অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক’লেষ্টেৰল আৰু শৰ্কৰানাশক মহৌষধ মেথি

ক’লেষ্টেৰল আৰু শৰ্কৰানাশক মহৌষধ মেথি

 

মেথিগুটি সকলোৰে পৰিচিত এবিধ সহজলভ্য নিত্যব্যৱহাৰ্য মচলা। ‘পাঁচ ফোৰণ’ হিচাপে পৰিচিত চফ, জিৰা, জালুক, কালজিৰা সমন্বিতে পাঁচবিধ মচলাৰ অন্যতম এই মেথি দেখাত সৰু, সাধাৰণ যেন লাগিলেও ঔষধি গুণত কিন্তু ই অনন্য, অসাধাৰণ। প্ৰধানতঃ ই এবিধ মচলাজাতীয় কৃষিজাতীয় উদ্ভিদ। ইয়াৰ গুটিবোৰ বৰ্গাকৃতিৰ আৰু কিছু তিতা স্বাদৰ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে- Trigonella Foenum Graecum আৰু ই Fabaceae(Leguminosae) গোত্ৰৰ। ইংৰাজীত ইয়াক Fenugreek Seed বোলা হয়।

মেথিৰ গুৰুত্বপূৰ্ণ গুণ হ’ল ই তেজৰ ক’লেষ্টেৰল, শৰ্কৰা, মূত্ৰ শৰ্কৰ(Urine Suger) আদি নিয়ন্ত্ৰণ কৰি হৃদৰোগ আৰু মধুমেহত ভোগা ৰোগীৰ বিশেষ উপকাৰ সাধন কৰিব পাৰে। এয়া আজিৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পৰীক্ষাত প্ৰমাণিত হোৱাই নহয়, অতীতৰ আয়ুৰ্বেদাচাৰ্যসকলেও ইয়াৰ এই বিশেষ ঔষধি গুণসমূহৰ কথা উল্লেখ কৰি গৈছে।

মধুমেহত ভোগ ৰোগীৰ বাবে মেথি জীৱনদায়িনী মহৌষধস্বৰূপ। ইয়াক নিয়মিতভাৱে পৰিমিত ৰূপত সেৱন কৰিলে মাত্ৰ দহ দিনমানৰ ভিতৰতে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ হয় আৰু প্ৰস্বাৱতো শৰ্কৰাৰ মাত্ৰা লক্ষ্যণীয়ভাৱে কমি যায় বুলি পুষ্টিবিজ্ঞানীসকলৰ পৰীক্ষাত প্ৰমাণিত হৈছে। ইয়াৰ বাবে এক গ্ৰামৰ পৰা তিনি গ্ৰাম পৰিমাণৰ মেথিগুটিৰ গুড়ি পুৱা-গধূলি যথা নিয়মে সেৱন কৰি থাকিব লাগে। মেথিগুটিৰ পৰিমিত সেৱনৰ দ্বাৰা অকল ৰক্ত শৰ্কৰা(Blood Suger) ৰ মাত্ৰা নিয়ন্ত্ৰিত হোৱাই নহয়, ইয়াৰ দ্বাৰা তেজৰ ক’লেষ্টেৰল, ট্ৰাইগ্ৰিচাৰাইডছ আৰু লিপোপ্ৰ’টিনৰ মাত্ৰাও নিয়ন্ত্ৰিত হয়। ফলত মধুমেদ আৰু হৃদৰোগৰ সম্ভাৱনা নাইকিয়া হয়। আধুনিক জীৱনশৈলীৰ অভিশাপস্বৰূপ মধুমেহ আৰু ক’লেষ্টেৰল- এই দুই প্ৰাণ ঘাতকৰ আঘাত প্ৰতিহত কৰি জীৱন সুস্থ-সুন্দৰ কৰি তোলাত ইয়াৰ অৱদান অনন্য। মেথিৰ ঔষধি গুণ অপাৰ। বহুমূত্ৰ, হৃদৰোগৰ উপৰি গ্ৰহণী, ৰক্তচাপ, কৌষ্ঠকাঠিন্য, আঁঠুৰ বিষ, অভোক-অৰুচিকে ধৰি পেটৰ বিভিন্ন বেমাৰ, কাহ আদিত ই অত্যন্ত উপকাৰী। আয়ুৰ্বেদ মতেও ই বায়ু-পিত্ত-কফ প্ৰশমক। প্ৰসূতিৰ বাবেও ই অত্যন্ত উপকাৰী। প্ৰসূতিৰ স্তনৰ দুগ্ধ বৰ্ধনতো ইয়াৰ এটা গুৰুত্ব ভূমিকা আছে। অংকুৰিত মেথি গুটিত উৎপন্ন হোৱা এক বিশেষ খাদ্যপ্ৰাণে কৰ্কট ৰোগ প্ৰতিহত কৰিব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। সৰ্বোপৰি ই তেজৰ পৰা দূষিত পদাৰ্থ আঁতৰ কৰি মানুহক স্বাস্থ্যোজ্জ্বল কৰি তোলে।

লেখক: ভুবনেশ্বৰ ডেকা(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate