অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জন্মদানৰ সময়

জন্মদানৰ সময়

  1. জন্মদানৰ সময়
  2. ১৮ বছৰৰ আগতে আৰু ৩৫ বছৰ বয়সৰ পাছত সন্তান জন্ম দিলে মাতৃ আৰু সন্তান দুয়োৰে বিকাশ মন্থৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
  3. মাতৃ আৰু শিশুৰ সু-স্বাস্থ্যৰ বাবে দুটি শিশুৰ জন্মৰ মাজত কমেও দুবছৰৰ ব্যৱধান থাকিব লাগে
  4. চাৰিবাৰ গৰ্ভধাৰণ কৰাৰ পাছত স্বাস্থ্যৰ ক্ষতি হোৱা আৰু শিশু জন্মৰ সমস্যা বৃদ্ধি পায়।
  5. কেতিয়া সন্তান জন্ম দিব লাগিব, কেইটা সন্তান জন্ম দিব লাগিব, কিমান দিনৰ ব্যৱধানত জন্ম দিব লাগে আৰু কেতিয়া বন্ধ কৰিব লাগিব সেই বিষয়ে পৰিয়াল পৰিকল্পনা সেৱাই ৰাইজক জ্ঞাত কৰে আৰু উপায়সমূহ আগবঢ়ায়। গৰ্ভধাৰণৰ পৰা আঁতৰি থাকিবলৈ বহুতো সুৰক্ষিত আৰু গ্ৰহণযোগ্য ব্যৱস্থা আছে।
  6. পৰিয়াল পৰিকল্পনা পুৰুষ মহিলা উভয়ৰে দায়িত্ব। সু-স্বাস্থ্যৰ উপকাৰৰ বিষয়ে সকলোৱে জ্ঞাত হোৱা উচিত।

জন্মদানৰ সময়

জন্মদানৰ সঠিক সময় সম্পৰ্কে জ্ঞাত হোৱা আৰু সেইটো মানি চলাটো কিয় গুৰুত্বপূৰ্ণ কথা?

অত্যাধিক সন্তান জন্ম দিয়া, কম সময়ৰ ব্যৱধানত সন্তান জন্ম দিয়া, কৈশোৰ অৱস্থাত সন্তান জন্ম দিয়া বা ৩৫ বছৰ বয়সৰ পাছত সন্তান জন্মই মহিলাগৰাকীৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিব পাৰে। আৰু এইবোৰেই মুঠ তিনিভাগৰ প্ৰায় এক ভাগ কেঁচুৱাৰ মৃত্যুৰ কাৰণ হৈ পৰে।

মহিলা আৰু শিশুৰ স্বাস্থ্যৰ উন্নতিৰ বাবে পৰিয়াল পৰিকল্পনা এক শক্তিশালী পন্থা। উন্নয়নশীল দেশৰ বিবাহিতা অথবা কোনো পুৰুষৰ লগত সহবাস কৰা প্ৰায় ১ কোটি মহিলাই দিয়া তথ্যমতে তেওঁলোকে গৰ্ভনিৰোধকৰ বাবে উপযুক্ত ব্যৱস্থা লাভ নকৰে। যিবোৰ দেশত কম বয়সতে বিবাহ হয় তেনেবোৰ দেশত কিশোৰীৰ লগতে সকলোৰে বাবে পৰিয়াল পৰিকল্পনাৰ সুযোগ আৰু সকলোৰে বাবে শিক্ষাৰ সুবিধা উপলব্ধ কৰিলে মাতৃ আৰু শিশুৰ মৃত্যু আৰু অ-সক্ষমতা প্ৰতিৰোধ কৰাত সহায়ক হ’ব।

মূল বাৰ্তাসমূহ

জন্ম দিয়াৰ উচিত সময় সম্পৰ্কে যিবোৰ কথা প্ৰতিটো পৰিয়াল আৰু ৰাইজে জনাৰ অধিকাৰ আছে সেইবোৰ হ’ল-

১)  ১৮ বছৰৰ আগতে আৰু ৩৫ বছৰ বয়সৰ পাছত সন্তান জন্ম দিলে মাতৃ আৰু সন্তান দুয়োৰে বিকাশ মন্থৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

২)  মাতৃ আৰু সন্তানৰ সু-স্বাস্থ্যৰ বাবে দুটা সন্তানৰ মাজত অতি কমেও দুবছৰৰ ব্যৱধান থকা উচিত।

৩) চাৰিবাৰ গৰ্ভধাৰণ কৰাৰ পাছত মহিলাৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু শিশু জন্মত সমস্যা বৃদ্ধি পায়।

৪) কেতিয়া সন্তান জন্ম দিব লাগিব, কেইটা সন্তান জন্ম দিব লাগিব, কিমান দিনৰ ব্যৱধানত জন্ম দিব লাগে আৰু কেতিয়া বন্ধ কৰিব লাগিব সেই বিষয়ে পৰিয়াল পৰিকল্পনা সেৱাই ৰাইজক জ্ঞাত কৰে আৰু উপায়সমূহ আগবঢ়ায়। গৰ্ভধাৰণৰ পৰা আঁতৰি থাকিবলৈ বহুতো নিৰাপদ আৰু গ্ৰহণযোগ্য ব্যৱস্থা আছে।

৫) পৰিয়াল পৰিকল্পনা কৰাটো পুৰুষ মহিলা উভয়ৰে দায়িত্ব। স্বাস্থ্যৰ উপকাৰৰ বিষয়ে সকলোৱে জ্ঞাত হোৱা উচিত।

মূলবাৰ্তা-১

১৮ বছৰৰ আগতে আৰু ৩৫ বছৰ বয়সৰ পাছত সন্তান জন্ম দিলে মাতৃ আৰু সন্তান দুয়োৰে বিকাশ মন্থৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

গৰ্ভৱস্থা আৰু শিশু জন্ম সংক্ৰান্তিয় সমস্যাত প্ৰতি বছৰে প্ৰায় ৫,১৫,০০০ মহিলা মৃত্যুৰ মুখত পৰে। ইয়াতকৈ প্ৰায় ৩০ গুণ অধিক মহিলাই জটিল অক্ষমতাজনিত সমস্যাৰ সন্মুখীন হয়। পৰিয়াল পৰিকল্পনাৰ যোগেৰে এনে মৃত্যুৰ হাৰ কমোৱাৰ লগতে এনে অক্ষমতাও প্ৰতিৰোধ কৰাত সহায়ক হ’ব পাৰে। ছোৱালীৰ বয়্স কমেও ১৮ বছৰ নোহোৱালৈকে প্ৰথম গৰ্ভধাৰণ নোহোৱাকৈ থাকিলে নিৰাপদ গৰ্ভধাৰণ আৰু প্ৰসৱ নিশ্চিত কৰিব পৰা যায়। এনে ক্ষেত্ৰত জন্মৰ সময়ত শিশুটিৰ ওজন কম হোৱাৰ সম্ভাৱনাও হ্ৰাস পায়। যিবোৰ দেশত কম বয়সতে ছোৱালীৰ বিয়া হোৱাটো এটা পৰম্পৰা তেনেবোৰ ঠাইত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ।

এজনী ছোৱালীৰ বয়স ১৮ বছৰ নোহোৱা পৰ্য্যন্ত তেওঁ শাৰীৰিকভাৱে সন্তান জন্ম দিবলৈ সাজু হৈ নুঠে। এগৰাকী প্ৰাপ্তবয়স্ক ছোৱালীতকৈ কিশোৰীৰ গৰ্ভধাৰণ আৰু প্ৰসৱ অধিক সমস্যাযুক্ত আৰু ভয়াৱহ হয়।

অতি কম বয়সীয়া মাতৃয়ে জন্ম দিয়া শিশুৰ জীৱনৰ প্ৰথম বছৰতে মৃত্যু হোৱাৰ সম্ভাৱনা বেছি। কম বয়সীয়া মাতৃত্বই মাতৃ আৰু শিশুটিৰ বাবে আশংকা অধিক বৃদ্ধি কৰে। কম বয়সীয়া মহিলাক পলমকৈ গৰ্ভধাৰণ কৰিবলৈ বিশেষ সহায়ৰ প্ৰয়োজন হয়। কম বয়সীয়া মহিলা আৰু তেওঁৰ পৰিয়ালক কম বয়সত গৰ্ভৱতী হোৱাৰ বিপদসমূহ আৰু কেনেদৰে গৰ্ভৱতী নোহোৱাকৈ থাকিব পাৰি সেই বিষয়ে জ্ঞাত কৰিব লাগে। ৩৫ বছৰ বয়সৰ পাছত গৰ্ভধাৰণ আৰু শিশু জন্মৰ ক্ষেত্ৰত স্বাস্থ্যজনিত বিপদ আকৌ বৃদ্ধি পাবলৈ ধৰে। যদি এগৰাকী মহিলাৰ বয়স ৩৫ বছৰতকৈ অধিক হয় আৰু ইতিমধ্যেই চাৰিবাৰ বা ততোধিক বাৰ গৰ্ভধাৰণ কৰিছে তেন্তে পুনৰ গৰ্ভধাৰণে মাতৃগৰাকীৰ লগতে গৰ্ভস্থ শিশুটিৰ প্ৰতিও অতিশয় জটিল বিপদৰ সৃষ্টি কৰে।

মূলবাৰ্তা-২

মাতৃ আৰু শিশুৰ সু-স্বাস্থ্যৰ বাবে দুটি শিশুৰ জন্মৰ মাজত কমেও দুবছৰৰ ব্যৱধান থাকিব লাগে

দুটি শিশুৰ জন্মৰ মাজৰ ব্যৱধান ২ বছৰতকৈ কম হ’লে শিশুটিৰ মৃত্যুৰ সম্ভাৱনা ৫০ শতাংশ বৃদ্ধি পায়।

এটি শিশুৰ বয়স দুবছৰতকৈ কম থাকোতেই আন এটি কেঁচুৱাৰ জন্মই শিশুটিৰ স্বাস্থ্য আৰু বিকাশৰ ক্ষেত্ৰত অতি বেছি জটিলতাৰ সৃষ্টি কৰে। আগৰ শিশুটিক স্তনপান কৰোৱাটো বহু পূৰ্বেই বন্ধ কৰি দিয়া হয়। আনহাতে মাকেও শিশুটিৰ বিকাশৰ বাবে প্ৰয়োজনীয় বিশেষ আহাৰ প্ৰস্তুত কৰিবলৈ সময় নাপায়। ডাঙৰ শিশুটিক আনকি অসুস্থতাৰ সময়তো মাতৃগৰাকীয়ে উপযুক্ত যত্ন আৰু মনোযোগ দিবলৈকো নোৱাৰিব পাৰে। সেয়েহে দুবছৰৰ ব্যৱধানত জন্ম পোৱা শিশুতকৈ কম ব্যৱধানত জন্ম লভা শিশুৰ শাৰিৰীক আৰু মানসিক বিকাশ ভালদৰে হ’ব নোৱাৰে।

এগৰাকী মহিলাৰ শৰীৰ এবাৰ শিশু জন্ম দিয়াৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হ’বলৈ কমেও দুবছৰ সময়ৰ প্ৰয়োজন হয়। সেইহে দুটা গৰ্ভধাৰণৰ মাজত যিমানে কম সময়ৰ ব্যৱধান থাকে সিমানে বিপদ বৃদ্ধি পায়। মহিলাগৰাকীয়ে সু-স্বাস্থ্য ঘূৰাই পাবলৈ, পৰিপুষ্টিৰ স্থিতি উন্নত কৰিবলৈ আৰু শক্তি ঘূৰাই পাবলৈ আন এবাৰ গৰ্ভধাৰণৰ আগতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। পুৰুষসকলে পৰিয়ালৰ সু-স্বাস্থ্য নিশ্চিতভাৱে বাহাল ৰাখিবলৈ দুটি সন্তানৰ মাজত প্ৰয়োজনীয় ব্যৱধান ৰখা, সন্তানৰ সংখ্যা সীমিত কৰা আদিবোৰ ক্ষেত্ৰত সচেতন হ’ব লাগে।

যদিহে এগৰাকী মহিলাই আগৰ গৰ্ভধাৰণৰ পিছত সম্পূৰ্ণকৈ সুষ্ঠ হোৱাৰ পূৰ্বেই পুনৰ গৰ্ভধাৰণ কৰে, তেন্তে তেওঁৰ সন্তান সময়তকৈ আগতে জন্ম লাভ কৰাৰ লগতে ওজনো কম হোৱাৰ সম্ভাৱনা অতি বেছি হয়। কম ওজনসহ জন্ম লোৱা শিশুৰ বিকাশ কমকৈ হয়, সহজে ৰোগাক্ৰান্ত হয় আৰু স্বাভাৱিক ওজনৰ শিশুতকৈ জন্মৰ প্ৰথম বছৰতে মৃত্যু হোৱাৰ সম্ভাৱনা চাৰিগুণ বৃদ্ধি পায়।

মূলবাৰ্তা-৩

চাৰিবাৰ গৰ্ভধাৰণ কৰাৰ পাছত স্বাস্থ্যৰ ক্ষতি হোৱা আৰু শিশু জন্মৰ সমস্যা বৃদ্ধি পায়।

বাৰে বাৰে গৰ্ভধাৰণ, প্ৰসৱ, স্তনপান আৰু কেঁচুৱাৰ প্ৰতি যত্ন লোৱাৰ ফলত এগৰাকী মহিলাৰ শৰীৰটোক সহজেই নিঃশোষিত কৰি পেলাব পাৰে। চাৰিবাৰ গৰ্ভধাৰণৰ পিছত, বিশেষকৈ যদি দুটা প্ৰসৱৰ মাজত দুবছৰৰ কম ব্যৱধান থাকে। তেন্তে তেওঁৰ অতি ভয়াৱহ স্বাস্থ্য সমস্যাৰ সন্মুখীন হ’ব পাৰে। এইবোৰৰ ভিতৰত ৰক্তহীনতা আৰু ৰক্তক্ষয়েই প্ৰধান।

মাতৃগৰাকীয়ে চাৰিবাৰ বা ততোধিক গৰ্ভধাৰণ কৰিলে কেঁচুৱাৰ মৃত্যুৰ সম্ভাৱনাও বৃদ্ধি পায়।

মূলবাৰ্তা-৪

কেতিয়া সন্তান জন্ম দিব লাগিব, কেইটা সন্তান জন্ম দিব লাগিব, কিমান দিনৰ ব্যৱধানত জন্ম দিব লাগে আৰু কেতিয়া বন্ধ কৰিব লাগিব সেই বিষয়ে পৰিয়াল পৰিকল্পনা সেৱাই ৰাইজক জ্ঞাত কৰে আৰু উপায়সমূহ আগবঢ়ায়। গৰ্ভধাৰণৰ পৰা আঁতৰি থাকিবলৈ বহুতো সুৰক্ষিত আৰু গ্ৰহণযোগ্য ব্যৱস্থা আছে।

স্বাস্থ্য কেন্দ্ৰসমূহে ৰাইজক পৰিয়াল পৰিকল্পনাৰ গ্ৰহণযোগ্য, নিৰাপদ, সুবিধাজনক, কাৰ্য্যকৰী আৰু কম খৰচী পদ্ধতিসমূহৰ বিষয়ে উপদেশ প্ৰদান কৰি সহায় কৰিব লাগে।

বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক পদ্ধতিবোৰৰ ভিতৰত কেৱল কনডমেই গৰ্ভধাৰণ আৰু যৌনকাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ যেনে সংক্ৰমণ, এইডছ আদি দুয়োটাৰ পৰা সুৰক্ষা প্ৰদান কৰে।

কেৱল মাত্ৰ স্তনপানেই কৰোৱা মহিলাৰ শিশু জন্মৰ পৰা প্ৰায় ৬ মাহ সময়লৈ পুনৰ উৰ্বৰতা হোৱাত পলম কৰাব পাৰে। কেৱল মাত্ৰ স্তনৰ গাখীৰেই খুউৱা মহিলাৰ গৰ্ভৱতী হোৱাৰ পৰা ৯৫ শতাংশ বিৰত ৰাখে, যদিহে তেওঁৰ শিশুটিৰ বয়স ৬ মাহতকৈ কম হয়, তেওঁৰ মাহেকীয়া ঋতুস্ৰাৱ পুনৰ আৰম্ভ হোৱা নাই আৰু যদিহে তেওঁৰ শিশুটিয়ে আন কোনো খাদ্য বা পানীয় নাখাই কেৱল মাত্ৰ স্তনৰ গাখীৰেই খায়।

মূলবাৰ্তা-৫

পৰিয়াল পৰিকল্পনা পুৰুষ মহিলা উভয়ৰে দায়িত্ব। সু-স্বাস্থ্যৰ উপকাৰৰ বিষয়ে সকলোৱে জ্ঞাত হোৱা উচিত।

পুৰুষ মহিলা দুয়ো পৰিকল্পনাহীন গৰ্ভধাৰণ প্ৰতিৰোধ কৰাৰ দায়িত্ব ল’ব লাগে। তেওঁলোকে উপলব্ধ পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে জ্ঞাত হ’ব লাগে, সচেতন হ’ব লাগে আৰু সেইবোৰৰ প্ৰতি গম্যতা বৃদ্ধি কৰিব লাগে। স্বাস্থ্যকৰ্মীয়ে এনেবোৰ তথ্য আৰু উপদেশ তেওঁলোকক যোগান ধৰিব লাগে। চিকিৎসক, নাৰ্চ, শিক্ষক, পৰিয়াল পৰিয়াল কেন্দ্ৰ আৰু যুৱ আৰু মহিলা সংগঠনসমূহেও এনেবোৰ তথ্য যোগান ধৰিব লাগে।

উৎস: ইউনিছেফ

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate