মূল পৃষ্ঠা / স্বাস্থ্য / জীৱনৰ সত্যসমূহ / ক্ৰোধ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ৰোধ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি :

ক্ৰোধ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি, সেই বিষয়ে লিখা হৈছে ।

 

লোভ-মোহ, কাম-ক্ৰোধ এই সকলোবোৰ মানৱ জীৱনৰ এটা সহজাত প্ৰবৃত্তিসমূহ মানুহৰ চৰিত্ৰত কম-বেছি পৰিমাণে দেখিবলৈ পোৱা যায়।

ক্ৰোধ বা খং মানৱ জীৱনৰ এনে এটা নেতিবাচক ভাব যিটো আমাৰ জীৱনত যিকোনো মুহূৰ্ততে বা পৰিস্থিতিতে প্ৰকট হ’ব পাৰে।

মানুহ বিশেষে খং বেলেগ বেলেগ ধৰণৰ হয়। কথাতেই কয় খং মানে চণ্ডাল। কিছুমান লোকৰ আকৌ কথাই প্ৰতি খং উঠে, এনেধৰণৰ লোকৰ খং অতি সোনকালে উঠে আৰু জামৰেও।

কিন্তু খং উঠাৰ সময়ত খঙৰ ভমকত সেই মুহূৰ্তত যিকোনো কথা ক’বলৈ অকণো সংকোচ নকৰে তথা খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি ঘৰখনৰ নানা বস্তু-বাহানি দলিয়াই মনৰ ক্ষোভ প্ৰকাশ কৰে।

অৱশ্যে খং কমাৰ পাছত অনুশোচনাতো ভোগে, ফলস্বৰূপে ঘনখনত এটা অসুস্থ পৰিৱেশৰ সৃষ্টি হয়।

সাধাৰণতে দেখা যায় যিকোনো কাম নিজৰ পছন্দ মতে নহ’লে বা ইচ্ছাৰ বিৰুদ্ধে কৰিব লগা হ’লে বা সময়ত বিচৰা বস্তুটো সময়ত নাপালে বা কোনোবাই বেয়া কথা ক’লে তেতিয়াই প্ৰায়ভাগ লোকৰে খং উঠে।

কেতিয়াবা এই খং বাহ্যিকৰূপে প্ৰকাশ পায় আৰু কেতিয়াবা অন্তৰতে থাকি যায়।

বহুতে আকৌ সহ্য কৰি দমাই ৰাখি নিজেই গুজৰি-গুমৰি থাকি অশান্তিত ভোগে। প্ৰকৃততে খঙৰ আৱেগ কম হ’লে পৰিস্থিতি নিয়ন্ত্ৰণত থাকে আৰু বেছি হ’লে নিজৰ ওপৰতে নিয়ন্ত্ৰণ নাথাকে।

সেই সময়ত তেওঁক অশেষ বুজাবলৈ চেষ্টা কৰিলেও কাৰো কথা শুনাৰ বাবে আগ্ৰহী নহয় বা ধৈৰ্যও হেৰাই যায়।

ফলত খঙৰ আৱেগত তেওঁ কি কৰি পেলায় সেয়া নিজেও গম নাপায়। খং নিয়ন্ত্ৰণত ৰাখিব পাৰিলে পৰিস্থিতি বেয়ালৈ নগৈ কাৰো লগত মনোমালিন্য হোৱাৰ সম্ভাৱনা নাথাকে। অৱশ্যে এটা কথা ঠিক যে খং বাহিৰ হ’লেহে মন শান্ত হয়, কিন্তু এই খং ইতিবাচকৰূপেহে প্ৰকাশ পালে সকলোৰে কাৰণে মংগল।

আনহাতে অতি খঙাল আৰু প্ৰায়ে খং কৰি থকা লোকৰ পৰা মানুহে সদায় নিজকে বচাবলৈ চেষ্টা কৰে।

কিয়নো এনেধৰণৰ লোকে খং উঠাৰ সময়ত দুই ধৰণৰ কাৰ্য কৰা দেখা যায়। নিজতকৈ দুৰ্বল লোকৰ ওপৰত অযথা খং কৰি দেখুওৱা অথবা তেওঁৰ লোকচান কৰি অতি আনন্দিত হয়।

সি যি কি নহওক, সাম্প্ৰতিক সমাজত অধিকাংশ লোকৰ ক্ষেত্ৰত কথাই কথাই অসন্তুষ্টি ভাব প্ৰকাশ কৰা, বেয়া কথা ক’বলৈ অকণো কুণ্ঠাবোধ নকৰা, খং দেখুওৱা এটা স্বভাৱত পৰিণত হৈছে, সেয়ে আজিৰ সম্বন্ধসমূহত এনে প্ৰভাৱৰ ফলত মানুহৰ মাজত আন্তৰিকতা বহুখিনি কমি যোৱা পৰিলক্ষিত হয়।

বিশেষকৈ যুৱচামৰ মাজত ই বাৰুকৈয়ে বৃদ্ধি পাইছে বাটে-ঘাটে সৰু সৰু কথাতে তৰ্ক কৰি কাজিয়াত লিপ্ত হোৱা এইচাম নৱ প্ৰজন্মই ডাঙৰ-সৰু কাকো নামানি মাৰধৰ কৰাৰ বাদেও নিজৰ পিতৃ-মাতৃকো অপমানিত কৰিবলৈ লজ্জাবোধ নকৰে। কেতিয়াবা আকৌ এনে এটা পৰিস্থিতিৰ উদ্ভৱ হয় যে খঙৰ ভমকত কোনো কথা চিন্তা নকৰাকৈ হত্যাৰ দৰে ডাঙৰ জঘন্য অপৰাধ সংঘটিত কৰি পাছলৈ নানা কষ্ট ভোগ কৰিবলগীয়া হয়।

গতিকে আমি আমাৰ জীৱনশৈলীত খঙক প্ৰাধান্য নিদি খং উঠাৰ সময়ত মনটো অন্য ফাললৈ লৈ গৈ বেলেগ বিষয়ত গুৰুত্ব দি ব্যস্ত ৰাখিবলৈ চেষ্টা কৰা উচিত।

নিজৰ পছন্দ আৰু ৰুচি অনুযায়ী কাম-কাজ কৰিও খং দমন আৰু খঙৰ মাত্ৰা কম কৰিব পৰা যায়। খং উঠাৰ সময়ত মনটোক শান্ত কৰি নিজকে বুজাবলৈ চেষ্টা কৰি কিছি সময় মনে মনে থাকি মুকলিকৈ ওলাই আহিলেও খং পাতলি যায়।

তদুপৰি নিয়মিতভাৱে উপাসনা, ধ্যান আৰু আত্মচিন্তনৰ অভ্যাস কৰিলে যি কথাত খং উঠিছিল সেই বিষয়ে গম পোৱা যায় বা ধৰিব পাৰি তেনেকুৱা পৰিস্থিতিত কি কৰিলে উচিত হ’ব সেই বিষয়ে অনুমান কৰিব পাৰি। এনেদৰে নিজা বুদ্ধিৰে মনটোক শান্ত কৰি খং বা ক্ৰোধ নিয়ন্ত্ৰণ কৰিব পাৰি।

লেখিকা: দীপাঞ্জলি ভট্টাচাৰ্য(অসম বাণী)

 

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top