰিবেশত দিব পৰা যায় তাৰ প্ৰতিও মন কৰিব লাগে। সাধাৰণতে হৃদৰোগীৰ আহাৰ কম চৰ্বিযুক্ত, কম কেলৰিযুক্ত আৰু কম লৱণযুক্ত হোৱা বাঞ্ছনীয়। অৱশ্যে ৰোগৰ অৱস্থা অনুসৰি কিছুমান পৰিপোষকৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় আৰু আন কিছুমানৰ পৰিমাণ প্ৰয়োজনসাপেক্ষে বঢ়াবলগীয়া হয়। ৰোগীৰ আৰোগ্যৰ বাবে সেয়েহে খাদ্য পৰিকল্পনাকাৰীয়ে কিছুমান খাদ্যবস্তু পৰিকল্পনাত বৰ্জন কৰিব লগা হয় যদিও দৈনিক খাদ্য তালিকাত কেলৰি, প্ৰ’টিন, চৰ্বি, কাৰ্বহাইড্ৰেট, ভিটামিন আৰু খনিজ লৱণ আদি বিভিন্ন পৰিপোষকসমূহ নিৰ্দ্দিষ্ট পৰিমাণত যোগান ধৰা উচিত।

কেলৰি

বয়স অনুপাতে কেলৰিৰ পৰিমাণ নিৰ্দ্দিষ্ট হোৱা দৰকাৰ। অৱশ্যে মেদবহুল ৰোগীৰ ক্ষেত্ৰত কেলৰিযুক্ত খাদ্য কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰা উচিত।

প্ৰ’টিন

দৈনিক প্ৰয়োজনীয়তা অনুসৰি নিৰ্দ্দিষ্ট মাত্ৰাত বিভিন্ন খাদ্যৰ যোগেদি প্ৰ’টিনৰ যোগান ধৰা আৱশ্যক।

কাৰ্বহাইড্ৰেট

দেহত শক্তি যোগানৰ বাবে কাৰ্বহাইড্ৰেটৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’লেও অধিক পৰিমাণত চুক্ৰুজযুক্ত খাদ্যতকৈ শ্বেতসাৰজাতীয় খাদ্যৰ যোগেদি কাৰ্বহাইড্ৰেটৰ যোগান ধৰা আৱশ্যক।

চৰ্বি

দৈনিক খাদ্য তালিকাত নিৰ্দ্দিষ্ট মাত্ৰাত চৰ্বি যোগান ধৰা আৱশ্যক যদিও এনে ৰোগীৰ ক্ষেত্ৰত চৰ্বি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।

ভিটামিন

দৈনিক প্ৰয়োজন অনুসৰি বিভিন্ন খাদ্যৰ যোগেদি ভিটামিনৰ যোগান ধৰা আৱশ্যক। বিশেষকৈ নিয়াচিন বা নিকটিনিক এচিডযুক্ত খাদ্যই তেজত কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

খনিজ লৱণ

বিভিন্ন খনিজ লৱণ আদি খাদ্যৰ যোগেদি দৈনিক প্ৰয়োজন অনুসৰি যোগান ধৰা আৱশ্যক।

এনে ৰোগত আক্ৰান্ত ব্যক্তিয়ে দৈনিক আহাৰত কিছুমান খাদ্যবস্তু বৰ্জন কৰিবলগীয়া হয়। নিয়ন্ত্ৰিত খাদ্যৰ যোগান ধৰিব পাৰিলে ৰোগ নিৰাময় কৰাত সুবিধা হয়। বিশেষকৈ তলত উল্লিখিত খাদ্যবস্তুবোৰ পৰাপক্ষত নিষিদ্ধ কৰা বাঞ্ছনীয়।

  • ঘি, মাখন, ডালডা, নাৰিকল তেল, বনস্পতি আদিত সংপৃক্ত স্নেহ এচিড বেছিকৈ থাকে আৰু এনেবোৰ চৰ্বিযুক্ত খাদ্য পৰাপক্ষত বৰ্জন কৰিব লাগে।
  • গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী খাদ্য যেনে ছানা, মলাই, পনীৰ, ক্ৰীম, সৰ থকা গাখীৰ আদি পৰাপক্ষত একেবাৰে কম পৰিমাণত দিয়াৰ ব্যৱস্থা কৰিব লাগে।
  • শৰ্কৰাজাতীয় খাদ্য যেনে নানা ধৰণৰ মিঠাই, চকলেট, আইচক্ৰীম, মৌ আদি বৰ্জন কৰিব পাৰিলে ভাল।
  • সংৰক্ষিত খাদ্যবস্তু যেনে জাম, জেলি, মোৰাব্বা, স্কোৱাছ চিৰাপ, মিঠা আচাৰ, সংৰক্ষিত মাছ, মাংস আদি নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।
  • বেছি মচমচীয়াকৈ ভজা খাদ্য, নিমখীয়া খাদ্য, যেনে – পাপৰ, আচাৰ, কল, আলু আদিৰ চিপছ খোৱা অনুচিত।
  • বেছি মা-মছলাযুক্ত খাদ্য খোৱা অনুচিত।
  • কণীৰ কুহুম, ব্ৰইলাৰ মুৰ্গীৰ মাংস, গাহৰিৰ মাংস, ছাগলীৰ মাংস, তেলেতীয়া মাছ, মাছৰ কণী, জন্তুৰ লিভাৰ আদি পৰাপক্ষত কমাই খাব লাগে।
  • কেঁচা নিমখ আৰু সৈন্ধৱ নিমখ আদি খোৱা নিষিদ্ধ কৰা উচিত।
  • পেকেটত ৰখা নিমখীয়া তৈয়াৰী খাদ্য, মিঠা খাদ্য, তেল বা ঘিউত ভজা খাদ্য বৰ্জন কৰা প্ৰয়োজন।
  • ফাষ্টফুড, মিল্কফুড আদি খোৱা অনুচিত।
  • কেনিং পদ্ধতিত সংৰক্ষিত কৰা শাক-পাচলি, ফলমূল আদি খোৱা অনুচিত।
  • খাদ্য ৰন্ধনত বেকিং পাউদাৰ আৰু বেকিং চ’ডা ব্যৱহাৰ কৰিব নালাগে।
  • নাৰিকল, ডাব নাৰিকল আদি অতি কমকৈ খাব লাগে।

গতিকে ৰোগীক বেছি শৰ্কৰাযুক্ত খাদ্য, লৱণযুক্ত খাদ্য আৰু চৰ্বিযুক্ত খাদ্য খুৱাব নালাগে।

লেখিকা: মলয়া মাধুৰী বৰা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 6/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate