মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / বহুমূত্ৰ ৰোগৰ পৰা আঁতৰি থাকিব পাৰিনে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহুমূত্ৰ ৰোগৰ পৰা আঁতৰি থাকিব পাৰিনে?

বহুমূত্ৰ ৰোগৰপৰা আঁতৰি থাকিব পাৰিনে?


শৈশৱতে দেখা দিয়া আৰু আজীৱন কেৱল ‘ইনচুলিন’ বেজীৰ ওপৰতে নিৰ্ভৰ কৰিলগীয়া বহুমূত্ৰ ৰোগবিধক “প্ৰথম ধৰণৰ” (টাইপ ৱান) ডায়েবেটিছ নামেৰে জনা যায়। সংখ্যাত তাকৰ এইবিধৰ ৰোগীৰ বাবে ‘ইনচুলিন’ৰ কোনো বিকল্প নাই। শৰীৰত ‘ইনচুলিন’ নামৰ অতি লাগতীয়াল হৰম’ন বিধৰ (তেজৰ ‘চুগাৰ’ কমাই ৰখা) অভাৱৰ বাবেই বাহিৰৰ পৰা ইয়াক যোগান ধৰা হয়।

আনহাতে সমাজত সৰহ সংখ্যক বহুমূত্ৰ ৰোগীয়েই “দ্বিতীয় ধৰণৰ” (টাইপ টু ডায়েবেটিছ)। এইবিধ সাধাৰণতে যৌৱন কালৰে পৰা (সম্প্ৰতি প্ৰাক-যৌৱনতো দেখা দিয়া) জীৱনৰ বিভিন্ন বয়সত দেখিবলৈ পোৱা ৰোগ। এইবিধ ৰোগীৰ দেহত ‘ইনচুলিন’ জোখতকৈ বেছি পৰিমাণে থাকিলেও নিশকতীয়া ধৰণৰ। ফলত তেজৰ বাঢ়ি অহা চুগাৰ হ্ৰাস কৰিবৰ বাবে বিভিন্ন ধৰণৰ টেবলেট অথবা পৰীক্ষাগাৰত প্ৰস্তুত কৰা কৰ্মঠ ‘ইনচুলিন’ (অথবা দুয়োবিধ) যোগান ধৰা হয়।

সমাজত বহুলভাবে প্ৰয়োগ কৰিব পৰা ধৰণে, টাইপ ৱান ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পৰাৰ উপায় বৰ্তমানলৈকে উপলব্ধ হোৱা নাই। আনহাতে অধিক সংখ্যক লোকৰ ক্ষেত্ৰতে দেখা দিয়া আৰু বিশ্বজুৰি এক প্ৰত্যাহবান স্বৰূপে স্কীকৃত হোৱা ‘টাইপ টু’ ডায়েবেটিছৰ পৰা নিস্তাৰ পাব পৰাৰ বিভিন্ন পদ্ধতি ইতিমধ্যে প্ৰকাশ পাইছে। এই চমু আলোচনাত এই দ্বিতীয় ধৰণৰ বহুমূত্ৰ ৰোগৰ পৰা হাত সাৰি থকাৰ উপায়বোৰহে আলোচিত হ’ব।

সাধাৰণতে ত্ৰিদোষ, যেনে; বেছি ধৰণে ভোগ লগা, পিয়াহ লগা আৰু প্ৰস্ৰাৱ হোৱা, লগতে হঠাৎ ওজন কমি যোৱা বা ক্ৰমান্বয়ে বাঢ়ি অহা, শৰীৰৰ খৰ-খজুৱতি, ঘাঁ আদি সোনকালে নুশুকুৱা আদিয়েই পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছৰ লক্ষণ। সাধাৰণতে এনেবোৰ লক্ষণে দেখা দিলেহে ভুক্তভোগীয়ে তেজৰ চুগাৰৰ পৰীক্ষা কৰাবলৈ আগবাঢ়ি আহে। এনে পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছৰ নিৰ্দ্ধাৰণ কৰাৰ মাপকাঠি হ’ল— খালী পেটেৰে কৰা পৰীক্ষাত তেজৰ চুগাৰৰ পৰিমাণ ১২৬ মি:গ্ৰা: (শতকৰা, অৰ্থাৎ প্ৰতি এশ মিলিলিটাৰ তেজত) বা ততোধিক আৰু পয়সত্তৰ গ্ৰাম গ্লুকজ এগিলাচ পানীত মিহলাই খোৱাৰ দুঘণ্টাত ২০০ মি:গ্ৰা: (শতকৰা) বা ততোধিক। ত্ৰিদোষ বেছি পৰিমাণে দেখা দিলে গ্লুকজৰ সলনি নিয়মীয়া আহাৰৰ দুঘণ্টাত পৰীক্ষা কৰাই শ্ৰেয়।

এই পূৰ্ণ পৰ্যায়ৰ বহুমূত্ৰ যথেষ্ট সময়ৰ আগৰে পৰা গোপনে, ক্ৰমান্বয়ে বাঢ়ি আহি দেখা দিয়া ৰোগ। ইতিমধ্যে বৃক্ক (কিডনী), স্নায়ু, চকু, মগজু আৰু হাৰ্টৰ তেজবাহী নলী আদিত কম-বেছি পৰিমাণে ক্ষয়-ক্ষতি হৈ উঠে। লগতে উচ্চ ৰক্তচাপ, তেজৰ চৰ্বিজাতীয় পদাৰ্থৰ বৃদ্ধি (কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আদি), মেদবহুলতা আদি আনুসঙ্গিক উপসৰ্গয়ো দেখা দিয়ে। এনে অৱস্থাত চিকিৎসকৰ শুশ্ৰূষাৰ অধীনলৈ অহা অত্যন্ত প্ৰয়োজনীয়।

আনহাতে, এই ‘দ্বিতীয় ধৰণৰ’ বহুমূত্ৰ ৰোগলৈ ক্ৰমান্বয়ে আগবাঢ়ি গৈ থকা অৱস্থাতে ধৰা পেলাই ব্যৱস্থা ল’ব পাৰিলেহে এই ৰোগৰ পৰা যথাসম্ভৱ নিস্তাৰ পোৱাৰ সুযোগ থাকে। এই সময়ত বেছি ধৰণে ভোগ লগা, পিয়াহ লগা, প্ৰস্ৰাৱ হোৱা, হঠাৎ ওজন কমি যোৱা আদি লক্ষণসমূহে দেখা নিদিব পাৰে। এনে প্ৰাৰম্ভিক অৱস্থাত পোনতে ব্যক্তি এজনৰ গ্লুকজ হজম কৰাৰ ক্ষমতা কমি আহে [সুস্থ ব্যক্তি এজনে খালী পেটেৰে আৰু পয়সত্তৰ গ্ৰাম গ্লুকজ খোৱাৰ দুঘণ্টাত কৰা পৰীক্ষাত তেজৰ চুগাৰ ক্ৰমে ৭০-১০০ মি:গ্ৰা: (শতকৰা) আৰু <১৪০ মি:গ্ৰা: (শতকৰা)ৰ তলত থাকে] এই ব্যক্তিজনৰ খালী পেটেৰে কৰা আৰু পয়সত্তৰ গ্ৰাম গ্লুকজ খোৱাৰ দুঘণ্টাত কৰা পৰীক্ষাত ক্ৰমে ‘গ্লুকজ হজম কৰাৰ অসুবিধা’ বা ইম্পেয়াৰ্ড গ্লুকজ টলাৰেঞ্চ (চমুকৈ আই,জি,টি,) নামেৰে জনা যায় [খালী পেটেৰে আৰু পয়সত্তৰ গ্ৰাম গ্লুকজ খোৱাৰ দুঘণ্টাত কৰা পৰীক্ষাত তেজৰ চুগাৰ ক্ৰমে ১০০-১২৫ মি:গ্ৰা: (শতকৰা) আৰু ১৪০-১৯৯ মি:গ্ৰা: (শতকৰা)]।

আই,জি,টি অৱস্থাটো অতি গুৰুত্বপূৰ্ণ। এই অৱস্থাতে ধৰা পেলাই ব্যক্তি এজনক খাদ্যৰ সাৱধানতা আৰু শাৰিৰীক পৰিশ্ৰমেৰে পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰি। তদুপৰি, এই অৱস্থাতেই কিডনী, তেজবাহী নলী আদিৰ ক্ষতি আৰম্ভ হোৱাৰ উপৰি ক্ৰমাৎ উচ্চ ৰক্তচাপ, তেজৰ চৰ্বিজাতীয় পদাৰ্থৰ বৃদ্ধি, মেদবহুলতা, ইউৰিক এচিডজাতীয় ক্ষতিকাৰক পদাৰ্থৰ বৃদ্ধি আদিয়ে দেখা দিয়ে।  অতি সুখৰ কথা যে আই,জি,টি অৱস্থাৰ পৰা সুস্থ অৱস্থালৈ (তেজৰ পৰীক্ষাৰে প্ৰমাণিত) আহিব পাৰিলে কিডনী, ৰক্তচাপ আদিৰ প্ৰাৰম্ভিক ক্ষতিবোৰো নোহোৱা হৈ পৰে।

এইবোৰ আজিৰ যুগৰ বিশেষকৈ ত্ৰিশবছৰৰ ওপৰৰ সকলোৰে বিশেষভাবে পৰিয়ালত তেজৰ লগত সম্পৰ্ক থকা লোকৰ (মাক, দেউতাক, ককাই, বাই, ভনী, ককা, আইতা) ডায়েবেটিছ থাকিলে; সেইদৰে ৰক্তচাপ আৰু তেজৰ চৰ্বিজাতীয় পদাৰ্থ বৃদ্ধি হ’লে; ওজন জোখতকৈ [উচ্চতা অনুসৰি ওজনৰ মাপ অথবা বি, এম, আইৰূপে à ১৮.৫-২২.৯ (সুস্থ), ২৩-২৪.৯ (শকত), ২৫ বা ততোধিক (অতি শকত);  বি,এম,আই= উচ্চতা (মিটাৰ)২/ওজন (কেজি)] বাঢ়ি আহিলে; শাৰিৰীক পৰিশ্ৰমৰ অবিহনে অফিচ-কাছাৰীত বেছিভাগ সময় বহি কাম কৰি বাহনতেই ভ্ৰমি ফুৰিলে; যথেষ্ট তেল, মাখন, ঘিঁউ আদিৰে তৈয়াৰী, থিতাতে পোৱা খাদ্য খোৱাৰ অভ্যাস থাকিলে পূৰ্ণ ডায়েবেটিছৰ লক্ষণসমূহলৈ বাট নাচাই খালী পেটেৰে আৰু পয়সত্তৰ গ্ৰাম গ্লুকজ খাই তেজৰ চুগাৰ পৰীক্ষা কৰোৱা নিতান্ত প্ৰয়োজন। এনে সতৰ্কতাইহে আই,জি,টি-ৰ অৱস্থাতেই ধৰা পেলাব পাৰে।

এই পৰীক্ষাৰ উপৰি ব্যক্তিবিশেষৰ বিগত চাৰিমাহৰ তেজত চুগাৰৰ পৰিমানৰ এটা ধাৰণা ‘হিম’গ্লবিন এ ৱান চি’ নামৰ পৰীক্ষাৰে কৰিব পাৰি। নিৰোগী অৱস্থাত ইয়াৰ পৰিমান ৫.৭ শতাংশৰ তলত। প্ৰাক-ডায়েবেটিছৰ কালছোৱাত ইয়াৰ পৰিমান ৫.৭-৬.৫ শতাংশ। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ই ৬.৫ শতাংশৰ ওপৰত থাকে।

আই,জি,টি অৱস্থাত ধৰা পেলোৱাৰ তাৎপৰ্য আৰু ইয়াৰ ব্যৱস্থাসমূহৰ শুভ পৰিনাম সম্বন্ধে বিশ্বজুৰি বিভিন্ন অধ্যয়ন, সমীক্ষা আদি প্ৰকাশিত হৈছে। সকলোৰে মত— খাদ্যত উপযুক্ত পৰিমানৰ প্ৰ’টিন, যথেষ্ট শাক-পাচলি, ফল-মূল, হাঁহজাতীয় শৰ্কৰা (কাৰ্বহাইড্ৰেট), চেনি বা মিঠাইৰ বৰ্জন আদি মানি চলা উচিত। সেইদৰে শাৰিৰীক শ্ৰম, যেনে; খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা, সাঁতোৰা, খেলা-ধূলা কৰা উচিত। এইবোৰৰে সৈতে দৈনন্দিন জীৱনৰ তালিকাখনো শ্ৰম, বিশ্ৰাম,মানসিক শান্তি, আনন্দ, পৰিয়াল আৰু বন্ধুবৰ্গৰ সঙ্গ আদিৰে সজাই তুলিব পৰা অতিশয় লাভদায়ক। কিছু সমীক্ষাত এই অৱস্থাতে দুই-এবিধ ঔষধ প্ৰয়োগ কৰিও সুফল পোৱা গৈছে।

আই জি টি অৱস্থাৰ পৰা উক্ত চেষ্টাবোৰেৰে পূৰ্ণ ডায়েবেটিছৰ পৰা সুদূৰ ভবিষ্যতে অথবা জীৱনলৈ এশ শতাংশ নিস্তাৰ পোৱা যাবই বুলি ক’ব নোৱাৰি। তথাপিতো ফলাফল এতিয়ালৈকে সন্তোষজনক। বিশ্বাস, মনোযোগ, উদ্যম আৰু মনোবলেৰে এই উপায়বোৰ অৱলম্বন কৰিলে দীৰ্ঘ দিনলৈ (সম্ভৱ জীৱনলৈ) ডায়েবেটিছ নোহোৱাকৈ লগতে আৰ্থিক ব্যয়, মানসিক দুঃচিন্তা, পাৰিবাৰিক অশান্তি আদিৰ পৰা হাত সাৰি থাকিব পাৰি। কেৱল সজাগতা আৰু সতৰ্কতাৰহে প্ৰয়োজন।

লিখক: ডাঃ নবাব মহম্মদ দিলৱাৰ হাচান

2.98529411765
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top