মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / কৰ্কট ৰোগৰ শল্য চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰ্কট ৰোগৰ শল্য চিকিৎসা :

কৰ্কট ৰোগৰ শল্য চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

কৰ্কট ৰোগ -

কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হ’ল দেহৰ প্ৰতিটো কেঞ্চাৰ কোষ দেহৰ পৰা নিৰ্মূল কৰা৷ তাত্বিক দিশৰ পৰা যদি বিচাৰ কৰি চোৱা যায় তেন্তে কৰ্কট ৰোগৰ প্ৰধান চিকিৎসা হ’ল শল্য চিকিৎসা৷ শল্য চিকিৎসাৰ সহায়ত বিকাৰগ্ৰস্ত অংশটো সম্পূৰ্ণ ৰূপে কাটি উলিয়াই দিয়াৰ পাছত সাধাৰণতে চিকিৎসা সম্পূৰ্ণ হোৱা বুলি ধৰি ল’ব পাৰি৷ কৰ্কট ৰোগ হঠাতে উদ্ভৱ হোৱা বেমাৰ নহয়৷

ইতিহাস চালে গম পোৱা যায় যে প্ৰাচীন কালৰে পৰাই মানুহক কৰ্কট ৰোগে প্ৰত্যাহ্বান জনাই আহিছে৷ খ্ৰীষ্টপূৰ্ব ১৫০০ ত ইজিপ্তত প্ৰথম স্তনৰ কৰ্কট ৰোগৰ বিৱৰণ পোৱা যায়৷ সেই সময়ত এই ৰোগৰ কোনো চিকিৎসা নাই বুলি বিৱৰণীত উল্লেখ আছে৷ কিন্তু দেহৰ ছালত বা উপৰিভাগত হোৱা এনেকুৱা ৰোগক আজিৰ দৰে কাটি ছিঙি উলিয়াই দি চিকিৎসা কৰিছিল বুলি উল্লেখ আছে৷

প্ৰাচীন শল্য চিকিৎসকসকল এটা কথাত একমত আছিল যে এনেকুৱা ৰোগ অস্ত্ৰোপচাৰ কৰি নিৰ্মূল কৰি দিলেও পুনৰ ঘূৰি আহে৷

সেয়েহে ৰোমান চিকিৎসক ছেলচাচ (celsus) এ লিখিছিল, “এবাৰ অস্ত্ৰোপচাৰ কৰি উলিয়াই দিয়াৰ পাছত, আনকি যদি শুকাই দাগৰো সৃষ্টি হৈ যায়, তথাপিও বেমাৰটো ঘূৰি আহে” (After excision, even when a scar has formed, nonetheless the disease has returned)৷

চিকিৎসা -

যদিও চিকিৎসা বিজ্ঞানে সকলো ফালে অগ্ৰগতি লাভ কৰিছিল, কৰ্কটৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত কিন্তু ইয়াৰ উন্নতিৰ গতি মন্থৰ আছিল৷ সেই সময়ত কৰ্কট ৰোগৰ চিকিৎসা তথা প্ৰসাৰত কেৱল দুজন গ্ৰীক চিকিৎসকৰ অৱদান বহুতবেছি আছিল এজন হ’ল গেলেন (Galen) আনজন হিপ্পোক্ৰেটচ্ (Hippocrates)৷ গেলেন আছিল দুই শতিকাৰ চিকিৎসক, শৰীৰতত্ত্ববিদ, দেহতত্ত্ববিদ আৰু দাৰ্শনিক পণ্ডিত৷ তেওঁলোকৰ কৰ্মৰাজি ইমানেই নিখুঁত আছিল যে মৃত্যুৰ হেজাৰ বছৰ পাছলৈ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷

গেলেনে তেওঁৰ লিখনিত স্তনৰ কৰ্কট ৰোগ সম্বন্ধে লিখি গৈছিল যে যদিহে অস্ত্ৰোপচাৰৰ যোগেদি
সম্পূৰ্ণ ৰূপে ৰোগাক্ৰান্ত অংশ গুচাই দিব পৰা যায় তেন্তে কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পৰি৷ শল্য চিকিৎসা সেই সময়ত খুব চালুকীয়া অৱস্থাত আছিল সেয়েহে কৰ্কট ৰোগক এক দুৰাৰোগ্য ব্যাধি বুলি বিশ্বাস কৰিছিল৷

এই বিশ্বাস জনমানসত ইমানেই দৃঢ় আছিল যে আজি একবিংশ শতিকাতো মানুহে বিশ্বাস কৰে যে কৰ্কট ৰোগ এক দুৰাৰোগ্য ব্যাধি৷

গেলেনিক যুগৰ পিচৰ কালছোৱাত যদিও জন্ হাণ্টাৰ (John Hunter), এচলে কুপাৰ (Astle cooper), জন্ ৱাৰেণ (john warren) প্ৰভৃতি বহু কেইজন শল্য চিকিৎসকে কৰ্কট ৰোগৰ শল্য চিকিৎসা বহুদূৰ আগুৱাই লৈ গৈছিল, প্ৰকৃত উৎকৰ্ষ সাধন হয় ১৮৪৬ চনৰ পাচত, সংজ্ঞাহৰণ
(Anaesthesia) ব্যৱস্থাৰ উদ্ভাৱন হোৱাৰ পৰাহে৷

সংজ্ঞাহৰণ ব্যৱস্থাৰ পিচৰ শতিকাটো “শল্য চিকিৎসাৰ যুগ” বুলিও অভিহিত কৰিব পাৰি৷ পিচৰ কালত তিনিজন শল্য চিকিৎসকে নিজৰ কৰ্মৰাজীৰ দ্বাৰা কেৱল প্ৰখ্যাতেই নহয় কৰ্কট ৰোগৰ শল্য চিকিৎসাৰ ভেটি নিৰ্মাণ কৰি যায়৷ প্ৰথমজন হ’ল জাৰ্মানীৰ থিয়’ডোৰ বিলৰথ (Theodor Billroth) তেওঁৱেই প্ৰথমজন শল্য চিকিৎসক যিয়ে ১৮৭৬ চনত মলভাণ্ডৰ কৰ্কট ৰোগৰ (Rectal cancer) সফল অস্ত্ৰোপচাৰ কৰিছিল৷

১৮৮১ চনত প্ৰথম পাকস্থলীৰ কৰ্কট ৰোগৰ সফল অস্ত্ৰোপচাৰ কৰি ইতিহাস ৰচনা কৰা প্ৰথমজন শল্য চিকিৎসকো তেঁৱেই আছিল৷ তেওঁৰ সেই পাকস্থলীৰ অস্ত্ৰোপচাৰ পদ্ধতি আজিও শল্য চিকিৎসা বিজ্ঞানৰ এক প্ৰয়োজনীয় সম্পদ বুলি ভবা হয়৷ বিলৰথৰ অৱদান ইমানেই বেছি আছিল যে গোটেই অন্ত্ৰৰ কৰ্কটৰোগৰ শল্য চিকিৎসাৰ ভেটি সাজি থৈ যায় বুলি ক’লেও বঢ়াই কোৱা নহ’ব কিজানি৷

দ্বিতীয় আৰু তৃতীয়জন শল্য চিকিৎসক আছিল ক্ৰমে উইলিয়াম ষ্টিৱাৰ্ট হলষ্টেড (William stewart Halsted) আৰু চেম্পচন্ হেণ্ডলেই (w. Sampson Handley)৷ হলষ্টেড আছিল জন্ হপকিন বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ উনৈশ শতিকাৰ শেষৰ ফালে হলষ্টেড আৰু তেওঁৰ সহযোগী চেম্পচন্ হেণ্ডলেই (w. Sampson Handley) স্তনৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙনি আগবঢ়ায়৷

তেওঁলোকে ধাৰণাটো লৰেঞ্জ হেইষ্টাৰ (Lorenz Heister) নামৰ এজন জাৰ্মান বিশেষজ্ঞৰ ১৭১৯ চনত প্ৰকাশিত এখন পুথিৰ পৰা লৈছিল৷ হলষ্টেড আৰু হেণ্ডলেই স্তনৰ কৰ্কট ৰোগৰ এক বৈজ্ঞানিক আৰু যুক্তিসংগত অস্ত্ৰোপচাৰৰ পদ্ধতি উলিয়ায়৷

হলষ্টেডে উদ্ভাৱন কৰা পদ্ধতিক আজিও হলষ্টেড ৰেডিকেল মেষ্টেকট’মি (Radical mastectomy) (চৰম নিৰ্মূলকাৰী স্তন গুচোৱা পদ্ধতি) বুলি জনাজাত৷ এই অস্ত্ৰোপচাৰত স্তনৰ লগতে সংলগ্ন লাসিকা গ্ৰন্থিসহ দেহৰ বহু অংশ কাটি পেলোৱা হয়৷ হলষ্টেডে বিশ্বাসকৰিছিল যে প্ৰকৃত টিউমাৰটো বৃদ্ধিৰ যোগেদি ওচৰৰ স্বাভাৱিক কলা (tissue) সমূহক ধ্বংস কৰে আৰু বিয়পি পৰে৷

গতিকে টিউমাৰটোৰ লগতে সম্ভাব্য বিয়পি পৰিব পৰা অংশ সমূহ কাটি উলিয়াই দিলেহে ৰোগটোৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ৷ হলষ্টেডৰ এই অস্ত্ৰোপচাৰে সেই সময়ত বহু ৰোগীক আৰোগ্য কৰিব পাৰিছিল৷ তেওঁৰ এই ধাৰণাটো ইমানেই সত্য আৰু স্পষ্ট আছিল যে সি
আজিও অলৰ-অচৰ হৈ আছে৷

সেয়েহে উনৈশ শতিকাৰ শেষ দশকত উদ্ভাৱন কৰা এই শল্য চিকিৎসাৰ পদ্ধতিক কৰ্কট ৰোগৰ চিকিৎসাৰ এক মাইলৰ খুটি হিচাপে অভিহিত কৰা হয়৷ এই খিনিতে আন এটা কথা উল্লেখ কৰা ভাল যে ১৮৬০ খ্ৰীষ্টাব্দত জাৰ্মান শল্য চিকিৎসক, কাৰ্ল থিয়ৰ্চ (Karl Thiersch) এ দেখুৱাই দিছিল যে কৰ্কট ৰোগগ্ৰস্ত কোষ সমূহ বিভিন্ন উপায়ে শৰীৰৰ আন আন ঠাইলৈ বিয়পি পৰে৷

কিন্তু কেনেদৰে আৰু কি কি উপায়ে এই কৰ্কট ৰোগ বিয়পি পৰে তাৰ বিষয়ে বিশদভাৱে অধ্যয়ন হোৱা নাছিল৷

