মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / প্লাষ্টিক ছাৰ্জাৰীৰ পিছত ফিজিঅ’থেৰাপী চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্লাষ্টিক ছাৰ্জাৰীৰ পিছত ফিজিঅ’থেৰাপী চিকিৎসা

প্লাষ্টিক ছাৰ্জাৰীৰ পিছত ফিজিঅ’থেৰাপী চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

প্লাষ্টিক ছাৰ্জাৰী সম্বন্ধে আমাৰ সকলোৰে এটা ধাৰণা আছে। চিকিৎসা বিজ্ঞানত এই বিভাগত শৰীৰৰ কোনো অংশৰ বিসংগতিৰ শুধৰণি বা পুনৰ স্থাপন কৰা হয়, যাৰ ফলত সেই অংশটোৰ ধৰণ আৰু কৰ্ম স্বাভাৱিক হয়।

প্লাষ্টিক ছাৰ্জাৰীৰ পৰিসৰ বিশাল আৰু ইয়াৰ বিভিন্ন ভাগ আছে। ইয়াত মাথোঁ সাধাৰণতে প্ৰয়োজন হোৱা প্লাষ্টিক ছাৰ্জাৰী(বিশেষকৈ কোনো আঘাত বা পোৰাৰ পিছত যি কৰা হয়)ৰ পিছত প্ৰয়োজন হোৱা ফিজিঅ’থেৰাপী চিকিৎসাৰ এক থূলমূল আভাস দিব বিচৰা হৈছে।

চৰ্ম পুনৰ সংৰোপণৰ ক্ষেত্ৰত কেনে ব্যৱস্থা লোৱা দৰকাৰ -

যি অংশত ছালৰ পুনঃস্থাপন কৰা হয়, তাৰ চাৰিওফালৰ সন্ধি অঞ্চলৰ ROM(Range of Motion) সঠিকভাৱে ৰখাৰ বাবে ব্যায়াম কৰাই দিয়া হয়। যদিহে ৰোগীজন বিচনাত জিৰণি লৈ থাকে, বিচনাত জিৰণি লৈ থাকে, বিচনাত থাকোঁতে কবিব লগা ব্যায়াম কিছুমান আগবঢ়োৱা হয়। এবাৰ চৰ্ম সংৰোপণ সুস্থিৰ হোৱাৰ পিছত তাৰ দ্বাৰা প্ৰভাৱিত অন্য সন্ধিসমূহৰো ROM ব্যায়াম ৰোগীক নিজে কৰিব দিব লাগে। এনে কৰোঁতে কোনো ধৰণৰ বেণ্ডেজ বা কাপোৰ সেই অঞ্চলত ৰাখিব নালাগে। মন কৰিব লাগে যাতে সেই অংশটো কোনো ধৰণৰ টান বা ভাজ খাই নাথাকে। দুসপ্তাহমানৰ পিছত যেতিয়া সংৰোপণটো কোচ খাবলৈ আৰম্ভ কৰে তেতিয়া খুব সাৱধান হ’ব লাগে যাতে ই তলৰ কলাসমূহৰ লগত লাগি নধৰে। ফিজিঅ’থেৰাপিষ্টে বিশেষ কিছুমান কৌশল অৱলম্বন কৰে যাৰ দ্বাৰা ROM আৰু কোমলাস্থিৰ দৈৰ্ঘ্য সঠিকভাৱে ৰাখিব লাগে।

কটা বা পোৰা অঞ্চলৰ সমস্যা -

সংৰোপণৰ তলৰ কলাসমূহৰ এটাৰ লগত এটা লাগি ধৰা, কটা দাগৰ কলাসমূহ কোচ খোৱা, ROM কম হোৱা, কঠিন লৰচৰ নোহোৱা কলা(Tissue) গঠন হোৱা বা ছালৰ সমস্যাই প্ৰধান।

ফিজিঅ’থেৰাপী চিকিৎসা আৰু উদ্দেশ্য -

  • কোমলাস্থি লৰচৰ কৰা।
  • ROM বৃদ্ধি কৰা- প্ৰত্যক্ষ আৰু পৰোক্ষ উভয়তে।
  • ছালৰ সংকোচন ৰোধ কৰা।
  • বিষ নিৰাময় কৰা।
  • কোমাস্থিৰ দৈৰ্ঘ্য বৃদ্ধি কৰা।

চিকিৎসা কৌশলসমূহ -

পৰোক্ষ প্ৰসাৰ বা টান:

যেতিয়া কঠিন কটা ছালৰ বাবে সঞ্চালনাৰ পৰিমাণ বাধাপ্ৰাপ্ত হয় তেতিয়া ফিজিঅ’থেৰাপিষ্টে পৰোক্ষ সঞ্চালনৰ জৰিয়তে সেই অংশত হেঁচা প্ৰয়োগেৰে প্ৰসাৰৰ ব্যৱস্থা কৰে। এই প্ৰক্ৰিয়াই বাধাপ্ৰাপ্ত সঞ্চালন সঠিক কৰাত মুখ্য ভূমিকা লয়। মাথোঁ ফিজিঅ’থেৰাপিষ্টে আঘাতপ্ৰাপ্ত অংশৰ ৰং সলনি হোৱাৰ দিশটোত চকু ৰাখিব লাগে।

মালিচ:

ইয়াত বিশেষ কৌশলযুক্ত মালিচৰ কথাহে বুজোৱা হৈছে। পুনৰ ৰোপণ কৰা অংশটো সুস্থিৰ আৰু পাৰ্শ্বৱৰ্তী অংশ সম্পূৰ্ণভাৱে আৰোগ্য হোৱাৰ পিছত এই প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰি। প্ৰথম ভাগত পুনৰ ৰোপিত অংশৰ চাৰিসামীত অতি সূক্ষ্ম সঞ্চালন আৰু সাধাৰণ হেঁচা প্ৰয়োগেৰে ইয়াক আৰম্ভ কৰা উচিত। প্ৰয়োজন সাপেক্ষে সুষম সঞ্চালনাৰ বাবে মলম ব্যৱহাৰ কৰিব পাৰি। ই সেই অঞ্চলৰ বিষ নিৰাময় কৰাতো সহায় কৰে।

বিশেষ চাপযুক্ত পোছাক:

ইলাষ্টিক জাতীয় সামগ্ৰীৰে প্ৰস্তুত এই পোছাকৰ ভূমিকা উল্লেখনীয়। দিনটোৰ প্ৰায় ২৪ ঘন্টাই ইয়াক ব্যৱহাৰ কৰিব লাগে। ক’লাজেনৰ অতি বৃদ্ধিৰ বাবে সৃষ্টি হোৱা অসমান, ডাঠ আৰু ৰছী সদৃশ কটা বা পোৰা দাগৰ বৃদ্ধি হ্ৰাস কৰে pressure garments-এ। অসমান অংশ সমান কৰা আৰু পুনৰৰোপিত চৰ্মৰ ৰঙা পৰা আদিও ইয়াক ব্যৱহাৰৰ ফলত কম হয়। ফিজিঅ’থেৰাপিষ্ট বা অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ মতে ইয়াক ব্যৱহাৰ কৰিব লাগে।

লেখক: ডাঃ প্ৰণৱ চক্ৰৱৰ্তী(পি টি)

উৎস: দৈনিক অসম)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top