মধুমেহ ৰোগ বা ডায়েবেটিচ মানুহৰ শৰীৰৰ বিপাকীয় ক্ৰিয়াজনিত এবিধ গুৰুতৰ ব্যাধি, য’ত তেজত থকা শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক পৰিমাণতকৈ বহু দিনলৈ ঊৰ্ধ্বত থাকে । এইবিধ ব্যাধিয়ে সকলো বয়সৰে নাৰী আৰু পুৰুষক সমানে আক্ৰান্ত কৰে । আগতে এই ৰোগৰ প্ৰকোপ কিছু পৰিমাণে নিয়ন্ত্ৰিত হৈ আছিল যদিও যোৱা কেইটামান দশকত এই ৰোগে বিশ্বৰ এক বুজন সংখ্যক লোকক আক্ৰান্ত কৰি এক অভাৱনীয় সংকটৰ সৃষ্টি কৰিছে ।
মধুমেহ ৰোগ হ’ল এবিধ দীৰ্ঘদিনীয়া ভুগি থকা ৰোগ । এই ৰোগ সম্পূৰ্ণৰুপে নিৰাময় কৰিব পৰা কোনো দৰব এতিয়ালৈ ওলোৱা নাই । ৰোগৰ চিকিৎসাৰ লক্ষ্য হ’ল- তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখা আৰু জটিলতা নোহোৱাকৈ ৰখাৰ চেষ্টা কৰা । ইয়াৰ বাবে আৱশ্যক নিয়ন্ত্ৰিত আহাৰ, নিয়মিত ব্যায়াম, মেদবহুলতা নিয়ন্ত্ৰণ আৰু আৱশ্যকতা অনুযায়ী দৰবৰ ব্যৱহাৰ । ৰোগৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি চিকিৎসা পদ্ধতিত নিজকে সম্পূৰ্ণৰুপে জড়িত কৰাটো অতি আৱশ্যক । যিহেতু তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰখাৰ ওপৰতে জটিলতা হোৱা-নোহোৱাৰ কথা জড়িত থাকে, পৰাপক্ষত গ্লাইক’চিলেটেড হিম’গ্লবিনৰ (Hba lc) পৰিমাণ ৬.৫% তে ৰাখিবলৈ চেষ্টা কৰা উচিত । তদুপৰি যিবিলাক আনুষংগিক স্বাস্থ্যজনিত সমস্যাই এই ৰোগৰ ওপৰত বিৰুপ প্ৰভাৱ পেলায়, যেনে- ধূমপান কৰা, ব্যায়াম নকৰি এলেহুৱা জীৱন-যাপন কৰা, মাত্ৰাধিক চৰ্বিজাতীয় খাদ্য খোৱা বাবে তেজত কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি হোৱা আৰু অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ আদিৰ কাৰণে যথাবিহিত ব্যৱস্থা লোৱা উচিত ।
মধুমেহ ৰোগ সম্পূৰ্ণৰুপে আৰোগ্য হোৱা ৰোগ নহয় । ৰোগীয়ে ওৰে জীৱন এই ৰোগৰ লগত সহঅৱস্থান কৰিবলগীয়া হয় । সেয়েহে এই ৰোগৰ কাৰণ, লক্ষণসমূহ, ৰোগ নিৰ্ণয়ৰ উপায়সমূহ, ৰোগৰ চিকিৎসাৰ ধৰণ, ইয়াৰ উপসৰ্গসমূহ, দৰবৰ গুণ আৰু পাৰ্শ্বক্ৰিয়া আদিৰ বিষয়ে ৰোগীৰ সম্যক জ্ঞান থকাটো বাঞ্চনীয় । তেজত শৰ্কৰাৰ পৰিমাণ হঠাতে কি কাৰণত কমি যায় আৰু কমি গ’লে কি লক্ষণ হয়, এই বিষয়ে ৰোগীয়ে বিশেষভাৱে জনা উচিত, কিয়নো এনে পৰিস্থিতিত ৰোগী বা ৰোগীৰ আত্মীয়ই তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো আৱশ্যক । নহ’লে ৰোগীৰ অৱস্থাই সাংঘাতিক ৰুপ ল’ব পাৰে । ঠিক তেনেদৰে তেজত শৰ্কৰাৰ পৰিমাণ অত্যধিক পৰিমাণে বাঢ়ি যোৱাৰ কাৰণ আৰু তাৰ পৰা হ’ব পৰা সম্ভাব্য সমস্যাসমূহৰ বিষয়েও সম্যক জ্ঞান থকাটো আৱশ্যক ।
মধুমেহ ৰোগৰ চিকিৎসাত খোৱা খাদ্য বা আহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । নিয়ন্ত্ৰিত আহাৰ গ্ৰহণ নকৰিলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয় । সেয়েহে প্ৰতিজন ৰোগীয়ে কি খোৱা উচিত আৰু কি খোৱা অনুচিত সেই বিষয়ে জনা অতি আৱশ্যক । আনহাতে, যিবিলাক কাৰকে, যেনে- মেদবহুলতা, আলসতা, ধূমপান কৰা, অনিয়ন্ত্ৰিত আহাৰ আৰু অনিয়মিত দৰব সেৱন আদিয়ে মধুমেহ ৰোগৰ জটিলতা সৃষ্টি কৰাত সহায় কৰে সেইবোৰ কাৰকৰ বিষয়ে সম্যক জ্ঞানৰো প্ৰয়োজন ।
মধুমেহ ৰোগীয়ে কিছুমান পৰিস্থিতিত নিজৰ ৰোগ নিজে নিয়ন্ত্ৰণত ৰাখিবলৈ জনা উচিত । উদাহৰণস্বৰুপে যেতিয়া তেওঁ কিছুদিনৰ বাবে বাহিৰলৈ ফুৰিবলৈ যায়, বা বাহিৰত থাকিবলগীয়া হয়, সদায় পৰামৰ্শ লোৱা চিকিৎসকক তাত পোৱা সম্ভৱ নহয় আৰু হয়তো পৰিয়ালৰ কোনো লোকো সহায় কৰিবলৈ লগত নাথাকিব পাৰে । এনে পৰিস্থিতিত তেওঁ যদি ইনছুলিন বেজী লৈ থাকে, ইয়াৰ বিষয়ে তেওঁৰ সম্যক জ্ঞান থকা উচিত । ইনছুলিন বেজী লোৱাৰ নিয়ম, বেজী লোৱাৰ সময় আৰু ইয়াৰ পৰা হ’ব পৰা বিভিন্ন জটিলতাৰ বিষয়ে জনা আৱশ্যক । তদুপৰি জটিলতাৰ উদ্ভৱ হ’লে কি কৰা উচিত, সেই বিষয়েও জনা আৱশ্যক ।
এই কথাটো প্ৰতিজন মধুমেহ ৰোগীয়ে মনত ৰখা উচিত যে যিসকল ৰোগী নিজৰ ৰোগৰ বিষয়ে উদাসীন হয়, তেওঁলোকে এই ৰোগৰ জটিলতাত বেছিকৈ ভোগে ।
নিয়ন্ত্ৰিত আহাৰে মধুমেহ ৰোগৰ চিকিৎসাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । সুনিয়ন্ত্ৰিত আৰু গ্ৰহণযোগ্য আহাৰে তলত উল্লেখ কৰা উদ্দেশ্যসমূহ পূৰণ কৰে :-
১) দৈনন্দিন কামৰ বাবে আৱশ্যকীয় শক্তিৰ যোগান ধৰে ।
২) ৰোগীৰ বয়স, লিংগ আৰু উচ্চতা অনুপাতে ওজন নিয়ন্ত্ৰণত ৰাখে ।
৩) ৰোগীয়ে পাবলগীয়া শক্তি বা কেলৰি (Calorie) উপযুক্ত সময়ত আৰু নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে পোৱাৰ ব্যৱস্থা কৰে, যাতে তেজত শৰ্কৰাৰ পৰিমাণ নিৰ্দিষ্ট জোখত ৰাখিব পাৰি ।
৪) তেজত চৰ্বিজাতীয় পদাৰ্থৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে, যাতে হৃদপিণ্ড আৰু ৰক্তবাহী নলীসমূহৰ ৰোগ কমাব পাৰি ।
১) শৰীৰৰ বাবে আৱশ্যকীয় শক্তি বা কেলৰি যোগান ধৰা হয় ।
২) আহাৰত আৱশ্যকীয় উপাদানসমূহ যেনে- শৰ্কৰা, মাংসসাৰ, চৰ্বি আদি পৰ্যাপ্ত পৰিমাণে থাকে ।
৩) দিনটোৰ বিভিন্ন সময়ৰ আহাৰত প্ৰয়োজন অনুযায়ী কেলৰি ভগাই দিয়া হয় ।
এজন শাৰীৰিক পৰিশ্ৰম নকৰা, ৬০ কিল’গ্ৰাম ওজনৰ ব্যক্তিক প্ৰতিদিনে সামগ্ৰিকভাৱে ২০০০ কেলৰি (শক্তি) আৱশ্যক । পিছে কঠোৰ পৰিশ্ৰম কৰা এজকে ধৰণৰ ব্যক্তিক প্ৰায় ৩৫০০ কেলৰিৰ আৱশ্যক হয় । মধুমেহ ৰোগীৰ ক্ষেত্ৰতো ইমানখিনি কেলৰিৰ প্ৰয়োজন খাদ্যৰ দ্বাৰা পূৰাব লাগে । আমি সকলোৱে জানো যে এক গ্ৰাম শৰ্কৰা জাতীয় আৰু এক গ্ৰাম মাংসসাৰ জাতীয় খাদ্যই আমাক চাৰি কেলৰি শক্তি যোগান ধৰে । আনহাতে, একগ্ৰাম চৰ্বি জাতীয় খাদ্যই ন কেলৰি শক্তি যোগায় ।
যদিও মধুমেহ ৰোগত শৰ্কৰা জাতীয় খাদ্য, ইনছুলিনৰ অভাৱৰ বাবে শৰীৰে ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে, তথাপি এনে ৰোগীয়েও সুষম আহাৰ গ্ৰহণ কৰাৰ স্বাৰ্থত শতকৰা ৫৫ ৰ পৰা ৬০ ভাগ কেলৰি শৰ্কৰা জাতীয় খাদ্যৰ পৰাই আহৰণ কৰা উচিত । পিছে যিবিলাক শৰ্কৰা জাতীয় খাদ্য অতি সোনকালে হজম হৈ তেজত সোমাই আৰু পেছাবত ওলাই যায়, যেনে- চেনি, মৌ, কে’ক, পেষ্ট্ৰী আদি, সেইবোৰত ইনছুলিনে কাম কৰিবলৈ সুবিধাই নাপায় । ফলত এনেবোৰ খাদ্য শৰীৰে ব্যৱহাৰ কৰিব নোৱাৰে আৰু অবাবতে নষ্ট হয় । সেয়েহে মধুমেহ ৰোগীয়ে এনে শৰ্কৰা পৰিহাৰ কৰা উচিত । আনহাতে ফল-মূলত থকা শৰ্কৰা লাহে লাহে হজম হয় আৰু সেয়েহে ইনছুলিনে ইয়াৰ ওপৰত কাম কৰিব পাৰে । সেয়েহে মধুমেহ ৰোগীয়ে সদায় কম পৰিমাণে ফল খোৱা উচ ইত । পোন্ধৰৰ পৰা বিশ শতাংশ কেলৰি মাংসসাৰ জাতীয় খাদ্যৰ পৰা আহৰণ কৰিব লাগে । মাছ, মাংস, কণী, চিজ, শুকান বিন আদিত যথেষ্ট পৰিমাণে মাংসসাৰ থাকে । এনে খাদ্য ৰোগীয়ে খোৱা উচিত । চৰ্বিজাতীয় খাদ্য বেছিকৈ খালে মানুহ শকত হয় আৰু কলেষ্টৰেলৰ পৰিমাণো বাঢ়ে । আনহাতে, আমাৰ শৰীৰৰ অংগসমূহক ঢাকি ৰাখিবলৈ আৰু অভাৱৰ সময়ত কেলৰি আৰু শক্তি যোগাবলৈ কিছু চৰ্বিৰ প্ৰয়োজন অনস্বীকাৰ্য । সেয়েহে ৩০ শতাংশ প্ৰয়োজনীয় কেলৰি চৰ্বিৰ পৰা আহৰণ কৰাটো প্ৰয়োজনীয় ।
ওপৰৰ কথাখিনিৰ পৰা বুজা যায় যে ৰোগীজনৰ দেহৰ গঠন, ওজন আৰু কামৰ ধৰণৰ কথা বিবেচনা কৰি তেওঁৰ দৈনন্দিন কেলৰিৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰি ল’ব লাগে । সেইখিনি কেলৰি খাদ্যৰ আটাইবোৰ উপাদান থকাকৈ তেওঁৰ দৈনন্দিন খাদ্যৰ তালিকাত প্ৰস্তুত কৰি ল’ব লাগে । মধুমেহ ৰোগীৰ কেলৰিৰ প্ৰয়োজনীয়তা তেওঁৰ কামৰ ধৰণ, শৰীৰৰ গঠন আৰু ওজন ভেদে বেলেগ বেলেগ হ’ব । এজন প্ৰাপ্তবয়স্ক আৰু স্বাভাৱিক গঠনৰ আৰু বেছি শাৰীৰিক পৰিশ্ৰম নকৰা লোকক দৈনিক প্ৰতি কিল’গ্ৰামত ২৫ বা ৩০ কেলৰি থকা খাদ্য দিয়া উচিত । মানুহজন শকত হ’লে প্ৰতি কিল’গ্ৰাম শৰীৰৰ ওজনত ২০-২৫ কেলৰি খাদ্য পোৱা উচিত । আনহাতে, ক্ষীণকায় ব্যক্তি অথবা গৰ্ভৱতী মাত্ৰিক প্ৰতি কিল’গ্ৰামত ৩৫ কেলৰি থকা খাদ্যৰ প্ৰয়োজন । বিভিন্ন ওজন আৰু গঠনৰ ব্যক্তিৰ বাবে কেলৰি অনুসাৰে সম্ভাব্য খাদ্যৰ তালিকাখনত দিয়া হ’ল ।
উল্লেখ কৰা খাদ্যৰ তালিকা দুখন মাত্ৰ এক নীতিগত পৰামৰ্শহে । ৰোগীৰ বয়স, ৰোগৰ মাত্ৰা আদি ভেদে এই তালিকা কিছু সালসলনিৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি ।
মধুমেহ ৰোগত ব্যৱহৃত দৰববোৰে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰোগ নিৰাময়ৰ চেষ্টা কৰে । এই ৰোগ নিয়ন্ত্ৰণত দুই ধৰণৰ দৰৱ ব্যৱহাৰ কৰা হয়-
১) ইনছুলিন বেজী
২) মুখেৰে খাব পৰা টেবলেট । কোন ৰোগীক কেনে ধৰণৰ দৰব ব্যৱহাৰ কৰিব লাগিব তাৰো নীতি-নিৰ্দেশনা আছে ।
প্ৰথম প্ৰকাৰৰ মধুমেহ ৰোগ (Type IDM) সাধাৰণতে কিশোৰ অৱস্থাতে আৰম্ভ হয় আৰু এই জাতীয় ৰোগত ইনছুলিন বেজীৰ বাহিৰে অইন দৰবে কাম নকৰে । আনহাতে, দ্বিতীয় প্ৰকৰাৰ মধুমেহ ৰোগত (Type IIDM) খাব পৰা টেবলেটহে সাধাৰণতে দিয়া হয় ।
তলত উল্লেখ কৰা পৰিস্থিতিতহে মধুমেহ ৰোগীক টেবলেট খাবলৈ দিয়া হয় ।
তলত উল্লেখ কৰা পৰিস্থিতিত মুখেৰে টেবলেট খাবলৈ নিদি ইনছুলিন বেজীহে দিয়া উচিত-
মুখেৰে খাবলৈ দিয়া দৰব কেইবা প্ৰকাৰৰো আছে । এই দৰববোৰে অগ্ন্যাশয় গ্ৰন্থিৰ পৰা ইনছুলিন নিৰ্গত হোৱাত সহায় কৰে আৰু নিৰ্গত হোৱা ইনছুলিনে ইয়াৰ কাম সঠিকভাৱে কৰাত সহায় কৰে । এই লেখা যিহেতু সৰ্বসাধাৰণ লোকৰ বাবে লিখা হৈছে, ইয়াত এই দৰবোৰৰ নাম- গুণাগুণ আদি বিশদভাৱে উল্লেখ কৰিব খোজা নাই । মধুমেহ ৰোগীয়ে বিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে এইবোৰ দৰৱ ব্যৱহাৰ কৰিব । কিন্তু দৰৱ ব্যৱহাৰ কৰি থকা ৰোগীয়ে এইবোৰৰ বিষয়ে তলত উল্লেখ কৰা কথাবোৰ জনা উচিত ।
ইনছুলিন হ’ল মধুমেহ ৰোগত শৰ্কৰা নিয়ন্ত্ৰণ কৰাৰ এক প্ৰত্যক্ষ আৰু নিশ্চিত উপায় । ই হ’ল এবিধ হৰমোন । ইনছুলিন প্ৰ’টিন জাতীয় হোৱা বাবে ইয়াক কেৱল বেজীৰেহে দিব পাৰি, খাব নোৱাৰি । এই বেজী সাধাৰণতে ছালৰ ঠিক তলতে অতি সূক্ষ্ম বেজীৰে সুমুৱাই দিয়া হয় । বেজীটো অতি সৰু হোৱা বাবে আৰু ছালৰ ঠিক তলতে দিয়া বাবে এই বেজী লওঁতে বিষ অনুভৱ নহয় । কিন্তু যেতিয়া ইনছুলিনৰ কাম খৰতকীয়া কৰাৰ আৱশ্যক হয়, তেতিয়া ইয়াক পেশীৰ মাজত (Intramuscular) বা সিৰাত পোনে পোনে (Intravenous) সুমুৱাই দিয়া হয় ।
তলত উল্লেখ কৰা পৰিস্থিতিতহে ইনছুলিন বেজী দিয়া হয়-
ইনছুলিন বেজী সাধাৰণতে ভাত বা জলপান খোৱাৰ আধা ঘণ্টামান আগতে দিব লাগে । বেজী লোৱাৰ পাছত কিন্তু ভাত-জলপান নোখোৱাকৈ থকা উচিত নহয় । দৰব হিচাপে ব্যৱহাৰ কৰা ইনছুলিন কেইবাপ্ৰকাৰৰো আছে । ৰোগীক চিকিৎসা কৰা চিকিৎসকেহে কোন ধৰণৰ ইনছুলিন, কিমান পৰিমাণে দিব লাগিব তাক নিৰ্ধাৰণ কৰি দিয়ে । ৰোগীয়ে নিৰ্ধাৰিত পৰিমাণৰ দৰব সময় মতে লোৱাটো অপৰিহাৰ্য । ইনছুলিন বেজী লৈ থকা ৰোগীৰ তেজত খালী পেটত প্ৰতি এশ মি:লি:ত ১২০ মি:গ্ৰামৰ তলত আৰু খোৱাৰ পাছত প্ৰতি এশ মি:লি:ত ১৮০ মি:গ্ৰামৰ তলত শৰ্কৰা (Blood Glucose) থাকিলে, দৰবে উচিত কাম কৰা বুলি ক’ব পাৰি । তেনে নহ’লে চিকিৎসকে ইনছুলিনৰ পৰিমাণ বঢ়া-টুটা কৰি হ’লেও তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । সেয়েহে ইনছুলিন বেজী লৈ থকা ৰোগীয়ে নিয়মিত সময়ত তেজত শৰ্কৰাৰ পৰিমাণ থিকে আছে নে নাই পৰীক্ষা কৰা উচিত ।
ইনছুলিন বেজী যিহেতু খোৱাৰ আগতে ল’ব লাগে আৰু দিনটোত দুই-তিনিবাৰকৈ ল’ব লাগে, এই বেজী ৰোগীয়ে নিজে ল’ব পাৰিলে সুবিধা হয় । ৰোগীয়ে বিজ্ঞ লোকৰ পৰা বেজী লোৱাৰ কিটিপ যিমান পাৰি সোনকালে শিকি লোৱা উচিত । ছালৰ তলত দিব লগা বেজীটো ল’বলৈ বিশেষ সমস্যাও নাই । বেজী ল’বলৈ সাধাৰণতে পেটৰ সমুখৰ ছালৰ তল বা উৰুৰ ছালৰ তল- এই দুই ঠায়েই সুবিধাজনক । এই ঠাই দুডোখৰ নিজে ঢুকি পোৱাতো একো অসুবিধা নাই ।
ইনছুলিন বেজী লৈ থকা ৰোগীয়ে তলত উল্লেখ কৰা সাৱধানতা মানি চলা উচিত-
নিয়মিত তেজ পৰীক্ষাত মধুমেহ ৰোগ থকা বুলি গম পালে কি কৰিব ?
প্ৰথমবাৰৰ বাবে তেজত শৰ্কৰাৰ পৰিমাণ বেছি থকা বুলি জানিলে চিন্তা নকৰিব । যদি আপুনি গ্লুকোমিটাৰ নামৰ সহজে কৰিব পৰা যন্ত্ৰটোৰে তেজ পৰীক্ষা কৰাইছিলে আৰু যদি সেই সময়ত আপুনি খালী পেটত নাছিল, তেতিয়া হ’লে পৰীক্ষাগাৰত নিয়মীয়া তেজ পৰীক্ষা খালী পেটত আৰু ভাত খোৱাৰ দুঘণ্টা পাছত পুনৰ কৰি চোৱা উচিত । তেতিয়াও যদি তেজত শৰ্কৰাৰ পৰিমাণ বেছি থাকে, চিকিৎসকৰ পৰামৰ্শ লওক । এনে ক্ষেত্ৰত চিকিৎসকে ৰোগীক প্ৰথমে আহাৰ নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়ে । লগতে শকত মানুহক ওজন কঅমবলৈ আৰু ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে । আহাৰত চেনিজাতীয় খাদ্য আঁতৰাই আহযুক্ত শাক-পাচলিৰ পৰিমাণ বৃদ্ধি কৰা, ভাত, ৰুটী আদিৰ পৰিমাণ কম কৰা, নিয়মিত ৰুপে খোজ কঢ়া আৰু লগতে অন্যান্য ব্যায়াম কৰা- এনে ব্যৱস্থাবোৰ নিষ্ঠাৰে এমাহ বা দুমাহ কৰিলে সাধাৰণতে শৰ্কৰাৰ পৰিমাণ কমি আহে । যদি তেজ পৰীক্ষাত খালী পেটত শৰ্কৰাৰ পৰিমাণ ১২০ মি:গ্ৰামতকৈ কম থাকে তেতিয়াহ’লে নিয়ন্ত্ৰিত আহাৰ আৰু খোজ কঢ়া- এই চিকিৎসা চলি থাকিবলৈ দিব । কেৱল প্ৰতি এমাহ বা ডেৰ মাহৰ মূৰত তেজ পৰীক্ষা কৰি থাকিবলৈ নাপাহৰিব । যদি এই চিকিৎসাত তেজত শৰ্কৰাৰ পৰিমাণ কমি নাযায়, তেতিয়াহ’লে চিকিৎসকে খোৱা দৰব (টেবলেট) দিব পাৰে । যদি টেবলেট খোৱাৰ পাছতো শৰ্কৰাৰ পৰিমাণ নকমে তেতিয়াহে ইনছুলিন বেজী সদায় লৈ থাকিব লগীয়া নহয় । যদি চিকিৎসকে দেখে যে ইনছুলিনৰ পৰিমাণ কমাই দিলেও তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে, তেতিয়াহ’লে তেনে ৰোগীক পুনৰ টেবলেট দিব পৰা হ’ব ।
খাদ্যৰ তালিকা :-
১২০০ কেলৰি থকা খাদ্য তালিকা (কিছু শকত বা ওজন কমাবলৈ বিচৰা ৰোগীৰ বাবে)
|
নিৰামিষ আহাৰ |
আমিষ আহাৰ |
পুৱাৰ জলপান |
