অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেহৰাজ

কেহৰাজ

সেমেকা, সাৰুৱা, পানী বন্ধ নোহোৱা মাটিত গজা কেহৰাজ এবিধ শাক জাতীয় বনৰীয়া ঔষধি উদ্ভিদ। বাম খেতিপথাৰ, কঠীয়াতলী, শাকতলী আদিত ইয়াৰ গছ বেছিকৈ গজে। ভাৰত, চীন, থাইলেণ্ড, ব্ৰাজিল আদি পৃথিৱীৰ গ্ৰীস্মপ্ৰধান অঞ্চলবোৰত ইয়াক পোৱা যায়। ইয়াৰ ইংৰাজী নাম ফলছ্‌ ডেইজী, ট্ৰেইলিং এক্লিপ্টা আদি।

হিন্দীত ইয়াৰ নাম ভৃংগৰাজ, কেশৰাজ, সংস্কৃতত ভৃংগৰাজ। বৈজ্ঞানিক নাম ইক্লিপ্টা প্ৰষ্ট্ৰেটা। আন নাম ইক্লিপ্টা এলবা, ইক্লিপ্টা ইৰেক্টা আদি। আগেয়ে ইয়াৰ নাম আছিল ভাৰ্বেছিনা প্ৰষ্টেটা। ই এষ্টাৰেচি গোত্ৰৰ উদ্ভিদ।

কেহৰাজৰ গছ একবৰ্ষজীৱী আৰু বিশ চেণ্টিমিটাৰমান ওখ। কাণ্ড ঘূৰণীয়া, খীণ, কোমল আৰু বেঙুনীয়া-মুগা। কাণ্ড লেহুকা বাবে বেছি ওখ হ’লে মাটিত বগাই যায় আৰু গাঁঠিৰপৰা শিপা ওলায়। পাত বিপৰীতমুখীভাৱে যোৰপতা, ঠাৰিবিহীন, বল্লমাকাৰ, দুইৰপৰা সাত চেণ্টিমিটাৰমানলৈকে দীঘল আৰু একৰপৰা দুই চেণ্টিমিটাৰমানলৈকে বহল। পত্ৰকক্ষৰপৰা দীঘল ঠাৰিৰে এটা বা একাধিক কলি ওলাই ফুল ফুলে। ফুল যৌগিক আৰু আঠ মিলিমিটাৰ মান বহল। পুষ্পিকাবোৰ সৰু, বগা। ফুল সামৰিলে সৰু সৰু দীঘলীয়া, অসমান আৰু সেউজীয়া বহুতো গুটি ধৰে। পূৰঠ হৈ শুকালে গুটিবোৰ ক’লা চানেকীয়া হয়। পূৰঠ হৈ শুকালে গুটিবোৰ ক’লা চানেকীয়া হয়। পূৰঠ গুটিৰপৰা পুলি গজে। কেহৰাজ তিতা স্বাদযুক্ত, তীক্ষ্ণ আৰু শুকনিকাৰক। ই চুলিৰ বাবে মহৌষধ। চুলিৰ বৃদ্ধি আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ইয়াৰপৰা নিষ্কাসিত তেল ব্যৱহাৰ কৰা হয়। কৃমি, কেঁচুমূৰীয়া, ডাঁহ-বৰলে বিন্ধা আদিত বনৌষধি ৰূপে ব্যৱহাৰ কৰা হয়। যকৃত আৰু জৰায়ুৰ বিভিন্ন ৰোগতো ইয়াক ব্যৱহাৰ কৰা হয়।

লিখকঃ ৰঞ্জন কুমাৰ দাস, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate