অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিলাহী খাওক

বিলাহী খাওক

চিকিৎসা বিজ্ঞানত শেহতীয়াকৈ হোৱা গৱেষণাত এই কথা প্ৰমাণ হৈছে যে নিয়মীয়াকৈ বিলাহী খালে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি। এই তথ্য সদৰী কৰিছে ব্ৰিটেইনৰ এদল গৱেষকে। তেওঁলোকে শৰীৰত অধিক পৰিমাণে কলেষ্টেৰল থকা লোকক নিয়মীয়াকৈ বিলাহী অথবা বিলাহীৰ ৰস পান কৰাৰ পৰামৰ্শ দি কৈছে যে বিলাহীৰ ৰসত এনে কেতবোৰ ৰাসায়নিক দ্ৰব্য থাকে, যিয়ে হৃদৰোগৰ সম্ভাৱনা সীমিত কৰে। ২০ বছৰৰ পৰা ৪৯ বছৰ বয়সীয়া ২১ গৰাকী লোকক সামৰি অধ্যয়ন চলাই ব্ৰিটিছ গৱেষকে বিলাহীৰ এই হৃদৰোগ প্ৰতিৰোধী ক্ষমতাৰ বিষয়ে জানিব পাৰিছে।

বিলাহী বা বিলাহীৰ ৰস খাদ্য হিচাপে গ্ৰহণ কৰিলে শৰীৰত থকা ‘এল ডি এল’ নামৰ ক্ষতিকাৰক কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস পায়। উল্লেখ্য, হৃদৰোগ সৃষ্টিৰ ক্ষেত্ৰত এইবিধ কলেষ্টেৰলে যথেষ্ট প্ৰভাৱ পেলায়।

বিলাহী ভিটামিন ‘চি’ৰ উৎস। ভিটামিন ‘চি’য়ে হৃদৰোগৰ সম্ভাৱনীয়তা কমায়। ২০১৫ চনত ‘আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰেশ্যন’ৰ তৰফৰ পৰা এক লাখ মানুহৰ ওপৰত চলোৱা সমীক্ষাত এই কথা প্ৰমাণ হৈছিল যে যিসকল ব্যক্তিয়ে ভিটামিন ‘চি’ থকা ফল বা পাচলি বেছিকৈ গ্ৰহণ কৰে তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনীয়তা পোন্ধৰ শতাংশ হ্ৰাস পায়। আনহাতে ভিটামিন ‘চি’ এণ্টিঅক্সিডেণ্টো। বিলাহীত যথেষ্ট পৰিমাণৰ পটাছিয়ামো থাকে। সেয়ে উচ্চ ৰক্তচাপৰ বাবেও ই উপকাৰী। বিলাহীত ভিটামিন ‘এ’ আৰু ‘বিটা কেৰাটিন’ থকা বাবে দৃষ্টিশক্তিৰ ক্ষেত্ৰতেো এইবিধ পাচলি গ্ৰহণযোগ্য। অধিক পৰিমাণৰ আঁহযুক্ত হোৱা বাবে বিলাহীয়ে খাদ্য হজম কৰাৰ ক্ষেত্ৰতো সহায়ক। মানুহৰ শৰীৰৰ ছালৰ কলাজেন সৃষ্টিৰ ক্ষেত্ৰত ভিটামিন ‘চি’ৰ ভূমিকা অন্যতম। এইক্ষেত্ৰত নিয়মীয়াকৈ বিলাহী খোৱাৰ অভ্যাসে মানুহক কেৱল বয়সেই কমাই নাৰাখে, বৰং ছালৰ এণ্টিএজিং চিকিৎসাও প্ৰদান কৰে। বিলাহীত থকা বিটা কেৰাটিনে ছান বাৰ্ন হোৱাত প্ৰতিৰোধ কৰে। সেয়ে ৰ’দত বহু সময় ঘূৰি ফুৰিব লগা হ’লে ছাল ক’লা পৰি যোৱা অংশত বিলাহী কাটি লগাব পাৰে।

উৎস: জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate