অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আখৰোটৰ ঔষধি গুণ :

আখৰোটৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

আখৰোট এবিধ পুষ্টিকৰ ফল। সংস্কৃতত ইয়াক আক্ষেট বা আক্ষোভ বোলে। হিন্দীত ইয়াৰ নাম অখৰোট আৰু ইংৰাজীত ‘ৱালনাট’(Walnut) বোলে। ইয়াৰ ফুল বসন্ত ঋতুত ফুলে আৰু শৰৎ কালত আখৰোট গছত ফল লাগে। ফলবোৰ গোলাকাৰ, পাতল হালধীয়া খেৰৰ ৰঙৰ দৰে, ইয়াৰ বাহিৰৰ অংশ ৰঙা হয়। গোলাকাৰ ফলৰ ভিতৰত শাহখিনি দুভাগত বিভক্ত। আখৰোটৰ দাম বজাৰত যথেষ্ট বেছি। সেয়ে সাধাৰণ মানুহৰ কাৰণে ই সুলভ নহয়। আখৰোটৰ পৰা তেলো পোৱা যায়। আখৰোটৰ কিছুমান ঔষধি গুন এনেধৰণৰ-

*পানী লগা জ্বৰত আখৰোট লতেলেৰে মালিচ কৰিলে আৰাম পোৱা যায়।

*কাহ হ’লে আখৰোটৰ ভিতৰৰ শাহখিনি চোবাই খালে কাহ ভাল হোৱাৰ লগতে ডিঙিৰ খচখচনিও কমে।

*বাকলিৰ সৈতে আখৰোট পুৰি সেই ছাই এক গ্ৰামৰ লগত ৫ গ্ৰাম মৌ মিহলাই চেলেকি খালে কাহ ভাল হয়।

*মস্তিষ্ক দুৰ্বলতাত আখৰোট উপকাৰী।

*আখৰোটৰ ছাল চোবালে দাঁত পৰিষ্কাৰ হ্য।

*আখৰোটৰ বাকলিৰ ছাইৰে দাঁত মাজিলে দাঁতৰ বিভিন্ন ৰোগ নিৰাময় হয়।

*আখৰোটৰ পাত পিহি ঘেঁহু আৰু গৰুৰ গাখীৰৰ লগত মিহলাই খালে প্ৰসূতি নাৰীৰ গাখীৰ বৃদ্ধি হয়।

*পেটত কৃমি হ’লে আখৰোটৰ বাকলি মিহিকৈ পিহি ৫০-৭০ গ্ৰাম পানীৰ সৈতে খালে কৃমি নাশ হয়।

*অৰ্শ ৰোগীয়ে আখৰোট তেল আক্ৰান্ত স্থানত লগালে ওখহা কমে আৰু বিষ নোহোৱা হয়।

*সদায় পুৱা আখৰোট খালে শৰীৰত বল বৃদ্ধি হয়।

*শালমইনা হ’লে আখৰোটৰ বাকলি পানীত গৰম কৰি সেই পানী শীতল কৰি মুখ ধূলে শালমইনা বা ব্ৰন ভাল হয়।

*আফিঙৰ নিচা হ’লে আখৰোট ২০-৩০ গ্ৰাম খালে নিচা কমে।

লেখিকা: ললিতা শৰ্মা লহকৰ।

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top