অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনাৰস

"ল’ৰালি কালত এটা সাঁথৰ শুনি আমোদ পাইছিলোঁ – “গছৰ ওপৰত গছ,সেই গছৰ ওপৰত এডাল লাঠি ,লাঠিৰ ওপৰত ফল ,ফলৰ ওপৰত গছ , উত্তৰটোনো কি” ? হয়, আপুনি উত্তৰটো নিশ্চয় জানে ৷ শুদ্ধ উত্তৰ সেই মাটিকঁঠাল বা আনাৰসৰ বিষয়েই মই আজি কবলৈ ওলাইছোঁ ৷ ইতিমধ্যে এইবিধ ফলৰ বিষয়ে বিশ্বৰ বিভিন্ন ঠাইত ইমানবোৰ বৈজ্ঞানিক আলোচনা, গবেষণা প্ৰসূত প্ৰৱন্ধ-পাতি প্ৰকাশিত হৈছে যে মোৰ এই লিখনি হাতী মাৰি ভুৰুকাত ভৰোৱাৰ প্ৰয়াস কৰাৰ দৰে হব ৷ তথাপিও আমাৰ মানুহখিনিক এই ফলৰ বহুমুখী উপকাৰিতাৰ বিষয়ে কিছু কথা অৱগত কৰোৱাৰ মানসেৰে দুকলম লিখিবলৈ আগবাঢ়িছোঁ ৷
গুণগত মানৰ পৰা আনাৰসক প্ৰকৃততেই ফলৰ ৰজা বুলি মান্যতা দিব পাৰি ৷ অতীজৰে পৰা ই সম্ভ্ৰান্ত ফলৰ সন্মান দখল কৰি আহিছে ৷ বিশ্বৰ প্ৰতিখন ঠাইতেই স্বাস্থ্য-উপযোগী এই সুস্বাদু ফল সৰ্বথা সমাদূত হৈ আহিছে ৷ বৰ্তমান বিশ্বত সৰ্বাধিক আনাৰস উৎপাদনকাৰী দহখন দেশ হ’ল – ফিলিপাইনচ, থাইলেণ্ড, ক’ষ্টা ৰিকা, ইণ্ডোনেচিয়া, চিলি, ব্ৰাজিল, ভাৰতবৰ্ষ, নাইজেৰিয়া, মেক্সিকো আৰু কলোম্বিয়া ৷ বিশ্বৰ বজাৰসমূহত অন্তত: ৬বিধ বেলেগ বেলেগ প্ৰজাতিৰ আনাৰস উপলব্ধ ৷
আমোদজনক কথা ‘আনাৰস’ শব্দৰ লগত মিল থকা ‘অনন্নাস’ নামেৰে এই ফল বিধ কেইবাটিও ভাৰতীয় ভাষাত পৰিচিত ৷ সেই ভাষাকেইটা হ’ল- হিন্দী, বাংলা, মাৰাঠী, গুজৰাটী, কানাড়া আৰু উৰ্দূ ৷ আশ্চৰ্যজনকভাবে কেইবাটিও বিদেশী ভাষাটো ‘অনন্নাস’ শব্দটিত প্ৰচলিত ৷ সেই কেইটা ভাষা হ’ল- ডাট্চ, ইষ্টোনিয়ান, ফিনিচ, জাৰ্মান, ডানিচ, আৰবী, গ্ৰীক, হাংগেৰী, ইটালিয়ান, ৰাচিয়ান, টাৰ্কী,প’লিচ, স্বিডিচ আৰু পৰ্টুগীজ ৷ ইংৰাজীত বোলে পাইনএপল (Pineapple ) ৷ ব’টানিকেল নাম হ’ল Ananas comosus ৷ দেৱভাষা সংস্কৃতত আনাৰসক বহুনেত্ৰ ফলম বোলে ৷ আনাৰচৰ ফলত চকুসদৃশ্য কেউদিশে ঘাত থকাৰ বাবেই এই নাম হ’ল বুলি বুজিব পাৰি ৷ আমাৰ অসমীয়া ভাষাত আনাৰসৰ মতা নাম কেইবাটিও : মাটিকঠাল, সফুঁৰি-কঠাল, কেতেকী-কঠাল ৷ এই চেগতে আনাৰসৰ আন কেইটিমান ভাষাত মতা নাম পাঠকক জনাই দিওঁ – মিচিং (কেতেকী কনাল),গাৰো (অনাৰস), বিষ্ঞুপ্ৰিয়া মণিপুৰী (কেহেম),কাৰ্বি (পাৰক জংফং), ডিমাচা (লাইমৰী), টাই (মাক্ কিঙ্ হম্), নেপালী (ভুই কটৰ), পঞ্জাবী (অনানাচ), উৰিয়া (চুপাৰি আনাচিনানাচ), মলয়ালম (কইথা চক্কা),তেলেগু (আনাসু পাণ্ডূ),তামিল (আনাসী পাজহাম), ইণ্ডোনচিয়া (নানাস), স্পেনিচ (পিনা ডে প্লেঅ’ন)আৰু চীনা ভাষাত আনাৰসক বেন য়ে হঙ ফেং লি বোলে ৷ মেঘালয়ৰ খাচিয়াসকলে আনাৰসক চহ্ ত্ৰুণ বোলে৷ইংৰাজীৰ ‘পাইনএপল’ শব্দটো পাইন গছৰ মতা ফুল (pine cone)ৰ লগত মিল থকা হেতুকে ১৩৯৮চনত স্পেনিসকলে দিয়া নাম পিনাৰ পৰা অহা বুলি ঠাৱৰ কৰা হৈছে ৷ ১৪৯৩চনত ইউৰোপিয়ান সকলে দক্ষিণ আমেৰিকাৰ কেৰিবিয়ান দ্বীপপুঞ্জত পোনপ্ৰথমবাৰ বাবে আনাৰসৰ আবিষ্কাৰ কৰে ৷ ব্ৰাজিল,পাৰাগুৱে আৰু কেৰিবিয়ান দ্বীপপুঞ্জ আছিল আনাৰসৰ আদিম বসতি স্থল ৷ ১৪৯৩চনতেই ক্ৰিষ্টফাৰ কলম্বচে আমেৰিকাৰপৰা স্পেইন আৰু ইউৰোপলৈ আনাৰসৰ সঁচ কঢ়িয়াইছিল বুলি জনা যায় ৷ ১৬শতিকাত পৰ্টুগীজ আৰু স্পেনিচ পৰিভ্ৰমণকাৰীয়ে আনাৰসৰ জাত এচিয়া আৰু আফ্ৰিকাৰ দেশসমূহলৈ লৈ যায় ৷ ১৮শতিকাত আমেৰিকাৰ হাৱাই প্ৰদেশত আনাৰসৰ খেতি আৰম্ভ হয় আৰু এতিয়াও তাত ইয়াৰ কৃষিত গুৰুত্ব দি থকা হৈছে ৷ ভাৰতবৰ্ষলৈ আনাৰসৰ খেতি পটুৰ্গীজসকলে আনিলে বুলি শুনা যায় ৷ বৰ্তমান আমাৰ দেশৰ অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম, পশ্চিমবংগ, কেৰালা, কৰ্ণাটক আৰু গোৱাত বিশাল পৰিমাণত – আনহাতে গুজৰাট,মহাৰাষ্ট্ৰ, উৰিষ্যা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু বিহাৰত কম পৰিমাণে আনাৰসৰ খেতি হয় ৷ ভাৰতত উৎপাদিত আনাৰস ইংলেণ্ড, স্পেইন, নেপাল আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ বিভিন্ন ৰূপত (যেনে টিনত স্লাইচ হৈ,ৰস হিচাবে নাইবা পকা ফল হিচাবে) বুজন পৰিমাণত ৰপ্তানি হয় ৷

গছৰ বৰ্ণনা :

বিশেষ নিলিখিলেও হ’ব যিহেতু গছবিধ সকলোৰে পৰিচিত ৷ আনাৰস হ’ল দীঘলীয়া তৰোৱাল-সদৃশ কাঁইটীয়া পাতেৰে আৱৰা গছ য’ত ডাঙৰ, মঙহাল, সুস্বাদু ফল ধৰে ৷ প্ৰতিটো আনাৰসক ৩০খিলা পৰ্য্যন্ত কাঁইটীয়া পাতে আৱৰি ৰাখে ৷ ৰোপণৰ পৰা পূৰঠ ফল ধৰালৈ তিনিটা বছৰ সময় লাগে ৷ ইয়াৰ পাত, ডাল আৰু বাকলিৰ পৰা ঔষধ,পশুখাদ্য,ভিনেগাৰ আদি তৈয়াৰ কৰা হয় ৷
কি কি লাগতিয়াল তত্ব আনাৰসত থাকে ?
আনাৰসত থাকে কেইবাবিধো ভিটামিন, লাগতিয়াল খনিজ, এণ্টিঅক্সিডেণ্ট, এনজাইম আদি অনেক উপকাৰী তত্ব ৷ সেইবিলাক হ’ল -পটেচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ফচফোৰাচ,চেলেনিয়াম, ভিটামিন-চি, ভিটামিন-এ, ভিটামিন-বি কমপ্লেকচ (ফলেট,থায়ামিন, ৰাইবোফ্লেবিন, পাইৰিডক্সিন) , ভিটামিন-ই, আইৰণ, কপাৰ, জিংক আৰু বিটা-কেৰটিন ৷ চ’ডিয়াম থাকে কম পৰিমাণত ৷ কিছু পৰিমানত কাৰ্বোহাইড্ৰেট আৰু কম পৰিমানত প্ৰটিন থাকে ৷ ক’লেষ্টৰল আৰু ফেটৰ পৰিমাণ শূণ্য ৷ যথেষ্ট পৰিমাণত অঘোলনশীল ফাইবাৰ থাকে ৷ আনাৰসত থাকে ব্ৰমলেন (Bromelain) এবিধ এনজাইম ৷ এইবিধ প্ৰটিঅ’লাইটিক এনজাইম থকাৰ ফলত মানুহ নানা ধৰণে উপকৃত হয় ৷

আনাৰস কেনেকৈ খাব ?

আনাৰস হ’ল সুস্বাদু আৰু সুগন্ধ কৰা ফল৷ইয়াৰ স্বাদ হ’ল টেঙা-মিঠা৷ পকা আনাৰস কাটি ডোখৰ ডোখৰ কৰি নাইবা সৰু সৰুকৈ কূটি নিমখ জলকীয়া সানি খাবলৈ বেচ জুতি লগা৷ বহুতে ৰস উলিয়াই চৰবত কৰিও খায়৷ জাম-জেলিও বনাব পাৰি৷ আন আন ফলৰ লগত চালাদো কৰি খাব পাৰি৷ মালদ্বীপত মই দুটা বছৰ কৰ্মৰত থাকোতে দেখিছিলোঁ তাৰ তাৰকা হোটেলবিলাকত পৰিবেশন কৰা পোলাও আৰু বিৰিয়ানীত দুই এডোখৰ আনাৰস থাকিবই৷ ইয়াত মধ্য প্ৰাচ্যৰ চুপাৰমাৰ্কেটত শুকানকৈ প্ৰচেচিং কৰা আনাৰসো বিক্ৰী হয়৷ আনাৰসৰ ৰস ওলিয়াই খোৱাতকৈ গোটাকৈ খোৱাটো বেচি স্বাস্থ্যসন্মত; কিয়নো তেতিয়াহে শৰীৰে ফাইবাৰৰ উপকাৰিতাটো সম্পূৰ্ণকৈ লাভ কৰিব পাৰিব৷

আনাৰসৰ উপকাৰিতা কি কি ?

ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বৃ্দ্ধিকাৰক : আনাৰসত থকা এণ্টিঅক্সিডেণ্ট, মিনাৰেল (খনিজ)আৰু ভিটামিনে ফ্ৰি-ৰেডিকেল নামৰ শৰীৰৰ বাবে অহিতকাৰী শক্তি বিৰুদ্ধে যুঁজ দিয়ে ৷
কেন্সাৰ ৰোগৰ পৰা সুৰক্ষা : আনাৰসত থকা এণ্টিঅক্সিডেণ্ট, বিটা-কেৰটিন, মেংগানিজ আদি খনিজ, ভিটামিন এ আৰু চি হ’ল কৰ্কটৰোগৰ শক্তিশালী প্ৰতিৰোধক ৷ নিয়মীয়ায়কৈ আনাৰস খোৱা সকলে প্ৰষ্টেটৰ কেন্সাৰ, ক’লোনৰ কেন্সাৰ, মহিলাৰ স্তনৰ কেন্সাৰ ,ডিঙি আৰু বক্ষৰ কেন্সাৰৰ পৰা সুৰক্ষা লাভ কৰে ৷
হৃদৰোগৰ পৰা সুৰক্ষা : ডায়েটৰী ফাইবাৰ, ভিটামিন-চি আৰু উপযুক্ত মাত্ৰাত থকা প’টেচিয়ামে আমাৰ কলিজাক ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, তেজৰ নলীত চৰ্বি জমা হোৱা ৰোগ এথেৰস্কে্লৰচিচ আদিৰ পৰা সুৰক্ষা দিয়ে ৷প’টেচিয়াম হ’ল তেজৰ নলী শিথিল কৰোতা (Vasodilator) ৷ আনহাতে আনাৰসত চ’ডিয়ামৰ পৰিমান তেনেই সামান্য ৷ মেদবহুলতা কমোৱাত আনাৰস সহায়ক ৷ প’টেচিয়ামে ইচকেমিক হাৰ্ট ডিজিজ ৰোধ কৰে আৰু কিডনিৰ পাথৰ সৃষ্টিত বাধা দিয়ে ৷
চকুৰ সুৰক্ষাৰ বাবে উপযোগী : বিটা-কেৰটিন হ’ল চকুৰ মেকুলাৰ ডিজেনৰেচন অৰ্থাৎ বাৰ্ধক্যজনিত ৰোগ ৰোধ কৰোতা ৷
পাক প্ৰণালীত কৰা উপকাৰিতা : আনাৰসত থকা ব্ৰমলেন হ’ল প্ৰটিন হজম কৰোতা এনজাইম ৷ ফলৰত আমাৰ খাদ্য ভালদৰে হজম হয় ৷ আনাৰসত থকা ফাইবাৰ আৰু পানীয়ে শৌচ নিয়মীয়া কৰে ৷ নানা কাৰণত হোৱা জণ্ডিচ আৰু আভোকত আনাৰস উপকাৰী ৷
শ্বাসৰোগত কৰা উপকাৰ : বিটা-কেৰটিন হাঁপানী ৰোগ প্ৰতিৰোধ কৰোতা ৷ ব্ৰমলেন আৰু ভিটামিন-চি চাইনৰ ৰোগ,কাহ-চৰ্দিত উপযোগী৷
ডায়বেটিজত উপকাৰিতা : টাইপ-১আৰুটাইপ-২ ডায়েবেটিজ দুয়োটাতেই এক সীমিত পৰিমাণৰ দৈনিক আনাৰস খালে চুগাৰ,ইনচুলিন আৰু কলেষ্টেৰল লেভেলৰ উন্নতিপৰিলক্ষিত হয় ৷ অঘোলনশীল ডায়েটেৰী ফাইবাৰৰ ফলত শৰীৰৰ এই লাভ হয় ৷ আমেৰিকাত পুৰুষক প্ৰায় ৩৫গ্ৰাম আৰু মহিলাক প্ৰায় ২৫ গ্ৰাম আনাৰস দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয় ৷
ছাল আৰু চুলিৰ ক্ষেত্ৰত কৰা উপকাৰ : ভিটামিন-চি হ’ল ছাল আৰু চুলিৰ নিৰ্মাণত সহায়ক ৷ ছালৰ আশ্ৰয় ক’লাজেন (Collagen) নিৰ্মাণত ভিটামিন-চি অপৰিহাৰ্য্য ৷ আনাৰসে ছালৰ উজ্বলতা বঢ়ায় আৰু চুলি সৰা ৰোধ কৰে ৷
উৰ্বৰতা বৃদ্ধি আৰু গৰ্ভধাৰণত সহায়ক: নিয়মীয়া আনাৰস সেৱন কৰিলে পুৰুষৰ উৰ্বৰতা শক্তি বাঢ়িব আৰু মহিলাৰ গৰ্ভধাৰণ কৰাৰ ক্ষমতা বৃদ্ধি পায়৷ প্ৰজনন অনুকুল কৰিবৰ বাবে লাগতিয়াল সকলো তত্বই আনাৰসত উপলব্ধ ৷
এন্টি-ইনফ্লমেটৰী গুণৰ প্ৰয়োগ : ব্ৰমলেন থকা বাবে আনাৰস হ’ল বিষহাৰক আৰু ঘা শুকোৱাত সহায়ক গতিকে মোচোকা খোৱা, টেন্দনৰ বিষ, আৰ্থাইটিচ আদিত উপযোগী ৷
হাঁড়ৰ শক্তি বঢ়াই তোলা : মেংগানিজৰ ফলত সেয়া সম্ভৱপৰ ৷ বয়সিয়াল লোকৰ অষ্টিঅ’প’ৰচিচ (হাঁড়ৰ ক্ষয়) ৰোধ কৰে ৷
তেজ সঞ্চালনত উপযোগী : কপাৰ আৰু প’টেচিয়ামৰ ভূমিকা এই ক্ষেত্ৰত উল্লেখযোগ্য ৷ তেজৰ ৰক্তকণিকা বৃদ্ধিতো সহায়ক ৷ ব্ৰমলেন থকা হেতুকে থ্ৰম্বাচ (তেজৰ চেকুৰা) জমা হবলৈ সুযোগ নাপায় ৷
মানসিক স্বাস্থ্যৰ উন্নতি – এলঝেইমাৰ বা আন পাহৰি যোৱা ৰোগ হোৱাত বাধা দিয়ে ৷ তেজৰ সহজ সঞ্চালন আৰু বৰ্ধিত ৰক্তকণিকাই মস্তিষ্কলৈ সুচাৰুৰূপে অক্সিজেন বোৱাই নিয়াৰ ফলত এনে সম্ভৱপৰ ৷
মহিলাসকলৰ বাবে অতি উপযোগী : আনাৰসত থকা খনিজ,ভিটামিন,এনজাইম মহিলাসকলৰ বাবে বিশেষ প্ৰয়োজনীয় ৷কিছুমান মহিলাৰ মাহেকীয়াৰ হোৱা বিষ নিৰাময়ত সহায়ক সিদ্ধ হৈছে ৷
দাঁতৰ আৰু দাঁতৰ আলুৰ (Gum) স্বাস্থ্যৰ বাবে উপযোগী ৷

সতৰ্কতা :

গৰ্ভাৱস্থাৰ আগভাগত আনাৰস নাখাব৷ কিয়নো জৰায়ুত সংকোচন হৈ গৰ্ভপাত হব পাৰে ৷ তেওঁলোকে শেষৰ দিনকেইটাত আনাৰস খাব পাৰিব ৷

কেঁচা আনাৰস নাখাব ৷ কেঁচা আনাৰসত বিষাক্ত তত্ব থাকে ৷
কিছুমান মানুহৰ আনাৰসৰ এলাৰ্জি হোৱা দেখা যায় :- তেওঁলোকৰ মুখত ঘা, বেচি লেলাৱতি,ছালত ডফলা-ডফল চকলা বন্ধা আৰু খজুৱতি হব পাৰে ৷ এলাৰ্জিৰ চিকিৎসা কৰিলে সোনকালেই লক্ষণসমূহৰ উপশম ঘটে ৷ আকৌ সৰুতে আনাৰস খাব নোৱৰা কিছুমানৰ ডাঙৰ হলে এলাৰ্জিৰ লক্ষণ নুফুটাও হয় ৷
গুৰুতৰ এলাৰ্জি নথকাসকলে মাজে মাজে কম পৰিমাণত দুই এচকল আনাৰস খালে এটা সময়ত খাব পৰা হয়গৈ – ইয়াক Desensitized হোৱা বোলে৷ প্ৰয়োজনসাপেক্ষে আৰম্ভণিতে এটা বা দুটা লিভচেট্ৰিজিন নহলে ল’ৰাটডিন নামৰ এলাৰ্জিৰোধক পিলৰ প্ৰয়োজন হব পাৰে৷ইমান উপকাৰী সুস্বাদু ফলৰ জুতি কমকৈ হলেও সকলোৱে লব পাৰিলে ভাল৷
গেষ্ট্ৰ-ইছফজিয়েল-ৰিফ্লাক্স-ডিজিজ আৰু বেচি এচিডিটি থকালোকে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ আনাৰস নাখাব ৷
কিছুমান মানুহে ডাক্তৰৰ পৰামৰ্শমতে তেজ গোট নমৰা এন্টিকোএগুলেল্ট দৰব খাই থাকে ৷ তেনেলোকে আনাৰস নাখাব ৷

 

লেখক: ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate