অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপেলৰ গুণাগুণ

আপেলৰ গুণাগুণ

সুস্বাদু ফলসমূহৰ ভিতৰত আপেল আমাৰ অনেকৰ বাবে অধিক পছন্দৰ। এই ফলবিধৰ সুস্বাস্থ্য ৰক্ষাতো আছে যথেষ্ট ভূমিকা। আপেলৰ কেইটামান গুণ হৈছে-

  • শৰীৰৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে।
  • শৰীৰ লাহী কৰি ৰাখে।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • শ্বাসকষ্টৰ সমস্যা কমায়।
  • মধুমেহৰ সম্ভাৱনা হ্ৰাস কৰে।
  • মস্তিকৰ বাবে উপকাৰী।
  • কৰ্কট প্ৰতিৰোধী কৰে।

পিতৃ-মাতৃৰ অধিক বয়সে হ্ৰাস কৰে সন্তানৰ আয়ুস

বেছি বয়সত জন্ম দিয়া পিতৃ-মাতৃসকলৰ বাবে দুখবৰ। শেহতীয়াভাৱে চলোৱা এক গৱেষণাত প্ৰাপ্ত তথ্য অনুসৰি, পিতৃ-মাতৃৰ অধিক বয়সে সন্তানৰ আয়ুসত বিৰূপ প্ৰভাৱ পেলায়। গৱেষকসকলৰ মতে, পিতৃ-মাতৃৰ বয়সে সন্তানৰ টেলোমিয়েৰত প্ৰভাৱ পেলায়। উল্লেখ্য যে টেলোমিয়েৰ হৈছে প্ৰাণীদেহৰ প্ৰতিটো ডি এন এ ৰ শেষ প্ৰান্তত থকা প্ৰ’টিনৰ আৱৰণ। গৱেষকসকলে জানিবলৈ দিয়া মতে, কোষ বিভাজনৰ সময়ত ডি এন এৰ ক্ষয় ৰোধ কৰাত সহায় কৰে টেলোমিয়েৰে। টেলোমিয়েৰৰ ক্ষয়ে কোষৰ জীৱনকাল হ্ৰাস কৰে। টেলোমিয়েৰৰ দৈৰ্ঘ্যৰ বঢ়া-টুটাৰ সৈতে প্ৰাণীদেহৰ বয়স কম-বেছি হোৱাৰো সম্পৰ্ক আছে বুলি গৱেষকসকলে মতপোষণ কৰে।

চকুৰ বাবে উপকাৰী আঙুৰ

সুস্বাদু ফল আঙুৰৰ আছে স্বাস্থ্যৰ উপকাৰী বিবিধ গুণ। স্বাস্থ্যৰ উপকাৰী এন্টি-অক্সিডেন্ট, খনিজ লৱণ, ভিটামিন আৰু পুষ্টিৰে পৰিপূৰ্ণ আঙুৰ খোৱাৰ অভ্যাসে শৰীৰৰ হাড় মজবুত কৰাৰ লগতে এজমাত আক্ৰান্ত হোৱাৰ শংকা হ্ৰাস কৰে। ইয়াৰ উপৰি নিতৌ আঙুৰ খোৱাৰ ফলত চকুযুৰিও ভালে থাকে। আঙুৰত থকা এন্টি-অক্সিডেন্টে স্বাস্থ্যৱান কোষবোৰৰ ডি এন এ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। উল্লেখ্য যে চকুৰ ৰেটিনা এনে এটি অংশ, যি গোটেই কোষেৰে পৰিপূৰ্ণ। এই অংশ কোষসমূহ নষ্ট হোৱাৰ ফলত অন্ধত্বৰ সৃষ্টি হয়। কিন্তু আঙুৰত থকা এন্টি-অক্সিডেন্টে এই কোষবিলাক ৰক্ষা কৰাৰ ফলত অন্ধত্বৰ শংকা হ্ৰাস পায়। শেহতীয়াভাৱে চলোৱা এক গৱেষণাত এই তথ্য প্ৰকাশ।

উৎস: নিয়মীয়া বাৰ্তা।

2.9347826087
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top