অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয়সকলৰ বাবে প্ৰয়োজনীয় খাদ্য তালিকাৰ

ভাৰতীয়সকলৰ বাবে প্ৰয়োজনীয় খাদ্য তালিকাৰ

খাদ্য বিষয়ক উপদেশমূলক মন্তব্যখাদ্য বিষয়ক লক্ষ্য

    জনসাধাৰণৰ মাজত সু-স্বাস্থ্য ৰক্ষা আৰু স্বাস্থ্য সজাগতাৰ সৃষ্টি কৰিব লাগে।

    গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰাই থকা মহিলাৰ খাদ্য উপযুক্ত পৰিমাণৰ হৈছে নে নাই সেই সম্পৰ্কে নিশ্চিত হব লাগে।

    জন্মৰ সময়ত শিশুৰ ওজন যাতে নিৰ্ধাৰিত ৰূপত থাকে আৰু শিশুৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ যাতে সঠিকমতে হ্য়, কৈশোৰ অৱস্থাত শৰীৰত থাকিবলগীয়া জেনেটিক পটেনচিয়েল যাতে শুদ্ধ মাত্ৰাত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

    শৰীৰত থাকিবলগীয়া খাদ্যৰ উপাদানসমূহ ইমান সঠিক মাত্ৰাত ৰাখিব লাগে যাতে ই শাৰিৰীক সকলো পুষ্টিহীনতাৰ ফলত হোৱা ৰোগৰ পৰা ৰক্ষা কৰি থাকিব পাৰে।

    বৃদ্ধলোকৰ শাৰিৰীক সুস্থতা বজাই ৰখাত গুৰুত্ব দিব লাগে আৰু আয়ুকাল বৃদ্ধিৰ কাৰণে যত্নপৰ হ’ব লাগে।

জীৱনৰ বিভিন্ন স্তৰত খাদ্যৰ প্ৰয়োজনীয়তা

বৃদ্ধ নাগৰিকঃ শাৰিৰীকভাৱে সুস্থ আৰু সৱল হৈ থাকিবলৈ পুষ্টিকৰ খাদ্য আৰু অসংপৃক্ত স্নেহ পদাৰ্থ থকা খাদ্য খোৱা উচিত।

গৰ্ভৱতী: শৰীৰৰ সুস্বাস্থ্য ৰক্ষা, খাদ্যৰ পৰা হোৱা ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ ক্ষমতা, গৰ্ভধাৰণৰ সময়ত গৰ্ভস্থ শিশু আৰু মাতৃৰ প্ৰয়োজনীয় খাদ্য যোগান আৰু দুগ্ধপান কৰাই থকাৰ সময়ত মাতৃৰ খাদ্যৰ যত্ন লোৱাতো অতি দৰকাৰী।

বয়ঃসন্ধি: সুস্থ সৱল স্বাস্থ্য, পৰিপক্কতা, হাড়ৰ সঠিক গঠন, শৰীৰৰ সু-বৰ্দ্ধন আৰু সুষম আহাৰ খোৱাত গুৰুত্ব দিব লাগে।

শিশু অৱস্থা: শিশুৰ সুস্বাস্থ্য, বৄদ্ধি আৰু বিকাশৰ প্ৰতি সচেতন হ’ব লাগে। ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা যাতে শিশুৰ শৰীৰত অক্ষুণ্ণ থাকে তালৈ মন কৰিব লাগে। শিশুৰ আহাৰ যাতে সুষম আৰু পুষ্টিকৰ হয় তালৈ মন কৰাৰ দৰকাৰ।

কেঁচুৱা: বৃদ্ধি একেবাৰে সঠিক মাত্ৰাত হোৱা, শৰীৰৰ গঠনৰ প্ৰতি মনোযোগ দিব লাগে। মাতৃদুগ্ধ আৰু শক্তিবৰ্দ্ধক খাদ্যৰ প্ৰতি গুৰুত্ব দি শিশুক খুৱাব লাগে।

খাদ্য বিষয়ক উপদেশমূলক মন্তব্য

  1. বিভিন্ন ধৰণৰ খোৱা বস্তুৰ মাজৰ পৰা শৰীৰৰ প্ৰয়োজনীয় উপাদান সমৃদ্ধ খাদ্যসমূহ বাচি উলিয়াই খাব লাগে।
  2. এগৰাকী গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰাই থকা মাতৃৰ ক্ষেত্ৰত ওপৰঞ্চি খাদ্য আৰু অধিক যত্নৰ প্ৰয়োজন
  3. ৪ ৰ পৰা ৬ মাহলৈ এটি শিশুক কেৱল মাকৰ গাখীৰেই পৰ্য্যাপ্ত পৰিমাণে খুৱাব লাগে আৰু ২ বছৰ পৰ্য্যন্ত এটি শিশুৱে মাকৰ গাখীৰ খাই থাকিব পাৰে।
  4. মাকৰ গাখীৰৰ উপৰিও ৪ ৰ পৰা ৬ মাহৰ এটি কেঁচুৱাক গোটা আহাৰো খুৱাব পাৰে।
  5. শৈশৱ আৰু কৈশোৰ অৱস্থাত ল’ৰা-ছোৱালীক সুস্থ আৰু অসুস্থ অৱস্থাত সঠিক মানত পুষ্টিকৰ আহাৰ দিব লাগে।
  6. সেউজীয়া শাক পাচলি, তৰকাৰী আৰু ফলমুল যথেষ্ট পৰিমাণে খাব লাগে।
  7. ৰন্ধনত ব্যবহাৰ কৰা তেল, মাংস আদি কম পৰিমাণে খোৱা ভাল। ডালডা, ঘি, মাখন ইত্যাদি সামান্য পৰিমাণেহে সাৱধানে গ্ৰহণ কৰা উচিত।
  8. অধিক ওজন আৰু মেদবহুলতাৰ পৰা ৰক্ষা পাবলৈ হ’লে অতিমাত্ৰা খোৱাৰ পৰা বিৰত থাকিব লাগে। শাৰিৰীক ব্যায়াম নিয়মিতভাৱে কৰিলে শৰীৰটো অধিক ওজন আৰু মেদবহুলতাৰ পৰা ৰক্ষা পৰে।
  9. নিমখ কমকৈ খাব লাগে।
  10. খোৱা খাদ্য সদায় পৰিষ্কাৰ আৰু বিপদমুক্ত হ’ব লাগে।
  11. স্বাস্থ্যসন্মত আৰু যোগাত্মক দিশ অনুধাৱন কৰি খাদ্য প্ৰস্তুত কৰা উচিত।
  12. পৰ্য্যাপ্ত পৰিমানে পানী খোৱাতো শৰীৰৰ কাৰণে অতি দৰ্কাৰী কিন্ত গা জুৰ কৰা পানীয় আদি সীমিত পৰিমানতহে গ্ৰহণ কৰা উচিত।
  13. যিবোৰ খাদ্য ৰন্ধাৰ পিছত খোৱাৰ বাবে সাজু কৰি ৰখা হয়, বিক্ৰিৰ বাবে সেইবোৰ খাদ্য বাচ বিচাৰ কৰিহে গ্ৰহণ কৰিব লাগে। চেনিও পৰিমিত ৰূপেহে গ্ৰহণ কৰিব লাগে
  14. বয়সস্থসকলে নিজকে সুস্থ আৰু সৱল কৰি ৰাখিবলৈ সুষম আহাৰ গ্ৰহণ কৰাতো বাঞ্চনীয়৷

বহুতো ধৰণৰ খাদ্যৰ মাজৰ পৰা শৰীৰৰ প্ৰয়োজনীয় উপাদানসমূহেৰে ভৰপূৰ হৈ থকা খাদ্যসমূহ বিচাৰি উলিয়াই গ্ৰহণ কৰাতো এটা জ্ঞানসন্মত সমাধান।

    • পুষ্টি হৈছে জীৱন ধাৰণৰ মূল আহিলা।
    • বিভিন্ন ধৰণৰ খাদ্য খালেই শৰীৰৰ পুষ্টিবৰ্দ্ধন নহয় খাদ্যৰ গুণাগুণ বিচাৰ কৰিহে খাদ্য গ্ৰহণ কৰিব লাগে৷
    • খাদ্যত (আমি খোৱা গোটা বা জুলীয়া পদাৰ্থ) থকা ৰাসায়নিক পদাৰ্থ সমূহে শৰীৰৰ গঠন, কোষ নিৰ্মাণ, শক্তি উৎপাদন ইত্যাদি কাৰ্য্য সঠিক মাত্ৰাত সম্পাদন কৰে।
    • মাহজাতীয় শস্য, কনিধান, দাইল আদি হৈছে অতি পুষ্টিকৰ খাদ্য, য’ত শৰীৰৰ প্ৰয়োজনীয় উপাদানসমূহে মজুত থাকে৷
    • গাখীৰৰ পৰা উৎকৃষ্ট পৰিমাণৰ প্ৰ’টিন আৰু কেলছিয়াম পোৱা যায়। বিশেষকৈ কেঁচুৱা, সৰু ল’ৰা-ছোৱালী আৰু মহিলাৰ কাৰণে ই অতি প্ৰয়োজনীয় খাদ্য৷
    • তেলজাতীয় আৰু বাদামজাতীয় খাদ্য হৈছে কেলৰী সমৃদ্ধ খাদ্য, য’ৰ পৰা আমি শক্তি পাওঁ, তাৰোপৰি শৰীৰৰ উষ্ণতা স্বাভাৱিক অৱস্থাত ৰাখিবলৈ ইয়াৰ প্ৰয়োজন হয়৷
    • খাদ্যত মাছ, মাংস, কণীৰ অন্তৰ্ভূক্তিয়ে খাদ্যৰ সৌষ্ঠৱ বঢ়ায়। অৱশ্যে নিৰামিষভোজীসকলেও মাহজাতীয় খাদ্য, দাইল, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্যৰ দ্বাৰা একে উপাদান পাব পাৰে।
    • গাঢ় সেউজীয়া শাক-পাচলি আৰু ফলমূলৰ পৰা ভিটামিন আৰু খনিজ পৰ্দাথ পোৱা যায়, যিটো জীৱন-ধাৰণৰ বাবে অতি আৱশ্যক আৰু এইবোৰে শৰীৰটোক সংক্ৰমণৰ পৰা ৰক্ষা কৰি থাকে৷
    1. বয়স, লিংগ, শাৰিৰীক অৱস্থা আৰু শাৰিৰীক পৰিশ্ৰমৰ ওপৰত ভিত্তি কৰিহে খাদ্যৰ তালিকাখন প্ৰস্তুত কৰিব লাগে৷
    2. খাদ্য তালিকাত সেউজীয়া শাক-পাচলি, মাহজাতীয় শস্য বুট ইত্যাদিৰে এটা মিশ্ৰণ অন্তৰ্ভূক্ত হ’ব লাগে। তাপ শক্তি উৎপাদন হ’বৰ কাৰণে চেনী, গুৰ আৰু ৰন্ধনত ব্যৱহৃত তেলো কিছু পৰিমাণে ব্যৱহাৰ কৰিব লাগে৷
    3. সঁতেজ শাক-পাচলি আৰু ফলমূল প্ৰচুৰ পৰিমাণে খাব লাগে৷
    4. গৰ্ভৱতী আৰু দুগ্ধপান কৰাই থকা মাতৃৰ খাদ্যত গাখীৰ, কণী, মাংস উপযুক্ত পৰিমাণত থাকিব লাগে। ল’ৰা-ছোৱালীৰ শৰীৰৰ গঠন, বৃদ্ধি আৰু বিকাশৰ কাৰণেও এনে খাদ্য অপৰিহাৰ্য্য।
    5. বয়সস্থসকলৰ খাদ্য কম চৰ্বীযুক্ত হোৱা উচিত। মাংসসাৰ থকা খাদ্য যেনে, কম পৰিমাণৰ মাংস, দাইল, মাছ আৰু চৰ্বীযুক্ত গাখীৰ তেওঁলোকৰ খাদ্য হোৱা উচিত৷
    6. সদায় নিয়মিতভাৱে কচৰৎ কৰি সুষম আহাৰ গ্ৰহণ কৰাতো স্বাস্থ্যৰ কাৰণে বাঞ্চনীয়৷

    গৰ্ভধাৰণৰ সময়ছোৱা আৰু দুগ্ধপান কৰাই থকাৰ সময়ছোৱাত ওপৰঞ্চি আহাৰ, উপযুক্ত যত্নৰ প্ৰয়োজন

    • গৰ্ভধাৰণৰ সময়ছোৱাত বিভিন্ন পৰ্য্যায়ৰ মাজেদি ভ্ৰুণৰ পৰিৱৰ্তন হয়। ভ্ৰুণে মাতৃ দেহৰ পৰা পুষ্টি সংগ্ৰহ কৰে কাৰণে এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ সময়। নিয়মীয়া খাদ্যৰ উপৰিও এই সময়ত মাতৃ গৰাকীক উপযুক্ত পৰিমাণত শৰীৰৰ প্ৰয়োজনীয় উপাদান থকা খাদ্য খুৱাব লাগে যাতে গৰ্ভস্থ ভ্ৰুণেও মাতৃ দেহৰ পৰা পৰিপুষ্টি সংগ্ৰহ কৰিব পাৰে।
    • গৰ্ভধাৰণৰ সময়ত এগৰাকী মহিলাই নিজৰ শৰীৰৰ চৰ্বীৰ পৰিমাণ বঢ়াই শৰীৰক দৰ্কাৰ হোৱা প্ৰয়োজনীয় উপাদানবোৰ সংগ্ৰহ কৰে।
    • দুগ্ধপান কৰাই থকা এগৰাকী মাতৃক নিজৰ শৰীৰ সুস্থ ৰাখি অধিক গাখীৰ উৎপাদন কৰিবৰ কাৰণে অতিৰিক্ত সুষম খাদ্যৰ দৰ্কাৰ

    লৌহ-সমৃদ্ধ খাদ্য খোৱাৰ উপকাৰিতা

    • হিম’গ্লবিন গঠনৰ বাবে লৌহৰ প্ৰয়োজন হয়। লৌহে মূৰৰ বিষ আদিও দূৰ কৰে। শৰীৰত বিভিন্ন কোষ গঠনৰ কাৰণেও লৌহৰ আৱশ্যক হয়।
    • শৰীৰত লৌহৰ অভাৱ হ’লে ৰক্তহীনতা ৰোগে দেখা দিয়ে।
    • প্ৰজনন ক্ষমতা থকা মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই ৰক্তহীনতা ৰোগ সাধাৰণতেই দেখা পোৱা যায়।
    • গৰ্ভধাৰণৰ সময়ত শৰীৰৰ লৌহৰ অভাৱ হ’লে গৰ্ভস্থ ভ্ৰুণৰ বিকাশত বাধা জন্মে আৰু অপুষ্ট শিশুৰ জন্ম হয়। মাতৃগৰাকীৰো মৃত্যুৰ আশংকা থাকে।
    • ল’ৰা-ছোৱালীৰ অলপতে অসুখ হয়, ৰোগ প্ৰতিৰোধক ক্ষমতা নোহোৱা হয়। জ্ঞান, বুদ্ধি আৰু বিকাশতো বাধা জন্মে।
    • শুকান ফল, সেউজীয়া শাক-পাচলি, মাহজাতীয় আদিতে উপযুক্ত পৰিমানৰ লো পোৱা যায়।
    • মাংস, (ছাগলীৰ) হাঁহ-কুকুৰাৰ মাংস, মাছ ইত্যাদিৰ পৰাও লৌহ পোৱা যায়।
    • উদ্ভিজ খাদ্যত লৌহৰ বায়এভেইলিবিলিটি কম কিন্তু প্ৰানীজ খাদ্যত বেচি হয়।
    • খাদ্যপ্ৰান গ সমৃদ্ধ খাদ্য যেনে আমলখি, মধুৰিআম আদি ফলতো লৌহৰ পৰিমাণ কিছু থাকে।
    • চাহ, পথ্যযুক্ত লৌহ, আইৰণ ইত্যাদি আহাৰৰ আগতে, মাজত বা আহাৰ খোৱাৰ ঠিক পিছতে খাব নালাগে।
    • গৰ্ভধাৰণ আৰু দুগ্ধপান কৰাই থকা সময়ত খোৱা খাদ্য বেছিকৈ খাব লাগে।
    • গজালি ওলোৱা বুট, মগু মাহ জাতীয় খাদ্য, পগুৱা খাদ্য আদি বেছিকৈ খাব লাগে।
    • মাছ, মাংস, কণী খাদ্যৰ অন্তৰ্ভুক্ত কৰি ল’ব লাগে।
    • সেউজীয়া শাক-পাচলি আৰু ফল-মূল আদি বেছিকৈ খাব লাগে।
    • অন্ধবিশ্বাস আৰু খোৱাবস্তুৰ ওপৰত থকা নিষেধাজ্ঞ্য দূৰ কৰিব লাগে।
    • ধপাত আৰু মাদক দ্ৰব্য সেৱন কৰা অনুচিত। ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে দৰৱ পাতি খোৱা উচিত।
    • গৰ্ভধাৰণৰ ১৪ ৰ পৰা ১৬ সপ্তাহৰ পিছৰ পৰা আৰম্ভ কৰি একেবাৰে কেঁচুৱাই গাখীৰ খাবলৈ এৰাৰ সময়লৈকে নিয়মিতভাৱে ফলিক এচিড কেলচিয়াম আৰু লৌহ মজুত থকা খাদ্য খাব লাগে।

    ফলিক এচিড সমৃদ্ধ খাদ্য খোৱা উচিত (ফলিএটপাত সম্বন্ধীয়)

    • ৰক্তকনিকা (হিম’গ্লবিন) গঠনত ফলিক এচিডৰ প্ৰয়োজন অপৰিহাৰ্য্য।
    • শৰীৰত ফলিক এচিডৰ অভাৱ হ’লে মেকৰচাইটিক এনিমিয়াই দেখা দিয়ে।
    • গৰ্ভৱতী মহিলাৰ খাদ্যত যথেষ্ট পৰিমাণে ফলিক এচিড থকা দৰ্কাৰ।
    • গৰ্ভৱতী মহিলাই যথেষ্ট পৰিমাণে ফলিক এচিডযুক্ত খাদ্য খালে সুস্থ, সৱল সন্তান জন্ম দিব পাৰে আৰু তেতিয়া গৰ্ভস্থ সন্তান বিকলাংগ হোৱাৰ ভয় নাথাকে।
    • সেউজীয়া শাক-পাচলি, চয়াবিন, বাদাম, লেগুম লিভাৰ আদি ফলিক এচিডৰ উৎকৃষ্ট উৎস।

    সন্তান জন্মৰ ৬ মাহলৈ সঘনাই কেঁচুৱাক মাকৰ গাখীৰ খুৱাব লাগে আৰু দুবছৰলৈ এইটো নিয়ম চলাই থাকিব লাগে।

    • কেঁচুৱাৰ শৰীৰৰ গঠন স্বাভাৱিক আৰু সুস্থ সৱল কৰি ৰাখিবলৈ মাকৰ গাখীৰ আটাইতকৈ উত্তম আৰু সঠিক খাদ্য।
    • ক’লষ্ট্ৰমত পৰিপোষক বেচি অনুপাতে যাকে আৰু বেমাৰৰ প্ৰতিশোধক ক্ষমতা ইয়াত বেছিকৈ থাকে কাৰণে কেঁচুৱাক এই খাদ্য খুউওঁৱাতো উচিত।
    • মাকৰ গাখীৰৰ পৰা কেঁচুৱাৰ সংক্ৰামক ৰোগ হোৱাৰ কোনো ভয় নাথাকে।
    • মাকৰ গাখীৰ খোৱা কেঁচুৱাৰ লগত মাকৰ সম্বন্ধ অতি ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে আৰু ক্ৰমান্বয়ে এই বান্ধোন দৃঢ় হৈ থকা গৈ থাকে।
    • কেঁচুৱাই গাখীৰ খাই থকা সময়ত মাকৰ প্ৰজনন ক্ষমতা কমি থকাৰ বাবে সন্তান জন্মৰ ব্যৱধান দীঘলীয়া হয়।
    • মাকৰ গাখীৰ খুৱাই থকাৰ সময়ত জৰায়ু সংকুচিত হৈ সঠিক ৰূপত থাকে।
    • যিসকল মাতৃয়ে সন্তানক নিজৰ গাখীৰ খুৱায় তেওঁলোকৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাথাকে বা কম।
    • শিশুৰ জন্মৰ পৰা এঘণ্টা মানৰ ভিতৰতে মাকৰ গাখীৰ খাবলৈ দিব লাগে আৰু গাখীৰ খুৱাওঁতে ক’লষ্ট্ৰম বা প্ৰথম ডাঠ গাখীৰটো উলিয়াই পেলাব নালাগে৷
    • প্ৰথম ৪ মাহৰ পৰা ৬ মাহলৈ শিশুক সঘনাই স্তনপান কৰাই থাকিব লাগে।
    • তাৰ পিছত শিশুক শৰীৰৰ প্ৰয়োজনীয় উপাদান পুষ্ট খাদ্য খুৱালেও লগতে দুবছৰলৈ স্তনপান কৰাই থাকিব লাগে।
    • কেঁচুৱাক সঘনাই বা যেতিয়া বিচাৰে তেতিয়াই স্তনপান কৰাব লাগে। এনে কৰিলে গাখীৰৰ উৎপাদন বাঢ়ে।
    • সকলো ধৰণৰ পৰিপোষক মজুত থকা খাদ্য গৰ্ভৱতী অৱস্থা আৰু স্তনপান কৰাই থকাৰ সময়ত পৰ্য্যাপ্ত পৰিমাণে খাব লাগে৷
    • দুগ্ধপান কৰাই থকাৰ সময়ত ধপাত, (চোবাই খোৱা বা সেৱন কৰা) মাদক দ্ৰব্য, নিচাযুক্ত দৰৱ ইত্যাদিৰ পৰা বিৰত থাকিব লাগে৷
    • স্তনপানৰ উপকাৰিতা আৰু প্ৰয়োজনৰ বিষয়ে পৰিয়ালৰ সকলোৱে অৱগত হোৱা উচিত৷

    কেঁচুৱাক ৬ মাহৰ পৰা দিবলগীয়া অন্য খাদ্যসমুহ

    1. শিশুৰ ৬ মাহৰ পিছত অকল মাকৰ গাখীৰে শৰীৰক লগা প্ৰয়োজন পূৰাব নোৱাৰে৷
    2. সেইকাৰণে ৬ মাহৰ পৰা শিশুক মাকৰ গাখীৰৰ লগতে গোটা বা জুলীয়াকৈ প্ৰ’টিন, চৰ্বী, কাৰ্বহাইড্ৰেট, কেলছিয়াম, লৌহ আদি মজুত থকা আহাৰ খুৱাব লাগে।
    3. কেঁচুৱাক যদি প্ৰয়োজনীয় উপাদানসমূহৰ কথা চিন্তা চৰ্চা কৰি আহাৰ খুউৱা হয় সেই শিশু অপুষ্টিত (মালনিউট্ৰিচন) ভোগাৰ পৰা ৰক্ষা পৰে।
    4. শিশুক আহাৰ বা খাদ্য খুউৱাৰ সময়ত খাদ্য পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰি তৈয়াৰ কৰা হৈছে নে নাই ইত্যাদি কথাবোৰ মন কৰিব লাগে, নহ’লে শিশুৰ ডায়েৰীয়া আদি হব পাৰে।
    • শিশুৰ ৬ মাহৰ পৰা অকল মাকৰ গাখীৰে শিশুৰ প্ৰয়োজন পূৰাব নোৱাৰে।
    • ৬ মাহৰ পৰা শিশুক মাকৰ গাখীৰৰ লগতে গোটা আহাৰ, ফলৰ ৰস ইত্যাদিও দিব লাগে
    • কেঁচুৱাক গোটা বা অন্যধৰণৰ আহাৰ খুউৱাৰ পলম কৰিব নালাগে।
    • কম খৰছত ঘৰতে তৈয়াৰ কৰা আহাৰ যেনে লুথুৰী, কল, গাখীৰ, সিজোৱা আলু, কণী ইত্যাদি কেঁচুৱাক খুৱাব লাগে।
    • ৰাতিপুৱাৰ পৰা ৰাতিৰ ভিতৰত ৫-৬ বাৰ মানকৈ কেঁচুৱাক খুৱাব লাগে।
    • ফলৰ ৰস আৰু ভালদৰে সিজোৱা পাচলি চেকি লৈ ৰস খুৱাৱ লাগে।
    • খাদ্য প্ৰস্তুত কৰাৰ সময়ত আৰু শিশুক খুউৱাৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্যসন্মত তাৰ অক্ষুন্ন থাকে তালৈ লক্ষ্য ৰাখিব লাগে।

    মাতৃদুগ্ধই প্ৰয়োজন পূৰাব নোৱাৰিলে কি কৰা উচিত?

    যদি শিশুৱে মাকৰ গাখীৰ নাপায় তেতিয়া যিকোনো উপায়েৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগাত পৰে। গৰুৰ গাখীৰত পানী মিহলাই খুৱাব লাগে নাইবা কেঁচুৱাৰ কাৰণে বিশেষভাৱে বনোৱা টেমাৰ গাখীৰ খুৱাব লাগে।

     

    • কেঁচুৱাক খুউৱাৰ আগতে গাখীৰ ভালদৰে উতলাব লাগে।
    • কেঁচুৱাক খুউৱাৰ সময়ত গাখীৰত সম পৰিমাণৰ পানী মিহলাব লাগে৷
    • শিশুৰ জন্মৰ ৪ সপ্তাহৰ পৰাহে ডাঠ গাখীৰ খুৱাব পৰা যায়৷
    • কেঁচুৱাই গৰু, ম’হ, ছাগলী ইত্যাদি জন্তুৰ গাখীৰৰ পৰা লৌহ আৰু খাদ্যপ্ৰান গ পায়৷
    • ১২০-১৮০ মিলিলিটাৰ গাখীৰত ১ চাহচামুচ চেনী মিহলাই দিনটোত ৬ৰ পৰা ৮ৰ বাৰ মান কেঁচুৱাক খুৱাব লাগে৷
    • শিশুক কমাৰ্চিয়েল ইনফেন্ট ফৰমূলা মতে গাখীৰ খুৱাব লগীয়া হ’লে টিং বা টেমাটোৰ ওপৰত মাৰি থোৱা খুউৱাৰ নিয়মাৱলীখিনি ভালদৰে উতলাই লৈ বীজাণুমুক্ত কৰি লব লাগে৷
    • শিশুক প্ৰয়োজনতকৈ বেচি কেতিয়াও খুৱাব নালাগে। টিনৰ খাদ্য খোৱা শিশুক অতি মাত্ৰা আহাৰে মেদবহুলতাৰ সৃষ্টি কৰে। সেইকাৰণে টিনৰ খাদ্য নিয়ম অনুসৰিহে খুৱাব লাগে৷
    • কম খৰছত সহজতে ঘৰতে তৈয়াৰ কৰা খাদ্য শিশুৰ উপযোগী খাদ্য। এইবোৰ লুথুৰী, ভীম কল, গাখীৰ, সিজোৱা আলু ইত্যাদি। যিসকলে পাৰে তেওঁলোকে অৱশ্যে বজাৰত কিনিবলৈ পোৱা চেৰেলেক, নেষ্টাম, ফেৰেক্স ইত্যাদি খাদ্যৰ কেঁচুৱাক খুৱায়৷

    শিশু আৰু কৈশোৰ অৱস্থাৰ ল’ৰা-ছোৱালীক সুস্বাস্থ্য নিৰোগী হৈ থাকিবলৈ পৰ্য্যাপ্ত পৰিমানে সঠিক আৰু সুষম আহাৰ খোৱা উচিত

