অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ ঔষধি শাক-পাত

অসমৰ ঔষধি শাক-পাত

আগকথা

সুদীর্ঘ চাকৰি কালত ব্রহ্মপুত্র উপত্যকাৰ কেউখন জিলাৰ বহুতো ভিতৰুৱা অঞ্চললৈ যোৱাৰ সৌভাগ্য ঘটিছে। আমাৰ এই যাত্রাবোৰৰ প্রধান উদেশ্য হ’ল কৃষকসকলৰ লগত কৃষি বিষয়ক বিভিন্ন আলোচনা কৰা আৰু তেওঁলোকৰ পথাৰ পৰিদর্শন কৰি যাবতীয় দিহা-পৰামর্শৰে আধুনিক কৃষিৰ সতে চিনাকি কৰি দিয়া। এনেবোৰ আলোচনাত প্রায়ে আমি দুটা বিশেষ কথা কৃষকসকলৰ পৰা জানিব বিচাৰো। প্রথমটো হ’ল-“কৃষি-কর্মত কেনেবোৰ থলুৱা পদ্ধতি তেখেতসকলে প্রয়োগ কৰে।” দ্বিতীয়তে ব্যক্তিগত আগ্রহৰ বাবে সোধো “ব'হাগমাহত এশ এবিধ শাক খাইনে? যদি খাই সেইবোৰৰ নাম আৰু ঠাইতে চিনাকি কৰি দিব পাৰিবনে?” সময়ত এই দুয়োটা প্রশ্নৰ উত্তৰ হিচাপে বহুতো তথ্য গোট খাবলৈ ধৰে। মাজে সময়ে বিভিন্ন কাকত-আলোচনীটো এই বিষয় দুটাৰ ওপৰত লেখা প্রকাশ হোৱা দেখিবলৈ পাওঁ। এনে কিছুমান লেখা আৰু আমি ব্যক্তিগতভাবে সংগ্রহ কৰা তথ্য সমূহ লিপিবদ্ধ কৰি প্রকাশ কৰিবলৈ লওঁতেই ‘এশ এবিধ শাক’ৰ তথ্যখিনিত কিছু অসুবিধা আহি পৰে। সেয়ে আমাৰ সংগ্রহখিনি আৰু সন্মূখীন হোৱা অসুবিধাবোৰ দূৰ কৰাৰ উদেশ্যে এই লেখাটো আগবঢ়োৱা হ’ল যাতে ‘এশ এবিধ শাক’ৰ এখন শুদ্ধ তালিকা আমাৰ হাতত থাকে। ---লেখক

অসম তথা উত্তৰ-পূর্বাঞ্চল জৈৱবৈচিত্র্যৰ বাবে বিখ্যাত। পৃথিৱীৰ জৈৱবৈচিত্র্যত চহকী অঞ্চলসমূহৰ ভিতৰত ভাৰতবর্ষৰ উত্তৰ-পূর্বাঞ্চল অন্যতম। নানানবিধ জীৱ-জন্তুৰ লগতে বিভিন্ন গছ-লতাৰে ইয়াৰ পাহাৰ-ভৈয়াম ভৰপূৰ। বছৰৰ ছয় ঋতুত হাবিয়ে-বননীয়ে গজি উঠা এই উদ্ভিদবোৰৰ বেছি ভাগৰে ঔষধি গুণ আছে, যাৰ বাবে দূৰ অতীজৰেপৰা অঞ্চলটোৰ লোকসকলে এইবোৰ খাদ্য হিচাপে গ্রহণ কৰি আহিছে। বছৰৰ বিভিন্ন সময়ত গ্রহণ কৰাৰ উপৰিও অসমৰ ৰাইজে গৰুবিহু নাইবা সাতবিহুৰ যিকোনো এদিন এনে ঔষধি গুণসম্পন্ন গছ-লতাৰ ‘এশ এবিধ শাক’ খোৱাটো এটা নিয়ম। অৱশ্যে এশ এবিধ শাক সংগ্রহ কৰিব নোৱাৰিলেও সাত বিধ শাক এই সময়ত গ্রহণ কৰে যাৰ বাবে এই পৰম্পৰাক ‘সাতশাকী’ খোৱা বুলি কোৱা হয়। আনহাতে কোনো কোনোৱে ব’হাগ বিহুৰ সাতদিনৰ দিনাহে এইবোৰ শাক খাব লাগে বাবে সাতশাকী বুলি কয়। সি যিকি নহওঁক এইদৰে ব’হাগ মাহত শাক খোৱাটো অসমৰ এক কৌটিকলীয়া পৰম্পৰা আৰু  শাক বোটলা কামটো প্রধানকৈ গাভৰুসকলেই কৰিছিল। সেয়ে এনে বিহুনাম এফাকি ঠায়ে ঠায়ে শুনিবলৈ পাওঁ:

“সাতশাকী বিচাৰি আহ অ’ লগৰী, গুৰি পথাৰলৈ যাওঁ

শাক তোলাৰ ছলতে, গছৰে তলতে হেঁপাহৰ বিহুনাম গাঁও।”

অসমৰ এই পৰম্পৰাৰ বিষয়ে আমি গৌৰৱ কৰোঁ যদিও এনে শাক-পাতবোৰৰ বিষয়ে প্রণালীবদ্ধভাবে অধ্যয়ন কৰা হোৱা নাই। কেতবোৰ উদ্ভিদৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও আন বহুবিধৰ বিষয়ে আমি এতিয়াও নজনাকৈয়ে আছোঁ। এনে হোৱাৰ বিভিন্ন কাৰণ আছে। তাৰ ভিতৰত এই শাক-পাতবোৰ চিনি নোপোৱাতো অন্যতম। আনহাতে সময়ৰ সোঁতত পৰি চিনাকি বহুবোৰ শাক-পাত ক্রমে লুপ্ত হ’বলৈ ধৰিছে। সেয়ে অসমৰ এই সম্পদৰাজি সংৰক্ষণ তথা প্রণালীবদ্ধভাবে অধ্যয়ন কৰা অতি প্রয়োজন হৈ পৰিছে। এনে এক উদেশ্যেৰে অসমৰ ‘এশ এবিধ শাক’ৰ তালিকা এখন যুগুতাই উলিয়াবলৈ কিছু দিনৰ পৰা চেষ্টা কৰি আছোঁ। কিন্তু তাকে কৰিবলৈ যাওঁতে কিছু অসুবিধাই দেখা দিছে।  উদাহৰণ স্বৰূপে আমাৰ সংগ্রহত থকা তালিকাখনত এনে কিছুমান উদ্ভিদৰ নাম সোমাই পৰিছে যিবোৰ অসমৰ থলুৱা নহয়, তুলনামূলকভাবে নতুন। তেনে এবিধ উদ্ভিদ হ’ল ছয়াবিন। কোনো কোনোৱে এইবিধ উদ্ভিদ ‘এশ এবিধ শাক’ত খোৱাৰ কথা কোৱাৰ লগতে কেতবোৰ লেখাটো উল্লেখ কৰা দেখিছো। সেইদৰে প্রকাশিত লেখাত অশোক ফুল তালিকাভূক্ত হোৱা দেখা গৈছে যদিও গঞা ৰাইজৰ মূখত এইবিধৰ নাম শুনা নাছিলো। আনহাতে কিছুমান উদ্ভিদৰ নাম ঠাই বিশেষে সুকীয়া। এনে অসুবিধাবোৰৰ লগতে বহুবিধৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম নজনাৰ বিপৰীতে কেতবোৰৰ একাধিক নাম দেখা গৈছে। এনে হ’লেও তালিকাখন শুদ্ধ নহ’ব। উদাহৰণ হিচাপে বাহক, বগাবাহক, তিতাবাহক একেবিধ উদ্ভিদ যাৰ ইংৰাজী নাম Malabar Nut আৰু বৈজ্ঞানিক নামJasticia adhatoda Syn. Adatoda vasica। কিন্তু বিশল্যকৰণী (Jasticia gendarussa Syn Gendarussa vulgaris ) নামৰ উদ্ভিদবিধক তিতাবাহকৰ আন এক নাম বুলি www.flowersofindia.net ত উল্লেখ কৰা দেখিলোঁ। আনহাতেwww.assamplants.com  নামৰ ৱেব ছাইটটোত Bisalyakarani আৰু Bishalyakarani নামৰ দুটা নাম আছে যি দুটাৰ বিপৰীতে বৈজ্ঞানিক নাম দিয়া আছে ক্রমে Eupatorium triplinerve Vahl আৰু Amaranthus tricolor L. vartristis (Prain) Nayar । তদুপৰি এই ছাইটটোত Jasticia gendarussa ৰ অসমীয়া নাম দিয়া হৈছে Jatrasiddhi, Jeora-goch। অথচ আন বহু লেখাত বিশল্যকৰণী বুলি পোৱা যায়। আমোদজনকভাবে Ixora  নামৰ ফুলগছজোপাকে অশোক বুলি কোৱা বহুলোক পাইছো।

এনেবোৰ কাৰণত ‘এশ এবিধ শাক’ৰ শুদ্ধ তালিকা এখন প্রস্তুত কৰিব পৰা হোৱা নাই। সেয়ে আমাৰ সংগ্রহৰ পৰা যুগুতাই উলিওৱা অসম্পূর্ণ তালিকাখন “সেউজী ধৰণী”ত উপলব্ধ কৰা হ’ল যাতে শুদ্ধ ৰূপৰ সম্পূর্ণ তালিকা এখন প্রস্তুত হৈ উঠে। আশা কৰোঁ বিজ্ঞজনে এই কামত সঁহাৰি জনাই আমাৰ ‘এশ এবিধ শাক’ৰ শুদ্ধ তালিকা এখন প্রস্তুত কৰি তোলাত সহায় কৰিব।

এশ এবিধ শাকৰ এখন অশুদ্ধ আৰু অসম্পূর্ণ তালিকা

ক্রমিক নং

নাম

ছবি

Assamese: অমৰা ফুল

English: Indian Hog plum

Botanical: Spondius pinnata (L. f.) Kurz.

Assamese:অমিতা ফুল

English: papaya

Botanical: Carica papaya

Assamese: অশোক ফুল

English: Ashoka

Botatical: Saraca indica

Assamese: আগৰা

English: Common cocklebur

Botanical: Xanthium strumarium L

 

Assamese:আগেজলা

English:?

Botanical:?

 

Assamese:আদা

English: Ginger

Botanical: Zingiber officinale

 

 

 

Assamese:আনাৰসৰ কোঁহ

English: Pineapple

Botanical: Ananas comosum

 

 

 

Assamese:আমৰ মল

English: Mango

Botanicl: Mangifera indica

 

Assamese আৰফুল

English:?

Botanical: ?

১০

Assamese ইন্দ্রযৱ

English:?

Botanical:?

১১

Assamese ওলকচু

English: Elephant Yam

Botanical: Amorpophyllus campanulatus, A. paeoniifolius, A. bulbefer

১২

 

 

 

 

 

Assamese: কচুশাক

English: Arum

Botanical: Colocasai esculenta L

১৩

 

 

Assamese কঁঠালৰ মুচি

English: Jack fruit

Botanical: Artocarpus heterophyllus

১৪

 

 

Assamese কলপচলা

English: Banana

Botanical: Musa balbisiana

১৫

 

 

Assamese কলমৌ শাক

English: Water spinach

Botanical: Ipomea aquatic Frosk

১৬

 

 

Assamese: কর্দৈৰ পাত

English:Carambola

Botanical: Averrhoa carambola

 

১৭

Assamese:কাঁচিপকা

English:?

Botanical:?

১৮

 

 

 

Assamese: কাঠআলুৰ পাত

English: White Yam

Botanical: Dioscornia alata

 

১৯

Assamese: কুকুৰাঠেঙীয়া

English: Bandicot berry

Botanical: Leea indica

২০

 

 

Assamese: কেঞাবন

 

English: Nut grass

 

Botanical: Kyllinga monocephala

 

২১

Assamese: কেৰেলা পাত

 

English: Bitter gourd

 

Botanical: Momordica charantia

২২

Assamese:কোমোৰা পাত

 

English: Ash gourd

 

Botanical: Benincasa hispida

২৩

Assamese:খুতৰা শাক

 

English: ?

 

Botanical: Amaranthus viridis

২৪

 

 

Assamese:গাখীৰতী

 

English: Milky herb

 

Botanical: Euphorbia hirta

২৫

 

 

Assamese:গৰুখিচ

 

English: Wild strawberry

 

Botanical: Fragaria indica

 

 

ক্রমিক নং

নাম

ছবি

২৬

 

 

 

Assamese: চজিনা পাত

English: Drum stick

Botanical: Moringa oleifera

২৭

 

 

Assamese: চালকুঁৱৰী আগ

English: Aloe

Botanical: Aloe vera

২৮

 

 

 

 

 

Assamese:চিৰতা পাত

English:?

Botanacal: Swertia chirata

২৯

 

 

 

Assamese:চুকাশাক

English: Sorrel

Botanical: Rumex vesicarius

৩০

 

 

 

 

Assamese:চেংমৰা/ চেঙামু

English: Spiny arum

Botanical: Lasia spinosa

 

৩১

 

 

 

 

Assamese: চোৰাতপাতৰ কোঁহ

English: Neetle

Botanical: Urtica dioica

 

৩২

 

 

 

Assamese: জবাফুল

English: China rose

Botanical: Hibiscus rosa-sinensis

৩৩

 

 

Assamese: জলকীয়া পাত

English: Chilli

Botanical: Capsicum annum

৩৪

Assamese: জল কুঁৱৰী

English:?

Botanical:?

৩৫

 

 

 

 

Assamese: জৱেত্ৰী/ জয়ন্তী

English: Egyptian pea

Botanical: Sesbania sesban

৩৬

 

 

Assamese: জাতিলাউ পাত

English: gourd Bottle

Botanical: Lagenaria siceraria

 

৩৭

 

 

Assamese: জালুকপাত

English:Black pepper

Botanical: Pepper nigrum

৩৮

 

 

 

Assamese: জিকা পাত

English: Ridge gourd

Botanical: Luffa acutangula

৩৯

 

 

 

 

Assamese: জিলমিল

English: Pigweed

Botanical: Chenopodium album

৪০

 

Assamese: জেটুলীপকা পাত

English:Wild respberry

Botanical: Rubus moluccanus

 

৪১

 

 

Assamese: জ্যেষ্ঠমধু পাত

English: Licorice

Botanical: Glycyrhiza glabra

৪২

 

 

 

Assamese: টিকনি বৰুৱা

English: Pickly ivys

Botanical: Similex perfoliata

৪৩

 

 

 

Assamese: টুবুকী লতা/ টুপুৰী লতা

English:

Botanical: Stephania elegans

S. hernaudifolia

৪৪

 

 

Assamese: টেঙামৰা

English: Rozella

Botanical: Hibiscus subdariffa

৪৫

 

 

 

Assamese: টেঙেচি টেঙা

English: Wood sorrel

Botanical: Oxalis repens

 

৪৬

 

 

 

Assamese: ঢেঁকীয়া

English: Fern

Botanical: Polypodium spp

৪৭

 

 

 

Assamese: ঢেঁকীয়ালতি

English: Maidenhair creeper

Botanical: Lygodium flexunsum

৪৮

Assamese: তৰা গজালি

English: ?

Botanical: ?

৪৯

Assmaese: তেলীকচু

English: ?

Botanical: ?

৫০

 

 

Assamese: তিতাকুচি

English: ?

Botanical: Solanum spairale

 

৫১

 

 

 

Assamese: তিতাফুল/ ৰাম বাহক/ ৰঙা বাহক

English:

Botanical: Phlogacanthus curviflorus

`

৫২

 

 

 

Assamese: তিতাবাহক/ তিতাকুচি/বগা বাহক

English:Malbar nut

Botanical: Justicia adhatoda syn Adatoda vasica

 

৫৩

 

 

 

 

Assamese: তিঁয়হ পাত

English: Cucumber

Botanical: Cucumis sativus

 

৫৪

 

 

 

Assamese: তিল পাত

English:Sesame

Botanical: Sesamum indicum

৫৫

 

 

 

Assamese: তুলসী পাত

English: Basil

Botanical: Ocimum sanctum

 

ক্রমিক নং

নাম

ছবি

৫৬

 

 

 

Assamese:থেৰেজু পাত

English:

Botanical:Prunus jenkinisii

৫৭

 

 

 

 

Assamese:দহি কচু

English:

Botanical: Alocasia odora

 

৫৮

 

 

 

Assamese:দাংবদি/ লেছেৰা মাহ

English: Cowpea

Botanical: Vigna sinensis

৫৯

 

 

 

 

 

Assamese:দুপৰ টেঙা

English: Sprout leaf

Botanical: Bryophyllum pinnatum

৬০

 

 

 

Assamese:দূবৰি বন

English: Dog grass

Botanical: Cynodon dactylon

৬১

Assamese:দূর্লভা

English:

Botanical:

৬২

 

 

Assamese:দোৰোণশাক/দুৰুম/ দ্রুণ

English:

Botanical: Leucas aspera

৬৩

 

 

 

 

Assamese:ধতুৰা

English: Thron apple

Botanicatl: Datura stramonium

৬৪

 

 

Assamese:ধনিয়া/মেমেধু

English: Coriander

Botanical: Coriandrum sativum

৬৫

 

 

Assamese:ধুন্দুলি পাত

English: Snake gourd

Botanical: Trichosanthes anguina

৬৬

Assamese: ধেপাই তিতা

English:

Botanical:

৬৭

 

Assamese: নৰসিংহ

English: Curry leaf

Botanical: Murraya koenigii

৬৮

Assamese:নল টেঙা

English:

Botanical:

৬৯

 

 

 

 

Assamese:নহৰু পাত

English: Garlic

Botanical: Allium sativum

৭০

 

Assamese:নিলাজী বন

English: Sensitive plant

Botanical: Mimosa pudica

৭১

 

 

 

Assamese: নীলকণ্ঠ

English: Blue fox tail

Botanical: Ecbolium linneanum

৭২

Assamese: নেওঠনীয়া /নেওঠনী

English:

Botanical: Portulaca grandiflora

৭৩

 

 

Assamese: নেফাফু

English:

Botanical:Clerodendrum colebrookianum

 

৭৪

 

 

 

Assamese: নুনি পাত

English: Mulberry

Botanical: Morus alba

 

৭৫

 

 

Assamese:পচতীয়া

English:

Botanical: Vitex pentaphylla

৭৬

 

 

Assamese: পটল পাত

English: Pointed gourd

Botanical: Trichosanthes dioica

৭৭

 

 

 

Assamese:পদিনা

English: Mint

Botanical: Mentha viridis

৭৮

 

 

Assamese:পনৌনৌৱা/ পূর্ণনৱা

English: Hog weed

Botanical: Peperomia pellucida

৭৯

Assamese:পাতি সোন্দা

English:

Botanical:

৮০

 

 

Assamese: পানী কচু

English:

Botanical: Sagittaria trifolia

৮১

 

Assamese:পানী কলা

English:

Botanical: Ottelia alismoides

৮২

 

 

Assamese: পালেং

English: Spinach

Botanical: Spinacea oleracia

৮৩

Assamese:পিপলি

English: Long pepper

Botanical: Piper longum

৮৪

Assamese: পিৰালি কুঁৱৰী

English:

Botanical:

৮৫

 

Assamese: পিৰালি পালেং

English: Garden spinach

Botanical: Talinum triangulare

৮৬

 

 

 

Assamese: পিঁয়াজপাত

English: Onion

Botanical: Allium cepa

৮৭

 

 

Assamese: পুৰৈশাক

English: Malabar nightshade

Botanical: Basella rubra, Basella alba

৮৮

Assamese: বকফুল

English: White dragon tree

Botanical: Sesbania grandiflora

৮৯

 

 

 

 

Assamese: বন জলকীয়া

English: Wild chilli

Botanical: Clematis cadmia

 

৯০

Assamese: বন জালুক

English: Wild pepper

Botanical: Oldenlandia diffusa, O. corymbosa


ক্রমিক নং

নাম

ছবি

৯১

 

 

Assamese: বন ধনিয়া

English: Sweet leaf

Botanical: Scopuria dulcis

৯২

 

 

 

Assamese: বৰটেঙেচি

English: Irish shamrock

Botanical: Oxalis corymbosa

৯৩

 

Assamese: বৰথেকেৰা পাত

English: Cowa (?)

Botanical: Garcinia paniculata

৯৪

 

 

Assamese: বৰালি বুকুৱা

English:

Botanical: Pouzolzia zeylanica, P. indica

৯৫

 

Assamese:বৰিয়াল/বৰবৰিয়াল/

সোণবৰিয়াল

English:  Broom jute

Botanical: Sida cordifolia

৯৬

 

Assamese: বর্হমথুৰি/ বৰমথুৰি

English: Lipstick champa

Botanical: Magnolia hodgsonii, Talauma hodgsonii

৯৭

Assamese: বাঘ আঁচোৰা

English:

Botanical: Smilax zeylanica,Caesalpinia cuculata

৯৮

 

Assamese: বাবৰি/ বালি বাবৰি

English:

Botanical: Myriactis javanica

৯৯

 

 

Assamese: বিলাহী পাত

English: Tomato

Botanical: Lycopersicon esculentum

১০০

Assamese: বিয়নী সাবটা

English:

Botanical:Desmodium velutinum

১০১

 

Assamese: বিশল্যকৰণি/ তিতাবাহক / তিতাখাৰি

English:

Botanical:  Jasticia gendarussa SynGendarussa vulgaris

১০২

Assamese: বিহলঙনি

English:

Botanical: Polygonum glabrum , P. orientale

১০৩

 

Assamese:বৃন্দাবন

English: Copper leaf, Joyweed

Botanical: Telanthera ficoidea, Achyranthes ficoidea

১০৪

 

Assamese: বেঙেনা(কোটাহি)

English:

Botanical: Solanum khasianum

১০৫

Assamese: বেঙেনা(খৰুৱা)

English: Brinjal

Botanical: Solanum melongena

১০৬

 

Assamese: বেতগাজৰ পাত

English: Cane

Botanical: Calamus viminalis, V. rotang

১০৭

 

Assamese: ব্ৰাহ্মীশাক

English: Brahmi

Botanical: Bacopa monnieri

১০৮

 

Assamese: ভাঙৰ আগ

English: Hemp

Botanical: Cannabis sativa

১০৯

 

 

 

Assamese: ভাতকেৰেলা

English: Spine gourd

Botanical: Momordica dioica

১১০

Assamese: ভীমৰাজ বন/ ভৃগৰাজ

English:

Botanical: Wedelia chinensis

১১১

Assamese: ভূতমূলা

English: Spider plant

Botanical: Cleome gynandra

১১২

Assamese: ভেঁকুৰি তিতা/ তিতা ভেঁকুৰি

English: Pickly night shade

Botanical: Solanum indicum

১১৩

Assamese: ভেঁটফুল

English: Water litty

Botanica: Nymphaea lotus

১১৪

Assamese: ভেদাইলতা/ভাদুলিলতা/ ভাদুলতা/মুকুন্দলতা/পাদুৰি লতা

English: Skunk vine

Botanical: Paederia foetida

১১৫

Assamese: ভোমলতি/ ভোমৰতি

English:

Botanical: Symplocos racemosa

১১৬

Assamese: মচন্দৰী/ মুচন্দৰী/ মচুন্দৰী

English: Heart leaf

Botanical: Houttuynia cordata

১১৭

Assamese: মজাঠি/মজেঠি

English: Indian madder

Botanical: Rubia cordifolia

১১৮

Assamese: মদাৰ

English: Coral tree

Botanical: Erythrina variegata

১১৯

Assamese: মধুৰী আমৰ পাত

English: Guava

Botanical: Psidium guyava

১২০

Assamese:মধুসোলেং

English:

Botanical: Polygonum caespitosum, P. chinensis

 

 

বি:দ্র: ছবিসমূহ বিভিন্ন ৱেবছাইটৰ পৰা লোৱা হৈছে

ক্রমিক নং

নাম

ছবি

১২১

Assamese:মৰলীয়া পাত/ফুটুকী বন/ ঠোঁটনী শাক/ ঠোঠনী শাক

English:  Chick’s wort

Botanical: Stellaria media

১২২

Assamese:মৰিচা

English: Amarntha

Botanical: Amaranthus gangeticus

১২৩

Assamese: মহানিমৰ পাত

English: Neem

Botanical: Azadirachta indica

 

১২৪

Assamese: মাটি কাঁদুৰি

English: Sessile joyweed

Botanical:  Alteranthera sessiles

১২৫

Assamese: মাঠুকুঠুকা

English:

Botanical:

১২৬

Assamese: মানধনিয়া/ নগা ধনিয়া

Englisndh: Long coriander

Botanical: Eryngium foetidum

১২৭

Assamese: মানিমুনি(বৰ)

English: Asiatic pennywort

Botanical: Centella asiatica

১২৮

Assamese: মানিমুনি(সৰু)

English: Andem

Botanical: Hydrocotyl sibthorpiodes

১২৯

 

 

 

 

Assamese: মিঠামৰা

English: Jute

Botanical: Corchorus olitorius

১৩০

 

Assamese: মেচাকি

English:

Botanical: Sarcochlamys pulcherrima

 

১৩১

 

Asamaese: মেজেঙা

English:

Botanical: Zanthoxylum oxyphillum

 

১৩২

 

Assamese: মেটেকা

English: Water hyacinth

Botanical: Eichhornia crassipes

১৩৩

Assamese: মেথিশাক

English: Fenugreek

Botanical: Trigonella foenum-graecum

 

১৩৪

 

 

 

Assamese: মূলাশাক

English: Radish

Botanical: Raphanus sativus

১৩৫

Assamese: ৰঙালাউ আগ

English: Pumpkin

Botanical: Cucurbita moschata

১৩৬

Assamese: ৰাজুপকা

English:

Botanical:

১৩৭

 

 

 

Assamese: ৰামতুলসী

English: Clove Basil

Botanical: Ocimum gratissimum

 

১৩৮

Assamese: লফা শাক

English: Cluster mallow

Botanical: Malva verticillata

 

১৩৯

Assamese: লৰ বৰুৱা/ ল-বৰুৱা/ লৰা বৰুৱা

English: Telegraph plant

Botanical: Codariocalyx motorius/Desmodium gyrens

 

১৪০

Assamese:লাই শাক

English: Napa cabbage/ Chinese Cabbage?

Botanical: Brassica rapa var  pekinensis

১৪১

 

 

Assamese: লাইজাবৰী

English:Tropical chickweed

Botanical: Drymaria cordata

১৪২

 

 

 

Assamese: লাচকচি/ কঁচী/কইচি

English: Black nightshade

Botanical: Solanum nigrum

১৪৩

Assamese: লেহেতি বন/ লেহেতিয়া/ ইন্দ্রনীল

English:

Botanical: Hydrolea zeylanica

১৪৪

Assamses: শিমলু আলু

English: Tapioca

Botanical: Manihot esculenta

১৪৫

Assamses:শুকলতি

English: Patchouli

Botanical: Pogostemon benghalensis

১৪৬

Assamese: শুহনিবন/শুহনি/পার্বতি

English: Golden button

Botanical: Spilanthes paniculata

`

১৪৭

Assamese: শেৱালি ফুল

English: Night jasmine

Botanical: Nyctanthes arbor-tristis

১৪৮

Assamese: সর্প জিভা

English:

Botanical:

১৪৯

Assamese: হাঁচিয়তি বন

English:

Botanical: Centipeda minima

 

১৫০

Assamese: হাতঘুনুচা

English:

Botanical:

১৫১

Assamese: হাতলতি

English:

Botanical:

১৫২

Assamese: হাতীখুতৰা/ হাতী চৰিলি/ কাঁটা খুতৰা

English:

Botanical: Amaranthus spinosus

১৫৩

Assamese:হেলচী/ হেলেঞ্চি/ হেলেকি/ মনোৱা শাক

English: Water cress

Botanical: Enhydra fluctuans

১৫৪

Assamese: আম আদা

English: Mango ginger

Botanical: Curcuma amada

১৫৫

Assamese: উৰহী

English: Dolichs bean

Botanical: Dolichos lablab

১৫৬

Assamese: উৰিয়াম

English: West Indian Cedar

Botanical: Bischofia javanica

 

১৫৭

Assamese: ঔটেঙা

English: Elephant apple

Botanical: Dillenia indica

১৫৮

Assamese: কটাৰী ডবোৱা মাহ

English: Lima bean

Botanical: Phaseolus lunatus

 

১৫৯

Assamese: কপৌ ঢেকীয়া

English:

Botanical:


১৬০

Assamese: কোৱাভাতুৰি

English:

Botanical:

১৬১

Assamese: চুটীয়া লফা

English:  Buckwheat

Botanical: Fagopyrum esculentum

 

১৬২

Assamese: টংলতি

English:

Botanical;

১৬৩

Assamese:টকুৰীয়া লতা/ সোণপৰুৱা/ আকণবিন্ধা

English:

Botanical: Cissampelos spp

১৬৪

Assamese:নল টেঙা

English:

Botanical:

 

এশ এবিধ শাকৰ নামৰ তালিকাখন প্রস্তুত কৰি থাকোঁতেই আমি অনুমান কৰিছিলো যে “এশ এবিধ” মানে ১০০+১=১০১ অর্থাৎ পাঁচ কুৰি এক নহয়। আন বহুতে ১১৩ নাইবা ১১৮ বুলিও কোৱা দেখা যায়। প্রকৃততে কিন্তু ইয়াৰ অর্থ বহুত বা অনেক। আমাৰ সংগ্রহত ১৫৩ বিধৰ নাম আছিল আৰু সেইখিনিৰেই এই লেখাটো যুগুতাবলৈ পাতনি মেলিছিলো। কিন্তু ‘সেউজী ধৰণীত ইতিমধ্যে প্রকাশ হোৱা তালিকাখন পঢ়ি বহুকেইজনে নতুন শাক কিছুমানৰ নাম জানিবলৈ দি এইবোৰ ‘এশ এবিধ শাক’ হিচাপে খোৱাৰ কথা কয়। এজনে কোৱাভাতুৰিৰ কথাও উল্লেখ কৰে। এইদৰে আহি পৰা নামকেইটা  ক্রমিক নং ১৫৪ -১৬৪ ত দিয়া হ’ল। সময়ৰ লগে লগে এই তালিকা আৰু দীঘলীয়া হোৱাৰ পূর্ণ সম্ভাৱনা আছে। সেয়ে আমি প্রস্তুত কৰা এই তালিকাখন সম্পূর্ণ শুদ্ধ বুলি কব নোৱাৰোঁ। তথাপি আশা কৰিছোঁ এইদৰে সকলোৰে সহযোগত ‘এশ এবিধ শাক’ৰ এখন শুদ্ধ তলিকা অচিৰে সম্পূর্ণ হৈ উঠিব।

লিখক: ড০ চাদিকুল হুচেইন

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate