মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসা :

গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

কেতিয়াবা-

  • বুকুত জ্বলা পোৰা,
  • টোঙা উগাৰ,
  • বমি বমি ভাৱ,
  • পেটত ভূট ভূট শব্দ কৰা,
  • বমি হোৱা আদি লক্ষণে প্ৰায় সকলো মানুহকে আমনি কৰা পৰিলক্ষিত হয়।
  • পেট, বুকু আৰু ডিঙিত জ্বলা পোৰা,
  • তেঙা, তিতা পানিৰে বমি হোৱা,
  • পেটত তীব্ৰ বিষ অনুভৱ কৰা,
  • ভোক নলগা আদি লক্ষণ সমুহে দেখা দিলেই আমি গ্ৰেষ্ট্ৰিক হোৱা বুলি কওঁ।

পৃথিৱীত জনসংখ্যাৰ প্ৰায় আধাতকৈয়ো বেছি মানুহ এই গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যাত ভূগা বুলি বিশ্ব স্বাস্থ্য সন্থাই(WHO) প্ৰকাশ কৰিছে। গতিকে প্ৰতি ১০০ জন ব্যক্তিৰ ৫০ জনৰো অধিক এই ৰোগত ভূক্ত ভোগি।

আপোনালোকে ইতিমধ্যে গম পাইছে যে এই গেষ্ট্ৰিকৰ দৰবে কেন্সাৰ বেমাৰ সৃষ্টি কৰে। ৰ্দীঘদিন ধৰি গেষ্ট্ৰিকৰ দৰব ব্যৱহাৰ কৰিলে যিহেতু দুৰাৰোগ্য কেন্সাৰ ৰোগে জীৱনলৈ ভাবুকি কিঢিয়াই আনিব পাৰে।

গতিকে আপোনালোকে হোমিঅপেথিক দৰব ব্যৱহাৰ কৰি এই ক্ষতিৰ পৰা নিশ্চিত ভাৱে বাছি থাকিব থাকিব পাৰিব।

এতিয়া আগবাঢ়ো বিষয়টোলৈ গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ’ চিকিৎসা:

আমি যেতিয়া খাদ্য খাঁও, প্ৰথমে ভালদৰে চোবোৱাৰ পাছত যেতিয়া গিলো তেতিয়া খাদ্য দব্য মুখৰ পৰা খাদ্য নলীয়েদি গৈ ষ্টমাকত প্ৰৱেশ কৰে। আৰু এই ষ্টমাকত খাদ্য পৰিপাক হৈ ক্ষুদ্ৰান্তৰ মাজেৰে বৃহদান্তৰ প্ৰৱেশ কৰে।

আৰু ইয়াৰ পৰা আমাৰ শৰীৰে খাদ্যত থকা ভিটামিন, প্ৰটিন, মিনাৰেল আদি যিবোৰো আমাক পৰিপুষ্টিৰ বাবে প্ৰয়োজন এই বোৰ এক প্ৰক্ৰিয়া মাজেৰে আমাৰ শৰীৰে গ্ৰহণ কৰি লয়।

আৰু সকলেবেৰ প্ৰক্ৰিয়া সম্পন্ন হোৱা পাছত মলৰুপে বাকী থকা আৱৰ্জনা বোৰ আমাৰ মল দ্বাৰাদি বাহিৰ হৈ যায়।

এই প্ৰক্ৰিয়াটোক আমি পৰিপাক প্ৰক্ৰিয়া বুলি কওঁ। আমাৰ ওপৰ পেটৰ বাওঁফালে বুকু আৰু নাভিৰ মাজত পাকস্থলী অৱস্থিত।

আমি খোৱা খাদ্য এই পাকস্থলীত জমা হোৱাৰ পাছত ইয়াৰ পৰা নিগত হোৱা অম্ল ৰখ বা গেষ্ট্ৰিক জুচৰ সহায়ত হজম হবলৈ ধৰে।

এই অম্ল বা গেষ্ট্ৰিক জুচ যদি অত্যাধিক ভাৱে নিসৰন হয় আৰু তাৰ বাবে আমাৰ পাকস্থলীত পদাহৰ সৃষ্টি হবলৈ ধৰে তেতিয়া তাকে আমি অম্লপিত্ত, এচিডি্টি বা গেষ্ট্ৰিক বুলি কওঁ।

অত্যাধিক পৰিমানে-

  • জ্বলা,
  • টেঙা,
  • মচলা যুক্ত খাদ্য,
  • ফাষ্টফুড,
  • গেলা-পচা,
  • অপুষ্টিকৰ খাদ্য,
  • ভেজাল খাদ্য,
  • চালানি মাচ আদি খোৱা,
  • সময়মতে আহাৰ গ্ৰহন নকৰা,
  • গুটখা, পান মচলা, চাহ, কফি আদি বেছিকৈ খোৱা,
  • অত্যাধিক মদ্য প্ৰান আৰু ধূম্ৰ্ৰ প্ৰান কৰা,
  • আইৰন টনিক,
  • বিষনাশক ঔষধ আদি বেছিকৈ খোৱা।
  • পানী কমকৈ খেৱা,
  • মানসিক চাপত ভোগা,
  • নিদ্ৰা হীনতাত ভোগা,
  • অত্যাধিক সংকা, ভয়,
  • অতিসাৰ বা গ্ৰহনী,
  • বদ হজম,
  • যকৃতৰ দোষ আদিৰ কাৰনে এই গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যা হব পাৰে।

এই গেষ্ট্ৰিক ৰোগ দুই প্ৰকাৰৰ হ’ব পাৰে:

ক) Acute বা নতুন গেষ্ট্ৰিক আৰু

খ) Chronic বা পোৰনা গেষ্ট্ৰিক।

১)নতুন গেষ্ট্ৰিক:

  • সাধাৰনতে অত্যাধিক জ্বলা-পোৰা,
  • গৰম মচলা যুক্ত খাদ্য,
  • গেলা-পচা খাদ্য,
  • চালানি মাছ, মাংস,
  • অতি গৰম বা ঠাণ্ডা খাদ্য গ্ৰহন কৰা আদি কাৰনত এই ৰোগ হব পাৰে।

এই ৰোগৰ লক্ষণ সমূহ হ’ল:

  • পেটত খামুচি ধৰা বিষ হয়,
  • বমি বমি ভাৱ হয় বা বমি হব পাৰে।
  • উকালি আহে,
  • পেটত পুৰনি হয়,
  • পেট অনবৰত গধুৰ গধুৰ লাগি থাকে,
  • খাবলৈ ইচ্ছা নকৰে,
  • খাদ্য ভালদৰে হজম নোহোৱাৰ বাবে পেট অনবৰতে ফুলি থাকে।
  • জিভাৰ ৰং পৰিৱতন হয়,
  • ডাঠ প্ৰলেপ পৰে,
  • পিয়াহ লাগে,
  • কেতিয়াবা বমিৰ লগত তেজ আহে আৰু
  • শৌচ কলা হয়।
  • এতিয়া আহো পুৰণি গেষ্ট্ৰিকৰ কাৰণলৈ:
  • অতিৰিক্ত মদ্যপ্ৰাণ,
  • ধুম্ৰপান,
  • জ্বলা,
  • ভজা-পোৰা,
  • মচলা,
  • অত্যাধিক তেল জাতীয় খাদ্য খোৱা ব্যক্তিৰ এই সমস্যা হব পাৰে আৰু বয়সিয়াল লোক এই পোৰনা গেষ্ট্ৰিকৰ সমস্যাত ভোগা দেখা যায়।

এই ৰোগত দীৰ্ঘদিন ধৰি ভোগি থাকিলে হেলিকবেক্টাৰ নামৰ এবিধ বেক্টেৰীয়া সংক্ৰামন ঘটি পাকস্থলীত ঘাঁৰ সৃষ্টি হৈ গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা থাকে।

গেষ্ট্ৰিক বা এচিডিটিৰ সাধাৰণতে দেখিবলৈ পোৱা লক্ষসমূহ হ’ল -

  • খাদ্যৰ প্ৰতি অনিচ্ছা,
  • খাদ্য ভালদৰে হজম নোহোৱা,
  • সকলো সময়তে উকালি অহা আৰু বমি বমি ভাৱ হোৱা,
  • বিশেষকৈ ৰাতি পূৱা সময়ত এই লক্ষ সমূহ তীব্ৰ হোৱা দেখা যায়।
  • সদায় উপৰ পেটত বিষ হোৱা আৰু অনবৰত পেট গধুৰ গধুৰ লাগি থকা,
  • হাত ভৰিত পোৰনি অনুভৱ কৰা, আদি লক্ষণ সমূহ থাকে।

এই বেমাৰত দীৰ্ঘদিন ধৰি ভূগি থাকিলে ৰোগী পুষ্টিহীনতা আৰু ৰক্তহীনতাত ভূগি দূৰ্ব্বল হৈ পৰিব পাৰে। এই বেমাৰৰ সঠিক চিকিৎসা নকৰালে ৰোগী গুৰুতৰ সমস্যাৰ সন্মুখীন হব পাৰে।

গেষ্ট্ৰিক বা এচিডিটিৰ ৰোগত ভোগা ৰোগীয়ে কিছুমান নীতি নিয়ম মানি চলিব লাগে।

(১)ৰোগীয়ে পূৱা শুই উঠি কমেও আধা লিটাৰ কুহুমীয়া গৰম পানী খাব লাগে। কুহুমীয়া গৰম পানী খালে শৌচ খোলোচা হৈ পাকস্থলী পৰিষ্কাৰ হয় আৰু এচিডিটি হোৱাত বাধা প্ৰদান কৰে।

(২)খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগে। খাদ্য খোৱাৰ ৪০ মিনিটৰ আগত বা পাছতহে পানী খাব লাগে। কাৰণ খাদ্য খোৱাৰ লগে লগে বা খাদ্য খোৱাৰ আগতে পানী খালে পাকস্থলীত পিত্ৰৰখৰ গাঢতা কমি যায়।

যাৰ বাবে খাদ্য পৰিপাক ক্ৰিয়াত ব্যাঘাত জন্মিব আৰু এচিডিটিৰ সৃষ্টি হব পাৰে। এই পানী খোৱাৰ নিয়মৰ বিষয়ত মোৰ এটা ভিডিঅ আছে আপোনা লোকে চাই লব পাৰিব মই ডেস্ক্ৰিপচনত লিংটো দি দিছো।

(৩)পদিনা খাব লাগে। পদিনাৰ পাত পিহি ৰখ খাব পাৰে নহলে চোবাই খাব পাৰে পদিনা অম্ল নাশক হিচাপে ব্যৱহাৰ কৰা হয়।

(৪) মানিমূনিৰ ৰখ খাব পাৰে। মানিমূনি ৰখো অল্মপিত্ত নাশক।

(৫)আদা আৰু কলা নিমখ খালেও এচিডিটি কম হয়। ই হজম শক্তি বৃদ্ধি কৰে।

(৬)এচিডিটিৰ সমস্যাত ভোগাৰ ৰোগীয়ে মানসিক চাপ এৰাই চলিব লাগে। খংৰাগ আদি বৰ্জন কৰি চলিব লাগে।

(৭) টোপনি ক্ষতি কৰিব নালাগে।

(৮) ধপাট জাতীয় খাদ্য বৰ্জন কৰিব লাগে।

(৯) চাহ কফি আদি কমাই খাব লাগে, পৰাপক্ষত বৰ্জন কৰিব লাগে।

(১০) মদ্য প্ৰাণ, ধূম্ৰ্য প্ৰাণ কৰিব নালাগে।

(১১) জ্বলা-পোৰা, মচলা, ফাষ্টফড, জাংফুট আৰ্দি বৰ্জন কৰি চলিব লাগে।

(১২)এবাৰত খোৱা খাদ্য তিনিভাগ কৰি তিনিবাৰত খাব লাগে।

এতিয়া আহো গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ’ চিকিৎসালৈ:

আপোনালোকে জানে য়ে হোমিঅপেথিকত কোনো ৰোগৰ সিকিৎসা কৰা নহয়। বৰঞ্চ ৰোগীকহে সিকিৎসা কৰা হয়।

ৰোগীক ঔষধ প্ৰয়োগ কৰাৰ আগতে ৰোগীৰ জীৱন শৈলী, খাদ্যভ্যাস, ৰোগৰ লক্ষণ আদি সুক্ষ্মভাৱে পৰ্যবেশন কৰাটো প্ৰয়োজন।

গতিকে ইয়াত মই গেষ্ট্ৰিকত ব্যৱহৃত অত্যন্ত ফলপসু কেইটা মান দৰবৰ বিষয়ে লক্ষণ অনুযায়ী ইয়াৰ বৰ্ণনা দাঙি ধৰিলো। ব্যৱহাৰৰ ক্ষেত্ৰত হোমিঅ পেঠিক সিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব।

(১)nux vomica:-

খাদ্য খোৱাৰ ½ ঘন্টাৰ পাছতেই পাকস্থলীত পখৰ থকাৰ দৰে চাপ অনুভৱ হয়। মুখত পানী উঠে, পেট টাম টান অনুভৱ হয়। ককাঁলৰ কাপোৰ ঢিলা কৰিবলৈ বাধ্য হয়। আহাৰ গ্ৰহন কৰা 2/3 ঘন্টাৰ পিছলৈকে মানসিক পৰিশ্ৰম কৰিব নোৱাৰে।

দুপৰীয়া আহাৰ গ্ৰহন কৰা পিছতেই টোপনি আহে। মনত দূচিন্তা, উৎকণ্ঠা, অত্যাধিক কফি, মাদক দ্ৰব্য আদি খোৱা, টোপনি ক্ষতি আৰু অত্যাধূনিক জীৱন যাপনৰ বাবে হোৱা পাকস্থলী ৰোগত এই ঔষধ অত্যন্ত উপযোগী। ৰোগীৰ প্ৰতিদিনে ৰাতিপূৱা টেঙা আৰু তিতা উগাৰ অহে।

প্ৰতিদিন ৰাতি পূৱা উকালি ভাৱ আৰু বমি হোৱাৰ লগতে মানসিক উদ্যম হীনতাই দেখা দিয়ে। খাদ্য খোৱাৰ পাছতেই উগাৰ আহে।

আহাৰৰ পাছত ধূম্যপ্ৰাণ কৰিলে অনবৰত উকালি ভাৱ হয় আৰু ভাব হয় যেন বমি কৰি দিব পাৰিলেহে উপশম হব। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই নাস্কভমিকা ঔষধ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

(২) লাইকপডিয়ামঃ-

  • জিভাত দাঁতৰ চাপ লগা,
  • দাঁত মূখ টেঙা টেঙা লগা,
  • পেটত অত্যাধিক বায়ু জমা হোৱা ফলত পেট ফুলি থকা,
  • পেটত গৰ গৰ শব্দ হোৱা,
  • অলপ খাদ্য খালেই পেট ফুলা,
  • পায়খানা ছাগলী লাদৰ দৰে কঠিন হোৱা আৰু এচিডিটিৰ কাৰণে বুকুৰ জ্বলা পোৰা কৰা লক্ষণত এই ঔষধে ভাল ফল দিয়ে।

(৩)ইপিকাকুয়ানাঃ(IPECACUHANA):

সকলো সময়তে বমি বমি ভাৱ হয় উকালি আহে আৰু উকালি লগত প্ৰচুৰ প্ৰৰিমানে লেলাউটি উলায়, কণিৰ বগা বিজলুৱা অংশৰ দৰে প্ৰচুৰ পৰিমানে বমি হয়। বমি হলে উপশম নহয়।

  • বমিৰ পাছত টোপনি আহে,
  • কুজা হলে বৃদ্ধি হয়,
  • পাকস্থলীটো তললৈ উলমিপৰা দৰে,
  • ঢিলা যেন লাগে খামোচ মৰা,
  • চেপি দিয়াৰ দৰে তীব্ৰ বিষ হয়।

বায়ু জমা হোৰ ফলত নাভিৰ চাৰিওফালে ফালি দিয়াৰ দৰে বিষ হয়। শৌচ ফেন যুক্ত ৰক্ত মিশ্ৰিত হয়। এনে ধৰনৰ লক্ষণ প্ৰকাশ পালে এই ঔষধে ভাল ফল দিয়ে।

(৪)এচাইনাইটঃ-

  • পাকস্থলীত হুলে ফুটাৰ দৰে যান্ত্ৰনা,
  • পানী পিয়াহ,
  • জ্বৰ জ্বৰ ভাৱ,
  • বমিৰ আদি লক্ষনৰ লগতে মৃত্যুৰ ভয় থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰে।

(৫)পালচাটিলাঃ

এই ঔষধ লক্ষণ হল-

  • যি খাই তাকেই তিতা লাগে,
  • ভোক নালাগে,
  • পানীৰ পিয়াহ নাথাকে,
  • মুখত অনবৰত তিতা স্বাদ অনুভৱ।

(৬) চাইনা:

এই ঔষধত খাদ্য খোৱাৰ পিছত গোটা বস্তু এটাই পেটৰ পৰা বুকুৰ মাজলৈ ওজাই অহাৰ দৰে লাগে, পেট ফুলি উঠে। একেবাৰে ভোক নালাগে।

  • খাদ্য হজম নোহোৱালৈকে পেটত অশান্তি বৃদ্ধি হয়,
  • পেটত অনবৰতে গৰ গৰ শব্দ হৈ থাকে,
  • বুকু জ্বলা পোৰা আৰু এচিডিটিৰ লক্ষণ থাকে।
  • কেতিয়া ৰোগীৰ হিকটি আহে,
  • বমি বমি ভাব,
  • তেজ বমি আৰু
  • টেঙা-তিতা উগাৰ আহে।

আজিকালি ঔষধ কম্পানী সমূহেও কিছুমান খুওব ফলপসু পেটেন্ট প্ৰস্তুত কৰিছে। এই বোৰৰ ভিতৰত DROX-13, GASONORM, GASTROPLEX আদি পেটেন্ট কেইটা লব পাৰে। খুওব ফলপসু হয়।

লেখক: ডা হৰিকান্ত দাস

ফোন নং: 9954340102

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top