গাখীৰ (চেনিবিহীন ১৫০ মি:মি ) একাপ পাউৰুটি (বা সৰু পিঠা বা ইডলি) এখন চাহ বা কফি (চেনিবিহীন ) একাপ |
সিজোৱা কণী এটা বাকীবোৰ নিৰামিষৰ দৰে |
১১ বজাত |
চেনিবিহীন চাহ বা কফি একাপ বা নেমুপানী বা গাখীৰ এগিলাচ |
নিৰামিষৰ দৰে একে |
দুপৰীয়া আহাৰ |
আটাৰ ৰুটি দুখন বা ভাত ৫০ গ্ৰাম (একাপ) শাক-পাচলি ১২০ গ্ৰাম (একাপ) দৈ ১২০ গ্ৰাম (একাপ) পনীৰ ২৫ গ্ৰাম |
পনীৰ নাথাকিব, বাকী সকলো একে |
গধূলি |
চেনিবিহীন চাহ একাপ ফল (মধ্যমীয়া আকাৰৰ-১০০ গ্ৰাম) এটা অথবা নিমখীয়া বিস্কুট তিনিখন |
একে |
ৰাতিৰ আহাৰ |
আটাৰ ৰুটি এখন বা ভাত আধা কাপ শাক-পাচলি ১২০ গ্ৰাম (একাপ) দাইল ৩০ গ্ৰাম (একাপতকৈ কম) কোনো ধৰণৰ মিঠা বস্তু খোৱা নিষেধ |
মাছ বা মাংস -১০০ গ্ৰাম বাকী সকলো একেই |
২০০০ কেলৰি থকা খাদ্য স্বাভাৱিক ওজনৰ বেছি পৰিশ্ৰম নকৰা লোকৰ বাবে)
|
নিৰামিষ আহাৰ |
আমিষ আহাৰ |
পুৱাৰ জলপান |
গাখীৰ (চেনিবিহীন ১৫০ মি:মি ) একাপ পাউৰুটি (বা সৰু পিঠা বা ইডলি)তিনিখন মাখন (১০ গ্ৰাম)বা দুই চামুচ চাহ বা কফি (চেনিবিহীন ) একাপ |
সিজোৱা কণী এটা বাকীবোৰ নিৰামিষৰ দৰে |
১১ বজাত |
চেনিবিহীন চাহ বা কফি নিমখীয়া বিস্কুট চাৰিখন |
নিৰামিষৰ দৰে একে |
দুপৰীয়া আহাৰ |
আটাৰ ৰুটি চাৰিখন বা ভাত ১০০ গ্ৰাম (দুকাপ) শাক-পাচলি ২০০ গ্ৰাম (ডেৰকাপ) দৈ ১২০ গ্ৰাম (একাপ) পনীৰ ২৫ গ্ৰাম |
পনীৰ নাথাকিব, বাকী সকলো একে |
গধূলি |
চেনিবিহীন গাখীৰ একাপ ফল (মধ্যমীয়া আকাৰৰ-১০০ গ্ৰাম) এটা চিৰা অথবা পাউৰুটী তিনিখন |
একে |
ৰাতিৰ আহাৰ |
আটাৰ ৰুটি চাৰিখন বা ভাত দুই কাপ শাক-পাচলি ১২০ গ্ৰাম (একাপ) দাইল ৬০ গ্ৰাম (একাপতকৈ কম) কোনো ধৰণৰ মিঠা বস্তু খোৱা নিষেধ |
মাছ বা মাংস -১০০ গ্ৰাম বাকী সকলো একেই |
লেখক :- ডা: ভূপেন্দ্ৰ নাথ শৰ্মা
উৎস :- দৈনিক জনমভূমি
শেহতীয়া উন্নীতকৰণ: : 3/12/2020