    • এটা শিশুৰ সুস্থ বৃদ্ধি আৰু বিকাশৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজন। এই পুষ্টিকৰ খাদ্যত যাতে প্ৰয়োজনীয় আটাইবোৰ পৰিপোষক সমান মাত্ৰাত থাকে তালৈ লক্ষ্য ৰাখিব লাগে।
    • শিশুক যথেষ্ট পৰিমানে মাংসসাৰ, খনিজ, লৱণ, খাদ্যপ্ৰান যুক্ত খাদ্য খুৱালে বয়সস্থ অৱস্থাত খাদ্যজনিত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
    • সচৰাচৰ দেখা দিয়া সংক্ৰামক ৰোগ আৰু অপুষ্টিৰ ফলত শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট বঢ়া দেখা যায়।
    • কোনো ৰোগৰ আক্ৰমণৰ পিছত শিশুৰ শাৰিৰীক অৱস্থা উন্নত কৰিবলৈ শিশুৰ খোৱাত বিশেষভাৱে যত্ন ল’ব লাগে।

    কেলছিয়াম সমৃদ্ধ খাদ্য খোৱা উচিত

    • কেলছিয়ামে শৰীৰৰ হাড় গঠনত সহায় কৰে।
    • অষ্টিঅ’পৰচিচ নামৰ বেমাৰ বিধ ( হাড়ৰ গঠন শুকাই যোৱা ) কেলছিয়ামৰ অভাৱ হ’লে হয়।
    • মহিলাসকলৰ ক্ষেত্ৰত অষ্টিঅ’পৰচিচ নামৰ ৰোগবিধ সচৰাচৰ দেখা এবিধ ৰোগ।
    • শিশু অৱস্থাত, প্ৰাপ্তবয়ষ্ক অৱস্থাত, গৰ্ভৱতী অৱস্থাত আৰু শিশুক স্তনপান কৰাই থকা অৱস্থাত প্ৰচুৰ পৰিমানে কেলছিয়াম সমৃদ্ধ খাদ্য খোৱা উচিত।
    • গাখীৰ, দৈ, পনিৰ, মটৰ, বীন আদিতে যথেষ্ট পৰিমানে কেলছিয়াম পোৱা যায়।
    • নিয়মিত ব্যায়ামে শৰীৰৰ হাড়ৰ পৰা কেলছিয়াম ক্ষৰণ হোৱাৰ পৰা ৰক্ষা কৰে।
    • শিশুক মাকৰ গাখীৰৰ উপৰিও দাইলৰ পানী, কোমলকৈ সিজোৱা মাহজাতীয় খাদ্য আদি কম পৰিমাণত দিব পাৰি।
    • ইয়াৰ উপৰিও শিশুক শাক-পাচলি সিজাই চেকি ৰস উলিয়াই খুৱাব লাগে লগতে বতৰৰ ফলৰ ৰস উলিয়াইও শিশুক খুৱাব লাগে।
    • শিশু আৰু কৈশোৰ অৱস্থাত ল’ৰা-ছোৱালীক পৰ্য্যাপ্ত পৰিমাণে গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য খুৱাব লাগে।
    • অতিমাত্ৰা খুউৱা আৰু একেবাৰে নুখুউৱা দুইটা কামৰ পৰাই বিৰত থাকিব লাগে।

    বেমাৰৰ সময়ত

    • বেমাৰৰ সময়ত শিশুক কেতিয়াও অনাহাৰে ৰাখিব নালাগে।
    • সেউজীয়া শাক-পাচলি সিজাই পিটিকা কৰি লোৱা, দাইলৰ পানী, শক্তিবৰ্দ্ধক চিৰিয়েল চাগু, বাৰ্লি, মাহজাতীয় শস্য ইত্যাদি শিশুক খুৱাব লাগে।
    • শিশুক কম পৰিমাণে কিন্তু ঘনাই ঘনাই খুৱাব লাগে।
    • শিশুক মাকৰ গাখীৰ খুৱাই থাকিব লাগে।
    • বেমাৰৰ সময়ত যথেষ্ট পৰিমানে পানী বা তেনে জুলীয়া আহাৰ খুৱাব লাগে।
    • ডায়েৰীয়া হৈ থাকিলে শৰীৰত পানীৰ পৰিমাণ কমি যায় আৰু তাকে ডিহাইড্ৰেচন হোৱা বুলি কয়। ডিহাইড্ৰেচন ৰোধ কৰিবৰ হ’লে আজিকালি পোৱা অৰেল ডিহাইড্ৰেচন চলিওচন  আদি শিশুক খুৱাব লাগে।

    সেউজীয়া শাক-পাচলি, তৰকাৰী আৰু ফল পৰ্য্যাপ্ত পৰিমাণে খোৱা উচিত

    • আমি সচৰাচৰ খোৱা খাদ্যত সঁতেজ পাচলিৰ ব্যৱহাৰ হোৱা উচিত তাকে সুন্দৰকৈ জুতি লগাই ৰান্ধি ল’ব লাগে। বতৰৰ ফল মূল আদি নিয়মিতভাৱে খাব লাগে৷
    • তৰি তৰকাৰী ফল-মূল আদিত প্ৰচুৰ পৰিমানে মাইক্ৰনিউট্ৰেয়েন্ট পোৱা যায়।
    • সেউজীয়া শাক-পাচলি, হালধীয়া আৰু কমলা ৰসৰ পাচলি আৰু ফল মূলে আমাৰ শৰীৰটোক অপুষ্টি আৰু কিছুমান বেমাৰ যেনে গ্ৰহনী আদি ৰোগৰ পৰা ৰক্ষা কৰে।