হলষ্টেডৰ সমসাময়িক আন এজন ব্ৰিটিছ শল্য চিকিৎসক ষ্টিফেন পেজেটে (Stephen paget) কিছুমান যুক্তিপূৰ্ণ প্ৰশ্নৰ আৱতৰণা কৰিছিল৷

তেওঁৰ মতে প্ৰাথমিক টিউমাৰ এটাই তেজৰ জৰিয়তে দেহৰ চাৰিওফালে ফালে বিয়পি পৰিব পাৰে কিন্তু এই বিয়পি পৰা ক্ষতিকাৰক টিউমাৰ কোষ সমূহ সকলো অংগতে শ্ৰীবৃদ্ধি হ’ব নোৱাৰে৷ পেজেটৰ এই ধাৰণাক আধুনিক আণৱিক জৈৱবিজ্ঞানে এতিয়াহে পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিব পাৰিছে৷

উনৈশ শতিকাৰ শেষৰ দশকটোতেই আন দুজন বিজ্ঞানীয়ে দুটা আশাব্যঞ্জক বতৰা কঢ়িয়াই লৈ আনে৷ আমেৰিকাৰ এমিল গ্ৰুবে(Emil Grubbe) ১৮৯৬ খ্ৰীষ্টাব্দত প্ৰথমবাৰৰ বাবে ৰণ্টজন ৰশ্মিৰ সহায়ত স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা কৰে৷

ইয়াৰ চাৰি বছৰ পাচত চুইডেনৰ পদাৰ্থবিদ থৰ ষ্টেনবেক (Thor Stenbeck)এ এক্স-ৰেৰ সহায়ত ছালৰ কৰ্কটৰোগ নিৰাময় কৰি দেখুৱাইছিল৷

যিহেতু শল্য চিকিৎসাৰ জৰিয়তে প্ৰাথমিক টিউমাৰৰ নিয়ন্ত্ৰণ কৰিব পাৰিলেও বিয়পি পৰাটো ৰোধ কৰিব পৰা নাছিল৷ চিকিৎসা বিজ্ঞানত ৰণ্টজন ৰশ্মিৰ সফল ব্যৱহাৰে এক নতুন আশাৰ সঞ্চাৰ কৰে৷

দুয়োটা পদ্ধতি (শল্য চিকিৎসা আৰু এক্সৰে) লগ লগাই কিবা ফলপ্ৰসূ চিকিৎসা হব পাৰে নেকি তাৰ চিন্তা চৰ্চা হ’ব ধৰিলে৷

কুৰি শতিকাৰ মাজভাগত কেম’থেৰাপিৰ বহুল ব্যৱহাৰে তেজৰ কৰ্কটৰোগ অৰ্থাৎ লিউকেমিয়া আৰু লিম্ফোমাক বহু পৰিমাণে নিৰাময় কৰিব পৰা হ’ল৷

গতিকে দেখা গ’ল যে শল্য চিকিৎসাৰ বাহিৰেও বিকিৰণৰ সহায়ত(Radiation) বা কোষ বিনাশকাৰী (cytotoxic) ঔষধ প্ৰয়োগৰ দ্বাৰাও কৰ্কটৰোগ নিৰাময় কৰিব পাৰি৷

হলষ্টেডৰ সময়ত কৰা বিস্তাৰ অস্ত্ৰোপচাৰে ৰোগীৰ জীৱন বচাব পাৰিলেও বহু ৰোগীৰ জীৱন অস্ত্ৰোপচাৰৰ পাচত হোৱা বিষ যন্ত্ৰনাই দুৰ্বিষহ কৰি তুলিছিল৷

বিংশ শতিকাৰ সত্তৰ দশকৰ ফালে এই অস্ত্ৰোপচাৰৰ বহুখিনি সলনি কৰি অলপ সীমিত কৰা হল আৰু লগতে বিকিৰণ দিয়াৰ ব্যবস্থা কৰিলে ফলত ৰোগীয়ে অস্ত্ৰোপচাৰৰ পাচত এক উন্নত আৰু গুণগত জীবন পাব পৰা হ’ল৷

চিকিৎসা বিজ্ঞানী সকলৰ চিন্তা ধাৰাৰ এক অমূল পৰিৱৰ্তন ঘটিল৷ ৰোগীৰ মানসিক স্থিতি, এক যন্ত্ৰনা বিহীন জীৱন, আৰু তথ্য ভিত্তিক বহু বিভাগীয়চিকিৎসা প্ৰণালী (evidence based multi modality treatment) ইত্যাদি ধাৰণা আৰম্ভ হল৷

বৰ্তমান ভিন্ন ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত কেৱল শল্য চিকিৎসাৰ ওপৰত নিৰ্ভৰ নকৰি আন আন প্ৰকাৰৰ চিকিৎসা পদ্ধতিও অৱলম্বন কৰে৷

গোটেই বিশ্বতে এতিয়া কেঞ্চাৰৰ ফলপ্ৰসূ চিকিৎসাৰ যোৱা দহ বছৰত যথেষ্ট উন্নতি ঘটিছে৷ ইয়াৰ মূলতেই হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতি লগতে কৰ্কট ৰোগ সম্বন্ধে আমাৰ জ্ঞানৰ গভীৰতা তথা পৰিসৰবৃদ্ধি হোৱাটো৷

“কৰ্কট ৰোগ” সমগ্ৰ বিষয়টো ইমানেই জটিল যে ইয়াৰ চিকিৎসা আৰু গবেষণাৰ বাবে চিকিৎসা বিজ্ঞানে ইয়াক এটা বেলেগ বিভাগ হিচাপে গণ্য কৰিবলৈ ধৰিছে৷

গোটেই বিশ্বতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে আছুতীয়া প্ৰতিষ্ঠান স্থাপনৰ ক্ষেত্ৰত উৎসাহ দিয়া দেখা যায়, য’ত প্ৰামাণিক ৰূপত বহু-বিভাগীয় চিকিৎসাৰ পৰিকল্পনা তথা চিকিৎসা প্ৰদান কৰা হয়৷ আনকি সফল চিকিৎসাৰ পাচত ৰোগীক সমাজত পুনৰ্সংস্থাপনৰ ব্যৱস্থাও কৰা হয়৷

কৰ্কট ৰোগীৰ অস্ত্ৰোপচাৰ কেইবাটাও কাৰণত কৰিবলগীয়া হয়৷

১) প্ৰথম কাৰণটো হ’ল ৰোগ নিৰ্ণয় কৰা বা নিবাৰণৰ বাবে৷ স্বাভাৱিক অৱস্থাত থকা কোষ এটা আৰু কেঞ্চাৰ কোষ এটাৰ বহুতো পাৰ্থক্য থাকে৷ স্বাভাৱিক কোষ এটা কেঞ্চাৰ কোষলৈ পৰিৱৰ্তন হোৱাৰ ঠিক আগৰ অৱস্থাটোত কোষটোৰ বহুখিনি চৰিত্ৰ কেঞ্চাৰ কোষৰ দৰে হৈ পৰে৷ এই আগৰ অৱস্থাটোক ডিছপ্লেছিয়া (dysplasia) বুলি কয়৷

এই ডিছপ্লাছিয়া হোৱা অংশ পোনপটিয়াকৈ কৰ্কট ৰোগলৈ ৰূপান্তৰিত হয়৷ সেয়েহে যিকোনো অংগৰে যদি তেনেকুৱা ডিছপ্লেছিয়া হোৱা গম পোৱা যায় তেন্তে শল্য চিকিৎসাৰ সহায়ত অস্ত্ৰোপচাৰ কৰি গুচাই দি এশ শতাংশ নিশ্চিত হব পাৰি৷

উদাহৰণ স্বৰূপে ফেমিলিয়েল এডিন’মেটাছ পলিপোচিচ নামৰ এটা ৰোগ আছে য’ত সম্পূৰ্ণ বৃহদন্ত্ৰৰ (colon) ভিতৰৰ আৱৰণীখনত আঙুৰৰ নিচিনা থোপা থোপা সৰু সৰু গুটিৰে ভৰি পৰে৷ এই বেমাৰটো হ’লে পিচলৈ কৰ্কট ৰোগ হোৱাৰ সম্ভাবনা অতি প্ৰবল৷ সেয়েহে আগতীয়াকৈ অস্ত্ৰোপচাৰ কৰি কেঞ্চাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

বৃহদন্ত্ৰৰ আন এক বেমাৰ আছে য’ত গোটেই বৃহদন্ত্ৰত প্ৰদাহ (inflammation) হৈ ঘাঁৰ সৃষ্টি হয়৷ ইয়াক আলচাৰেটিভ কলাইটিচ(ulcreative colitis) বুলি কয়৷

বহু দিন পুৰণি হ’লে এই ৰোগত আক্ৰান্ত ৰোগীৰো কেঞ্চাৰ হব পাৰে৷ এই ক্ষেত্ৰতো অস্ত্ৰোপচাৰ কৰি জৰা গ্ৰস্ত অংশ গুচাই দিয়া হয়৷ ইয়াৰ উপৰিও যিকোনো শৰীৰৰ টেমুনা বা তিল আচিনা সন্দেহজনক হ’লে অস্ত্ৰোপচাৰ কৰি গুচাই দি পৰীক্ষা(Biopsy) কৰিবলৈ দিয়া হয়৷

ওপৰোক্ত সকলোবোৰ উদাহৰণত শল্য চিকিৎসাক কৰ্কটৰোগৰ নিবাৰণৰ এক উপায় হিচাপে ব্যৱহাৰ কৰা হয়৷

২) দ্বিতীয়তে, শল্য চিকিৎসাৰ প্ৰধান উপযোগীতা হ’ল অস্ত্ৰোপচাৰৰ যোগেদি কৰ্কট ৰোগৰ নিৰাময় কৰা৷ কেঞ্চাৰৰ নিৰাময়কাৰী (curative) অস্ত্ৰোপচাৰৰ আগতে কেইটামান দিশ বিতং ভাবে বিবেচনা তথা মূল্যায়ন হোৱাটো অত্যন্ত জৰুৰী৷

টিউমাৰৰ উৎপত্তিহোৱা অংগটো নিশ্চিত কৰা, ৰোগৰ পৰ্য্যায় (stage), টিউমাৰটোৰ চৰিত্ৰ নিৰূপণ কৰা, ৰোগীৰ সাধাৰণ শাৰীৰিক অৱস্থা নিৰ্ণয় কৰা আৰু সকলোবোৰ তথ্য পাতি পৰীক্ষা নিৰীক্ষাৰ অন্তত ৰোগীৰ চিকিৎসাৰ এটা পৰিকল্পনা কৰা৷

প্ৰায় সকলোবোৰ টিউমাৰৰ ক্ষেত্ৰত মুখ্য টিউমাৰৰ উৎপত্তি হোৱা অংগটো আৰু তাৰ ওচৰ পাজৰৰ অংগবোৰৰ প্ৰকৃত প্ৰতিচ্ছৱিৰ (imaging) দৰকাৰ হয়৷ লগতে টিউমাৰৰ সৰু অংশ এটাৰ প্ৰয়োজন হয়, যাতে পৰীক্ষা কৰি টিউমাৰৰ জৈৱ চৰিত্ৰ (biological behavior) নিৰূপণ কৰিব পাৰি৷

সাধাৰণতে সকলো ধৰণৰ টিউমাৰৰ বাবে সকলো ধৰণৰ প্ৰতিচ্ছবি লোৱা নাযায়৷ উদাহৰণ স্বৰূপে স্তনৰ কৰ্কট ৰোগৰ বাবে মেম’গ্ৰাফি (memography) আৰু অতিশব্দৰ প্ৰতিচ্ছৱি (Ultrasound scan) ব্যৱহাৰ কৰি মুখ্য টিউমাৰটোৰ মূল্যায়ন কৰা হয়৷ কিন্তু খাদ্যনলীৰ কৰ্কট ৰোগৰ বাবে CT (computed Tomogram) ৰ প্ৰতিচ্ছৱিৰ প্ৰয়োজন হয়৷

আনহাতে মলভাণ্ড আৰু পায়ুৰ কৰ্কটৰোগৰ বিতং তথ্যৰ বাবে MRI (magnetic resonance imaging) হে স্পষ্ট প্ৰতিচ্ছৱি এখন ডাঙি ধৰিব পাৰে৷ মুখ্য টিউমাৰটোৰ প্ৰতিচ্ছবি তুলি মূল্যায়ন কৰাৰ মূল উদ্দেশ্য হ’ল টিউমাৰটোৰ আকৃতি, বিস্তাৰ আৰু অস্ত্ৰোপচাৰ কৰিব পৰা অৱস্থাত আছে নে নাই সেইটো জনাটো৷

টিউমাৰৰ সৰু অংশ এটা কাটি উলিয়াই (incision biopsy) বা বেজীৰে আহৰণ কৰি(aspiration cytology) পৰীক্ষা কৰি মাত্ৰা (grade) নিৰূপণ কৰা হয়৷

যাৰ সহায়ত টিউমাৰটো কিমান মাৰাত্মক (malignant) সেইটো নিৰ্ণয় কৰে৷ আটাইবোৰ কথা বিবেচনা কৰি ৰোগটোৰ পৰ্য্যায় নিৰূপণ কৰে (stage of the Tumour)৷

আমেৰিকাৰ কৰ্কট ৰোগৰ যুটীয়া আয়োগে (American Joint commission on cancer, AJCC) টিউমাৰৰ পৰ্য্যায় নিৰ্ণয় কৰা এটা পদ্ধতি উলিয়ায়, চমুকৈ TNM পদ্ধতি বুলি কয়৷ T (Tumour) মানে টিউমাৰৰ আকৃতি, স্থানীয় বিস্তাৰ ইত্যাদিৰ সবিশেষ, ক্ৰমে T1 T2 ইত্যাদি N (Node)মানে লসিকা গ্ৰন্থি কোনোটো পৰ্য্যায়ত আছে সেয়া নিশ্চিত কৰা, M(metastases) মানে ব্যাপ্তি, অৰ্থাৎ কিমান বিয়পিছে৷ M0 মানে এতিয়াও দূৰলৈ বিস্তাৰিত হোৱা নাই৷

M1 মানে টিউমাৰটো বিয়পি গৈ যকৃৎ, হাওঁফাওঁ আদিত বৃদ্ধি পাবলৈ ধৰিছে৷ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা T, N আৰু M ৰ পৰ্য্যায় বা মাত্ৰা নিৰ্ণয় কৰাৰ পাচত টিউমাৰৰ জৈব চৰিত্ৰ অনুযায়ী গোটেই ৰোগটো কোনটো পৰ্য্যায়ত আছে তাক নিৰ্দিষ্ট কৰা হয়৷ যেনে T1 N0 M0 অৱস্থাত সাধাৰণতে এটা টিউমাৰৰ প্ৰাৰম্ভিক অৱস্থা বা stage One বুলি ধৰে৷

সেই একেদৰেই যদি যিকোনো T, যিকোনো N, লগত যদি M1 হয় অৰ্থাৎ দূৰলৈ বিয়পি যায় তেন্তে টিউমাৰ বহুত বৃদ্ধি হৈ বেয়া অৱস্থা এটা পোৱাটো সূচায় যাক stage advance বুলি কব পাৰি৷

ইয়াৰ মাজৰ পৰ্য্যায়বোৰ টিউমাৰৰ জৈব চৰিত্ৰ আৰু উৎপত্তি হোৱা অংগটোৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণে ভাগ ভাগ কৰে৷ এই শ্ৰেণী বিভাজনৰ উদ্দেশ্য হল ৰোগটোৰ বিতং স্থিতিৰ গম লোৱা আৰু চিকিৎসাৰ পৰিকল্পনা কৰা৷

অস্ত্ৰোপচাৰ কিমান বিস্তাৰ বা মাত্ৰা (dose) হ’ব সেইটো এটা শল্য চিকিৎসক জনৰ বাবে এটা প্ৰত্যাহ্বান৷

অস্ত্ৰোপচাৰ কেতিয়াবা কেৱল টিউমাৰৰ বোজা হ্ৰাস কৰাৰ কাৰণে কৰা যায় চাইটোৰিডাকটিভ বা ডিবাল্কিং (cytoreductive, debulking) বুলি কয়৷

ইয়াত টিউমাৰৰ সৰহভাগ গুচাই দিয়া হয় বাকী ৰৈ যোৱা অংশ বিকিৰণ বা ঔষধৰ সহায়ত চিকিৎসা কৰে৷

সাধাৰণতে যেতিয়া টিউমাৰটো বহুত বেছি বৃদ্ধি হয় আৰু অস্ত্ৰোপচাৰ কৰিব পৰা অৱস্থাত নাথাকে বা অস্ত্ৰোপচাৰ কৰিলে ৰোগীজনৰ মুহূৰ্ততে মৃত্যু হোৱাৰ আশংকা থাকে, তেনেকুৱা অৱস্থাত এই ধৰণৰ অস্ত্ৰোপচাৰ কৰা হয়৷

বোজা হ্ৰাসকৰণ অস্ত্ৰোপচাৰতকৈ অলপ বেছি ব্যাপক ধৰণৰ অস্ত্ৰোপচাৰ হ’ল টিউমাৰটো সম্পূৰ্ণ ৰূপে গুচাই দিয়া য’ত আপাত দৃষ্টিত টিউমাৰটো গুচাই দিয়াৰ পাচত কোনো অৱশিষ্ট নাথাকে৷ কিন্তু অতিশয় সূক্ষ্ম টিউমাৰ অৱশেষ (microscopic invasion) থাকিব পাৰে৷

এনেকুৱা অস্ত্ৰোপচাৰক সীমামূৰীয়া কৰ্তন (Marginal excision) বুলি কয়৷ আৰু অলপ বেছি মাত্ৰাত ব্যৱচ্ছেদন কৰিলে, য’ত টিউমাৰৰ লগতে কেইবা ছেণ্টিমিটাৰ স্বাভাৱিক কলা (tissue) চাৰিওফালে কাটি উলিয়াই দিয়া হয়৷ ইয়াক বিস্তীৰ্ণ ছেদন (wide excision) বুলি কয়৷

তথাপিও অতিশয় সূক্ষ্ম টিউমাৰ অৱশেষ আছে নেকি সেইটো পেথ’লোজিৰ পৰীক্ষাগাৰত প্ৰমাণ হোৱাৰ পাছতহে নিশ্চিত হব পাৰি৷ আটাইতকৈ বিধ্বংসী মাত্ৰাৰ অস্ত্ৰোপচাৰটোক “চৰম নিৰ্মূলকাৰী ছেদন” বা Radical excision বুলি কব পাৰি৷

এই ধৰণৰ অস্ত্ৰোপচাৰত সকলো সন্দেহজনক দেহৰ অংশ ব্যৱচ্ছেদন কৰি গুচাই দিয়া যায়৷ এই অস্ত্ৰোপচাৰ ইমানেই বিধ্বংসী যে অস্ত্ৰোপচাৰৰ পাচত ৰোগী ৰোগমুক্ত হ’লেও এক গুণগত জীৱনৰ (quality life) পৰা বঞ্চিত হয়৷ সেয়েহে আজিকালি এই ধৰণৰ অস্ত্ৰোপচাৰ খুব কমেই হে কৰে৷

এতিয়া কৰ্কট ৰোগৰ চিকিৎসা শল্য চিকিৎসাৰ লগতে আন দুটা পদ্ধতিৰ (বিকিৰণ আৰু ঔষধ) লগত সংমিশ্ৰণ ঘটোৱা হৈছে যাক combine therapy বুলি কয়৷

ৰক্তকণিকাৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত শল্য চিকিৎসাৰ বিশেষ ভূমিকা নাই৷ যেনে লিউকেমিয়া, লিম্ফোমা ইত্যাদি ৰোগত কেৱল কোষবিনাসী (cytotoxic) ঔষধৰ জৰিয়তে হে চিকিৎসা কৰে৷ কাচিৎ কেতিয়াবা যদি কোনো অভাৱনীয় ভাবে বাঢ়ি অহা গ্ৰন্থি গুচাই দিব লগীয়া হয় তেতিয়াহে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়৷

Neo-adjuvant আৰু Adjuvant therapy (নৱ-আনুষংগিক আৰু আনুষংগিক) বুলি দুই ধৰণৰ মিশ্ৰণ চিকিৎসা পদ্ধতি প্ৰায়েই ব্যৱহাৰ কৰা হয়৷ নিঅ’এডজুভোণ্ট থেৰাপীত মূল চিকিৎসাৰ আগতে ঔষধ বা বিকিৰণৰ সহায়ত টিউমাৰটো আকৃতি, তেজ চলাচল আদি কমাই দিয়া হয় ফলত মূল অস্ত্ৰোপচাৰত সুবিধা তথা সুফল পোৱা যায়৷

ইয়াক পৰ্য্যায়ৰ অধোনমন (down staging) বুলিও কোৱা হয়৷ উদাহৰণ স্বৰূপে প্ৰষ্টেটৰ এডিন’কাৰচিন’মা (Adenocarcinoma of prostate) ত মূল বিকিৰণ চিকিৎসা দিয়াৰ আগতে নিঅ’এডজুভোণ্ট হিচাপে হৰ্ম’ণ ব্যৱহাৰ কৰে তাৰ পাচত বিকিৰণৰ চিকিৎসা কৰা হয়৷

ঠিক তেনেদৰে স্তনৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত Trastuzumab, doxorubicin নিঅ’এডজুভোণ্ট হিচাপে ব্যৱহাৰ কৰি সুফল পোৱা গৈছে৷ Adjuvant therapy বুলি কলে মূল চিকিৎসাৰ পাচত ব্যৱহাৰ কৰা বিকিৰণ বা ঔষধ প্ৰয়োগ কৰাটো বুজায়৷

আনুষংগিক ভাবে বিকিৰণ আৰু ঔষধ প্ৰয়োগে মূল অস্ত্ৰোপচাৰৰ সফলতা বহুখিনি বৃদ্ধি কৰিছে৷ হলষ্টেডৰ সেই বিধ্বংসী অস্ত্ৰোপচাৰে যি ফলাফল দেখুৱাইছিল এতিয়া সেই একেই ফলাফল কম অংগচ্ছেদন কৰি আৰু লগতে এডজুভেণ্ট থেৰাপী ব্যৱহাৰ কৰি পোৱা হৈছে৷

লগতে ৰোগীয়ে এক গুণগত জীৱন লাভ কৰিবলৈ সক্ষম হৈছে যিটো গুণগত যন্ত্ৰনা বিহীন জীৱন হলষ্টেডৰ যুগত সম্ভৱ নহৈছিল৷

৩) কৰ্কট ৰোগীৰ চিকিৎসাত আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যন্ত্ৰনামুক্ত কাৰ্য্যক্ষম জীৱন এটা সুনিৰ্দিষ্ট কৰা৷ যেতিয়া ৰোগীজন বহুত দেৰিকৈ চিকিৎসকৰ ওচৰ চাপে তেতিয়া ৰোগমুক্ত কৰাৰ কোনো উপায় নাথাকে৷

এনেকুৱা অৱস্থাত ৰোগীয়ে কেইবাটাও সমস্যা লৈ চিকিৎসকৰ ওচৰ চাপে৷ এই সমস্যা সমূহ হ’ল শাৰীৰিক দুৰ্বলতা, খাব লব নোৱাৰা, শাৰীৰিক যন্ত্ৰনা, মানসিক হতাশা ইত্যাদি৷

এনেকুৱা অৱস্থাত ৰোগীক সকাহ দিয়াৰ উদ্দেশ্যে কিছুমান অস্ত্ৰোপচাৰ বা ব্যৱস্থা হাতত লোৱা হয় যাক পেলিয়েটিভ (palliative) চিকিৎসা বুলি কয়৷ মনকৰিবলগীয়া যে এই চিকিৎসাই জীৱনকালৰ প্ৰত্যাশা (life expectancy) বৃদ্ধি নকৰে৷

কৰ্কট ৰোগীৰ শাৰীৰিক দুৰ্বলতাৰ মুখ্য কাৰণ হ’ল কেঞ্চাৰ কেকেকচিয়া (cancer cachexia)৷ ইয়াৰ কাৰণ কেইবাটাও৷ বাঢ়ি অহা টিউমাৰে দেহৰ সমগ্ৰ বিপাকীয় ক্ৰিয়া সলনি কৰি দিয়ে৷ টিউমাৰটো দ্ৰুত গতিত বৃদ্ধি হৈ আহে বাবে কোষ বিভাজনৰ কাৰণে যথেষ্ট শক্তিৰ প্ৰয়োজন হয়৷

সেয়েহে দেহৰ চাৰিওফালৰ পৰা প্ৰ’টিন, গ্লুকোজ, চৰ্বি আদি টিউমাৰটোৱে শোষণ কৰিব আৰম্ভ কৰে৷ সেই অনুপাতে খাদ্যৰ যোগেদি সিমানখিনি শক্তি আহৰণ কৰিব নোৱাৰে৷ এই প্ৰক্ৰিয়াটো খাদ্যনলীৰ বা অন্ত্ৰৰ কেঞ্চাৰৰ ক্ষেত্ৰত অধিক স্পষ্ট হৈ পৰে৷

এই ক্ষেত্ৰত টিউমাৰটো সম্পূৰ্ণ ৰূপে গুচাই দিব নোৱাৰিলেও আংশিক ভাবে (অস্ত্ৰোপচাৰৰ যোগেদিয়েই হওক বা বিকিৰণ আৰু ঔষধৰ দ্বাৰা হওক) গুচাই দি ৰোগীক সকাহ দিব পাৰি৷

কেতিয়াবা টিউমাৰৰ বাবে খাদ্যনলী সম্পূৰ্ণ ৰূপে বন্ধ হৈ গ’লে বা শৌচ পেচাব বন্ধ হৈ গ’লে ৰোগীজন টিউমাৰটোৰ বাবে মৃত্যু হোৱাতকৈ দৈনন্দিন দৈহিক কাৰ্য্যপ্ৰণালীত হোৱা বাধাৰ বাবে মৃত্যু হোৱাৰ আশংকা বেচি হয়৷

তেনে ক্ষেত্ৰত পেলিয়েটিভ অস্ত্ৰোপচাৰ কৰি খাদ্য খাব পৰা ব্যৱস্থা কৰা বা শৌচ পেচাব কৰিব পৰা ব্যৱস্থা কৰি ৰোগীক সকাহ দিব পৰা যায়৷

কিছুমান ক্ষেত্ৰত টিউমাৰে কিছুমান অংগৰ পাচক ৰস, প্ৰৰস আদি নিষ্কাসনত বাধা দি ৰোগীৰ অকাল মৃত্যু ঘটাব পাৰে তেনে ক্ষেত্ৰত অস্ত্ৰোপচাৰেই হওক বা অন্য পদ্ধতিৰে প্ৰৰস নিৰ্গমন ব্যৱস্থা পুনঃসংস্থাপন কৰিব পাৰে৷

যেনে পিত্তনলীৰ কেঞ্চাৰৰ ক্ষেত্ৰত যকৃৎৰ পিত্ত নিষ্কাসনৰ উপপথ তৈয়াৰ কৰি ৰোগীক সকাহ দিব পাৰি, অগ্ন্যাশয় ৰসৰ নিৰ্গমনৰ ব্যৱস্থা কৰা হয় পেৰিএম্পুলাৰী কাৰচিনোমাত (Peri-ampullary carcinoma) ইত্যাদি৷

পেলিয়েটিভ চিকিৎসাৰ আন এক দিশ হৈছে যন্ত্ৰনা মুক্তকৰণ৷ দুহেজাৰ চনত প্ৰকাশিত এক তথ্য অনুসৰি সক্ৰিয় ভাবে চিকিৎসা কৰি থকা অৱস্থাত প্ৰায় ৩০% ৰ পৰা ৫০% কেঞ্চাৰ ৰোগীয়ে যন্ত্ৰনাত ভোগে৷

কেঞ্চাৰৰ শেষৰ পৰ্য্যায়ৰ ফালে এই সংখ্যা বৃদ্ধি হৈ ৭০%ৰ পৰা ৯০% হয়৷ তথ্যটো কিছু পুৰণি যদিও ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশ সমূহত এনেকুৱাই এক অৱস্থা বাহাল আছে৷

কৰ্কট ৰোগৰ যন্ত্ৰনা নিৰাময়ৰ ক্ষেত্ৰত ঔষধৰ ভূমিকা অপৰিসীম যদিও প্ৰাথমিক টিউমাৰৰ পৰিব্যাপ্তিৰ(metastasis) পৰা সৃষ্ট গৌণ টিউমাৰৰ (metastatic secondary) কাৰণে হোৱা যন্ত্ৰনা তথা আন আন সমস্যা সমূহ আঁতৰ কৰাত শল্য চিকিৎসাই এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷

নতুন তথ্য অনুসৰি পোৱা গৈছে যে হাওঁফাওঁ, মগজু, যকৃৎ আদিত পৰিব্যপ্ত হোৱা গৌণ টিউমাৰ বোৰ যদি অস্ত্ৰোপচাৰ কৰি উলিয়াই দিয়া যায় তেন্তে ৰোগীয়ে বহুখিনি সকাহ লাভ কৰে আৰু জীৱন ধাৰণৰ মান উন্নত হয়৷

কৰ্কট ৰোগৰ চিকিৎসাত নতুন নতুন প্ৰযুক্তিৰ প্ৰয়োগে শেষৰ দুটা দশকত চিকিৎসাৰ মানদণ্ড যথেষ্ট উন্নত কৰিছে৷ ফাইবাৰ অপ্টিক এণ্ডোষ্কোপ, আৰু লেপাৰোষ্কোপীৰ বহুল প্ৰয়োগে কেঞ্চাৰৰ সঠিক পৰ্য্যায় (accurate staging) নিৰূপণ কৰিবলৈ সক্ষম হৈছে৷

ব্যবহাৰিক বিকিৰণ বিজ্ঞানৰ (intervention radiology) অগ্ৰগতিৰ লগে লগে টিউমাৰক যোগান ধৰা তেজৰ নলী চিনাক্ত কৰি ঔষধ প্ৰয়োগ কৰি ফলপ্ৰসূ চিকিৎসা কৰিব পৰা হৈছে৷ তথাপিও সোনকালে ৰোগ ধৰা পৰিলে যি ধৰণৰ সফলতা পোৱা যায় তেনেকুৱা সফলতা কিন্তু কোনো প্ৰযুক্তিয়ে আনি দিব পৰা নাই বা নোৱাৰেও৷

সেয়েহে জনমানসত কৰ্কট ৰোগৰ সজাগতাৰ কোনো বিকল্প নাই৷ ইউৰোপ আমেৰিকা তথা আন পশ্চিমীয়া দেশ সমূহত কৰ্কটৰোগৰ প্ৰদুৰ্ভাৱ কমি অহাটো পৰিলক্ষিত হৈছে যদিও একে সময়তে বিশ্বৰ উন্নয়নশীল দেশ সমূহত ইয়াৰ মাত্ৰা বৃদ্ধি পাব ধৰিছে৷

ইয়াৰ মূলতেই হৈছে পশ্চিমীয়া জীৱন শৈলীৰ কু প্ৰভাৱ৷ কম দৈহিক পৰিশ্ৰম, অতিমাত্ৰা ভোজন বা খাদ্যত কেল’ৰি বৃদ্ধি পোৱা, ধুম্ৰপান, উদ্যোগীকৰণ, সংক্ৰমণ আদি অতি বিপজ্জনক কাৰক সমূহ জনসমাজত বৃদ্ধি পোৱাটো৷

এতিয়া এটাই ফলপ্ৰসূ উপায় আছে, উপযুক্ত গণমাধ্যমৰ সহায়ত জনসাধাৰণৰ মাজত কৰ্কট ৰোগৰ সচেতনতা বৃদ্ধি কৰি প্ৰাৰম্ভিক অৱস্থাতেই ৰোগ ধৰা পেলোৱা আৰু তাৰ উপযুক্ত ব্যৱস্থা হাতত লোৱা৷

লেখক: ডাঃ হিতেশ্বৰ শৰ্মা

উৎস: সাহিত্য.অৰ্গ

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top