মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / অসমৰ হাবিৰ বনৰীয়া ঔষধি গছ - ঔটেঙা-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ হাবিৰ বনৰীয়া ঔষধি গছ - ঔটেঙা-

অসমীয়া মানুহৰ মাজত ঔটেঙা আৰু ঔকিল নিচিনা লোক কমহে ওলাব

বিৱৰণ

অসমীয়া মানুহৰ মাজত ঔটেঙা আৰু ঔকিল নিচিনা লোক কমহে ওলাব ৷ সঘনাই চেনেলবিলাকত হকে-বিহকে নানা সন্দেহত বিভিন্নজনক আইন হাতত তুলি লোৱা জনতাই ঔকিল সোধাই থকাৰ দূশ্য আজিকালি বৰ সুলভ৷ পিছে আজিৰ প্ৰজন্মই বনৰীয়া, গাঁৱলীয়া খাদ্য বুলি ভবা ঔটেঙাৰ উপকাৰিতাৰ বিষয়ে দুই এটা কথা জানেনে তাত সন্দেহ আছে৷ গোটেই বিশ্বই এটা কথা জানে দক্ষিণ পূৱ এচিয়াৰ দেশসমূহৰ ভিতৰত অসমৰ বিভিন্ন বনাঞ্চলত ঔটেঙাৰ গছ আটাইতকৈ বেচিকৈ আছে৷ ঘাইকৈ বনৰীয়া হাতীৰ এবিধ প্ৰিয় খাদ্য হোৱা বাবে ইয়াৰ ইংৰাজী নাম হাতী-আপেল বা হাতী-ফল৷ এজন পাঠকে জনোৱামতে হাতীয়ে ঔটেঙাটো নভঙাকৈয়ে ভিতৰৰ বীজটো উলিয়াই খাব পাৰে হেনো আৰু ইংৰাজসকলে সেই বাবেই ইয়াক Elephant apple হিচাবে নামাকৰণ কৰিছিল। বড়োসকলে কয় ঠাইগৰ, কাৰ্বি সকলে কয় পিমপ্লান, ডিমাচাত থাইডি, মিচিং ভাষাত চম্ পা, টিৱাসকলে কয় অ'ৰো আৰু বিষ্ণুপুৰিয়া মণিপুৰীসকলে কয় হেইকিৰী৷ ইয়াৰ বাহিৰে আন আন ভাষাত ঔটেঙাৰ সমশব্দ হ'ল - নেপালী (পাঁচপানে, পাঁচ ফল, পঞ্চ কুলে, ৰামফল, থুলো তাতৰী), বাংলা (চালতা), টাই (মাক্ ছান্), হিন্দী (চলতা, কৰমবেল), ওৰিয়া (উহুবা), কানাড়া (বেটকানাগালু ), মলয়ালম (ভালাপুন্না), তেলেগু (উভ্ভা), তামিল (উভয়),আৰু সংস্কৃত (আভাৰ্টাকি)৷ ঔটেঙাৰ ব'টানিকেল নাম হ'ল - Dillenia indica ৷

ঔটেঙা গছৰ প্ৰাপ্তিস্থান : - ভাৰতৰ অসমৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল (ঘাইকৈ বাক্সা, ডিগবৈ, ডুমডুমা, বুঢ়ীদিহিং, কাকজান, বগাপানী আদিত), অৰুণাচল আৰু পশ্চিমবংগৰ ওপৰিও কম পৰিমানে উৰিষ্যা, বিহাৰ, মধ্য প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকৰ অৰণ্যটো ঔটেঙাৰ গছ পোৱা যায়৷ বাংলাদেশত, শ্ৰীলংকাত, থাইলেণ্ডত, ভিয়েটনামত, মালেয়শিয়াত, ইণ্ডোনেচিয়া, চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত আৰু অষ্ট্ৰেলিয়াৰো বনাঞ্চলত ঔটেঙাৰ গছ দেখা গৈছে ৷

গছৰ বৰ্ণনাঃ

ঔটেঙা হ'ল চিৰসেউজ উদ্ভিদ৷ গছৰ উচ্চতা ১৫মিটাৰ বা তাতোকৈ ওখ হয়৷ পাতবিলাক ১৫ৰ পৰা ৩৬ চেন্টিমিটাৰ দীঘল, পাতবিলাক খহতা আৰু আঁচবিলাক স্পষ্টকৈ বহা অৰ্থাৎ পাতখিলাৰ শিৰাবিন্যাসৰ বিশেষত্ব চকুত লগা৷ পাতখিলা আলুৰ চিপচৰ দৰে পাতল৷ গছত ১৫৷২০ চেন্টিমিটাৰ ব্যাসৰ বগা ফুল জুন মাহৰ পৰা এমাহ মানলৈ ফুলে৷ ঔটেঙাৰ গছত অক্টোবৰৰ পৰা জানুৱাৰীলৈ ঘূৰণীয়া ৫৷১০ চেন্টিমিটাৰ ব্যাসৰ ফল লাগে৷ আৰম্ভণিতে সেউজীয়া হৈ লগা ফল পূৰঠ হৈ পকিলে হালধীয়া বৰণ লয়৷ পূৰঠ ঔটেঙাৰ পৰা ওলোৱা নিৰ্দিষ্ট গোন্ধ বহুতৰ প্ৰিয়৷ ফল পোন্ধৰটা পাহিৰ সমষ্টি৷ ইয়াৰ ভিতৰত ৫টা গুটি থাকে৷ ঔটেঙাৰ গুটিটো বিজলুৱা৷ তলসৰা এই গুটিৰ পৰাই নতুন পুলি গজে৷ হাতীৰ ওপৰিও বান্দৰ, হৰিণা পহু আৰু কেৰ্কেটুৱাই ঔটেঙা ভক্ষণ কৰে৷

ইয়াত থকা লাগতিয়াল তত্বসমূহ কি কি ?

১০০গ্ৰাম ঔটেঙাৰ ফলৰ খাদ্যমূল্য এনেধৰণৰ - কেলৰি : ৫৯ কিলো কেলৰি, ৮ শতাংশ প্ৰটিন, ২-৫ শতাংশ ফাইবাৰ, ৩-৫ শতাংশ ছাই, ১৬ মিলিগ্ৰাম কেলচিয়াম, ২৬মিলিগ্ৰাম ফচফোৰাচ, ৪ মিলিগ্ৰাম ভিটামিন-চি৷ ইয়াৰ ওপৰিও থাকে ভিটামিন- বি, থায়ামিন, ৰাইবোফ্লেভিন আৰু বিটা-কেৰটিন৷

ঔটেঙা কেনেকৈ ব্যৱহৃত হয় ?

অসমীয়া মানুহে ঔটেঙাৰ মাছৰ আঞ্জা, দাইলত দি, অম্বল বনাই, চৰবত, আচাৰ আৰু চাটনি কৰি খায় ভাল পায়৷ আন বহুতে জাম, জেলি আদি বনায়৷ অসমীয়া ৰান্ধনীসকলে ঔটেঙাৰ নানাবিধ জুতিলগা ব্যঞ্জন বনায়৷ তাৰ কিছুমান হ'ল : - মাটিদাইলৰ লগত ঔটেঙাৰ আঞ্জা, মচুৰ দাইল + ঔটেঙা + ঢেকীয়াশাকৰ আঞ্জা, খুতৰা + কচু আৰু মাছৰ আঞ্জা, কুমলীয়া ঔটেঙাৰ কলিৰ চৰ্চৰি ভাজি, ভাতত সিদ্ধ কৰা ঔটেঙাৰ পিতিকা আদি৷ বহুতে ঔটেঙা সৰুসৰুকৈ কুটি নিমখ লগাই ৰ'দত শুকুৱাই সাঁচি থয়৷ কেঁচা ঔটেঙা ফ্ৰিজত এমাহলৈ সংৰক্ষণ কৰিব পাৰি৷ অসমীয়া জনজীৱনত অতীজৰে পৰা ঔটেঙাই বিশিষ্ট স্থান লাভ কৰি আহিছে৷ অলপতে মুক্তিপোৱা 'কথা নদী' বোলছবিখনতো ঔটেঙাই দৰ্শকৰ বিশেষ দূষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে ৷

এতিয়া পাঠকসকলে অসমীয়া ভাষা শুৱনি কৰা এইকেইটিমান ঔ-মিঠা বাক্য পঢ়কচোন : "ঔফুলীয়া হাঁহি"! "আঞ্জাৰ সোৱাদ ঔ; মাতৰ সোৱাদ বৌ"! " ঔটেঙা ঢেকীয়া শাক, জিভাৰ পানী পৰি থাক"! "ঔৰে গছতে মৌৱে বাহ ল'লে ককাই পাৰি দে খাওঁ"!

ঔটেঙাৰ উপযোগী গুণসমূহ:

কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় শোধপত্ৰত প্ৰকাশ পোৱা তথ্য মতে ঔটেঙাৰ অন্তৰ্নিহিত গুণৰ ভিতৰত উল্লেখযোগ্য হ'ল-১- ডায়েবটিজৰ নিয়ন্ত্ৰণত সহায়ক - ইতিমধ্যে বজাৰত ঔটেঙাৰ পাউদাৰ এই উদ্দেশ্যে উপলব্ধ হৈছে বুলি জনা গৈছে৷ ২-বীজানুনাশক গুণযুক্ত- এন্টিচেপ্টিক আৰু এন্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত বা আন সংক্ৰামক ব্যাধি নিয়ন্ত্ৰণত থাকে৷ ৩ লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত৷ ৪- কীটনাশক গুণ : ঔটেঙাৰৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আঁতৰ হয়৷ খাদ্যৰ বাহিৰে আন সচৰাচৰ কিছুমান ব্যৱহাৰ তলত উল্লেখ কৰিলোঁ - আয়ুৰ্বেদৰ মতে পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়বিক দুৰ্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয়৷ চুলি সৰা, উফিৰ বাবে ঔটেঙাৰ বীজেৰ মূৰ ধুলে আৰোগ্য হয়৷ চাবনৰ পৰিবৰ্তে ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিব পাৰি৷ ঔগছৰ ডাল আৰু ঠাল-ঠেঙুলিৰ ভাল খৰি হয় ৷  ঔটেঙাৰ পাতেৰে উত্তৰ প্ৰদশ, বিহাৰ আদি ঠাইৰ লোকে বিড়ী নুৰিওৱাৰাত প্ৰয়োগ কৰে ৷

উপসংহাৰ :

প্ৰাণীজগতক প্ৰকৃতিয়ে দিয়া এই গছৰ গুণৰ ওপৰত বিস্তাৰত অনুসন্ধান বৈজ্ঞানিক প্ৰয়োগশালাত চলি আছে৷ নৰসিংহ, ভেদাইলতা, মহানিম আদিৰ দৰে ঔটেঙাৰ বিষয়েও আমাৰ বহুতৰ ধাৰণা আছে যে উচ্চ ৰক্তচাপ থকালোকে ঔটেঙা খোৱা অহিতকাৰী৷ কিন্তু মই এই বিষয়ে বহু অনুসন্ধান কৰিও ঔটেঙাৰ বিৰুদ্ধে একো বিৰূপ তথ্য নাপালোঁ৷ এতিয়ালৈকে উপলব্ধ মেডিকেল তথ্য মতে ঔটেঙা খোৱাৰ আন কোনো অপকাৰিতাৰ কোনো বৰ্ণনা আমাৰ ক'তো চকুত পৰা নাই৷ প্ৰবাসী জীৱন কটোৱাৰ পৰা মধ্য প্ৰাচ্যৰ দেশসমূহৰ চুপাৰমাৰ্কেটৰ পৰাই শাক পাচলি আৰু ফলমূল কিনি আহিছোঁ ৷ ইয়াৰ বিপণিবিলাকত বিশ্বৰ বিভিন্ন দেশৰ খাদ্য সামগ্ৰীয়েই পোৱা যায় - আনকি কচুথুৰি আহে বাংলাদেশৰ পৰা, কলডিল আৰু পচলা আহে কেৰেলাৰ পৰা, লেতেকু আহে থাইলেণ্ডৰ পৰা, কণবিলাহী আহে অষ্ট্ৰেলিয়াৰ পৰা, মাটিকান্দুৰি আৰু কলমৌ আহে শ্ৰীলংকাৰ পৰা৷ নোপোৱা অসমীয়া দুষ্প্ৰাপ্য সম্পদকেইটি হ'ল- ঢেকীয়া, বেতগাজ আৰু ঔটেঙা! সাধাৰণতে ঔটেঙাৰ গছ মানুহে বাৰীত নুৰুৱে৷ ইয়াৰ কাৰণ হয়তো ঔটেঙা খাবলৈ বনৰীয়া হাতী, বান্দৰ আদি আহিলে গিৰিহঁতৰ অহিত হোৱাৰ সম্ভাৱনা থাকে বাবেই৷ আনহাতে আমোদজনক ভাবে ঔৰ গছত ভূতে বাহ লয় বুলি একাংশ বঙালী লোকৰ ধাৰণা৷ গুৱাহাটীকে ধৰি অসমৰ প্ৰমুখ নগৰসমূহৰ বজাৰত একোটা ঔটেঙাৰ দাম দহটকা বা ততোধিধ, অৱশ্যে গ্ৰামাঞ্চলত ই সুলভ মূল্যত পোৱা যায়৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে অৱগত হোৱাৰ পিছত অসমৰ ৰাইজে ইয়াৰ ব্যৱসায়িক দিশটোলৈ চকু দিলে ভাল হয়৷
দুই তিনিদিনৰ আগতে অসমৰ এজন যুৱকে (নামটো মনলৈ অহা নাই) মোক ঔৰ বিষয় লিখিবলৈ অনুৰোধ কৰাত খৰখেদাকৈ এই লিখনিটো যুগুতাইছিলোঁ৷ জৈৱিক চাহৰ খেতি কৰা সেই যুৱকজনে এই লেখাটো পঢ়িলেনে নাই, মই গম পোৱা নাই৷ তেওঁৰ ব্যৱসায়ত ঔটেঙাৰ সংযোজন ঘটাব বুলি মই আশা কৰিলোঁ ৷

লেখক: ডা০ ভূপেন শইকীয়া

2.91666666667
ধ্ৰুৱজ্যোতি কলিতা ৯৮৬৪০৬৯৫৮৩ Jan 13, 2017 03:22 PM

ঔ টেঙা বিষয়ক লেখাটো আকৰ্ষণীয় হৈছে। অসমত পোৱা সকলোবোৰ গছ-গছনিৰ মাহাত্ম্য এইদৰে বিতংকৈ আলোচনা কৰা উচিত। তেতিয়াহে জনসাধাৰণ অধিক সচেতন হব আৰু সম্পদবোৰৰ সুৰক্ষাৰ বাবে সক্ৰিয় হৈ কাম কৰিব। আমাৰ বিশ্বাস এই সম্পদবোৰে স্বাস্থ্য, অৰ্থ আৰু পৰিৱেশৰ সুৰক্ষাৰ বাবে আটাইতকৈ বেছি শক্তিশালী ভাবে আগবঢ়াত আমাক সহায় কৰিব পাৰে। ডা০ ভূপেন শইকীয়াৰ পৰা এনেধৰণৰ অধিক লেখা আগলৈকে পাম বুলি আশা কৰিলোঁ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top