মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / পাথৰি ৰোগৰ হোমিঅ’ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাথৰি ৰোগৰ হোমিঅ’ চিকিৎসা

পাথৰি ৰোগৰ হোমিঅ’ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

মূত্ৰ পৰিশোধন প্ৰণালীৰ লগত জড়িত প্ৰধান অংগকেইটা হ’ল বৃক্ক, মূত্ৰ পৰিবাহী নলী আৰু মূত্ৰাশয় । মানৱ দেহৰ বৰ্জনীয় পদাৰ্থসমূহ বৃক্কই পৰিশোধন কৰাৰ পিছত মূত্ৰ পৰিবাহী নলীয়েদি গৈ মূত্ৰাশয়ত জমা হয় আৰু সময়ে সময়ে প্ৰস্ৰাৱ হিচাপে বাহিৰলৈ ওলাই যায় । উক্ত শোধন প্ৰণালীৰ যিকোনো অংশৰ ভিতৰত পাথৰ জমা হ’ব পাৰে । সাধাৰণতে পাথৰি ৰোগৰ প্ৰভাৱ বিশেষকৈ (মূত্ৰ পৰিশোধন প্ৰণালীৰ) মহিলাতকৈ পুৰুষৰহে বেছি হোৱা দেখা যায় । শিশুৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ আপেক্ষিকভাৱে কম ।

বৃক্কৰ অৱস্থান আৰু আকৃতি -

অৱস্থান হিচাপে মানুহৰ পৃষ্ঠদেশৰ দ্বাদশ কামীহাড়ৰ লগত সোঁ-বৃক্ক আৰু এঘাৰ আৰু দ্বাদশ কামীহাড়ৰ লগত বাওঁফালৰ বৃক্কৰ অৱস্থা । আকৃতিত হিচাপে ইয়াক শুকান উৰহীৰ গুটিৰ লগত ৰিজাব পাৰি ।

ৰোগৰ কাৰণ -

১) মুত্ৰ পৰিবাহী নলীত হোৱা কোনো সংক্ৰামক ৰোগ ।

২) প্ৰস্ৰাৱৰ গাঢ়তাৰ পৰিমাণ বেছি ।

৩) ভিটামিন- কৰ অভাৱ ।

৪) Citrate ৰ পৰিমাণ প্ৰস্ৰাৱত কমকৈ ওলোৱা ।

৫) ভিটামিন B6 আৰু মেগনেছিয়ামৰ অভাৱ ।

৬) বহুদিনীয়াকৈ কেলচিয়াম আৰু অম্লনাশক দৰব ব্যৱহাৰ ।

৭) বৃক্কত হোৱা কোনো ৰোগ বা বাতজাতীয় বেমাৰ ।

৮) ক’পাৰ লোৱাৰ পৰিমাণ বৃদ্ধি, বিশেষকৈ গাখীৰ, চীজ আদিৰ অত্যধিক ব্যৱহাৰ ।

৯) প্ৰ’টিন (মাংস) জাতীয় খাদ্য বেছি পৰিমাণে খোৱা ।

১০) কোনো শাৰীৰিক পৰিশ্ৰম নকৰাকৈ বিলাসবহুল জীৱন যাপন কৰা, লগতে বংশগতভাৱে অহা দেখা যায় ।

পাথৰৰ ধৰণ -

পাথৰৰ ধৰণ অনুযায়ী ইয়াক কেইবিধমান ভাগত ভাগ কৰিব পাৰি । তাৰ ভিতৰত প্ৰধানকৈ – কেলচিয়াম অক্সালেট জাতীয় :-

সাধাৰণতে এইজাতীয় পাথৰ বৰ টান । ইয়াৰ চাৰি ধৰণৰ পোৱা যায় । কিছুমান সৰু, মিহি, শিঙাল বা ধাৰ থকা জাতীয় আৰু কিছুমান মাৰ্বলৰ আকাৰৰ হ’ব পাৰে । ৰং ধোৱা বৰণীয়া বা বাদামী ৰঙৰ হয় ।

ফছফেট জাতীয় :-

(কেলচিয়াম ফছফেট), মিহি মটীয়া বৰণৰ হয় । এই জাতীয় পাথৰ ক্ষাৰকীয় মূত্ৰত অতি সোনকালে বৃদ্ধি হয় ।

ইউৰিক এচিড জাতীয় :-

ইয়াৰ সংখ্যা অধিক হয় , টান আৰু মিহি হয় । ৰং হালধীয়াৰ পৰা বাদামী ৰঙৰ হয় ।

চিষ্টিন জাতীয় :-

যিবিলাকৰ অত্যধিক পৰিমাণে চিষ্টিন নি:সৰিত হয় তেনে লোকৰ এইজাতীয় পাথৰ হ’ব পাৰে ।

জেনথাইন জাতীয় :-

এইবিলাক মিহি, ঘূৰণীয়া আৰু ইটাৰ ৰঙৰ দৰে হয় যদিও এইজাতীয় পাথৰ কমকৈ হোৱা দেখা যায় ।

কোন কোন অংশত পাথৰ জমা হ’ব পাৰে :-

১) ৰিনাল কেলিক্স

২) ইউৰেটাৰ পেলডিক সন্ধিস্থল

৩) মূত্ৰাশয় আৰু মূত্ৰ পৰিবাহীনলীৰ সন্ধিস্থল

৪) মূত্ৰ পৰিবাহী নলী

৫) মূত্ৰথলী ।

কেনেধৰণে ৰোগ নিৰ্ণয় কৰা হয় -

১) বেমাৰীৰ পৰা পোৱা লক্ষণ ।

২) ৰোগীৰ প্ৰস্ৰাৱৰ বিশ্লেষণ ।

৩) এক্স-ৰে’, আই ভি পি

৪) আলট্ৰাছাউণ্ড, চিটি স্কেন ইত্যাদি ।

ৰোগৰ লক্ষণ -

অত্যন্ত পেটৰ বিষ, প্ৰস্ৰাৱ ঘনকৈ ঘনকৈ লগা, কম প্ৰস্ৰাৱ হোৱা, কঁকালৰ উৰুসন্ধিত অসহ্য বিষ । বিষ কঁকালৰ পৰা অণ্ডকোষলৈ প্ৰসাৰিত হোৱা, বমি বমি ভাব, কপালত ঘাম, নাড়ীৰ গতি বৃদ্ধি, জ্বৰ ভাব, প্ৰস্ৰাৱৰ সৈতে তেজৰ মিশ্ৰণ বাহিৰ হোৱা, লৰচৰ কৰিলে বিষ বেছি হোৱা, এঠাত ৰৈ থাকিব নোৱাৰা হোৱা ইত্যাদিয়েই প্ৰধান ।

হ’ব পৰা আন আনুষংগিক অসুবিধা :-

সংক্ৰমণ, পাইল’নেফ্ৰাইটিছ, বৃক্কত পানী জমা হোৱা, বৃক্কৰ আকাৰ স্বাভাৱিকতেই ডাঙৰ হোৱা, প্ৰস্ৰাৱৰ লগত পাথৰ ওলোৱা বা প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱা আদিয়েই প্ৰধান ।

ল’ৱ লগা সাৱধানতা -

১) পাথৰি ৰোগৰ কাৰণে কিছু সাৱধানতা অৱলম্বন কৰিলে বহুত সুফল পোৱা যায় । তাৰ ভিতৰত-

  • পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰা, যাতে প্ৰস্ৰাৱৰ গাঢ়তা কমি যায় ।
  • গ্ৰীষ্মত ঘামৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে প্ৰত্যেকবাৰ প্ৰস্ৰাৱ কৰাৰ লগে লগে এগিলাচ বা দুগিলাচ পানী খাই ল’ব লাগে । যাতে শৰীৰত পানীৰ ভাৰসাম্য ঠিকে থাকে ।
  • প্ৰস্ৰাৱ বহু সময় ধৰি নৰখা ।
  • ca+ জাতীয় খাদ্য পৰিমাণত খোৱা
  • Uric acid urate জাতীয় পাথৰৰ বাবে মাংস আৰু মাছ কমাই দিয়া, এইবিলাক খাদ্যত পিউৰিন নামৰ পদাৰ্থ থাকে ।
  • কেলচিয়াম অক্সালেট জাতীয় পাথৰৰ বাবে ষ্ট্ৰবেৰী, পালেং শাক, কচু, প্লামজাতীয় খাদ্য বৰ্জন কৰিব লাগে ।
  • Cystine জাতীয় পাথৰৰ বাবে কণী, সাজ-মাংস এৰাই চলা ভাল ।

ক’বলৈ গ’লে নিৰামিষ আহাৰ পাথৰি ৰোগৰ বাবে ভাল । মানৱ শৰীৰত শ্বাসতন্ত্ৰই বিশুদ্ধ বায়ু, শৰীৰ, লয় আৰু অশুদ্ধ বায়ু শৰীৰৰ পৰা উলিয়াই দিয়ে । পৌষ্টিক তন্ত্ৰই খাদ্যৰ পৰিপুষ্টি লৈ বৰ্জনীয় পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে, সেইদৰে পৰিশোধন প্ৰণালীয়েও মানুহৰ শৰীৰৰ তৰল পদাৰ্থ পৰিশোধন কৰি উলিয়াই দিয়ে । নদীয়ে যেনেদৰে বোঁৱতী সোতৰ দ্বাৰা নদীৰ গহ্বৰত থকা যিকোনো পদাৰ্থ এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়, ঠিক তেনেদৰে মানৱ শৰীৰৰ পৰিশোধন প্ৰণালীয়েও ইয়াত জমা হোৱা পাথৰ জাতীয় পদাৰ্থ স্বয়ংক্ৰিয়ভাৱে শৰীৰৰ পৰা উলিয়াই দিয়ে । উক্ত স্বয়ংক্ৰিয় কাৰ্যত পানীৰ ভূমিকা গুৰুত্বপূৰ্ণ ।

শাক-পাচলিৰ ভিতৰত পাতকবি, বিলাহী, ফুলকবি, পালেংশাক , কচু ফলৰ ভিতৰত কমলা, আম, অনিতা, মাংসৰ ভিতৰত গৰুৰ মাংস, গাহৰিৰ মাংস, মুৰ্গীৰ মাংস এৰাই ভাল ।কেঁকোৰা, মিছামাছ, শুকান মাছ, গাখীৰৰ সৰ, চীজ, চকলেট অপথ্য ।

পথ্যৰ ভিতৰত :-

প্ৰচুৰ পৰিমাণে বিশুদ্ধ পানী, নাচপতি বাৰ্লি, পাইনেপেলৰ ৰস, নেমু, কল,  চৰবত, আলমণ্ড , তিঁয়হ , পাতেগজাৰ ৰস, ডাবৰ পানী ইত্যাদি ভাল ।

চিকিৎসা পদ্ধতি -

আধুনিক চিকিৎসা পদ্ধতিৰ ন ন আৱিষ্কাৰে বৃক্কৰ পৰা পাথৰ নিৰ্গমণত ৰোগীক যথোপযুক্ত  চিকিৎসা আগবঢ়াই আহিছে । এইক্ষেত্ৰত পাথৰি ৰোগ নিৰ্গমণত হোমিঅ’ চিকিৎসাই বিশেষ সফলতা দেখুৱাই আহিছে । ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক’ব পাৰি যে সকলো ক্ষেত্ৰত অস্ত্ৰোপচাৰ নকৰি দৰব ব্যৱহাৰ কৰিও পাথৰ নিৰ্গমণ কৰিব পাৰি । ইয়াত চিকিৎসকৰ অভিজ্ঞতা আৰু ৰোগীৰ ধৈৰ্যৰ প্ৰয়োজন । কিছুমান ৰোগী সোনকালে ভাল হয়, আন কিছুমানৰ ক্ষেত্ৰত পলম হয় । ইয়াৰ কাৰণ হিচাপে পাথৰৰ আকৃতি, অৱস্থা নিৰ্ভৰ কৰে । সততে ব্যৱহাৰ হোৱা দৰববোৰ হ’ল বাৰবেৰিছ, কেনথাৰিছ, গ্লাইকোপডিয়াম, নাস্কভমিকা, চৰচাপেৰিলা ইত্যাদি । অভিজ্ঞতাৰ পৰা দেখা গৈছে এক চে:মি: আকাৰ পাথৰ সোনকালে ক্ষয়ীভৱন হয় আৰু ওলাই যোৱাত ৰোগীয়ে বেছি অসুবিধা নাপায় । হোমিঅ’ দৰবৰ ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি দৰববোৰ নিৰ্বাচন কৰা হয় যদিও ইয়াত ৰোগীৰ লক্ষণকো মুখ্য কাৰণ হিচাপে লোৱা হয় । সেয়েহে একে পাথৰৰ ৰোগ হ’লেও ৰোগীভেদে বা ঔষধৰ ক্ৰিয়া ভেদে বেলেগ বেলেগ দৰব দিয়া হয় । সেয়েহে ইয়াত সকলোবোৰ দৰবৰ আলোচনা কৰা হোৱা নাই । সেয়েহে ক’ব পাৰি খাদ্যভ্যাসৰ পৰিৱৰ্তন, উপযুক্ত দৰবৰ ব্যৱহাৰ, অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ আগবাঢ়িলে নিশ্চয়কৈ সুফল পোৱা যায় ।

লেখক :- ডা: জমিৰ আলী

উৎস :- জি এনআৰচি স্বাস্থ্য

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top