অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্য সুৰক্ষা আৰু সুষম আহাৰ

খাদ্য সুৰক্ষা আৰু সুষম আহাৰ

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি বছৰে বিশ্ব স্বাস্থ্য দিৱস (৭ এপ্ৰিল) পালন কৰি আহিছে আৰু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বৰ পৰা ৰোগ নিৰ্মূলকৰণ আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা। ২০১৫ চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ মূল বিষয়বস্তু হৈছে ‘খাদ্য সুৰক্ষা’।

খা্দ্য সুৰক্ষা খাদ্যৰ বিতৰণ আৰু জনগণৰ গ্ৰহণৰ মাজৰ প্ৰক্ৰিয়া। ভাৰতবৰ্ষৰ যদিও শস্যজাতীয় খাদ্য বস্তুৰ উৎপাদন সন্তোষজনক যেন দেখা যায়, কিন্তু বিতৰণ ব্যৱস্থাৰ আসোঁৱাহৰ বাবে একাংশ লোকে খাদ্য বস্তুৰ ওপৰত সঠিক অধিকাৰ লাভ নকৰে। আনহাতে মাহজাতীয় শস্য আৰু শাক-পাচলিৰ উৎপাদন জনসংখ্যাৰ প্ৰয়োজনতকৈ প্ৰায় ২৫-৩০ শতাংশ কম। সেইদৰে গাখীৰৰ উৎপাদনো সন্তোষজনক নহয়। এই কাৰণবোৰৰ ফলত খাদ্যবস্তুৰ নাটনিয়ে দেখা দিয়ে আৰু বজাৰত দাম বৃদ্ধি পায়। একাংশ ৰাষ্ট্ৰীয় সমীক্ষাৰ মতে, বহু ভাৰতীয় পৰিয়ালে শস্যজাতীয় খাদ্য দ্ৰব্যৰ বাহিৰে আন খাদ্য দ্ৰব্য দৈনন্দিন প্ৰয়োজন হোৱা পৰিমাণতকৈ বহু কম পৰিমাণে গ্ৰহণ কৰে। ভাৰতবৰ্ষ শাক-পাতেৰে শ্যামলা হ’লেও ভাৰতীয়ৰ শাক-পাচলি খোৱাৰ পৰিমাণ প্ৰয়োজনতকৈ বহুত কম।

  • সুষম আহাৰৰ অভাৱত ভাৰতত পুষ্টিহীনতা ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। প্ৰায় পঞ্ছাছ শতাংশ প্ৰাপ্তবয়স্ক ভাৰতীয়ৰ ওজন প্ৰকৃত ওজনতকৈ বহু কম। ৰক্তহীনতাৰ বাবে বছৰি বহু প্ৰসূতিৰ মৃত্যু হয় আৰু কম ওজনৰ শিশুৰ জন্ম হয়।
  • সুষম আহাৰ হ’বলৈ হ’লে প্ৰত্যেক প্ৰাপ্তবয়স্ক মানুহে প্ৰতিদিনে প্ৰায় ৩০০-৪০০ গ্ৰাম শস্যজাতীয় খাদ্য, ৬০ গ্ৰাম মাহজাতীয় খাদ্য, ২৫০-৩০০ মিঃ লিঃ গাখীৰ, ২০০ গ্ৰাম আলুজাতীয় খাদ্য, ১০০ গ্ৰাম সেউজীয়া শাক, ১০০ গ্ৰাম ফল-মূল, ১০০ গ্ৰাম পাচলি খোৱা উচিত।

পৰিপুষ্টিজনিত ৰোগৰ নিৰ্মূলকৰণত সুষম আহাৰৰ গুৰুত্ব অতি বেছি। সেইবাবে কম খৰচতে  কিদৰে সুষম আহাৰ গ্ৰহণ কৰিব পাৰি তাৰ পৰামৰ্শ আগবঢ়োৱা হ’ল –

কম খৰচত সুষম আহাৰ

  • শস্যজাতীয় খাদ্যৰ ভিতৰত চাউল, ঘেঁহুৰ উপৰি জোৱাৰ, ৰাগি, বাজৰা আদিৰ সহায়ত খাদ্যত ভিন্নতা আৰু পৰিপুষ্টি গুণ বৃদ্ধি কৰা উচিত।
  • শস্যজাতীয় খাদ্য আৰু মাহজাতীয় খাদ্যৰ সংমিশ্ৰণ কৰি প্ৰস্তুত কৰা খাদ্য, যেনে –খিচিৰি, দোচা আদিৰ পুষ্টিকাৰক গুণ অধিক।
  • গজালি ওলোৱা বুট-মগুত পু্‌ষ্টিকাৰক দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পায়।
  • নৰসিংহ, চজিনাৰ পাতত কেলছিয়াম আৰু অন্যান্য খনিজ লৱণ অধিক পৰিমাণে পোৱা যায়। এই পাতৰ সহায়ত কম খৰচত পুষ্টিৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি।
  • ফুলকবি, ওলকবি, গাজৰ, বীট আদিৰ কুমলীয়া পাতত অধিক পৰিমাণে পুষ্টিকাৰক দ্ৰব্য থাকে। সেইবাবে এইবোৰ পেলাই নিদি খাদ্যত ব্যৱহাৰ কৰা উচিত(বজাৰৰ পাচলিৰ ক্ষেত্ৰত ভালদৰে ধুই-মেলি লোৱা উচিত। ঘৰুৱা হ’লে নিশ্চিত মনে গ্ৰহণ কৰিব পাৰে।)
  • অমিতা, মধুৰি আদি বতৰৰ ফল-মূল পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰা উচিত।
  • ভাপত দিয়া খাদ্য কম খৰচতে তৈয়াৰ কৰিব পাৰি আৰু ইয়াৰ পুষ্টিকাৰক গুণো অধিক।
  • সংৰক্ষণ কৰি ৰখা ফল-মূল বা আচাৰ আদি কিনি খোৱাতকৈ সতেজ ফল-মূল, শাক-পাচলি খোৱাত গুৰুত্ব আৰোপ কৰা উচিত।
  • স্কুল বা অফিচলৈ যাওঁতে কেণ্টিনত খোৱাৰ সলনি ঘৰৰ পৰা টিফিন অনাটো উত্তম আৰু স্বাস্থ্যসন্মত।

সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ সুষম আহাৰৰ লগতে প্ৰতিদিনে ব্যায়াম কৰা, সঠিক পৰিমাণে পানী খোৱা আৰু যোগাত্মক চিন্তাৰে মানসিক চাপ নিৰ্মূল কৰা উচিত।

লেখিকা: সুস্মিতা খাটনিয়াৰ, অসম কৃষি বিশ্বিবদ্যালয়ৰ খাদ্য আৰু পৰিপুষ্টি বিভাগৰ ছাত্ৰী

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate