অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টিগুণ সমৃদ্ধ পূৰৈ শাক

পুষ্টিগুণ সমৃদ্ধ পূৰৈ শাক

স্বাস্থ্য ৰক্ষাত সেউজীয়া শাক-পাতৰ গুৰুত্ব অপৰিসীম। কিন্তু বাৰিষা কালত, খৰালি কালৰদৰে পৰ্যাপ্ত পৰিমাণে শাক-পাত পোৱা নাযায়। বাৰিষা কালৰ সীমিত কেইপদমান শাকৰ ভিতৰত পৰ্যাপ্ত পৰিমাণে পোৱা এপদ বিশেষ পুষ্টিগুণ সমৃদ্ধ শাক হৈছে- পূৰৈ শাক, গাওঁ অঞ্চলত স্থানীয়ভাৱে ই ‘পুঁইশাক’ নামেৰে প্ৰসিদ্ধ। পূৰৈ শাকত সুষম আহাৰৰ প্ৰায়বোৰ উপাদানেই কম-বেছি পৰিমাণে পোৱা যায়, যিবোৰৰ ভিতৰত খনিজ লৱণ আৰু বিভিন্ন খাদ্যপ্ৰাণৰ লগতে ‘এমাইনো এচিডো’ যথেষ্ট পৰিমাণে পোৱা যায়। পূৰৈ শাকৰ বৈজ্ঞানিক নাম হৈছে- Basella Alba (Basella Rubra L)  আৰু ই বেচেলাচিয়ি (Basellaceae) গোত্ৰৰ। ইংৰাজীত ইয়াক ‘ইণ্ডিয়ান স্পিনেক্‌ (Indian spinack)’ বোলা হয়। পূৰৈ শাক এবিধ লতা জাতীয় বৰ্ষজীৱী শাক। ইয়াক বগাবলৈ হেঁদালি আদিৰ সুবিধা কৰি দিলে ই কম সময়ৰ ভিতৰতে লহ্‌পহীয়াকৈ বাঢ়ি, চাৰিওফালে ঠাল-ঠেঙুলি মেলি বিয়পি যায়। এইবিধ শাকত সুষম আহাৰৰ আটাইবোৰ উপাদানেই যেনে- কাৰ্বহাইড্ৰেট, প্ৰ’টিন, স্নেহ পদাৰ্থ, কেলচিয়াম, কপাৰ, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ছেলেনিয়াম, জিংক আদি উপাদান, বিভিন্ন প্ৰকাৰৰ খাদ্যপ্ৰাণ আৰু মূল্যৱান বহুবিধ ‘এমাইনো এচিড’ পোৱা যায়। লগতে ‘বিটা কেৰ’টিন’ আদিকে ধৰি একাধিক ‘এণ্টি অক্সিডেণ্টো’ পোৱা যায়। পূৰৈ শাকৰ কুমলীয়া আগ আৰু পাতবোৰ খাদ্য হিচাপে সাধাৰণতে ব্যৱহাৰ কৰা হয়। ঔষধি গুণতো ই আগবঢ়া বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে। স্মৃতি শক্তি হ্ৰাস, অনিদ্ৰা, অকালপক্কতা, মূৰ্চ্ছাৰোগ, প্ৰমেহ আদি নানা ৰোগত ই উপকাৰী বুলি জনা যায়। ই কোষ্ঠ-কাঠিন্য দূৰ কৰি পেট খোলোচা কৰে। বীৰ্য বৃদ্ধিতো ইয়াৰ বিশেষ অৰিহণা আছে। এই শাকৰ অনেক উপকাৰিতা থাকিলেও পেটৰ কিছু ৰোগৰ(ক্ৰনিক এমিবায়’চিছ আৰু জিয়াৰ্ডিয়াত আক্ৰান্ত ৰোগীৰ বাবে)ৰোগীৰ বাবে ই অপকাৰী। ৰাসায়নিক সাৰ আৰু মাৰাত্মক কীটনাশকৰ কবলৰ পৰা মুক্ত এইবিধ বতৰৰ বহুগুণী শাক আমি যথা সময়ত যথোচিতভাৱে ব্যৱহাৰ কৰি নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰোঁ।

লেখক: ভুৱনেশ্বৰ ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate