অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যকৰ সংকল্প :

স্বাস্থ্যকৰ সংকল্পৰ বিষয়ে লিখা হৈছে ।

 

পাৰ হৈ যাবলৈ ওলোৱা বছৰটোত আমাৰ দেশত আৰু লগতে ৰাজ্যখনতো স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ভালেমান আঁচনি হাতত লোৱা হৈছিল আৰু এৰা-ধৰাকৈ প্ৰায়বোৰ কাৰ্যকৰী কৰাও হৈছিল । ইতিমধ্যে প্ৰকাশ হোৱা উচ্চহাৰৰ শিশুৰ মৃত্যুৰ তথ্য, পুষ্টিহীনতাৰ ভয়াৱহতা, নতুন নতুন মহামাৰীসদৃশ ৰোগত হোৱা মৃত্যুৰ সংখ্যা বৃদ্ধি, ফাইলেৰিয়েছিছ আদি দুৰাৰোগ্য ব্যাধিৰ পুনৰ আৱিৰ্ভাৱ ইত্যাদি বাৰ্তাই আমাৰ স্বাস্থ্যখণ্ডৰ দুৰ্বলতাৰ দিশটোক আঙুলিয়ায়। বৰ্তমান ভাৰতবৰ্ষত শিশুৰ মৃত্যুৰ হাৰ প্ৰতি এহাজাৰত ৪৭ (বাংলাদেশত ৩৮, ইণ্ডোনেছিয়াত ২৭ আৰু শ্ৰীলংকাত ১০)। এই তথ্য দৰিদ্ৰতা, অপৰিপুষ্টিকতা আৰু সজাগতাহীনতাৰ আনটো দিশ। বিশ্ব ক্ষুধা সুচকৰ তালিকাত ১১৯ খন দেশৰ ভিতৰত আমাৰ দেশে ১১০ স্থানত অৱস্থাত কৰিছে। । গতিকে স্বাভাৱিকতেই ৰোগ, পুষ্টিহীনতা, শিশু আৰু প্ৰসুতিৰ মৃত্যুৰ হাৰ ঊৰ্ধ্বমুখী।

যোৱা ১৯ নৱেম্বৰ ২০১৭ তাৰিখে বিশ্ব শৌচালয় দিৱস উপলক্ষে আমাৰ দেশত এক বিশেষ সংকল্প লোৱা হয়। সেই অনুসৰি স্বচ্ছ ভাৰত মিছনৰ অধীনত দেশত মুকলিত মলত্যাগ ব্যৱস্থা সম্পুৰ্ণ আঁতৰাই বিশ্বৰ ভিতৰতে বৃহৎ ‘জনগণৰ স্বভাৱৰ পৰিৱৰ্তন আৰু শৌচালয়ৰ অভ্যাসৰ প্ৰৱৰ্তন’ আঁচনি ঘোষণা কৰা হয়। আমাৰ দেশত চৰকাৰী হিচাপ অনুসৰি ইতিমধ্যে ২৫ কোটি লোকলৈ শৌচালয়ৰ সুবিধা, ৫.৩ কোটি নতুন শৌচালয় নিৰ্মাণ আৰু ৭খন ৰাজ্যৰ ২৩০ খন জিলা সামৰি ২.৭ লাখ গাঁৱত মুকলিত মলত্যাগশুন্য পৰিৱেশৰ ব্যৱস্থা কৰা হয়। অৰ্থাৎ স্বাধীনতা লাভৰ অৰ্ধশতাধিক বছৰৰ পিছতো ইমানসংখ্যক লোক নুন্যতম এনে সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। ইয়াৰ লগতে আৰু কোটিসংখ্যক লোকে এতিয়াও মুকলিতে মলত্যাগ কৰি পৰিৱেশ প্ৰদুষিত কৰি আছে। এই ক্ষেত্ৰত যিসকল লোকে শৌচালয় ব্যৱহাৰ কৰি নিশ্চিন্ত হৈ আছে, তেওঁলোকেও উপলব্ধি কৰা উচিত যে এখন গাঁৱত দহটা পৰিয়ালেও যদি মুকলিত মলত্যাগ কৰে, সেই প্ৰদুষণে আটাইৰে বাবে বায়ু-মাটি-পানী প্ৰদুষিত কৰিব। প্ৰদুষণ আৰু ৰোগ ব্যাধিয়ে ধনী-দুখীয়াৰ ভেদাভেদ গণ্য নকৰি সকলোকে একে হাতোৰাৰে সামৰে। বৰ্তমানো আমাৰ দেশত ৭৩২ নিযুত লোক শৌচালয়ৰ সুবিধাৰ পৰা বঞ্চিত। কেৱল শৌচালয়ৰ ক্ষেত্ৰতেই নহয়, আৱৰ্জনা নিষ্কাশন, বৰ্জিত পানীৰ গুণযুক্ত ব্যৱস্থাকৰণ, স্বাস্থ্যসন্মত বাসস্থানৰ যোগান, পৰিষ্কাৰ স্বাস্থ্যকৰ পৰিৱেশত শিশু প্ৰসৱৰ ব্যৱস্থাকৰণ ইত্যাদিও সুস্বাস্থ্যৰ বাবে সমানেই প্ৰয়োজনীয়। আমাৰ দেশত দৰিদ্ৰতাই ইমান গভীৰলৈ শিপাইছে যে কিছুদিনৰ আগতে চৰকাৰে নিৰ্মাণ কৰি দিয়া শৌচালয় এটাত এটা পৰিয়ালে বসবাস কৰাৰ বাতৰি পঢ়িবলৈ পোৱা গৈছে। এনেক্ষেত্ৰত উপাৰ্জন বৃদ্ধি, নিবনুৱা সংস্থাপনৰ ব্যৱস্থাকৰণ, নাৰী সবলীকৰণ, কৃষিৰ উৎপাদন বৃদ্ধি, ক্ষুদ্ৰ উদ্যোগৰ সম্প্ৰসাৰণ ইত্যাদি বিষয়ো সাঙোৰ খাই আহি পৰে। অৰ্থাৎ স্বচ্ছ ভাৰত, সুৰক্ষিত সাস্থ্য, নিৰোগী শৰীৰ, স্বাস্থ্যকৰ পৰিৱেশ আদি বিষয়বোৰৰ লগত আৰ্থিক স্বচ্ছলতাৰ বিষয়টো ওতপ্ৰোতভাৱে জড়িত আৰু ইয়াৰ বাবে চৰকাৰী সাহায্যৰ অবিহনে গত্যন্তৰ নাই।

আমাৰ দেশৰ স্বাস্থ্যখণ্ডৰ দুৰৱস্থা আৰু সাধাৰণ ৰাইজৰ স্বাস্থ্যৰ দুৰৱস্থাৰ আন এক কাৰণ হ’ল সজাগতাৰ অভাৱ। বহু ক্ষেত্ৰত স্বচ্ছল পৰিয়ালৰ লোকৰ মাজতো সাধাৰণ স্বাস্থ্যবিধি সম্পৰ্কত অজ্ঞানতাৰ বাবেই নানান ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ভয়াৱহতা বৃদ্ধিৰ হাৰ পৰিলক্ষিত হয়। আজিৰ যুগতো আমাৰ ৰাইজক হাত ধোৱাৰ প্ৰক্ৰিয়া, পানী পৰিষ্কাৰ কৰা পদ্ধতি, সুষম আহাৰ, শিশুৰ যত্নৰ সাধাৰণ বিধিসমুহ লাখ লাখ টকা ব্যয় কৰি বৰ পৰোক্ষ উপায়েৰে বিজ্ঞাপনৰ দ্বাৰা শিকাই থাকিবলগীয়া হৈছে। এনে স্বাস্থ্য ৰক্ষাৰ বিধিসমুহ পালন কৰি প্ৰায় অৰ্ধাংশ সোঁচৰা ৰোগ আৰু প্ৰদুষণৰ ফলত হোৱা ৰোগৰ পৰা হাত সাৰিব পৰা যায়। আৰু লগতে চৰকাৰী বিজ্ঞাপনৰ ব্যয়ৰ কোটি টকা ৰাহি কৰি আন শিতানত ব্যৱহাৰ কৰা যায়। বিশেষকৈ গাওঁ অঞ্চলত প্ৰতিজন শিক্ষিত লোকে আৰু চহৰ অঞ্চলৰ বস্তিসমুহত বেচৰকাৰী সংস্থাসমুহে এনে সজাগতা বৃদ্ধিৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে। সচৰাচল দেখা যায়, বিশেষকৈ আমাৰ ৰাজ্যত এখন গাঁৱৰ এজন মেধাৱী ছাত্ৰই যদি চিকিৎসক হৈ ওলাই আহে, তেওঁ দুনাই সেইমুৱা সতকাই নহয়; যেন পিঠি দিলেই পৰ্বত। তেওঁ বিহুৱে-পুজাই গাঁৱলৈ এপাক মাৰি অহা আৰু অতি বেছি নিজৰ পৰিয়ালৰ দুই এজনক চহৰলৈ নি চিকিৎসা কৰাতেই দায়িত্ব শেষ বুলি সন্তোষ লভে। ইয়াৰ বিপৰীতে বিশেষকৈ বাৰিষাৰ সময়ত তেওঁলোকে গাঁৱৰ ৰাইজৰ ওচৰলৈ গৈ স্বাস্থ্য ৰক্ষাৰ বিধিসমুহ শিকাই-বুজাই আহিলে ৰাইজো উপকৃত হ’ব আৰু চৰকাৰৰো বোজা কমিব। এনে কামৰ বাবে বিশেষ অৰ্থৰ প্ৰয়োজন নাই। সেইদৰে বছৰৰ আন সময়তো সজাগতা শিবিৰ, খাদ্য সচেতনতা মেলা, স্বাস্থ্য পৰীক্ষা শিবিৰ আদি পাতি সাধাৰণ ৰাইজক স্বাস্থ্য ৰক্ষাৰ  ঘৰুৱা বিধি, সহজ পদ্ধতি, ৰোগ প্ৰতিৰোধৰ উপায় আদি সবিশেষ বুজাই দিলে জনসম্পদ সুৰক্ষাত যথেষ্ট সহায়ক হ’ব।

এই ক্ষেত্ৰত গাওঁবাসী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰো যথেষ্ট দায়িত্ব আছে। সকলো সুবিধা চহৰতে পোৱা যায়, সকলো সুযোগ চৰকাৰে দুৱাৰমুখতে সজাই দিব বুলি ভাবি বহি থকাৰ দিন নাই। এনে লোকক ভগৱানেও সহায় নকৰে। এবাৰ বানপানীৰ সময়ত মানুহ এজনে ঘৰৰ মুধচত বহি ৰৈ আছে, ভগৱানে আহি সহায় কৰিব। আঁতৰেৰে নাও এখন গ’ল, চিঞৰিবলৈ চেষ্টা নকৰিলে, ওপৰেৰে সাহায্য বিলোৱা হেলিকপ্টাৰ এখন গ’ল, তেওঁ ৰখাবলৈ যত্ন নকৰিলে, পিছত এন্ধাৰ নামি আহিল, পানী বাঢ়ি গৈ ঘৰৰ মুধচ পালেগৈ। মানুহজনে ভগৱানক গালি পৰাত লাগিল তেওঁক সহায় নকৰাৰ বাবে। ভগৱানে লাহেকৈ উত্তৰ দিলে- নাওখন আৰু হেলিকপ্টাৰখন কোনে পঠাইছিল বুলি ভাবিছ?

অৰ্থাৎ আমি আটায়ে হাত দুখন সাবটি বহি নাথাকি সমানে কাম কৰিব লাগিব। আজিকালি জৈৱিক কৃষি-সামগ্ৰীৰ চাহিদা অনেক। এনে খেতিৰ বাবে বৰ বেছি পুঁজি নালাগে। সেইদৰে গৰু পোহা, হাঁহ-কুকুৰা পোহাৰ ব্যৱসায়ো সৰুকৈ আৰম্ভ কৰি কিছু উপাৰ্জনৰ বাট মুকলি কৰিব পাৰি। নামনি অসমৰ নানকাৰ ভয়ৰা এখন অতি সমৃদ্ধিশালী গাওঁ। একালত বানে ভয়াৱহ ৰুপ ধাৰণ কৰা এই গাঁৱৰ লোকে বৰ্তমান জলাশয়বোৰত মৎস্য উৎপাদন কৰি স্বাৱলম্বী হৈছে। অধিক ধন ব্যয় কৰি বজাৰৰ পৰা সংগ্ৰহ নকৰি ঘৰৰ বাৰীখনৰ পৰা পুষ্টিকৰ খাদ্য গোটাব পাৰি। কিছু পৰিশ্ৰম, অধিক সজাগতা, পৰিষ্কাৰ-পৰিচ্ছন্ন আদিয়ে সুস্বাস্থ্যৰ মুল ভেটি। লগতে চৰকাৰৰ সহায় নিশ্চয়কৈ লগিব। আশা কৰিছো নতুন বছৰত দেশৰ লগতে আমাৰ ৰাজ্যৰ প্ৰতিটো শিশুৱে স্বাস্থ্যকৰ পৰিৱেশত জীৱনৰ প্ৰথম পোহৰ দেখিব, প্ৰতিগৰাকী মাতৃয়ে সুস্বাস্থ্যৰ অধিকাৰী হ’ব, ৰোগ-ব্যাধিৰ প্ৰকোপ দ্ৰুত হাৰত নিম্নগামী হ’ব আৰু ইয়াৰ বাবে ৰাইজ আৰু চৰকাৰ উভয়ে সমানে নখ জোকাৰিব।

লেখিকা: ড°জয়শ্ৰী বৰা (জি এনআৰচি স্বাস্থ্য)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top