ভাৰতৰ সকলো ঠাইতে পোৱা এবিধ গছ সৰ্বজনবিদিত। ঠাই ভেদে গছৰ আকাৰৰ পৰিৱৰ্তন দেখা যায়। যদিও গুণাগুণ তথা স্বাদ প্ৰায় একেই। মিঠা আৰু টেঙা দুবিধ আম গছ আছে। ফলৰ সোৱাদ যিয়েই নহওক গছ জোপাৰ বিভিন্ন অংশৰ গুণাগুণ একেই। দৰৱত আমৰ বীজ, কুঁহিপাত, বাকলি আৰু ফুল প্ৰয়োজন। আমৰ শাস্ত্ৰীয় নাম- আম্ৰ, মধুদূত, পিকভলুভ আৰু কামাই। পকা আম এবিধ সুস্বাদু ফল। ই শৰীৰৰ পৰিপুষ্টি সাধন কৰাৰ উপৰিও বল কাৰক আৰু হজম কাৰক হয়। আম গছৰ পাত ধৰ্মীয় কাৰ্য্যত উপাচাৰ, ডাল, হোম, যজ্ঞাদিত অপৰিহাৰ্য্য। অতি পবিত্ৰ গছ পাঁচবিধৰ ভিতৰত এবিধ। জলাবলৈ আমৰ খৰি উত্তম। গা-গছৰ দ্বাৰা উৎকৃষ্ট কাঠৰ আঁচ-বাব তৈয়াৰ হয়।
আমৰ বোল বা কুহি কফ, পিত্ত হাইজা তথা ৰক্ত দোষত ব্যৱহাৰ হয়। ই ৰুচিকাৰক ত্ৰিদোষনাশক আৰু শুক্ৰবৰ্দ্ধক ই বায়ু অগ্নি গুৰুপাক আদি নাশক হিচাপে ব্যৱহৃত। কেঁচা আমৰ বাকলি শুকাই আমঠি কৰি খালে কফ আৰু বায়ুৰ দোষ মষিমূৰ হয়। পকা আমৰ ৰস ৰুচিকাৰক, পিত্তনাশক, বলকাৰক, শুক্ৰবৰ্দ্ধক আৰু বাত পিত্তনাশক। এঁৱা গাখীৰৰ লগত পকা আমৰ ৰস খালে শৰীৰৰ সৰ্বাংগীন পুষ্টি সাধন হয়। অৱশ্যে অতিমাত্ৰা খালে অতিসাৰ কাৰক হ’ব পাৰে। টেঙা ৰুচিকাৰক আৰু প্ৰচুৰ ‘গ’ ভিটামিন যুক্ত যদিও চক্ষুৰোগ বা যিকোনো কটা ঘাঁ তথা অগ্নিমান্দ্যৰ বিষম ক্ৰিয়া হয়। তেজৰ দোষ হবও পাৰে। টেঙা আম খোৱাৰ ফলত গ্ৰহণী আদি হ’লে আদাৰ গুঠৰ গুড়াৰ লগত জিৰাৰ গুড়া মিহলাই খাব লাগে। পকা আমৰ আমতা বায়ু, পিত্তদোষত ভাল। বমিভাৱ বা তৃষ্ণা দূৰ কৰাটো ই ব্যৱহাৰ কৰিব পাৰিব। আমৰ গুটি বা বীজৰ সাহটো দৰবত ব্যৱহাৰ হয়। বীজৰ সাহৰ শুকুৱা চূৰ্ণ ৰক্তাংশ ক্ৰিমি আদিত উপকাৰী। এই চূৰ্ণ নস্য ল’লে নাকেৰে গুচে। আমৰ পাত জুইত পুৰি সেই ছাই যিকোনো ঘাঁ উপশম কৰিব পাৰে। এই ছাই জুইৱে পোৰা অংশত লগালে পোৰণি কমাব লগতে ঘাঁ হ’বলৈ নিদিয়ে। শুকান আমৰ পাতত চূৰ্ণ কিছুদিন নিয়মিত ভাৱে তোলাকৈ খালে বহুমূত্ৰ ৰোগ ভাল হয়।
আম গছৰ ডাল বা পাতৰ পৰা ওলোৱা এঁঠা মিঠাতেলৰ লগত মিহলাই গাত ঘঁহিলে চৰ্মৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। নেমুৰ ৰসৰ লগত মিহলাই ঘহিলেও একেই উপকাৰ পোৱা যায়। ঘা ধোৱাৰ আগতে প্ৰায় আধা ঘন্টা সময় এই মিশ্ৰণেৰে শৰীৰৰ মালিচ কৰিলে ছাল সতেজ আৰু উজ্জ্বল হয়। অকল এঁঠা ফোহাত দিলে ফোঁহা শুকাবলৈ লয়। আমৰ কুহিপাতৰ ৰস বমিভাৱ হ’লে এচামুচ খালে বমি উপশম হয়। টেঙা ভাৱ নাইকিয়া হয়। অহজম আৰু অহজমনাশ হয়। আমৰ গছৰ ছালৰ কঠ ৰক্ত অমাশ হয় আৰু শ্ৰেতআমাশয়ৰ মহৌষধ। পকা আমৰ পৰা তৈয়াৰ আমতা তৃষ্ণা বমি বায়ু পিত্তনাশক হয়। ই ৰুচিকাৰক হয়।
লিখক: কবিৰাজ ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020