মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / উচ্চ ৰক্তচাপত ঘৰুৱা দিহা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উচ্চ ৰক্তচাপত ঘৰুৱা দিহা :

উচ্চ ৰক্তচাপত ঘৰুৱা দিহা :

 

উচ্চ ৰক্তচাপ নিৰাময়ৰ বাবে ঘৰুৱা চিকিৎসা -

১) ১ চামুচ পিঁয়াজৰ ৰসত ১ চামুচ মৌজোল মিহলাই দিনে ১ বাৰকৈ এসপ্তাহ কাল ব্যৱহাৰ কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয়। পিঁয়াজৰ ৰসে তেজৰ কলেষ্টেৰলৰ মাত্ৰা কমাই দিয়ে। তেজ পৰিষ্কাৰ কৰে। ই হজম শক্তি বৃদ্ধি কৰে। সেয়ে খাদ্যৰ লগত নিয়মিত কেঁচা পিঁয়াজ ব্যৱহাৰ কৰা ভাল। মৌৱে শৰীৰলৈ শীতলতা আনে, ৰক্ত বাহিকা নাড়ীৰ উত্তেজনা কমোৱাত সহায় কৰে।

২)উচ্চ ৰক্তচাপত নহৰু অত্যন্ত উপকাৰী। উচ্চ ৰক্তচাপ হোৱাৰ প্ৰথম অৱস্থাৰ পৰাই নহৰু(কেঁচা নহৰু ২ কোঁহ) আহাৰ খোৱাৰ পিছত ১-২ কোহ কেঁচা নহৰু খাওক। চোবাই খাব লাগে। অসুবিধা পালে ১-২টা মান কিচমিচ নহৰুৰ লগত মিহলাই খাওক উচ্চ ৰক্তচাপ কমি যাব। তদুপৰি ওপৰৰ ব্যৱস্থাৰ উপৰি যদি ৪-৫ টুকুৰা নহৰু লৈ একাপ পানীত মিহলাই গিলি খাওক। তেতিয়াও উচ্চ ৰক্তচাপ তৎক্ষণাৎ কমি যাব।

৩)পিঁয়াজ আৰু নহৰু আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। দুয়োবিধ খাদ্য খালে তেজৰ কলেষ্টেৰল নিয়মীয়া হয়। ইয়াত ফ্ৰাইবিনোলাইটিক নামৰ এবিধ পদাৰ্থ থাকে, যিয়ে তেজ গোট মাৰিবলৈ নিদি নিয়মীয়া তেজ চলাচলত সুবিধা কৰি দিয়ে। আনহাতে, নহৰু আৰু পিঁয়াজে হৃদপিণ্ডৰ ৰোগতো মহৌষধৰ কাম কৰে। নহৰু আৰু পিঁয়াজৰ অন্য এটা গুণ হ’ল- ই শৰীৰত হোৱা টিউমাৰৰ দোষ বা চেলবোৰ ধ্বংস কৰাত সহায় কৰে।

৪)এচামুচ মেথিগুড়ি পুৱা আৰু ৰাতি ভাত খোৱাৰ পূৰ্বে মুখত লৈ অলপ পানীৰে খাওক। ১০-১৫ দিন একেৰাহে খাই থাকিলে উচ্চ ৰক্তচাপ প্ৰশমিত হ’ব। ডায়েবেটিছ অসুখতো এই মিশ্ৰণটোৱে বৰ ভাল কাম দিয়ে।

৫)উচ্চ ৰক্তচাপ অসুখত ইয়াক নিৰাময় কৰিবৰ বাবে আমলখিৰ উপকাৰ বহুত বেছি। কেঁচা আমলখি দুটাকৈ দিনটোত খাব লাগে। ১০/১৫ দিন খালে উচ্চ ৰক্তচাপ কমি যাব। কেঁচা আমলখি সদায় যোগাৰ কৰিব নোৱৰা সকলে প্ৰতিদিনে আমলখিৰ গুৰি এচামুচ কুহুমীয়া গৰম পানীত দিনে এবাৰকৈ খালেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়। ১০/১৫ দিন খাব।

৫)উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ অনুলোম-বিলোম প্ৰাণায়াম অত্যন্ত নিৰ্ভৰযোগ্য।

সহায়ক চিকিৎসা -

*উচ্চ ৰক্তচাপ লগে লগে নিয়ন্ত্ৰিত কৰিবলৈ আধাকাপ পানীত এফাল কাজিনেমুৰ ৰস ২ ঘন্টাৰ মূৰে মূৰে ২/৩ বাৰ খাওক। ইয়াৰ ফলত ৰক্ত বাহিকা নাড়ীৰ টান টান ভাব দূৰ হ’ব, নাড়ী কোমল হৈ আহিব। হাৰ্ট এটাকৰ শংকা দূৰ হ’ব।

*ৰাতিপুৱা খালী পেটত ঘেঁহুৰ বাহি ৰুটী এখন গাখীৰত ভিজাই খাওক। ভাল ফল পাব।

*পঞ্চমুখী ৰুদ্ৰাক্ষৰ মালা ডিঙিত ধাৰণ কৰক। গেঞ্জীৰ তলত গাত লাগি থকাকৈ মালা পিন্ধিব।

*সঠিকভাৱে নিয়মিত শৱাসন কৰক। ৫ মিনিট সময় কৰিব মানসিক উত্তেজনা কমি যাব। ব্লাড প্ৰেছাৰ কমি যাব।

পথ্য:

*অমিতা

*আমলখি

*মালভোগ

*কল

*আপেল

*মৌচম্বী

*ডালিম বা বেদনা

*তৰমুজ

*নেমুটেঙা

*দৈ

*পালেংশাক

*নহৰু

*পিঁয়াজ

*পানীলাউ

*বিলাহী

*কোমোৰা

*জিকা

*গাজৰ আদি।

অপথ্য:

*ম’হৰ গাখীৰ

*মাখন

*ভজা খাদ্য

*ঘিউ

*ময়দা

*মিঠাই

*গুৰ

*তেল

*জলকীয়া

*মাংস

*চেনি

*কফী

*চাহ

*খাচী মাংস

*বিড়ি

*চিগাৰেট

*মদ

*মচলা

*নতুন চাউলৰ ভাত আদি।

লেখক: উপেন দত্ত(নিয়মীয়া বাৰ্তা)

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top