অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফিজিওথেৰাপী

ফিজিওথেৰাপীৰ বিষয়ে লিখা হৈছে ।

ফিজিওথেৰাপি বা শাৰীৰিক চিকিৎসা হ'ল বৰ্তমান সময়ৰ এটা অতি জনপ্ৰিয় চিকিৎসা পদ্ধতি। ই আধুনিক চিকিৎসা বিজ্ঞানৰ এক অন্যতম শাখা। ফিজিও (শাৰীৰিক) আৰু থেৰাপি (চিকিৎসা) এই দুটি শব্দ লগলাগি ফিজিওথেৰাপি বা শাৰীৰিক চিকিৎসাৰ সৃষ্টি হৈছে।ফিজিওথেৰাপি কৰা চিকিৎসক জনক ফিজিওথেৰাপিষ্ট বুলি কোৱা হয়।

চিকিৎসা ক্ষেত্ৰ


বিভিন্ন জনীয় বিসংগতি বা দুৰ্ঘটনাবশত উদ্ভৱ হোৱা বাধাগ্ৰস্থতা সমূহ আতঁৰ কৰাৰ ক্ষেত্ৰত ফিজিওথেৰাপিয়ে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ফিজিওথেৰাপি চিকিৎসা বিভিন্ন ৰোগ নিৰাময় কৰাত ব্যৱহাৰ কৰা হয়। যেনে-
১)বাত বিষ
২) আঘাত জনিত বিষ
৩) হাড়ৰ ক্ষয় জনিত ৰোগ
৪)পেৰালাইছিছ জনিত সমস্যা
৫) মুখ বেকা হোৱা বা ফেচিয়েল পালচি
৬)বিভিন্ন ধৰণৰ অপাৰেচনৰ পৰবৰ্তী সমস্যা
৭) ভৰি বেকা (ক্লাৱফিট)
৮) প্ৰতিবন্ধী শিশু (চেৰিব্ৰেল পালচি) ইত্যাদি।

চিকিৎসা পদ্ধতি


এজন ফিজিওথেৰাপিষ্টে ৰোগৰ বৰ্ণনা, ফিজিকেল টেষ্ট, ফিজিওথেৰাপি স্পেচিয়েল টেষ্ট বা প্ৰয়োজন সাপেক্ষে বিভিন্ন ৰেডিওল'জিকেল টেষ্ট বা পেথ'ল'জিকেল টেষ্টৰ মাধ্যমত ৰোগ নিৰ্ণয় বা ডায়েগ্ন'ছিছ কৰিব পাৰে। আৰু ৰোগীৰ সমস্যা অনুযায়ী চিকিৎসা পৰিকল্পনা বা ট্ৰিটমেণ্ট প্লেন কৰা হয়। সাধাৰণতে ব্যৱহাৰ হোৱা ফিজিওথেৰাপি চিকিৎসা পদ্ধতি সমূহ হ'ল-
১)মেনুৱেল থেৰাপি
২)ম'বিলাইজেচন
৩)মুভমেণ্ট উইথ ম'বিলাইজেচন
৪)পশ্চাৰেল ইডুকেচন বা চাল চলনৰ প্ৰশিক্ষণ
৫) হাইড্ৰ'থেৰাপি
৬)ড্ৰাই নিডিং
৭)পি এন এফ
৮) ইলেক্ট্ৰ'থেৰাপি বা অত্যাধুনিক মেচিনৰ সহায়ত চিকিৎসা প্ৰদান,যেনে- TENS, Traction, IFT, UST, IFR ইত্যাদি।

লেখিকা :- প্ৰণামী বৰ্মন

উৎস :- স্বাস্থ্য দি হেলথ ছলিউশ্যনছ

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top