    খাদ্যপ্ৰান ক সমৃদ্ধ খাদ্য খোৱা উচিত

    • চকুৰ দৃষ্টিশক্তি অটুট ৰাখিবলৈ খাদ্যপ্ৰান ক ৰ প্ৰয়োজন৷
    • খাদ্যপ্ৰান ক ৰ অভাৱত কুকুৰী কণা ৰোগ হয় আৰু চকুৰ বিভিন্ন ধৰণৰ ৰোগ হ’ব পাৰে৷
    • খাদ্যত খাদ্যপ্ৰান ক ৰ বিশেষ অভাৱ ঘটিলে ল’ৰা-ছোৱালী অন্ধও হৈ যাব পাৰে৷
    • শিশু অৱস্থাত দেখা দিয়া ডায়েৰীয়া মিজিলচ উশাহ লোৱাত কষ্ট ইত্যাদি নানা ধৰণৰ বেমাৰ খাদ্যপ্ৰান ক ৰ উচিত ব্যৱহাৰে কমাই আনে৷
    • গাখীৰ, কণী, ছাগলীৰ লিভাৰ, মাংস, হাঁহ-কুকুৰাৰ মাংস আদি হৈছে খাদ্যপ্ৰান ক সমৃদ্ধ খাদ্য৷
    • উদ্ভিজ খাদ্যত খাদ্যপ্ৰান ক কমলা, হালধীয়া ৰূপেও ইয়াক কেৰাটিন বোলা হয়। মানৱ দেহত খাদ্যপ্ৰান ক ৰ মূখ্য উৎস্য হৈছে বিটা কেৰটিন যাক শৰীৰে ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা ভিটামিন এলৈ ৰূপান্তৰিত কৰি ল’ব পাৰে৷
    • গাঢ় সেউজীয়া শাক-পাচলি যেনে ড্ৰামষ্টিকৰ পাত, অমৰা, মেথি, পালেং ইত্যাদি আৰু হালধীয়া কমলা ৰঙৰ পাচলি আৰু ফল--মূল যেনে গাজৰ, ৰঙালাউ, আম, অমিতা, কমলা ইত্যাদি হৈছে কে’ৰটিন যুক্ত খাদ্য।
    • সদায় গ্ৰহণ কৰা খাদ্য তালিকাত সেউজীয়া শাক-পাচলিৰ অন্তৰ্ভূক্তি অতি আৱশ্যকীয়৷
    • যিমান পৰা সিমান অন্য পাচলিও প্ৰতিদিনে খোৱা উচিত৷
    • সঁতেজ আৰু কেঁচা পাচলি যেনে তিয়হ, বিলাহী, গাজৰ, পাত, ধনীয়া ইত্যাদিৰে চালাড বনাই সদায় খাদ্যৰ লগত গ্ৰহণ কৰিব লাগে৷
    • পৰিয়ালৰ প্ৰয়োজন পূৰাবৰ কাৰণে ঘৰতে এই শাক-পাচলিৰ খেতি কৰিব লাগে
    • পৰিষ্কাৰ-পৰিচ্ছন্নকৈ আৰু বিধিসন্মতভাৱে ৰন্ধা শাক-পাচলি কেঁচুৱাকো বিনা বাধাই খুৱাব পৰা যায়।

    ৰন্ধনত ব্যৱহূত তেল আৰু মাংসজাতীয় খাদ্য সদায় এটা নিয়মত কম পৰিমাণে আৰু বনস্পতি ঘিউ, মাখন ইত্যাদি কেতিয়াবা কাচিত হে ব্যৱহাৰ কৰিব লাগে।

    • চৰ্বী বা তেলৰ প্ৰধান কাম হৈছে শৰীৰক শক্তিৰ যোগান ধৰা। আৰু ই মানুহৰ ভোক পলুৱায়, তৄপ্তি দিয়ে।
    • চৰ্বীয়ে শৰীৰত প্ৰয়োজনীয় স্নেহ এচিডৰ যোগান ধৰে আৰু চৰ্বীত দ্ৰৱনীয় ভিটামিনবোৰ শৰীৰলৈ কঢ়িয়াই নিয়াত সহায় কৰে৷
    • শৰীৰৰ কোষত সঞ্চিত হৈ থকা চৰ্বীবোৰে শৰীৰটোক বিপদমুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰে৷
    • অধিক কেলৰি’যুক্ত খাদ্য খালে শৰীৰত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডচৰ মাত্ৰা বাঢ়ে৷
    • অতিৰিক্ত চৰ্বীযুক্ত খাদ্য খালে মেদবহুলতা, হৃদযন্ত্ৰৰ অসুখ, ষ্ট্ৰক কেঞ্চাৰ আদি হোৱাৰ অধিক সম্ভৱনাই দেখা দিয়ে৷
    • অত্যাধিক চৰ্বীযুক্ত খাদ্য খোৱাৰ পৰিণাম শৰীৰত শিশু অৱস্থাৰ পৰাই দেখা দিয়ে।
    • শৰীৰৰ প্ৰয়োজন অনুসৰিহে চৰ্বীযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে।
    • ৰন্ধনৰ কাৰণে ব্যৱহাৰ কৰা তেলৰ উৎস কেবাটাও হ’ব লাগে।
    • ঘি, মাখন আৰু বনস্পতিৰ ব্যৱহাৰ সীমিত পৰিমাণত কৰিব লাগে৷
    • লিন’লেনিক এচিড যুক্ত খাদ্য যেনে মাহজাতীয় শস্য, সেউজীয়া শাক, মেথি আৰু সৰিয়হ খাব লাগে
    • মাংসতকৈ ( ছাগলী বা হাঁহ কুকুৰা) মাছহে অধিক পৰিমাণত খাব লাগে। আৰু মাংস খাওঁতে লিভাৰ, কিডনি, মগজু আদি বাদ দিহে মাংস খোৱা উচিত।

    অত্যাধিক ওজন আৰু শৰীৰৰ মেদ বহুলতা দূৰ কৰিবৰ কাৰণে প্ৰয়োজনতকৈ বেচি আহাৰ খোৱা অনুচিত। শৰীৰ সুস্থ আৰু শাৰিৰীক ওজন সঠিক মাত্ৰাত ৰাখিবলৈ শাৰিৰীক কচৰৎৰ অতি প্ৰয়োজন।

    নিমখ কম পৰিমাণে খাব লাগে

    • শৰীৰত থকা সৰহভাগ ছডিয়াম কোষৰ বাহিৰত জুলীয়া অংশত পোৱা হয়৷
    • শৰীৰত মাংসপেশীৰ সংকোচন আৰু কোষৰ আৱৰণীৰ ভেদ্যতা নিয়ন্ত্ৰণ কৰাত আৰু শৰীৰৰ পানীৰ ক্ষমতা ৰক্ষা কৰাত ছডিয়ামৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷
    • শৰীৰত ছডিয়ামৰ ভাৰসাম্যতা কিডনিৰ দ্বাৰা সম্পন্ন হয়৷
    • বেচিকৈ নিমখ খালে উচ্চ ৰক্তচাপ আৰু ষ্ট’মাক কেঞ্চাৰ হোৱাৰ সম্ভৱনা থাকে৷
    • সকলো খাদ্যতে যিহেতু ছডিয়াম থাকেই সেইকাৰণে খোৱাৰ সময়ত ছডিয়াম সামান্য পৰিমানেহে খাব লাগে৷
    • পটাছিয়াম খাই শৰীৰত ছডিয়ামৰ সমতা ৰক্ষা কৰিব পাৰি৷
    • সৰুৰে পৰাই কম পৰিমানে নিমখ খোৱাৰ অভ্যাস কৰিব লাগে৷
    • কম নিমখেৰে খাদ্য জুতি লগাই খোৱাৰ অভ্যাস কৰিব লাগে৷
    • সংৰক্ষিত আৰু প্ৰচেচজড খাদ্য যেনে পাপৰ, আচাৰ, চচেজ, কেটচুপ, নিমখীয়া বিস্কুট, চিপচ্, চিজ আৰু মাছ ইত্যাদি খোৱাত বাধ্যবাধকতা থাকিব লাগে৷
    • উপযুক্ত পৰিমাণত পটাছিয়াম পাবলৈ হ’লে পৰ্য্যাপ্ত পৰিমানে তৰি তৰকাৰী আৰু ফলমূল খাব লাগে৷
    • সদায় আয়ডাইজদে নিমখ বা আয়’ডিনযুক্ত নিমখহে খাব লাগে৷

    আয়’ডিনযুক্ত খাদ্য বেছিকৈ খাব লাগে/ আয়’ডিনযুক্ত নিমখহে ব্যৱহাৰ কৰিব

    • থায়ৰইড হৰমন গঠনত আয়’ডিনৰ দৰ্কাৰ হয়৷
    • শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে থায়ৰইড হৰমনৰ প্ৰয়োজন৷
    • শৰীৰৰ আয়’ডিনৰ অভাৱ হ’লে গৰল ৰোগ ( থায়ৰইড গ্লেড ডাঙৰ হোৱা ) হয়৷
    • পানী বা খাদ্যত আয়ডিনৰ অভাৱেই আয়’ডিনৰ অভাৱত হোৱা ৰোগসমূহৰ মূল কাৰণ
    • গৰ্ভৱতী অৱস্থাত আয়’ডিনৰ অভাৱ হ’লে মৃত সন্তান প্ৰসৱ, গৰ্ভপাত আৰু ক্ৰিটিনিজিম আদি হ’ব পাৰে৷
    • আয়’ডিনযুক্ত নিমখৰ ব্যৱহাৰে শৰীৰত প্ৰয়োজন হোৱা নিমখৰ পৰিমান বজাই ৰখাত সহায় কৰে

    খোৱা খাদ্য সদায় বিধিসন্মত আৰু পৰিষ্কাৰ পৰিচন্ন হোৱা উচিত

    • শৰীৰ সুস্থ ৰাখিবলৈ সদায় বিপদমুক্ত আৰু উন্নত মানৰ খাদ্য খোৱা উচিত৷
    • বায়ুমণ্ডলত ওপঙি ফুৰা দূষিত পদাৰ্থ, সংক্ৰামক ৰোগৰ বিজাণু, খাদ্যৰ বিষক্ৰিয়া ইত্যাদিয়ে শৰীৰত বেমাৰৰ সৃষ্টি কৰে৷
    • শৰীৰৰ বাবে অনুপযুক্ত খাদ্য খালে খাদ্যৰ বিষক্ৰিয়া হৈ নানা ৰোগৰ সৃষ্টি কৰিব পাৰে৷
    • খোৱাবস্তু সদায় বিশ্বাসযোগ্য স্থানৰ পৰা পৰীক্ষা নিৰীক্ষা কৰিহে কিনিব লাগে৷
    • শাক-পাচলি আৰু ফলমূল কটা বা খোৱাৰ আগতে ভালদৰে ধুই পৰিষ্কাৰ কৰি ল’ব লাগে৷
    • কেচা আৰু ৰন্ধা খাদ্য উপযুক্ত নিয়মেৰে সংৰক্ষণ কৰিব লাগে যাতে সুক্ষ্ম জীৱাণু, কীট-পতঙ্গ, নিগনি ইত্যাদিয়ে খাদ্য দূষিত কৰিব নোৱাৰে৷
    • নষ্ট হ’ব পৰা খাদ্যসমূহ খোৱাৰ সময়লৈকে শীতল কৰি ৰাখিব লাগে৷
    • ঘৰত খাদ্য বস্তু সঞ্চয় কৰা ঠাইডোখৰ সদায় পৰিষ্কাৰ, শুকান আৰু বিধিসন্মতভাৱে ৰাখিব লাগে আৰু নিজেও প্ৰত্যেক ক্ষেত্ৰতে স্বাস্থ্যনীতিসমূহ মানি চলিব লাগে৷

    খাদ্যৰ বিষয়ে বিস্তাৰিত জ্ঞান, নিপুনতা আৰু ৰন্ধনশৈলীৰ বিষয়ে অৰ্হতা থকা উচিত

    • ৰন্ধনৰ যোগেদি কোনো অঞ্চলৰ সংস্কৃতিৰ বিষয়েও জানিব পাৰি কাৰণে ইয়াৰ প্ৰয়োজনীয়তা অধিক
    • কেতিয়াবা বিশ্বাসযোগ্য খাদ্যয়ো শৰীৰৰ পুষ্টি আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে৷
    • ৰন্ধনত ফলত খাদ্য বস্তু কোমল হয় আৰু সহজে হজম হয়, জুতিলগা হয় কাৰণে মানুহৰ খোৱাৰ প্ৰতি ৰুচি বাঢ়ে৷
    • ৰন্ধনৰ ফলত খাদ্যবস্তুত থকা অনুজীৱ বা অন্য বিজাণুসমূহ ধ্বংস হয় আৰু ই খোৱাৰ উপযোগী হৈ পৰে৷
    • ভুল প্ৰনালীৰে খোৱাবস্তু ৰান্ধিলে খাদ্যত থকা পৰিপোষক নষ্ট হোৱাৰ ভয় থাকে৷
    • খুউব উচ্চ তাপত ৰান্ধিলে খাদ্যৰ পৰিপোষক নষ্ট হোৱাৰ উপৰিও শৰীৰৰ বাবে অপকাৰী বস্তুৰহে উৎপন্ন হব পাৰে৷
    • খাদ্যৰ ওপৰত ভুল ধাৰণা কিছুমান সংগ্ৰহ কৰি আকোৰ গজালি মনোভাৱ লৈ থকাৰ পৰা বিৰত থাকিব লাগে৷
    • চাউল, দাইল আদি বাৰে বাৰে ধুই থাকিব নালাগে কাৰণ এনে কৰিলে পানীত দ্ৰৱনীয় খাদ্যপ্ৰানসমূহ নষ্ট হয়৷
    • কটাৰ পিছত শাক-পাচলি কেতিয়াও ধুব নালাগে
    • কটা পাচলি পানীত বেচি সময়লৈ তিয়াই ৰখাতো অনুচিত কাৰণ তেতিয়া পাচলিত থকা খাদ্যপ্ৰান সমূহ পানীত দ্ৰৱীভুত হৈ যায়
    • ৰন্ধনৰ পিছত যদি কেতিয়াবা অতিৰিক্ত পানী ৰৈ যায় তেতিয়া সেই পানী পেলাই দিব নালাগে৷
    • খাদ্যবস্তু ৰান্ধোতে সদায় ঢাকোন মাৰি ৰাখিব লাগে কাৰণ তেতিয়া খাদ্যৰ খাদ্যপ্ৰান আৰু গোন্ধ বায়ুৰ সংস্পৰ্শলৈ আহি নষ্ট হোৱাৰ ভয় নাথাকে৷
    • খাদ্য ৰন্ধনৰ কাৰণে তেলত ডুবাই ভজা বা পোৰাতকৈ ভাপত সিজোৱা পদ্ধতি বেচি ভাল। প্ৰেচাৰ কুকুৰাত ৰন্ধা বস্তুত খাদ্যৰ পৰিপোষক নষ্ট হোৱাৰ ভয় নাথাকে৷
    • গজালি ওলোৱা বুট-মগু ইত্যাদি আৰু পগুৱা খাদ্য বেচিকৈ খোৱাৰ অভ্যাস কৰিব লাগে৷
    • শাক-পাচলি আৰু দাইল, মাহ-জাতীয় খাদ্য আদি ৰান্ধোতে খাৰ ব্যৱহাৰ কৰিব নালাগে, খাৰে পানীত দ্ৰৱণীয় খাদ্যপ্ৰানসমূহ নষ্ট কৰে৷
    • ৰন্ধনৰ পিছত ৰৈ যোৱা তেল বাৰে বাৰে গৰম কৰি থাকিব নালাগে৷

    পানী পৰ্য্যাপ্ত পৰিমাণে খাব লাগে কিন্তু শীতল পানীয় গাখীৰ, চাহ, কফি আদি সীমিত পৰিমাণতহে গ্ৰহণ কৰিব লাগে

    • পানী হৈছে আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পৰিপোষক। পানী নোখোৱাকৈ কোনো জীৱই জীয়াই থাকিব নোৱাৰে৷
    • শৰীৰৰ পিয়াহ দূৰ কৰিবৰ কাৰণে গাখীৰ, চাহ, কফি, শীতল পানীয় আদি দৰ্কাৰী আৰু ই শৰীৰক দৰ্কাৰ হোৱা জুলীয়া পদাৰ্থৰো যোগান ধৰে৷
    • কিছুমান পানীয়ৰ পৰা শৰীৰে পৰিপোষক পায় যদিও কিছুমান পানীয়ই আকৌ শৰীৰত ফূৰ্ত্তিহে আনি দিয়ে
    • শিশুৰ পৰা বুঢ়ালৈকে সকলোৱে খাব পৰা পানীয় বিধ হৈছে গাখীৰ। ই অতি উত্তম আৰু উৎকৃষ্ট পানীয় কাৰণ ইয়াত শৰীৰৰ প্ৰয়োজনীয় প্ৰায় সকলোবোৰ পৰিপোষকেই পোৱা যায়৷

    • প্ৰতিদিনে শৰীৰক প্ৰয়োজন হোৱা পানীৰ পৰিমান পূৰাবলৈ বিশুদ্ধ পানী যথেষ্ট পৰিমানে খোৱা উচিত৷
    • সন্দেহ থাকিলে পানী ভালদৰে উতলাই খাব লাগে৷
    • প্ৰতিদিনে ২৫০ মিলিলিটাৰ উতলোৱা বা পেষ্টুৰাইডডে গাখীৰ খোৱা উচিত৷
    • বজাৰত কিনিবলৈ পোৱা ৰাসায়নিক মিশ্ৰণৰ দ্বাৰা তৈয়াৰী পানীয়তকৈ সতেজ ফলমূলৰ ৰস খোৱাতো শৰীৰৰ কাৰণে শ্ৰেয়৷
    • পাৰিলে মাদক দ্ৰব্য একেবাৰেই পৰিহাৰ কৰিব লাগে, নোৱাৰিলে পৰিমান একেবাৰে সীমিত কৰিব লাগে৷

    প্ৰচেচজড ফুড বা খোৱাৰ কাৰণে প্ৰস্তুত হৈ থকা খাদ্য খোৱাৰ সময়ত বিচাৰ বিবেচনা কৰিহে খোৱা উচিত। চেনী পৰাপক্ষত অতি কমকৈ খাব লাগে।

    • নগৰীয়া সভ্যতাই প্ৰচেচজড ফুডৰ প্ৰতি মানুহৰ আকৰ্ষণ বঢ়াইছে।
    • থলুৱা খাদ্য প্ৰস্তুতকৰণৰ ঠাইত এতিয়া প্ৰচেচজড ফুডৰ চাহিদাহে বেচি হোৱা পৰিলক্ষিত হৈছে৷
    • প্ৰচেচজড ফুডত বিভিন্ন ধৰণৰ ফুড এডিটিভ থাকে৷
    • খুউব বিধিসন্মতভাৱে তৈয়াৰ নকৰিলে প্ৰচেচজড ফুড পৰিপোষকেৰে পৰিপূৰ্ণ নহবও পাৰে
    • ঘৰত তৈয়াৰ কৰা থলুৱা খাদ্য শৰীৰৰ কাৰণে উপকাৰী৷
    • দুপৰীয়া বা ৰাতিৰ আহাৰৰ সময়ত কেতিয়াও প্ৰচেচজড স্নেকচ ফুড খাব নালাগে৷
    • ভালদৰে বিধিসন্মতভাৱে বনোৱা প্ৰচেচজড ফুডহে খাব লাগে৷
    • শৰীৰৰ ওপৰত যাতে ফুড এডিটিভৰ হেঁচা নপৰে তাৰ কাৰণে কম পৰিমানে প্ৰচেচজড ফুড খোৱা উচিত৷
    • সেইকাৰণে কিনিবৰ সময়ত টেমা বা পেকেটৰ ওপৰত লগাই থোৱা লেবেলখন সদায় পঢ়ি চাব লাগে তেতিয়া সেই খাদ্যৰ শৰীৰৰ ওপৰত কি উপকাৰিতা আৰু তাত কি কি এডিটিভ মিহলোৱা আছে সেইকথা গম পোৱা যায়।

    বয়সীয়াল লোকসকলে শৰীৰ সুস্থ আৰু সৱল কৰি ৰাখিবলৈ পৰিপোষকেৰে পৰিপূৰ্ণ খাদ্য খোৱা উচিত

    • বয়সস্থ লোকক শৰীৰত কেলৰীৰ পৰিমাণ কমকৈ লাগে৷
    • খোৱা খাদ্যৰ পৰিমাণ কম হোৱাৰ কাৰণে, শাৰিৰীক ব্যায়াম নোহোৱা কাৰণে আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা কমি যোৱা কাৰণে বয়সীয়াল লোকসকলক সোনকালে বেমাৰে আক্ৰমণ কৰিব পাৰে৷
    • সময়মতে, জোখ মতে খাদ্য গ্ৰহণ কৰিলে আৰু নিয়মিত শাৰিৰীক ব্যায়াম কৰিলে বয়সস্থসকল বেমাৰত পৰাৰ সম্ভৱনা কম হয়৷
    • বয়সস্থসকলক বেচিকৈ কেলছিয়াম, লৌহ, জিংক, খাদ্যপ্ৰান ক আৰু বিজাৰকৰ দৰ্কাৰ তেতিয়া বয়সত হোৱা বেমাৰৰ পৰা আঁতৰি থাকিব পাৰি৷
    • নিজক সুস্থ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ পৰিপোষকেৰে পৰিপূৰ্ণ হৈ থকা খাদ্য খাব লাগে৷
    • শাৰিৰীক ব্যায়ামৰ লগত উপযোগী হোৱাকৈ খাদ্য গ্ৰহণ কৰিব লাগে৷
    • এদিনত শৰীৰক প্ৰয়োজন হোৱা খাদ্যখিনি কেবাটাও ভাগত বিভক্ত কৰি লৈ গ্ৰহণ কৰিব লাগে৷
    • ভজা, নিয়মীত শাৰিৰীক ব্যায়াম কৰাতো অতি দৰ্কাৰী৷
    উৎস: আইএনডিজি দল।

    শেহতীয়া উন্নীতকৰণ: : 3/30/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate