অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আখৰোট :

আখৰোট :

 

শুকান ফলৰ ভিতৰত আখৰোটতেই কেলৰি শক্তি অধিক। গৱেষকৰ মতে বাদাম আৰু কাজু বাদামৰ দৰে আখৰোটো এবিধ পুষ্টিবৰ্ধক আৰু ৰোগ প্ৰতিৰোধী ফল। আখৰোটে দেহৰ ৰক্তহীনতা আৰু যৌন দুৰ্বলতা নাশ কৰি দেহক যথেষ্ট শক্তি প্ৰদান কৰে। দৃষ্টি ক্ষমতা ঠিকে ৰাখিবলৈ আখৰোট অতি প্ৰয়োজনীয় ফল। সেয়ে নিতৌ আখৰোট খাব লাগে। স্নায়ৱিক ৰোগীৰ গাত আখৰোটৰ তেল মালিচ কৰিলে স্নায়ুকোষবোৰ সবল আৰু কৰ্মঠ হৈ পৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে। ছাইনাছ ৰোগত আক্ৰান্ত ৰোগীয়ে নাকত বিষ অনুভৱ কৰিলে আখৰোটৰ বাকলি গুচাই পানীত তিয়াই থৈ পটাত বটি পেষ্ট বনাই নাকৰ ওচৰত ৰাখিব লাগে। কিছু সময়ৰ পাছত নাকৰ বিষ কমিবলৈ ধৰে বুলি আয়ুৰ্বেদ বিজ্ঞানে কয়। আখৰোট দন্তমঞ্জন হিচাপেও ব্যৱহাৰ কৰিব পাৰি। তাৰ বাবে আখৰোট কঠিন বাকলিসহ খুন্দি গুড়ি কৰি পাউডাৰ তৈয়াৰ কৰি ল’ব লাগে। গৱেষকৰ মতে এনে পাউডাৰেৰে দাঁত মাজিলে দাঁতৰ উজ্জ্বলতা বাঢ়ে আৰু দাঁতৰ আলু মজবুত হয়। পগলা কুকুৰে কামুৰিলে লগে লগে আখৰোটৰ লগত পিঁয়াজ খুন্দি নিমখ মিহলাই পেষ্ট বনাই কোমল কাপোৰেৰে কামোৰা অংশত বান্ধি থ’লে বিষৰ পৰা উপশম পায়। কিন্তু ৰেবিজ ৰোগৰ পৰা হাত সাৰিবলৈ আপুনি চিকিৎসকৰ ওচৰলৈ যাবই লাগিব।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate